সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অনলাইন মুক্ত পুথিভঁৰালৰ প্ৰয়োজনীয়তা 
আৰু ব্যৱস্থা 
ড° বুলজিৎ বুঢ়াগোহাঁই

বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান তথা দল-সংগঠনে বিভিন্ন উপলক্ষে “স্মৃতি গ্রন্থ, “অভিনন্দন গ্রন্থ”লগতে মহাবিদ্যালয় আৰু বিদ্যালয় (প্রাথমিক/ মজলীয়া/ উচ্চ/ উচ্চতৰ)ৰ পৰা বছৰেকীয়া আলোচনী প্রকাশ হয় । এই গ্রন্থ তথা আলোচনীবোৰ সাধাৰণতে যি অঞ্চলত প্রকাশ হয়, সেই অঞ্চলসমুহতে বিতৰণ হোৱা দেখা যায়। বেলেগ অঞ্চলৰ ৰাইজ তথা প্রাক্তন ছাত্র-ছাত্রীৰ যিসকলে কৰ্মসূত্ৰে বেলেগ অঞ্চলত বসবাস কৰে, সেইসকলৰ সংগ্রহ কৰা উপায় নাথাকে ।



 এই স্মৃতি গ্ৰন্থ, অভিনন্দন গ্ৰন্থ , মহাবিদ্যালয় আৰু বিদ্যালয়ৰ আলোচনী আদি, যিবোৰ ব্যৱসায়িক লক্ষ্য কৰি প্রকাশ কৰা নহয় , সেইবোৰ মুক্ত অনলাইন পুথিভঁৰালত ডিজিটেল ৰূপত সংৰক্ষণ কৰি ৰাখিব পৰা যায় । তেতিয়া দেশ-বিদেশত থকা সকলৰ লগতে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত থকা সাধাৰণ ৰাইজ তথা প্রাক্তন ছাত্র-ছাত্রীসকলে গ্রন্থ তথা আলোচনীবোৰ পঢ়িব পাৰিব। 


যদি ৰাজ্যখনৰ তথা প্রবাসী অসমীয়া সকলৰ কোনো অনুষ্ঠান-প্রতিষ্ঠান,দল-সংগঠন, মহাবিদ্যালয় আৰু বিদ্যালয়বোৰে গ্রন্থ তথা আলোচনীবোৰ ডিজিটেল ৰূপত সংৰক্ষণ কৰিব বিছাৰে, তেন্তে অসমীয়াৰ সুখ-দুখ (www.xukhdukh.com ) ৰ মুক্ত অনলাইন পুথিভঁৰাললৈ পঠাব পাৰে ।

এই গ্রন্থ তথা আলোচনীবোৰ পিডিএফ(Pdf) ৰূপত পঠাব বিছাৰিলে xukhdukh@gmail.com লৈ অথবা কিতাপ ৰূপত পঠাব বিছাৰিলে “অসমীয়াৰ সুখ-দুখ, লাল ইংক, এ,বি, মাৰ্কেট,ধেমাজি চাৰিআলি-৭৮৭০৫৭” ঠিকনাত প্রেৰণ কৰিব পাৰে।

No comments:

Post a Comment