হাস্য ব্যংগৰে সত্যৰ সন্ধানঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধানঃ

হাস্য ব্যংগৰে সত্যৰ সন্ধানঃ

Share This
লোকেল গুজৱ.কম
১. মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্যত ৭৮হাজাৰ বেদখলকাৰীয়ে ৫৩খনকৈ গাওঁ স্থাপন কৰি বিশ্ব অভিলেখ স্থাপন কৰিছে। ৰাষ্ট্ৰীয় অভয়াৰণ্যত বিশ্বৰ কোনো কোনতে এইদৰে ভয়-বীত নোহোৱাকৈ বসতি স্থাপন কৰাৰ অভিলেখ আজি-কোপতি হোৱা নাই। গাঁওবাসীয়ে অভিলেখৰ চাৰ্টিফিকেট দিয়া সংস্থাক দিবলৈ চান্দা বৰঙণি গোটাই যোৰহাটৰ শাখা কাৰ্যালয়ত যোগাযোগ কৰিবলৈ যোৱাৰ সুখবৰ।
২. তিনিবাৰকৈ গাঁওবুঢ়া হোৱা তিতাবৰৰ এজন লোকে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ যোগ্যতা থকা বুলি কৰিলে ঘোষণা। পিছে বহুবল্কী নামেৰে স্থানীয়ভাৱে জনাজাত গাঁওবুঢ়াজনৰ কথালৈ কোনেও কান নিদিয়াক লৈ তেখেতে কৰিলে ক্ষোভ প্ৰকাশ, আত্মপ্ৰচাৰ.কম নামৰ জনপ্ৰিয় নিউজ পৰ্টেলৰ যোগে।

৩. ভাৰতত এতিয়াও ৫০০ নিযুত লোকে মুকলিতে মলত্যাগ কৰা তথ্যই চকু খোল খুৱালে বিশ্বস্বাস্থ্য সংস্থাৰ। অসমীয়াত "বাহিৰ ফুৰিবলৈ যোৱা" বুলি সেই কাৰ্যক অভিহিত কৰাৰ বাবেই ৰাইজে বাহিৰতে মুকলি মূৰীয়াকৈ ফুৰি চাকি আহে আৰু এই পৰম্পৰাটো অসমৰ পৰাই উত্তৰ ভাৰতলৈ বিয়পি পৰা বুলি তথ্য পোৱা গৈছে। সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই সাহিত্য সভাক অসমীয়া ভাষাৰ পৰা খণ্ড-বাক্যটি আঁতৰাই দি ঘৰতে সেইবিধ কৰাৰ পৰমানন্দ লভিবৰ বাবে সজাগতা অনাৰ বাবে বিশেষ আহ্বান ফেক্স কৰা বুলি জেনেভাৰ পৰা বাতৰি আহিছে। 

৪. গীল বোলা হকী বিষয়া জনে নিজৰ স্বভাৱজাত বিতৰ্কিত কথাৰে অসমৰ নিউজ চেনেল, বাতৰি কাককত শিৰোনাম লবলৈ সক্ষম হৈছে। গীল চাহাবে কোৱামতে অসমত যিমান মানুহে তেওঁৰ কথালৈ গুৰুত্ব দিয়ে সিমান তেখেতেৰ নিজৰ ঘৰ, পৰিবাৰ, পৰিয়াল, প্ৰদেশতো নিদিয়ে। সেয়ে তেখেতে অহা গ্ৰন্থমেলাতে শ্বহীদ বনোৱাৰ কাহিনীৰে "অসমীয়া পহু চিকাৰ" নামৰ আত্ম-জীৱনীখন উন্মোচন কৰি দিব বুলিও জনাইছে। লেখাত সহায় কৰিবলৈ ধুনীয়া লেখিকাৰ সহযোগিতাও ঢিলা ছৰিত্ৰৰ বৃদ্ধজনে কামনা কৰা বুলি জানিব পৰা গৈছে।

৫. শিৱসাগৰত ৰাজীৱদা পেট্ৰলিয়াম স্কুল, ৰাজীৱদা চিকিসালয়, ৰাজীৱদা সমবায় বিদ্যালয় আদি স্থাপন হোৱাৰ পৰা শিৱসাগৰৰ বুৰঞ্জী সলাই দিবলৈ এখন বিশেষজ্ঞ গোট ৰসাল গগৈয়ে গঠন কৰি দিয়াৰ খবৰ আহিছে। "ৰাজীৱদাৰ সপোনৰ শিৱসাগৰ" নামৰ এখন আটকধুনীয়া মহান গ্ৰন্থও স্কুলত প্ৰণয়ন কৰাৰ বাবে তেখেতে দিহা আগবঢ়াইছে। ৰাজীৱদাই পাইলট হৈ থাকোতে জয়সাগৰ পুখুৰীটো দেখি অতিশয় আনন্দিত হৈছিল বুলিও গোপন সূত্ৰও প্ৰকাশ কৰিছে!



