পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত নাট্যকাৰ, সাহিত্যজ্যোতি ডঃ চন্দ্ৰধৰ চমুৱা আৰু সুন্দৰৰ সাধক সোণধৰ খনিকৰ সোঁৱৰণিত বিগত বছৰৰ দৰেই ঢকুৱাখনা নাট্য বিদ্যালয়ৰ উদ্যোগত আৰু অসম নাট্য সন্মিলনৰ ঢকুৱাখনা শাখাৰ সহযোগত আয়োজিত হৈছে অহা ১৯-২১ ডিচেম্বৰলৈ সদৌ অসম ভিত্তিক এখন একাংকিকা নাট প্ৰতিযোগিতাৰ। পাণ্ডুলিপি পঠিওৱাৰ বাবে যোগাযোগৰ নম্বৰ ৭৮৯৬২০৩১৩০ ৰ পৰা সবিশেষ জানিব পাৰিব। লগতে এখন স্মৃতিগ্ৰন্থও প্ৰকাশৰ বাবে চলাইছে যো-জা।
শিশুকালৰ হিৰো শক্তিমানলৈ সামান্য উপহাৰঃ
গুৱাহাটীত কালি "বীৰ লাচিত" নামৰ নাটক মঞ্চস্থ কৰা
"আৰয়ান"ৰ শিল্পী সকলৰ আৰু পপটেলৰ সৌজন্যত
২. গোৰেশ্বৰত কালি ভাৰতীয় গণনাট্য সংঘৰ আঞ্চলিক সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু গণশিল্পী হেমাংগ বিশ্বাসক গীত মাতেৰে কৰিলে স্মৰণঃ দেশেই আমাৰ নাটঘৰ, ৰাইজেই ভাৱৰীয়া মূলমন্ত্ৰক সোঁৱৰিলে ৰাইজে।


৩. দিল্লীত “জীত কি গুঞ্জ” শীৰ্ষক সংগীতানুষ্ঠান আয়োজন কৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিলে আম আদমী পাৰ্টিয়েঃ জন-সচেতনতা সৃষ্টিৰ বাবে বিনামূলীয়াকৈ গীত পৰিবেশন কৰিবলৈ আহিল বলিউদৰ সংগীত পৰিচালক বিশালকে ধৰি আন আন শিল্পী।


৪. নতুন দিল্লীত লোক আদালতৰ জৰিয়তে ভাৰতীয় ন্যায়পালিকাই গঢ়িলে অভিলেখঃ আঠ ঘণ্টাত মীমাংসা হ'ল ৩০.৫লাখ গোচৰ।


৫. মৰিগাঁৱৰ ৰসৰাজ কবি সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হ'ল অসম কবি সন্মিলনৰ “শব্দৰ মৌ-বিচনী ভাঙি কবিতাৰ গুণগুণনি” শীৰ্ষক অনুষ্ঠানঃ চাৰি কুৰি ছয় গৰাকী কবিয়ে পাঠ কৰিলে কবিতা। “শব্দৰ পানচৈ” শীৰ্ষক ৰশ্মিৰেখা কাশ্যপ সম্পাদিত কাব্য সংকলনখনি উন্মোচন কৰে তিৱা সাহিত্য সংস্কৃতিৰ গৱেষক মনেশ্বৰ দেউৰীয়ে।

৬. অধ্যাপক ডঃ নগেন শইকীয়া সাৰস্বত ন্যাসৰ উদ্যোগত ডিব্ৰুগড় গ্ৰন্থমেলাৰ মূল মঞ্চত অনুষ্ঠিত হ'ল গীতে মাতে সাহিত্যৰথী নামৰ এক মনোজ্ঞ অনুষ্ঠানঃ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয় অনুষ্ঠিত।


৭. আম আদমী পাৰ্টিয়ে নিৰ্বাচনী আয়োগৰ পৰা আনি চালে ষ্টীঙ অপাৰেচনৰ ১৪ঘণ্টীয়া আচল ফুটেজঃ সম্পাদনাৰে দৰকাৰী কথা কাটি বদনাম কৰাৰ অপচেষ্টা চলোৱা মেডিয়া চৰকাৰ.কমৰ বিৰুদ্ধে পাৰ্টিয়ে তৰিলে অপৰাধমূলক গোচৰো।


৮. অহা ২৭-২৯ নৱেম্বৰলৈ মৰিগাঁৱত অনুষ্ঠিত হব কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংকিকা নাট প্ৰতিযোগিতাঃ ২৫দৰ অংশগ্ৰহণ নিশ্চিত হোৱাৰ খবৰ।

