প্ৰবাসী অসমীয়া সংবাদ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰবাসী অসমীয়া সংবাদ

প্ৰবাসী অসমীয়া সংবাদ

Share This
২২ নভেম্বৰ ২০১৩ৰ 
কাটাৰ অসম সমাজৰ বৈঠকৰ এটি চমু আভাস 
ডাঃ ভূপেন্দ্ৰ নাথ শইকীয়া


এটি সৌহাৰ্দ্যপূৰ্ণ পৰিবেশত ভালেসংখ্যক ন-পূৰণি সদস্যৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয়৷

আজিৰ সভাত আগন্তুক 'ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল'ত আমাৰ সমাজৰ ভূমিকাৰ বিষয়ে ঘাইকৈ আলোচনা হয়৷
কাটাৰ অসমীয়া সমাজে প্ৰকাশ কৰিবলৈ লোৱা
স্মৰণিকা খনিৰ বেটুপাত

২৮-১১-১৩ বৃহস্পতিবাৰে পুৱা ১০বজাৰ ভিতৰত মিউজিয়াম অৱ ইচলামিক আৰ্টচৰ চৌহদত সদস্যসকলক উপস্থিত হৈ ষ্টলৰ সাজসজ্জাত সহায় কৰিবলৈ সকলোকে আহ্বান জনোৱা হয়৷
  
বিশ্বজিৎডেকা,শৰৎশইকীয়া আৰু ৰাজু শৰ্মাই এইক্ষেত্ৰত আগভাগ লব বুলি সভাত ঘোষণা কৰে৷

নিজৰ ঘৰৰ যিকোনো অসমীয়া সমল যেনে কাপোৰ,শৰাই,জাপি,আন সজোৱা বস্তু প্ৰদৰ্শনীথলিত জমা দিবলৈ আনিবলৈ অনুৰোধ জনোৱা হ'ল৷

উল্লেখযোগ্যযে অসমৰ তিনিজন আগৰৰ উদ্যোগত জড়িত যুৱকে প্ৰদৰ্শনীত সামগ্ৰী ৰখাৰ ওপৰিও অসমৰ হেমন্ত কুমাৰ নাথ নামৰ এজন উদ্যমী যুৱকে অসমৰ পৰা হেণ্ডলুমৰ সামগ্ৰীসহ 'ইণ্ডিয়া কমিউনিটি ফেষ্টিভেল'ত ভাগ লোৱাৰ কথা৷
ভাৰতীয় সাংস্কৃতিক কেন্দ্ৰ (ভাৰতীয় দূতাবাসৰ অধীনত)ত
 হোৱা বৈঠকৰ দৃশ্য   

সকলো সদস্যলৈ আবেদন জনোৱা হ'ল যেন প্ৰত্যেকেই সক্ৰিয় ভূমিকা গ্ৰহণ কৰি অসমৰ মান ৰাখিবলৈ যত্নপৰ হয়৷ ইণ্ডিয়ান কালচাৰেল চেন্টাৰে অসমৰ ভূমিকাক সপ্ৰসংশনীয় দৃষ্টিৰে লক্ষ্য ৰখাৰ কথা। আজিৰ সভাত উপস্থিত কেইজনমান সদস্যই জনায়৷

সভাত চাহ-জলপানৰে অতিথিসকলক আপ্যায়িত কৰে বিশ্বজিৎ ডেকাই ।

No comments:

Post a Comment