পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ সকলো ভাল খবৰঃ

সোৱনশিৰি নদীবান্ধত ব্যাপক সালসলনিৰ পৰামৰ্শ মানি লোৱাৰ প্ৰস্তাৱ দিছে এনএইচ পিচিয়েঃ নামনি অঞ্চলৰ সুৰক্ষাৰ বাবে অতিৰিক্তকৈ খৰছ কৰিব ৯৭০ কোটি টকাও। অহা ৬ডিচেম্বৰত নতুন দিল্লীত নদী-বান্ধ বিৰোধী সংগঠনৰে কেন্দ্ৰ-ৰাজ্য-এন এইচ পি চিৰ বৈঠকৰ আয়োজন।
নলবাৰীৰ ৰাস


অৱশেষত চাহ কোম্পানী সমূহলৈ চৰকাৰে দিলে গুৱাহাটী নিলাম কেন্দ্ৰৰ জৰিয়তে সৰ্বাধিক চাহ নিলাম কৰাৰ বাবে উপদেশ সহ জাননীঃ অন্যথা ৰাজ-সাহাৰ্য কৰ্তন কৰাৰ প্ৰস্তাৱ দিলে ৰাজ্যৰ বাণিজ্য বিভাগে।



এক দুৰ্লভ সহমত প্ৰকাশ কৰি গুগোল আৰু য়াহু চাৰ্চ ইঞ্জিনে শিশুৰ পৰ্ণগ্ৰাফিক সমল নিষিদ্ধকৰণৰ বাবে সহযোগিতা আগবঢ়োৱাৰ বাবে দিলে প্ৰতিশ্ৰুতিঃ বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ আহ্বান ক্ৰমে এই নিষিদ্ধকৰণ প্ৰথমে বৃটেইনত আৰু পাছৰ পৰ্যায়ত ১৫৪খন দেশত এই পদক্ষেপ গ্ৰহণ কৰিব বুলি দিলে সন্মতি।

আমেৰিকান প্ৰতিষ্ঠান পীয়েৰ ৰীচৰ সমীক্ষাই প্ৰকাশ কৰিলে তথ্যঃ বিশ্বৰ সৰ্বাধিক টুইটাৰ ব্যৱহাৰ হোৱা দেশৰূপে জিলিকিল চৌদি আৰৱ।

জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মৰ্কেলক প্ৰদান কৰা হ'ব ২০১৩ চনৰ সন্মানীয় ইন্দিৰা গান্ধী শান্তি বঁটাঃ জাৰ্মানীক অৰ্থনৈতিক সংকটৰ পৰা মুক্ত কৰাত আগঢ়োৱা অৰিহণাৰ বাবেই এই স্বীকৃতি প্ৰদান কৰিব বুলি ন্যাসে কৰিলে প্ৰকাশ।

আজিৰে পৰা তেজপুৰত নাট্য সম্ৰাট প্ৰফুল্ল বৰাৰ সপ্তম মৃত্যু বাৰ্ষিকীৰ আয়োজনঃ বান থিয়েটাৰত দুদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানতে মঞ্চস্থ হব তেখেতৰ জনপ্ৰিয় নাটক "অংগীকাৰ"।

গুৱহাটীত সংবাদ মেল অনুষ্ঠিত কৰিলে ইণ্ডিয়ান চেণ্টাৰ ফৰ ইছলামী ফাইনেঞ্চৰ সাধাৰণ সম্পাদক আব্দুল ৰেকিবেঃ দেশত ৫.২ শতাংশ গাঁৱতহে বেংক থকা বুলি উল্লেখ কৰি ইছলামীক বেংক ভাৰতত প্ৰথমে অন্ধ্ৰ প্ৰদেশ আৰু বিহাৰত স্থাপন কৰিবলৈ লোৱাৰ কথা প্ৰকাশ কৰে।

সৰ্ব-স্তৰত হোৱা মূল্যবৃদ্ধিৰ বিপৰীতে সকাহ দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰেহাই মূল্যৰ বিপনীৰ সেৱা গ্ৰহণ কৰিছে সাধাৰণ ৰাইজেঃ এক কোটি টকা সুত বিহীন ঋণ দিলে সমগ্ৰ অসমতে সস্তাত আলু-পিয়াঁজ দিব বুলি ঘোষণা কৰিলে অখিল গগৈয়ে।

