পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটীৰ ১১৮তম প্ৰতিষ্ঠা দিৱসত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী প্ৰণতি ফুকন উপস্থিত থাকি আন্তঃগাঁথনিৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ অনুদান আগবঢ়োৱাৰ সুখৰ খবৰ। লগতে কেইবাজনো বৰেণ্য শিল্পীলৈ বঁটা তথা সম্বৰ্ধনাও এই সভাতে আগবঢ়োৱা হয়।


২. শিৱসাগৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰকাশ কৰি উলিয়ালে ৰাজ্যৰ ৩৭গৰাকী লেখকে ৩৭বিষয়ত কৰা অধ্যয়ন আলোচনাৰ সংকলিত ৰূপ "শংকৰদেৱৰ সাহিত্য অধ্যয়ন" নামৰ এখন গ্ৰন্থঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী প্ৰাধ্যাপক ডঃ জয়ন্ত কুমাৰ বৰাই উন্মোচন কৰা গ্ৰন্থখন উছৰ্গা কৰা হৈছে সংঘৰ শিশু আৰু আই-মাতৃ কল্যান সমিতিৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদিকা প্ৰয়াত ফুল সাধনিদাৰৰ স্মৃতিত।

৩. অসম সাহিত্য সভাই গ্ৰহণ কৰিছে প্ৰাক্-শতবৰ্ষ উদাপনৰ আঁচনিঃ অহা ২৭ডিচেম্বৰত মঙলদৈ ষ্টেডিয়ামত ৯৭তম প্ৰতিষ্ঠা দিৱসত সাহিত্যাচাৰ্য মিত্ৰদেৱ মহন্ত ৰচিত "চিৰ চেনেহী মোৰ ভাষা জননী" গীতটি অভিলেখ সংখ্যক পাঁচ হাজাৰ লোকে সমবেত কণ্ঠত পৰিবেশন কৰাৰ বাবে কৰিছে এক বিশাল আয়োজন।

৪. অহা ৩০ নৱেম্বৰত জনজাতি স্মৃতি জাগৰণ সমিতিয়ে গুৱাহাটীৰ বেলতলা-ভেটাপাৰা চাৰিআলিত আয়োজন কৰিছে ৬৬তম জননেতা ভীমবৰ দেউৰীৰ মৃত্যু-বাৰ্ষিকী উদযাপনৰঃ লগতে ভীমবৰ দেউৰী বঁটাৰ প্ৰচলন আৰু এই দিনটো ৰাজহুৱা সেৱা দিৱস ৰূপে ঘোষণা কৰাৰো নাৰ্য দাবী উত্থাপন কৰিছে।

৫. বিটিএডিৰ ওদালগুৰি জিলা ক্ৰীড়া বিভাগৰ উদ্যোগত জিলাখনৰ ৬গৰাকী আন্তঃৰাষ্ট্ৰীয়, ৯গৰাকী ৰাষ্ট্ৰীয় আৰু ৩০গৰাকী ৰাজ্যিক পৰ্যায়ৰ মুঠ ৪৫গৰাকীক প্ৰদান কৰা হয় ক্ৰীড়া জলপানীঃ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ সকললৈ সৰ্বোচ্চ ৫০হাজাৰকৈ জলপানী আদায় দিয়াৰ সুখৰ খবৰ।

৬. বিশিষ্ট কবি শান্তিছায়া শইকীয়ালৈ যোৰহাট জিলা সাহিত্য সভাই আগবঢ়াইছে কাব্যশ্ৰী হাজৰিকা স্মাৰক বঁটাঃ অহা ২১ডিচেম্বৰত জিলা সাহিত্য সভাৰ ষষ্ঠ বিশেষ অধিবেশনতে এই বঁটা আগবঢ়োৱা হ'ব।

৭. অহা ২৮ নৱেম্বৰত ৰাজ্যৰ শীৰ্ষ স্থান পোৱা দহ গৰাকী ছাত্ৰ ছাত্ৰীৰ আৰম্ভ হ'ব নাছা ভ্ৰমণৰ কাৰ্যসূচীঃ মুখ্যমন্ত্ৰীৰ প্ৰাক্তন প্ৰেছ উপদেষ্টা দেৱ কুমাৰ বৰাৰ সোঁৱৰণত প্ৰৱৰ্তিত এই ভ্ৰমণ সূচী হব বাৰদিনীয়া।

