সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
কেৰিয়াৰ বিষয়ক টিভিৰ অনু্ষ্ঠানৰ প্ৰয়োজনীয়তা
- ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
আমাৰ ৰাজ্যখনৰ বহুতো ছাত্র-ছাত্রী তথা অভিভাৱকে নাজানে – অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুষ্ঠানসমূহত কি কি বিষয়ৰ পাঠ্যক্রম পঢ়াৰ সুবিধা আছে, বিভিন্ন বিষয়ত শিক্ষানুষ্ঠানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অৰ্হতা লাগে , কি কি বিষয়ত পঢ়িলে কেনে ধৰণৰ কেৰিয়াৰ গঢ়িব পাৰি ইত্যাদি ।

কেৰিয়াৰ বিষয়ক এটা অনুষ্ঠান টিভি চেনেলবোৰে নিয়মীয়াকৈ প্রচাৰ কৰিলে ভাল হয় ,য’ত কেৰিয়াৰ বিষয়ক বিভিন্ন কথাবোৰ আলোচনা কৰা হয় । এই পত্রৰ দ্বাৰা টিভি চেনেলবোৰৰ কর্তৃপক্ষক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে সামাজিক দায়বদ্ধতা কথা ভাবি কেৰিয়াৰ বিষয়ক এটা অনুষ্ঠান যাতে নিয়মীয়াকৈ প্রচাৰ কৰে, ইয়াৰ দ্বাৰা ছাত্র-ছাত্রী তথা অভিভাৱসকল লাভৱান হয় । 

No comments:

Post a Comment