পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ

১. শচীন টেণ্ডুলকাৰলৈ ৰাষ্ট্ৰই দিলে স্বীকৃতিঃ অৱসৰ গ্ৰহণৰ দিনাই "ভাৰত-ৰত্ন" পুৰষ্কাৰৰ বাবে মনোনীত কৰাৰ ঘোষণা৷


২. ভাৰতৰ বিজ্ঞান তথা গৱেষণা ক্ষেত্ৰলৈ প্ৰভূত বৰঙণিৰ স্বীকৃতি স্বৰূপে প্ৰথিতযশা নেন’ বিজ্ঞানী চি এন আৰ ৰাওলৈও আগবঢ়োৱা হৈছে "ভাৰত-ৰত্ন", ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান৷

৩. দ্বাদশ দিন পাৰ কৰিলে গুৱাহাটী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱেঃ প্ৰকাশন পৰিষদৰ নিজৰ বিপনীতে ৬.৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱাৰ সুখবৰ৷

৪৷ উন্মোচিত হ’ল "নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতা": এয়াই তেখেতৰ শেষ গ্ৰন্থ বুলি প্ৰকাশ কৰি নলিনীধৰ ভট্টাচাৰ্যৰ কাষত উচুপি উঠিল কবিগৰাকী৷

৫৷ মাজুলীত উলহ-মালহেৰে আৰম্ভ হৈছে পাৰম্পৰিক ৰাস-উৎসৱঃ সত্ৰ নগৰী খনলৈ আগমন হৈছে বিভিন্ন দেশী-বিদেশী পৰ্যটকৰ৷ মাজুলীত উন্নয়নক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷

৬৷ ৰাভা হাছঙৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্নঃ উল্লেখনীয় ভাৱে কোনো গাৰো জনগোষ্ঠীয় লোকেই অংশ গ্ৰহণ নকৰিলে ভোটদান প্ৰক্ৰিয়াত৷

৭৷ গুৱাহাটীত পুনৰ ব্যৱসায়ীৰ মুনাফাৰ জাল ফালি নিজা বজাৰ খুলিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়েঃ আলু ২১টকাকৈ আৰু পিঁয়াজ ৫৫টকাকৈ বিক্ৰী বিপনীত বিক্ৰী কৰাৰ সুখবৰ৷

৮৷ বৰপেটাৰোডত আৰম্ভ হ’ল ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সন্মিলনঃ পেইড নিউজে সৃষ্টি কৰা ভয়াবহতাৰ কথা হ’ল আলোচিত ৷

৯৷ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তীঃ আজি নগাঁৱৰ নেহৰুবালিত ত্ৰিশটা ভাষাত পৰিবেশিত হ’ব "অ’ মোৰ আপোনাৰ দেশ"৷

১০৷ আজি ১৪৯তম বৰ্ষত ভৰি দিলে নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ে৷

১১৷ গ্ৰন্থমেলাত লেখক-সাংবাদিক ৰবীন ভূঞাৰ "তেসত্তৰটা নতুন গল্প" শীৰ্ষক গ্ৰন্থ হ’ল উন্মোচিত৷

১২৷ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহৰ ৱেবচাইট৷

১৩৷ ছিপাঝাৰৰ সু-সন্তান দানবীৰ তথা প্ৰাদেশিক যোগী সন্মিলনীৰ প্ৰতিষ্ঠাতা হলিৰাম নাথ চহৰীয়াৰ আবক্ষ মূৰ্তি উন্মোচন কৰিব হোমেন বৰগোহাঞিদেৱে৷

১৪৷ অহা ১৯জানুৱাৰীত অনুষ্ঠিত হ’ব কটন কলেজৰ ভূ-তত্ব বিভাগৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ মিলন সমাৰোহ৷

১৫৷ বৰপেটাৰ বাটিকুৰিহাত অনুষ্ঠিত হ’ল অসমীয়া সাহিত্য সন্মিলনীৰ বাণীকান্ত কাকতি স্মৃতি দিৱস কেন্দ্ৰীয় অনুষ্ঠানঃ ৰক্ষণশীল সংস্কাৰৰ কাৰাগাৰৰ পৰা সমাজখন কাকতিদেৱে মুক্ত কৰিছিল বুলি মন্তব্য কৰিলে ডঃ হীৰেণ গোহাঁইদেৱে৷

No comments:

Post a Comment