পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. মালয়েছিয়াত সফল সামৰণি পৰা কমনৱেলথ ভাৰত্তোলন চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ বিশাল সফলতাঃ ৩৮টা স্বৰ্ণসহ জয় কৰিলে মুঠ ৭৮টাকৈ পদক।
গুৱাহাটী গুৱাহাটী....
২. নতুন বছৰৰ প্ৰথম ভাগতে মুক্তি লাভ কৰিব মঞ্জু বৰা পৰিচালিত পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া এনিমেছন ছবি "সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱে": গুৰুজনাৰ জীৱন-কৃৰ্তিক লৈ নিৰ্মাণ কৰা ছবিখনৰ প্ৰযোজনা সঞ্জীৱ নাৰায়ণ।

৩. চিনেমা প্ৰদৰ্শনৰ বাবে প্ৰযোজক, পৰিচালকে গ্ৰহণ কৰিছে ব্যতিক্ৰমী পন্থাঃ চৰকাৰী মিনি চিনেমা-ঘৰ স্থাপনলৈ বাট নাচাই নিজৰ উদ্যোগত গ্ৰাম্যাঞ্চলত প্ৰজেক্টৰ লগাই প্ৰদৰ্শন কৰিছে পুলক গগৈৰ "মমতাজ" আৰু ডাঃ গুণীন বসুমতাৰীৰ "দুৰ্জন" নামৰ চিনেমা দুখন। বৰ্তমান উজনিত প্ৰদৰ্শনৰ পাছত স্থানীয় ক্লাৱ বা সংগঠনৰ জড়িয়তে নামনি অসমতো দুৰ্জন প্ৰদৰ্শন কৰা হব বুলি পৰিচালক বসুমতাৰীয়ে প্ৰকাশ কৰিছে।

৪. ডঃ বীৰেন্দ্ৰ নাথ দত্ত আৰু নীলপৱন বৰুৱালৈ চাতক সন্মানঃ তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান চাতকে তেজপুৰৰ বাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহত অহা ১ডিচেম্বৰত প্ৰদান কৰিব এই সন্মান।

৫. মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ ২৫খন পুঁজিপতি চাহ বাগিচাৰ পৰা দিলে নুন্যতম অৰিহণা ১৫লাখ টকাঃ কৰ্কট ৰোগী, দুৰ্যোগ আদি বিষয়ত খৰছ কৰা এই সাহাৰ্য পুঁজিলৈ দিয়া নিম্নতম অৰিহণাত ক্ষুন্ন হৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিলে চেক ঘূৰাই দিয়াৰ সিদ্ধান্ত ।

৬. সংস্কাৰ ভাৰতীৰ উদ্যোগত আগ্ৰাত অনুষ্ঠিত দশম ৰাষ্ট্ৰীয় নাট্য আৰু নৃত্য মহোতসৱত বৰপেটাৰ সু-অভিনেত সত্যেন্দ্ৰ দাসে লাভ কৰিলে ৰমেশ চন্দ্ৰ ছাক্সেনা ৰাষ্ট্ৰীয় বঁটাঃ দেশৰ ১০ গৰাকী বঁটা বিজয়ীৰ ভিতৰত প্ৰবীণ শিল্পী গৰাকীয়েই একমাত্ৰ অসমীয়া শিল্পী।

৭. মুক্তি পালে অসমীয়া আধুনিক গীতৰ নতুন এলবাম "জোনাকী সুৱাস": ছটা ভিন্নসুৰীয়া গীতত কণ্ঠ নিগৰালে নৱাগত শিল্পী যদুমণি সাণ্ডিল্য আৰু তেওঁৰ ভগ্নী নিশাৰাণীয়ে।

৮. অহা ১৯বছৰ অনুৰ্ধ এছিয়া কাপৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ হ'ল ঘোষণাঃ কেৰেলাৰ উইকেটৰক্ষক সঞ্জু বিশ্বনাথে লাভ কৰিলে অধিনায়কত্বৰ দ্বায়িত্ব।

৯.নেপালী ভাষালৈ অনুবাদ কৰি এলবাম নিৰ্মাণ কৰিলে ভূপেনদাৰ এমুঠি কালজয়ী গীতকঃ মুঠ নটা গীতৰ এই অনুবাদিত গীতৰ এলবামটিৰ নাম "শ্ৰদ্ধাঞ্জলী" অসম আৰু নেপালৰ ৰাইজৰ বাবে বজাৰলৈ মুকলি দিয়াৰ সুখৰ খবৰ।

১০. অচিৰেই মুক্তি লাভ কৰিব জনপ্ৰিয় শিল্পী দুলাল দাসৰ আধুনিক গীতৰ এলবাম "মোৰ দেশৰ মাটিৰ গান": ভাষাৰ সংকটক লৈ লিখা গান "চিৰ চেনেহী মোৰ ভাষা জননী বুলি গীতেৰে গালেই নহব" শীৰ্ষক গীতো সংকলিত হোৱা বুলি জানিব পৰা গৈছে।

১১. মৰিগাঁৱত আৰম্ভ হ'ল ক্ষীৰোদ বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতাঃ অসম নাট্য সন্মিলনৰ নৱ-নিৰ্বাচিত সভাপতি দুলাল ৰয়ে কৰিলে উদ্বোধন।

১২. গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত চলি আছে অনুৰ্ধ ১৯ আন্তঃ মণ্ডল মহিলা ক্ৰিকেটঃ দক্ষিণ মণ্ডলৰ বিপক্ষে পশ্চিম মণ্ডলে কৰিলে বিজয় সাব্যস্ত।

১৩. কেন্দ্ৰীয় কেবিনেটে অসম বিধান পৰিষদ গঠনত দিলে প্ৰয়োজনীয় অনুমতিঃ উচ্চ সদন গঠনৰ পাছত ৰাজ্য চৰকাৰত সন্নিবিষ্ট হব ৬জনকৈ নতুন মন্ত্ৰীও।

১৪. সদৌ অসম দবা সংস্থাৰ সহোগত নগাঁৱত জিলা দবা সন্থাই ১৯-২৯ ডিচেম্বৰলৈ আয়োজন কৰিছে সদৌ অসম আন্তঃ জিলা দবা প্ৰতিযোগিতা।

১৫. পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰী়ড়া সমাৰোহত টেবুল টেনিচ আৰু বেডমিণ্টনত শ্ৰেষ্ঠ দল ৰূপে পৰিগণিত হ'ল মণিপুৰ প্ৰেছ ক্লাৱ।

১৬. ডিগবৈত অহা ১৮-২২ ডিচেম্বৰলৈ আয়োজিত হৈছে সদৌ অসম মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাঃ দৰঙ জিলাই প্ৰকাশ কৰিলে ৫৯জনীয়া খেলুৱৈৰ তালিকা।

১৭. চতুৰ্থ বিত্তীয় আয়োগৰে ৰাজ্য চৰকাৰৰ বৈঠক অনুষ্ঠিতঃ ৰাজ্যই বিচাৰিলে ৩লাখ কোটিতকৈ অধিক ধন, জল-সম্পদত সৰ্বাধিক ধন বিচৰাৰ খবৰ।

No comments:

Post a Comment