অনুভৱৰ পৃথিৱী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অনুভৱৰ পৃথিৱী

অনুভৱৰ পৃথিৱী

Share This
দিচাংমুখৰ ছবি
- মনালিচা শইকীয়া
''দিচাংমুখ '', এই নামটোৰ সৈতে মোৰ যে কত স্মৃতি জড়িত হৈ আছে । শৈশৱ, কৈশোৰৰ এচোৱা সময় (প্ৰায় ছবছৰ কাল ) মই সেই ঠাইত কটাই আহিছোঁ । সৰু হলেও নৈ পৰীয়া সেই ঠাইখনত সৰুতেই এক সাংস্কৃতিক পৰিৱেশ পাইছিলোঁ। 

লগ পাইছিলো অনিল পাংগিং (পিছলৈ মোৰ ভিনদেউ ), ছোৱানদা, জনৰাজ য়েইন, উত্তম বড়ি, নীতা বা , প্ৰেমনাথ হঁতৰ দৰে উদ্যোগী যুৱক-যুৱতীৰ এদল। তেওঁলোকৰ উদ্যোগত স্বৰ্গীয় বিক্ৰন সিং য়েইন সোঁৱৰণি সাংস্কৃতিক অনুষ্ঠান হয়।..তাতেই আমি গান গাওঁ..নাচোঁ । প্ৰাচীৰ পত্ৰিকাত গল্প, কবিতা লিখোঁ । জনৰাজ য়েইন, উত্তম বড়িয়ে তেতিয়া সুন্দৰ গীটাৰ বজায় । ছোৱান দাই অভিনয় কৰে । বিক্ৰম সিং য়েইনৰ পুত্ৰ তেওঁ ।

শিল্পী বিক্ৰম সিং য়েইন আছিল ভূপেন হাজৰিকাৰ বন্ধু যাৰ ঘৰত ৰাতি থাকি ভূপেন দাই লিখিছিল ''দিচাংমুখৰ নিশাটি '' গীতটি । আমি ডেকাটিক পাইছিলোঁ। ভূপেন হাজৰিকাই যাৰ নাম ৰাখিছিল ডেকাটি ।

অনিল পাংগিঙে লিখে গল্প ,কবিতা । মিচিং, নেপালী,আহোম, মাৰোৱাৰী, বিহাৰী, হিন্দু,মুছলমান সকলো জাতি-জনগোষ্ঠীক সকলো অনুষ্ঠানতে ভাগ লোৱা দেখিছিলোঁ । যিদৰে নামচিং , আপঙ খাওঁ..সেইদৰে নেপালী সকলৰ গোন্দ্ৰোক আৰু চুৰি পিঠাও খাওঁ.।

যোৱা বছৰ জুলাই মাহত দিচাংমুখলৈ গৈছিলো । দেখা পালোঁ, ভৰ বাৰিষা দিচাং নৈত মঞ্জু বৰাৰ ক:য়াদ নামৰ খনৰ চিনেমা শ্বুটিং কৰিছে ছোৱান দা আৰু জনৰাজ দাই । চিনেমাৰ কাহিনী অনিল পাংগিঙৰ । ''ক:য়াদ '' নামৰ সেই চিনেমাখনে আন্ত:ৰাষ্ট্ৰীয় খ্যাতি পোৱা বুলি জানি মনটো ভাল লাগি গৈছে । অন্তত: পৃথিৱীয়ে আজি সেইসকল প্ৰতিভাৰ উমান পাইছে !!

No comments:

Post a Comment