লোকেল গুজৱ.কম
১. উদ্ধাৰ
হ'ল
লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰকৃত
জন্ম-কুণ্ডলীঃ
কুণ্ডলীত হাস্য বংগ লেখাৰে
তেখেতে ৰসৰাজ বুলি প্ৰসিদ্ধি
লাভ কৰিবই বুলি লিখা থকা বুলি
মাকে কোৱাৰ পাছতহে লক্ষ্মীনাথে
ৰস ৰচনাত মনোনিবেশ কৰিছিল
বুলি জ্যোতিষী হিৰো ইয়ঙে
ব্যক্ত কৰিছে।
লোকেল গুজৱ পঢ়ি আইতাৰ হাঁহি.... |
২. গ্ৰাম্য বৈদ্যুতিকীকৰণত চৰ-জমিন তদন্ত কৰিবলৈ ওলাল চদন কমিটি। জমিন চাবলৈ বিলাসী গাড়ী যোগান ধৰিলে বিধান সভা সেৱক বিভাগে। পিছে চৰ চাবলৈ বিলাসী নাঁৱৰ ব্যৱস্থা নথকাত এই চৰ-জমিন তদন্ত সম্পূৰ্ণ কৰিব নোৱাৰিব বুলি প্ৰকাশ কৰিলে চংচদীয় সচিবে। চৰত তদন্ত কৰিবলৈ যাবলৈ ডিস্কো থকা বিলাসী নাও বা জাহাজখন গুৱাহাটীৰ জাহাজঘাটৰ পৰা পঠাবলৈ বিধায়িনী দলে দাবী তোলাৰ ৰসাল খবৰ।
৩. কাৰ্যবাহী
অভিযন্তাক হত্যা কৰি নিজৰ
ক্ৰেডিট বৃ্দ্ধ কৰিলে বোকাজান
সন্ত্ৰাসবাদী সন্থাইঃ
হত্যাকাৰীয়ে বিজ্ঞপ্তি যোগে
এই দাবী কৰাৰ পৰম্পৰা ৰক্ষা
কৰা বাবেই সাংবাদিক সন্থাৰ
তৰফৰ পৰা “শ্ৰেষ্ঠ সত সাহসী
হত্যাকাৰী-২০১৩”
বঁটাৰ বাবে লগে লগে মনোনয়ন
লাভ কৰা বুলি জানিব পৰা
গৈছে।
৪. চিংগাপুৰৰ
চিঙৰা অসমৰ চিঙৰাতকৈ খাবলৈ
বেয়া বুলি ফেক্স যোগে বাৰ্তা
পঠালে ৰসাল গগৈয়ে। তেখেতে
দক্ষিণ-পূৱ-এছিয়াৰ
আন্তঃজাৰ্তিক বানিজ্য সন্মিলনত
এই চিঙৰা খাবলৈ গৈ গগৈদেউৰ
মনটো খানাপাৰাৰ যাদৱৰ চাহ
দোকানৰ চিঙৰালৈ উৰি অহা বুলিও
প্ৰকাশ কৰিলে তথ্য।
৫.বড়োলেণ্ডৰ
পৰা হাইড্ৰামা মুহিলাৰীয়ে
এটা প্ৰশ্নৰ উত্তৰ বিচাৰি
সুখ দুখৰ কাৰ্যালয়লৈ পঠিয়ালে
তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত
আবেদনঃ তেখেতৰ প্ৰশ্ন-
অখিল
গগৈ কোন?
৬. আলু খাই নিজৰ মেদবহুলতা বৃদ্ধি কৰাৰ লগতে উচ্চ দৰত আলু বিকি পেট বঢ়োৱাক লৈ উদ্বিগ্ন হৈ পৰিছে অসমৰ খানা-পিনা-আলু-কচু মন্ত্ৰী নহৰুল বিশ্ৰামেঃ তেখেতে কয় দাম নি আলু কিনি খোৱা বন্ধ কৰি নিজৰ মেদো কমাওক আৰু লগতে বেপাৰীকো নাকী লগাওক। নহৰুল চাৰৰ পৰামৰ্শত মেদবহুল শ্ৰীমতী সন্থাই আদৰণি জনোৱাৰ সুখৰ খবৰ।
৭. তেজপালৰ
লিফটৰ ভিতৰত সহকৰ্মীক চেনেহ
দিবলৈ চেষ্টা কৰা কাৰ্যৰ
কাণ্ডত,
ঘটনাৰ
পাছত লিফটত চিচি টিভিৰ কেমেৰা
নথকা বুলি জানিব লৈ বিপাঙত
পৰিছে গোৱা আৰক্ষীঃ এতিয়াৰ
পৰা ভণ্ড সাংবাদিক,
লম্পট
ব্যৱসায়ী আদিয়ে আহ যাহ কৰা
সকলো বাটপথ,
লিফট,
টয়লেট
আদিতো চিচি টিভি কেমেৰা
লগোৱা বাধ্যতামূলক কৰিবলৈ
গোৱা আৰক্ষীয়ে দিলে পৰামৰ্শ।
৮. তৰুণ
তেজপালৰ নতুন গ্ৰন্থ “ক্ষমা
বিচাৰি কেনেকৈ লিখিব চিঠি”
শীৰ্ষক গ্ৰন্থই দেশজুৰি
তোলপাৰ লগোৱাৰ খবৰঃ যৌন
নিৰ্যাতন কৰি ক্ষমা বিচৰাৰ
সঠিক টেকনিক বিচাৰি তেজপালৰ
সাক্ষাতৰ বাবে জেইলৰ পৰা
এপইনমেণ্ট বিচাৰি যোগাযোগ
কৰিলে আশাৰাম পাপ্পুৱে।
৯. নিৰৱ
সাহিত্যিকৰ মূল নুবুজে সাহিত্যৰ
জাতীয় অনুষ্ঠানেঃ সেয়ে নিৰৱ
সাহিত্যিক সন্থাই আয়োজন
কৰিলে বিশেষ কৰ্মশালা “আপোনাৰ
মোল বুজাব কেনেকৈ?”
কৰ্মশালাত
সাহিত্যিক পেঞ্চন লাভৰ ১০১টা
কিটিপ শিকিবলৈ লেখক সকলে অধিক
আগ্ৰহ প্ৰকাশ কৰা বুলি সমল
ব্যক্তি ৰসাল শৰ্মাই জনাইছে।
১০. একেখন
পথাৰত একে সময়তে আটাইতকৈ বেছি
ভ্ৰাম্যমান মঞ্চত নাট পৰিবেশন
কৰি এইবাৰ বিশ্ব অভিলেখ গঢ়িলে
নলবাৰী ৰাস উদযাপন সমিতিয়েঃ
পিছে ফীজ ছয় হাজাৰ টকা দি আবেদন
নকৰা বাবে যোৰহাটত থকা অভিলেখ
চাৰ্টিফিকেট বিতৰণ শাখাই এই
অভিলেখৰ স্বীকৃতি নিদিয়াৰ
উঠিছে অভিযোগ।
No comments:
Post a Comment