৯. আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন(আপকু)ৰ তৰফৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা সাংবাদিক মতিউৰ ৰহমান সোঁৱৰণী আপকুৰ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হৈছে বোকাখাটৰ ভৱেশ শইকীয়ালৈঃ সাংবাদিক মণ্টু মোহন দাস সোঁৱৰণী শ্ৰেষ্ঠ যুৱ সাংবাদিক বঁটা লাভ কৰিছে ছিপাঝাৰৰ দৈনিক গণ অধিকাৰ কাকতৰ সংবাদাতা হিতেশ নাথে। লগতে ঘোষিত হৈছে ২০১২-১৩বৰ্ষৰ অনুসন্ধানমূলক বাতৰি প্ৰতিযোগিতাৰ ফলাফলো।

১০. ভাৰত চৰকাৰৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু অসামৰিক যোগান বিভাগ মন্ত্ৰালয়ে এইবৰ্ষৰ পৰা স্বেচ্ছাসেৱী গ্ৰাহক সুৰক্ষা সংস্থাসমূহৰ বাবে প্ৰৱৰ্তন কৰিছে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় বঁটাৰ।

১১. আজি পাঠশালাত অনুষ্ঠিত হৈছে প্ৰবাদপুৰুষ আনন্দৰাম বৰুৱাৰ নামেৰে স্থাপিত আনন্দৰাম বৰুৱা একাডেমীৰ ২০১৩-১৪ শিক্ষাবৰ্ষৰ বঁটা প্ৰদান অনুষ্ঠানঃ মুখপত্ৰ “অনুৰণন” উন্মোচন কৰিব বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে।

১২. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ ব্যৱস্থাপনাত অহা ৫জানুৱাৰীত মহাপুৰুষ দুজনাৰ সৃষ্টি গীত-নৃত্য-বাদ্য আৰু অংকীয়া ভাওনাৰ পৰিবেশনেৰে বিশ্ব অভিলেখ স্থাপনৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতিঃ ২৫খন মঞ্চত একে সময়তে ২৫খন ভাওনা অনুষ্ঠিত কৰাৰ লক্ষ্য স্থিৰ কৰাৰ বাতৰি। লগতে উন্মোচিত হব স্মূতিগ্ৰন্থ “নান্দী”।

১৩. অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ ২৬তম দ্বি-বাৰ্ষিক অধিবেশনখন এইবাৰ অনুষ্ঠিত হৈছে এইবাৰ অসমতঃ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি আৰু কাইলৈ এই অধিবেশন খানাপাৰাৰ পশু চিকিতসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত হৈছে।

১৪. ডিব্ৰুগড় গ্ৰন্থমেলা প্ৰাংগনত উন্মোচিত হ'ল লেখক ভৰত সন্দিকৈৰ “ৰৌ-মাছৰ পিত” আৰু “বুৰঞ্জীৰ মুকুতা” শীৰ্ষক দুখনকৈ গ্ৰন্থঃ উন্মোচন কৰিলে অধ্যাপক আনন্দ বৰমূদৈয়ে।

১৫. আবু নেচিমে দখল কৰিলে সাতোটাকৈ উইকেটঃ ৰঞ্জী ট্ৰফীৰ গ্ৰুপ চিৰ খেলত ত্ৰিপুৰাৰ বিৰুদ্ধে এক ইনিংছ আৰু ৫৫ৰাণত বিজয় সাব্যস্ত কৰিলে অসম দলে।

১৬. আজি মধ্য প্ৰদেশত চলিছে বিধান সভাৰ নিৰ্বাচন, শান্তিপূৰ্ণভাৱে প্ৰথম দুঘণ্টাত ১৫% ভোটদানৰ খবৰঃ তৃতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ সপোন ৰচিছে শিৱৰাজ সিং চৌহানে, বিপৰীতে কংগ্ৰেছে ৰচিছে ক্ষমতালৈ ঘূৰি অহাৰ সপোন।

১৭. মিজোৰামতো শান্তিপূৰ্ণ ভাৱে প্ৰথম দুঘণ্টাত বিশ শতাংশ ভোটদানৰ সুখবৰঃ ১৪২ গৰাকীৰ ভাগ্য নিৰ্ধাৰণৰ বাবে হৈছে ভোটিং বিধান সভা নিৰ্বাচনত।


১৮. চীনতকৈ ভাৰতক বিনিযোগৰ বাবে অতি সুচল দেশ বুলি প্ৰকাশ পালে বিনোয়োগ পৰামৰ্শদাতা সংস্থা আৰ্নেষ্ট আৰু ইয়ঙৰ প্ৰতিবেদনত।


১৯. দিন ঘোষিত হল মুম্বাই আন্তঃ ৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলৰঃ আৰম্ভ হব অহা ৩ফেব্ৰুৱাৰীৰ পৰা।


২০. ঘোষিত হ'ল আমেৰকান মিউজিক এৱাৰ্ডছঃ বঁটাপ্ৰাপকৰ তালিকা শুৱনি কৰিলে জাষ্টিন টিম্বাৰলেক আৰু টেইলৰ চুইফ্টেও ।

No comments:

Post a Comment