আন্তঃৰাষ্ট্ৰীয় গুজৱঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আন্তঃৰাষ্ট্ৰীয় গুজৱঃ

আন্তঃৰাষ্ট্ৰীয় গুজৱঃ

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. আফগানিস্তানত তালিবান মহলৰ উদ্যোগত অনুষ্ঠিত হৈছে আন্তঃৰাষ্ট্ৰীয় শংকৰ উছৱঃ "এক দেউ এক সেউ তাৰ বিনে নাই কেউ" বাণীৰে পৃথিৱীজুৰি তালিবানী শাসনৰ জয়গান জুৰিবলৈ লাখ লাখ লোকে শপত বাক্য পাঠ কৰাৰ খবৰ!
তালিবানে আগবঢ়োৱা মাহ প্ৰসাদৰ শৰাই...
২. চিৰিয়াৰ শাসক তথা ৰাসায়নিক অস্ত্ৰ ধ্বংস কৰিবলৈ সন্মত হোৱা জনলৈ অহা বৰ্ষৰ শান্তিৰ নোৱেল বঁটাৰ মনোনয়নঃ এশ গৰু মাৰিলেও বাঘে সন্যাস লোৱাত বাধা নাই বুলি সূত্ৰই কৰিলে প্ৰকাশ৷

৩. লণ্ডনৰ ব্ৰইলাৰ মাংসৰ সোৱাদ অসমৰ ব্ৰইলাৰতকৈ বেছি বুলি প্ৰকাশ পালে গৱেষণা পত্ৰতঃ লণ্ডনত বোৱাৰী মহলৰ চেমিনাৰত এই গৱেষণা পত্ৰ পাঠ কৰি সফলতা লাভ কৰিলে ৰসাল গগৈয়ে৷

৪. ধুবুৰীত ভ্ৰাম্যমান নথি দিয়া ভেন উন্মোচন কৰি ফাঁকিবাজ গঁড়ধৰাই কয় যে আম্তঃৰাষ্ট্ৰীয় ডিমাণ্ডলৈ চায় অচিৰেই অসম বাংলাদেশ সীমান্ততো এনে ভেন যোগে ৰেচন কাৰ্ড, ভোটাৰ কাৰ্ড যোগান ধৰাৰ ব্যৱস্থা কৰা হব৷ ইয়াৰ বাবে বিদেশী আদৰা সংঘক দ্বায়িত্ব দিয়া হব৷

৫. "মেইনে গান্ধী কো নহী মাৰা" ছবিৰ পৰিচালক জাহ্নু বৰুৱাৰ ৰাজ্য ভ্ৰমণ কৰি প্ৰেৰণা লোৱা বিশিষ্ট ছবি নিৰ্মাতা খান দম্পতিয়ে নিৰ্মাণ কৰিব নতুন ছবি "আবে গেণ্ডে কো কৌন মাৰা"৷ ছবিত ফাঁকিবাজ গঁড়ধৰাক ভিলেইনৰ ৰূপত চুক্তিবদ্ধ কৰিবলৈ বিচৰাৰ গোপন খবৰ৷

৬. নগেন মোদীৰ নাম আন্তঃৰাষ্ট্ৰীয় হিট লিষ্টত টপ টেনত থকাৰ বাবে অভিনন্দন জ্ঞাপন কৰিলে মুজাহিদীন সংস্থাইঃ সংস্থাৰ এনে অভিনন্দনক হাতোৰা পাৰ্টিয়ে পদুম পাৰ্টিৰ পূৰ্বপৰিকল্পত বিজ্ঞাপনৰ ষড়যন্ত্ৰ বুলি কৰিলে অভিহিত৷

৭. চিবিআই অবৈধ ঘোষিত হোৱাৰ খবৰে লালু প্ৰসাদক উল্লাসিত কৰাৰ খবৰঃ জেলতে বন্ধু সকলৰ মাজত লাড়ু বিতৰণৰ খবৰ৷

৮. নৰ্থ ইষ্ট ফেষ্টিভেল উপলক্ষে দিল্লীত অনুষ্ঠিত কথা কোৱা প্ৰতিযোগিতাত অৰ্ণৱ এংকৰ নামৰ এগৰাকী ব্যক্তিয়ে সৰ্বাধিক বেগত শব্দ কোৱাৰ অভিলেখ সৃষ্টি কৰিছেঃ যোৰহাটৰ অভিলেখ বৰুৱাই তেখেতক থিতাতে ৰেকৰ্ডছৰ চাৰ্টিফিকেট প্ৰদান কৰাৰ সুখৰ খবৰ৷

৯. ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সৰ্বাধিক ক্ষমতাশালী ব্যক্তি বুলি ফৰ্বছ আলোচনীয়ে কৰা ঘোষণা আৰু শান্তিৰ নোৱেল বঁটা দিব লাগে বুলি জনোৱা দাবীক সমালোচনা কৰিছে ওবামা ফেন ক্লাৱেঃ তেওঁলোকৰ মতে বিশ্বত নতুন কূটনৈতিক শীতল যুদ্ধৰ সূচনা কৰা পুটিনক পুৰষ্কাৰ নহয় পোতাশাললৈহে প্ৰেৰণ কৰিব লাগে৷

১০. চীনা প্ৰশাসনে ভাৰতলৈ চীনত নিৰ্মিত মূৰ্তি ৰপ্তানিৰে অভিলেখ গঢ়া ১০০টা কোম্পানীক পুৰষ্কৃত কৰিছেঃ নাস্তিক দেশখনে এইদৰে ভগৱানৰ মূৰ্তিবোৰ বেলেগ দেশলৈ পঠাই দিয়াটো অতিশয় দেশৰ স্বাৰ্থৰ অনুকুলৰ কাম হৈছে বুলি কূটনৈতিক বিষয়া থাং ঠুং খ্ৰিং খাঙে জনাইছে৷

No comments:

Post a Comment