৮. তেজপুৰত সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'ল সাহিত্যকাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাৰ জন্মদিৱসঃ ১৪২তম জন্ম-জয়ন্তীত তেখেতক স্মৰণ কৰিলে কেইবাটাও জাতীয় সংগঠনে।

৯. ডঃ ভূপেন হাজৰিকাৰ গীত-মাত আৰু কৰ্মৰাজিক লৈ দক্ষিণপাট শাখা সাহিত্য সন্মিলনীয়ে সফল ভাৱে অনুষ্ঠিত কৰিলে তিনিদিনীয়া গীতৰ কৰ্মশালা।

১০. পঞ্চম উত্তৰ পূৱ মিডিয়া ক্ৰীড়া সমাৰোহত ৰাইচমোডী নুনিচা ক্ৰিকেটত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে অসমীয়া প্ৰতিদিন কাকতৰ দলেঃ দবাত জনসাধাৰণ কাকতৰ দিগন্ত চহৰীয়া হ'ল চেম্পিয়ন।

১১. অহা ২৬ ডিচেম্বৰৰ পৰা গোলাঘাটত অনুষ্ঠিত হ'ব অসম বেডমিণ্টন সংস্থাৰ স্বীকৃতিপ্ৰাপ্ত সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাই আয়োজ কৰা প্ৰাইজমানী বেডমিণ্টন প্ৰতিযোগিতা।

১২. অহা ৫-৭ ডিচেম্বৰত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব মিষ্টাৰ অসম-২০১৩ প্ৰতিযোগিতাঃ এই প্ৰতিযোগিতাৰ বাবে শিৱসাগৰৰ দলৰ হ'ল ঘোষণা।

১৩. মঙলদৈত অনুষ্ঠিত চতুৰ্থ বাৰ্ষিক জীউৰাম-মনোৰাম ফুটবলত ভকতপাৰাত হৰুৱাই চেম্পিয়ন হ'ল পুনিয়া য়ুথ ক্লাৱ।


১৪. মহানগৰীৰ ৬৬খন বিদ্যালয় স্থানান্তৰৰ বাবে কঠোৰ নিৰ্দেশ জাৰি কৰিলে গুৱহাটী পৌৰ নিগমেঃ দুৰ্যোগ প্ৰশমনৰ ব্যৱস্থা নথকা আৰু নিৰ্মাণত নীতি নিয়ম ভংগ কৰাৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।



১৫. এইবাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আৰু কৃষকক উচিত মূল্যৰ নিশ্চিতি প্ৰদানৰ দাবীত কৃষি মন্ত্ৰীৰ সতে মুখামুখি আলোচানাত বহিল অখিল গগৈৰ নেতৃত্বত কৃষক মুক্তি সংগ্ৰাম সমিতিঃ ছমাহৰ ভিতৰত মুকলি নিলাম বজাৰৰ ব্যৱস্থা কৰিব বুলি আশ্বাস দিলে কৃষি মন্ত্ৰীয়ে।

১৬. ডিব্ৰুগড় গ্ৰন্থমেলাত কৌস্তভ প্ৰকাশনে প্ৰকাশ কৰা মাজুলী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ দেৱজিত শইকীয়াৰ তিনিখনকৈ গ্ৰন্থ হ'ল উন্মোচিতঃ এই উদ্দশ্যে গ্ৰন্থমেলাৰ অস্থায়ী মঞ্চত অনুষ্ঠিত হয় "ৰসসন্ধি" শীৰ্ষক এক অনুষ্ঠান।


১৭. আইন বিষয়ত সজাগতা অনাৰ লক্ষ্যৰে ১৯৫০ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় সংবিধান গৃহীত হোৱাৰ দিনটোত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় আইন দিৱস পালন কৰিলে তেজপুৰ আইন মহাবিদ্যালয়েঃ আলোচনা চক্ৰৰ লগতে আয়োজন কৰিলে শোভাযাত্ৰাৰো।
১৮. পদ্মনাথ গোহাঞি বৰুৱা দেৱৰ ১৪২ তম জন্ম জয়ন্তী উপলক্ষে যোৱা কালি বান ৰঙ্গমঞ্চ তেজপুৰৰ প্রযোজনাত পদ্মনাথ গোহঞ্চি বৰুৱা দেৱৰ “গাওঁবুঢ়া” নাটকখন বান ৰঙ্গমঞ্চত তেজপুৰৰ নবীন -প্রবীণ শিল্পী সকলে মঞ্চস্থ কৰে ।

No comments:

Post a Comment