লোকেল গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ

লোকেল গুজৱ

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. দূষিত খোৱাপানীৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমে লাভ কৰিবলৈ সক্ষম হৈছে দ্বিতীয় স্থান৷ অচিৰেই ই প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হ’বই বুলি পানী যোগান মন্ত্ৰীয়ে জনাইছে৷ তেখেত কয় যে অচিৰেই "আপোনাৰ পদূলিত আপোনাৰ বিচলেৰী" আঁচনি যোগে সকলো ভোটদাতা ৰাইজলৈ বিশুদ্ধ খোৱাপানী প্ৰদান কৰাৰ এখন হাজাৰ কোটি টকীয়া আঁচনি ৰসাল গগৈ চাৰে ঘোষণা কৰিব৷

২. সোনাপুৰত ট্ৰাইবেল বেল্টৰ মাটি কিনিব আমীৰ খান আৰু কৰণ জোহৰে৷ "প্ৰতিদিনে অসমীয়া" কাকতৰ মালিকে কিৰণ ৰাও বাইদেউক কাৰ্বি ককা এজনৰ তোলনীয়া কন্যা ৰূপে ঘোষণা কৰি এই ভূ-সম্পত্তি তাৰকা কেইজনক কিনাই দিয়াৰ দ্বায়িত্ব লোৱা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে৷

৩. যুৱ পৰিষদে যোগান পৰিষদৰ কাৰ্যালয় অচল কৰি দিয়াৰ উপলক্ষত সদৌ অসম ভিত্তিক আলুৰ দাম তিনি টকাকৈ বৃদ্ধি কৰিব পাৰিব বুলি বেপাৰী সন্থালৈ সেউজ সংকেত অহাৰ খবৰ আহিছে৷ লক্ষ্মী পূজাৰ পাছতে এনে সেউজ সংকেত দিয়াৰ বাবে বিভাগীয় মন্ত্ৰীলৈ হিয়া ভৰা অভিনন্দন বেপাৰী সন্থাই জ্ঞাপন কৰিছে৷

৪. বয়স ফাঁকিৰ ক্ষেত্ৰত এইবাৰ আন এগৰাকী মন্ত্ৰীয়ে অভিলেখ স্থাপন কৰাৰ লগতে হাতোৰা পাৰ্টিৰ আন আন বিধায়কৰ সৈতে ফেৰ মাৰিবলৈ সক্ষম হৈছে৷ দাড়ি চুলি পকা সকলৰ বয়স সুধি বা শপত নামা দিবলৈ কোৱাতো এক সন্মান হানিকৰ কাম বুলি বিধায়নী দলৰ সচেতকে মন্তব্য কৰিছে৷ অৱসৰৰ বয়স নোহোৱা জনপ্ৰতিনিধিৰ বাবে বয়সৰ প্ৰশ্নটোৱেই অমূলক বুলি তেখেতে আঙুলিয়াই দিয়ে৷

৫. বেজবৰুৱাৰ গদ্য নপঢ়াকৈ কোনেও ভাল গদ্য ৰচনা কৰিব নোৱাৰে বুলি বৰগোহাঞি ডাঙৰীয়াৰ মন্তব্যই তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ নোবেল বঁটাৰে সন্মানিত বিদেশী লেখক সকললৈ তেন্তে কিয় বেজবৰুৱাৰ গদ্যৰ অনুবাদ পঠোৱা হোৱা নাই বুলিও সচেতন পাঠকে প্ৰশ্ন তুলিছে৷ লগতে খেনোৱে কৈছে, ছাৰৰ কথাষাৰ আচলতে বিশ্বকৰ্মা পূজা নপতা দেশত গাড়ী বা ৰকেট বনাব নোৱাৰে বুলি কোৱাৰ লেখিয়াহে হৈছে৷ সেয়ে জাপান আদিতো বিশ্বকৰ্মা পূজাৰ আয়োজনৰ পোষকতা কৰাৰ দিন আহিছে৷

৬. বৰাকত বিধায়ক হবলৈ মানুহৰ কঁকালত জোৰ নাই বুলি মন্ত্ৰীয়ে মন্তব্য কৰাৰ পাছৰে পৰা বৰাকত কঁকালত জোৰ বঢ়াবৰ বাবে বিশেষ হাড়ৰ ডাক্তৰ নিযুক্তি দিবলৈ স্বাস্থ্য মন্ত্ৰীক বৰাক সচেতন সন্থাই দাবী জনাইছে৷ আৰু বিধায়ক হবলৈ বিচৰা সকলক যাতে কঁকাল ভাঙি অংগক্ষত কৰিব নোৱাৰে তাৰ বাবেও দেহৰক্ষী দিবলৈ গৃহ বিভাগক আহ্বান জনাইছে৷

৭. ঠিকাদাৰ, পত্নী আৰু বিষয়াৰ সহযোগত লুণ্ঠন চলোৱাৰ ক্ষেত্ৰত অভিলেখ গঢ়া বৰাক ৰয় ডাঙৰীয়াৰ নতুন গ্ৰন্থ "অবাধ লুণ্ঠন"য়ে গ্ৰন্থমেলাত ব্যাপক সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে৷

৮. অহা শীতকালীন অধিবেশনত "নেতাৰ অৰ্হতা" বুলি এখন নতুন বিধেয়ক বিধান সভাত তুলি ধৰিব বুলি জানিব পৰা গৈছে৷ কৃষক নেতা হেৱাৰ বাবে কমেও পাঁচ বছৰ হাল বোৱা, খেতি কৰাৰ কৰ্ম অভিজ্ঞতাৰ ব্যৱস্থা কৰি চলি থকা অসুবিধাবোৰ দূৰ কৰিব বুলি সংসদীয় সচিবে জনাইছে৷

৯. এইবাৰ ভূমি-নীতিৰ ওপৰত আলোচানাৰ বাবে ই-মেইলেৰে কৃষক নেতাক কইনাধৰালৈ নিমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰীয়ে৷ পিচে কাৰেণ্ট নোহোৱাত কৃষক নেতাই ই-মেইল খুলিব নোৱাৰা বুলি জনোৱাত বিজুলী মন্ত্ৰী ৰোষত পৰা সম্ভাৱনা অহাৰ গোপন খবৰ৷

১০. এইবাৰ মাত্ৰ লেখক সকলৰ নহয়, সাংবাদিক লেখক সকলৰ কিতাপৰ বিক্ৰীয়েহে মাত্ৰ গ্ৰন্থ মেলাৰ মান ৰক্ষা কৰিছে৷ সাংবাদিক বন্ধু সকলৰ কিতাপৰ বিষয়েহে মাত্ৰ নিউজ চেনেলত ঢাকঢোল বজাই থকাত এইয়া সম্ভৱ হৈছে বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment