পলতকে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলতকে সুখ দুখৰ বতৰা

পলতকে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. ষষ্ঠ দিনা জন-সমুদ্ৰত পৰিণত গুৱাহাটী গ্ৰন্থমেলাঃ কিতাপৰ বিক্ৰীয়েও ভাল হোৱাৰ উৎসাহজনক খবৰ৷ উন্মোচিত হ’ল এঘাৰ খনকৈ গ্ৰন্থ৷

২. সম্পদৰ ওপৰত অধিকাৰৰ দাবীত গুৱাহাটীত কৃষক মুক্তিৰ বিশাল গণ অভিবৰ্তন সফলঃ হাজাৰ হাজাৰ জনতাক মাটি-পানী কাঢ়ি নিয়াৰ পৰা চৰকাৰক বাধা দিবৰ বাবে আহ্বান জনালে প্ৰখ্যাত লেখিকা ডঃ বন্দনা শিৱাই৷

৩. বলিউদৰ ছবি নিৰ্মাতা কিৰণ ৰাওৱে সংগ্ৰহ কৰিলে মিচিং মেখেলা চাদৰ, অসমীয়া পাট মুগাৰ সাজঃ অসমীয়া হস্ত শিল্পৰ চানেকিয়ে সমাদৰ লভাৰ সন্তোষজনক খবৰ৷

৪. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ’ল গগন চন্দ্ৰ অধিকাৰীদেৱৰ "কবিতা সমগ্ৰ" আৰু "শিশু সাহিত্য সমগ্ৰ": প্ৰকাশক বনফুল প্ৰকাশন৷

৫. ধেমাজিৰ বৰবামত কেন্দ্ৰীয় ভাৱে আয়োজিত হৈছে ৬৪ সংখ্যাক জননেতা ভীমবৰ দেউৰী স্মৃতি দিৱসৰঃ সদৌ অসম দেউৰী ছাত্ৰ সন্থাই কৰিছে এই আয়োজন৷

৬.ঐতিহ্যমণ্ডিত নলবাৰী শ্ৰীহৰি মন্দিৰৰ ৮০সংক্যাক ৰাস মহোৎসৱ অহা ১৭ নৱেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বঃ দ্বাৰ মুকলি কৰিব অসমৰমু মুখ্যমন্ত্ৰীয়ে৷

৭. শিখ সকলৰ ৰেংকিঙত শীৰ্ষ স্থান লাভ কৰি বিশ্বৰ সবাতোতকৈ প্ৰভাৱশালী নেতা ৰূপে পৰিগণিত হ’ল দেশৰ প্ৰধানমন্ত্ৰী তথা অসমৰ সাংসদ মনমোহন সিঙ দেৱ৷

৮. ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাখন এইবাৰ অনুষ্ঠিত হ’ব বৰপেটাৰোডতঃ অহা ১৫-১৭ নৱেম্বৰলৈ আয়োজিত বৈঠকৰ সৈতেই ১৬তাৰিখে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসো হ’ব উদযাপিত৷

৯. মিছ ইউনিভাৰ্ছৰ মুকুট জিলিকিল এইবাৰ মিছ ভেনিজুৱেলাৰ মাৰিয়া গ্ৰেবিয়েলাৰ শিৰতঃ ভাৰতক প্ৰতিনিধিত্ব কৰা মানসীয়ে প্ৰথম দহটাত স্থানতে হ’বলগীয়া হ’ল সণ্টুষ্ট৷

১০. কালিৰে পৰা ৰাজস্থানৰ পুষ্কৰ চহৰত অনুষ্ঠিত হৈছে বিখ্যাত উট মেলাঃ উট ক্ৰয় বিক্ৰয়, প্ৰদৰ্শনী, খেল, প্ৰতিযোগিতা আদিৰে ভৰা এই প্ৰতিযোগিতাই বহুতো দেশী বিদেশী পৰ্যটককো কৰিছে আকৰ্ষণ৷

১১. অৰবিন্দ কেজৰিৱালৰ নতুন ৰণনীতিঃ ৰাজনৈতিক ব্যৱ্স্থাক নিকা কৰাৰ লক্ষ্যৰে সজাগতাৰ বাবে দিল্লীত আৰম্ভ কৰিলে বাইশ দিনীয়া "ঝাড়ু চলাওক" অভিযান৷

১২. বৰাকৰ বৰখলা সমষ্টিত অচিৰেই স্থাপিত হ’ব এখন আয়ুবেদিক চিকিৎসালয়৷

১৩. তেজপুৰ আৰু লখিমপুৰত কলেজে চলাব দুটাকৈ কমিউনিটি ৰেডি্অ’ চেণ্টাৰঃ জনসংযোগ আৰু কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মাজত এনে পাঁচটা কেন্দ্ৰ স্থাপনৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি৷

১৪. ডিগবৈৰ মূলীয়াবাৰী খেলপথাৰত অহা ১৫ডিচেম্বৰত তিনি হাজাৰ শিল্পীয়ে পৰিবেশন কৰিব দেহবিচাৰ গীতঃ অভিলেখ গঢ়াৰ লক্ষ্যৰে চলিছে এই আয়োজন৷

১৫. অহা ১৩নৱেম্বৰত নঁগাৱত অনুষ্টিত হ’ব সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ স্মৃতি দিৱসঃ উন্মোচিত হ’ব বেজবৰুৱা সম্পৰ্কীয় সাহিত্যচাৰ্যৰ লেখা সমূহৰ একত্ৰ সংকলন৷

১৬. গোলাঘাটৰ নাট্যানুষ্ঠান "পদাতিকে" আয়োজন কৰিচে এখন ৰাজ্যিক ভিত্তিক একাংকিকা নাট প্ৰতিযোগিতাৰঃ ১৫-১৬ নৱেম্বৰৰ এই আয়োজনৰ বাবে সজাই তোলা হৈছে ঢেকীয়ালৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱন চৌহদ৷

১৭. গুৱাহাটীত উন্মোচিত হ’ল "অসমৰ মুছলমানঃ ইতিহাস আৰু সমাজ" শীৰ্ষক গ্ৰন্থ৷

১৮. ড্ৰ’ৰে সমাপ্ত হ’ল অসম হায়দৰাবাদৰ ৰঞ্জি ট্ৰ’ফীৰ মেচঃ অসমে অৰ্জন কৰিলে তিনি পইণ্ট৷

১৯. পশ্চিমবংগত চলি থকা নেচনেল বয়জ ফেষ্টিভেলৰ অনুৰ্ধ ১৪ৰ ফুটবলত জম্মু-কাশ্মীৰক পৰাস্ত কৰিলে অসম দলেঃ শিৱসাগৰৰ ৰিপুয্জয়ে দিলে বিজয়সূচক গ’ল৷

২০. মৰাণত অনুষ্ঠিত চুকাফা ট্ৰ’ফী ফুটবলত মৰাণ টাউন ক্লাৱক হৰুৱাই চেম্পিয়ন হ’ল অইল ইণ্ডিয়াৰ দল৷

২১. মনিপুৰত হোৱা ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত অসম দলৰ সাফল্যঃ ৪টা সোন, ৭টা ৰূপ আৰু ২টা ব্ৰঞ্জৰ পদক কৰিলে অৰ্জন৷

No comments:

Post a Comment