ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
ফঁকৰা যোজনাৰে ৰসাল হিতোপদেশ (হাস্য ব্যংগ)
অসমীয়াত এষাৰ কথা আছে....
১. আপোনাৰ যদি অজগৰ চাবলৈ মন গৈছে, তেন্তে চিৰিয়াখানালৈ যাব নালাগে৷ কাৰোবাক উপকাৰ কৰক, দেখিব আপোনাক খাবলৈ অজগৰডাল নিজেই আহিব! অসমীয়াত এনেয়ে আপ্ত-বাক্য এষাৰ আছেনে উপকাৰীক অজগৰে খায়!

২. আপোনাৰ যদি অসীমত যাৰ হেৰাল সীমাৰ উদাহৰণ পাবলৈ মন গৈছে তেন্তে এজনৰ কান্ধত অভিলেখ গঢ়িব লাগিব বুলি কৈ ঢোল এটা তুলি দিয়ক৷ কাৰণ অভিলেখ গঢ়াৰ নামত অসমীয়াই ফঁকৰা যোজনা স্বৰূপ "নবজাওতেই চাৰি চাপৰ মাৰে, বজালেতো লেখ জোখেই নাই", একদম অসীম বাজন দিয়ে৷ যোৰহটীয়া অভিলেখ বৰুৱাই চাৰ্টিফিকেট নিদিয়ালৈ৷

৩. আপোনাৰ যদি ঘৰত ভালকৈ কলপাতত ভাত এসাজ দকচি খাবলৈ মন গৈছে তেন্তে আপুনি ঘৰলৈ ভিনদেউক নিমন্ত্ৰণ কৰিব লাগিব৷ অসমীয়াত এনেয়ে জানো কৈছে, আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহী খাই যা ভাত৷ জোঁৱাইক ভালকৈ নোখোৱাকৈ কোন শাহুৱে পঠাব কওকচোন৷ চাব "তুলসী ভিনিৰ লগতে আপোনাৰ দৰে কলপতুৱাৰ ভাত মুক্তি মানে মুকলি হৈছে"!

৪. আপোনাৰ যদি কাৰোবাক ঠগিবৰ মন গৈছে, তেন্তে আগৰে পৰা জনা শুনা ভাল বন্ধু বা পৰিয়ালৰ মানুহকে ৰাম ঠগন দিয়ক৷ অচিন মানুহক ঠগিবলৈ বা অনিষ্ট কৰিবলৈ নাযাব৷ কাৰণ হিন্দী চিনেমাত দেখুৱাৰ দৰেই হিৰ’ই যাকেই চৰ মাৰে সিয়েই ডনৰ ভায়েক ওলায়৷ লাল টুপি পিন্ধা পুলিচে যাৰেই বাইক ৰাখে তাৰেই ভিনদেউ ডিএছপি বা বিধায়কৰ খাচ মানুহ ওলায়৷ সেয়ে অসমীয়াত কৈছে বোলে "অচিন কাঠৰ থোঁৰাও নলগাবা"৷ সেয়ে বাঁহ দিওতে সাৱধান৷

৫. আপোনাৰ যদি ল’ৰাই মিচা কথা কবলৈ অভ্যাস কৰিছে, বজাৰ কৰিবলৈ দিয়া পইচাৰ হৰণ ভগন কৰিছে, লুকাই চুৰকৈ পনীয়া নিচা কৰাৰ অভ্যাস কৰিছে, ধৰা পৰিলে মাকক ব্লেকমেইল কৰিছে, তেন্তে তাৰ প্ৰতিভাৰ উমান লওক৷ তাক ডাক্তৰ, ইঞ্জিনীয়াৰ হবলৈ চেপা নিদিব৷ তাৰ নামত ফাৰ্ম ৰেজিষ্ট্ৰেচন কৰি ঠিকা ঠুকলিত লগাওক৷ কেৰিয়াৰ গঢ়াৰ বাবে অসমীয়াত এনেয়ে জানো কৈছে "যি মূলা বাঢ়িব দুপাততে চিন"৷

৬. মাছৰ বজাৰলৈ গৈছে যদি চালানী অন্ধ্ৰ প্ৰদেশৰ ৰৌ-বাহু কিনক৷ লোকেল কুঁহি-চিতল আদি জাঁজি নৈৰ, দিখৌ নৈৰ বুলি ক’লেও বিশ্বাসত নলব৷ দাম লব নদীৰ পিছে বেছি ভাগেই আজিকালি পুহিছে পুখুৰীত৷ এই ঠগৰামিৰ চিকাৰ হোৱাতকৈ লোকেল বুলিলে পুথি খলিহনাই কিনি খাওক! অসমীয়াত এনেয়ে কৈছেনে "বোলে দূৰৈৰ ৰৌ-বাহু, ওচৰৰ পুথি খলিহনা"৷

৭. অফিচত দম্ভালি মাৰি বছগিৰি কৰা সকলৰ ঘৰলৈ যাওক৷ কিবা এটা দিয়াৰ বাহানাৰে তেখেতৰ ঘৰলৈ আপুনি যাওঁকেই৷ ঘৰত দেখিব সেই বাহিৰৰ সিংহৰ ওপৰত শ্ৰীমতী দুৰ্গাদেৱীৰ ৰূপত বহি আছে৷ বছৰ সেই নিশকতীয়া ৰূপটো এবাৰ তেওঁৰ চকুৰ আগতে প্ৰত্যক্ষ কৰি চুচুক চামাককৈ ঘূৰি আহক! তাৰ পাছত পাছদিনা অফিচত বছক দুখ মনেৰে সান্ত্বনা দিয়ক, সৰু মাতেৰে, আনে নুশুনাকৈ "চাৰ অসমীয়াত এষাৰ কথা আছে বোলে লাও যিমানেই ডাঙৰ নহওঁক পাতৰ তল"! দেখিব কেচটো অফিচত আপুনি ফালি দিয়াৰ ভয়তে তেওঁ আপোনাৰ ওচৰত লেতু সেতু হৈ ৰৈছে!

৮. বোমা ফুটাৰ পাছতে পুলিচে যে গম পায় বোলে কোন-ফাৰ কাম, কোন-ডিএফবিৰ কাম! তাৰ পাছত ডিএনএ টেষ্ট, ৰাসায়নিক টেষ্ট বোলে কোন বিধ বোমা ফুটালে৷ সকলো জ্ঞান জাহিৰ কৰে, বুদ্ধি খটায়, বিজ্ঞপ্তি জাৰি কৰে! তাকে লৈহে বোলে অসমীয়াত এষাৰ কথা আছে "চোৰ গ’লে বুদ্ধি, বৰষুন গ’লে জাপি"! এই লাইনটো বোলে পুলিচ বিভাগে লোগোত সত্য-মেৱ-জয়তে সলনিৰ ব্যৱহাৰ কৰাৰ বাবেও বিবেচনা কৰি আছে!

৯. আজিকালি কোনো সুন্দৰীৰ চকুলৈ চাই হাঁহি এটা মাৰিবলৈকো ভয়৷ জানোচা কেচ দিয়ে৷ এতিয়া সকলোৰে তল মূৰ কৰি ফুৰাৰ দিন৷ ভৰিৰ ফালে চাই চাই গৈ থাকিব৷ দেখিব সেই ফালে কাপোৰেই নাই৷ তাৰ পাছত আঠু, তাৰ পাছত অলপ ওপৰলৈ দুষ্ট চকুৱে বগাবলৈ যদি ধৰিছে তেন্তে তাক বাধা দিয়ক৷ কোন নো ঔ এইজনী, এনেখন পিন্ধিছে বুলি মুখলৈ চাওঁতে চকুৱে চকুৱে পৰিল, দিলে নহয়, কেচ লগায়, দৃষ্টি দিচে বুলি! সেয়ে অসমীয়াত এষাৰ কথা আছে "নাহাঁহিবা মোক, সোঁচৰিব তোক!"

১০. চাউল ক’ত পায় বুলি নতুন প্ৰজন্মক সোধক, উত্তৰ পাব বিগ বাজাৰত! সেয়ে আজিকালি বিজ্ঞাপনেও আহু ধানৰ চাউল চাবলৈ বিগ বাজাৰলৈ আবেলি আৰু শালি ধানৰ চাউল চাবলৈ পুৱা যাবলৈ কৈছে৷ তাকে দেখি এজনে লিখিলে, বোলে অসমীয়াত এষাৰ কথা আছে নহয় "বোলে শাহু চাবা গধূলি, খুলশালী চাবা পুৱা, ফেচবুকতে আপী চাবা কোন কেনেকুৱা!" 

No comments:

Post a Comment