৬. অসমৰ খাদ্য যোগানিয়াৰ বিভাগে গৃহ বিভাগৰ দৰেই এক আত্ম-সমৰ্পনৰ কাৰ্যসূচী গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। তাতে খাদ্য মন্ত্ৰীয়ে ক'লা বেপাৰী, ছিণ্ডিকেট বাহিনী সমূহৰ ওচৰত আঠু লৈ আত্ম সমৰ্পন কৰাৰ খবৰ আহিছে। এইদৰে আত্ম-সমৰ্পন কৰিলেহে হেনো প্ৰাক্তন বিপ্লৱীৰ দৰে মূলসুঁতিৰ ধনী মানুহ হব পাৰি বুলি নহৰুল চাহাবে বিভাগৰ সকলোলৈকে ফৰমান জাৰি কৰিছে।

৭. উদ্যোগ বিভাগে উদ্যোগ গ্ৰহণ কৰিছে আৰু বাণিজ্যৰ প্ৰসাৰতা কৰিছেই বুলি প্ৰকাশ কৰি বিদ্যুত বৰদলৈয়ে দুৰ্নীতিৰ মুক্ত বজাৰ খুলি দিয়াৰ বাবে নিজৰ কৃৰ্তিত্ব দাবী কৰাৰ খবৰ সংবাদ মাধ্যমৰ শিৰোনামত পোৱা গৈছে। নিজৰ কৃৰ্তিত্ব এইদৰে জাহিৰ কৰাটো দৃষ্টিকটু বুলি হাবিবন হুছেইনে কটুক্তি কৰা বুলি জানিব পৰা গৈছে।

৮. টিঙৰাইত বন্দুক দেখুৱাই বেংকৰ পৰা পাঁচ লাখ টকা লুট কৰাৰ বাতৰিত সণ্টুষ্টি প্ৰকাশ কৰিছে সদ্য অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সংঘই। পেঞ্চন অফিচত মাত্ৰ কলম দেখুৱাই লাখে লাখে টকা লুট কৰি আছে, দিছপুৰতো একেই। তাৰ বিপৰীতে টিঙৰাইতটো অন্ততঃ বন্দুক যোগাৰ কৰি আনি, প্ৰাণৰ ৰিক্স লৈ মাত্ৰ পাঁচ লাখ টকা লুটি নিছে বুলি মন্তব্য কৰি, এনেই অন্ততঃ কষ্ট কৰা যুৱক সকলক প্ৰশংসা কৰিলে সংঘৰ সভাপতিয়ে।

৯. "ব্লেকমানি বগা কৰাৰ এশ এটা উপায়" কিতাপখনে দিছপুৰ বুক ষ্টলৰ সকলো কিতাপ বিক্ৰীৰ অভিলেখ ভংগ কৰাৰ খবৰ পোৱা গৈছে। লগতে বৰাক বুদ্ধ ৰয়ৰ "কাৰ কঁকালৰ কিমান জোৰ" নামৰ গ্ৰন্থখনেও যথেষ্ট সমাদৰ পোৱা বুলি জানিব পৰা গৈছে। লেতুসেতু শৰ্মাৰ "মই ভাল ল'ৰা হম গগৈদেউ" নামৰ কবিতাপুথি খনো যথেষ্ট প্ৰশংসিত হৈছে বুলি দিছপুৰ কবিতালোভী সন্থাই জনাইছে।

১০. গুৱাহাটীত মেট্ৰ ৰেল সেৱাক কোনজন গান্ধীৰ ৰেল সেৱা বুলি ঘোষণা কৰা যায় তাকে লৈ বিপাঙত পৰিছে ৰসাল গগৈ। ওপৰে ওপৰে চলি লগা ৰেলখনক বিসম্বাদী গোটে "ওফাইদাং গগৈ ৰেল সেৱা"ৰ হে নাম দিবলৈ দিল্লীৰ বৰঘৰত আৰ্জি দিয়া বুলি গোপন সূত্ৰত প্ৰকাশ।

No comments:

Post a Comment