ৰাস লীলাত উদূলিমূদুলি হৈ পৰিছে মাজুলীঃ নলবাৰীতো পৰম্পৰাগত ৰূপত ৰাস  মহোসৱত  সফল ভাৱে উদযাপিত হোৱাৰ সুখবৰ।

উচ্চতম ন্যায়ালয়ে জন-প্ৰতিনিধিত্ব আইনৰ সংশোধনীত জনালে অনুমোদনঃ এই নতুন বিধি মতে কাৰাবন্দী বা আৰক্ষী জিম্মাৰ পৰাও ৰাজনীতিকে ভাগ লব পাৰিব নিৰ্বাচনত। ৰাজনৈতিক কাৰণত জেললৈ পঠোৱা বা জিম্মাত লোৱা প্ৰতিবাদী নেতা সকলৰ বাবে এয়া হব পাৰে সুৰক্ষিত সুখবৰ।

গুৱাহাটী বিশ্ববিদ্যালয়ক আন্তঃৰাষ্ট্ৰীয় মানৰ বিশ্ববিদ্যালয় ৰূপে গঢ়াৰ পোষকতা কৰিলে বিজেপিয়েঃ সংসদৰ শীতকালীন অধিবেশনত এটা প্ৰস্তাৱো তুলি ধৰা বুলি কৰিলে প্ৰকাশ।

গুৱাহাটীত স্থাপিত হৈছে অসম হলমাৰ্কিঙ চেণ্টাৰঃ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত এতিয়াৰ পৰা স্থানীয় সোণাৰী সকলেও সোণৰ বস্তুত হলমাৰ্ক সমৃদ্ধ কৰাৰ সুযোগ লাভ কৰিব।

পাৰ্চী লোক সকলৰ জনসংখ্যা কমি যোৱালৈ লক্ষ্য ৰাখি গুজৰাটত অনুষ্ঠিত এই সম্প্ৰদায়ৰ মহাসভাই সন্তান জন্ম দিয়াৰ বাবে উদ্গনি দিবলৈ সৃষ্টি কৰিলে নতুন ব্যৱস্থাৰঃ দ্বিতীয় সন্তান জন্ম দিলে মাহে ৩০০০কৈ আৰু তৃতীয় সন্তান জন্মদিলে মাহে ৫০০০হাজাৰকৈ অনুদান দিব ১৮বছৰলৈ।

মুকলি হ'ল ভাৰতীয় মহিলা বেংকঃ মুম্বাইত মূখ্য কাৰ্যালয় মুকলি কৰি একে দিনাই মুকলি কৰিলে দেশৰ বিভিন্ন চহৰত ছটাকৈ ব্ৰান্স। মহিলাৰ বাবে মহিলাৰ দ্বাৰা চালিত, পৰিচালিত বেংকটোৰ বাবে ৰাজকোষৰ পৰা ১০০০কোটি টকা আৰম্ভণিৰ মূলধন ৰূপে মোকোলাই দিছে কেন্দ্ৰীয় চৰকাৰে। গুৱাহাটীত এই বেংক মুকলি কৰিলে নিৰুপমা বৰগোহাঞিয়ে।

স্থাপিত হ'ল অসম সাহিত্য সভাৰ বিশেষ চৰ-চাপৰি অভিবৰ্তনৰ লাই-খুঁটাঃ বৰপেটাৰ বাঘবৰৰ আলোপট্টি মাজৰ চাপৰিত অহা ৪-৬জানুৱাৰীলৈ অনুষ্ঠিত হ'ব এই অধিবেশন।

আজি "প্ৰয়াস"ৰ উদ্যোগত দিল্লীত চলি থকা বাল সংগম ২০১৩ মহোসৱত প্ৰদৰ্শিত হব অংকীয়া ভাওনা "কেলি-গোপাল" ।

মাজুলী মহাবিদ্যালয়ত অনুষ্ঠিত হ'ল অসম ভিত্তিক তৰ্ক প্ৰতিযোগিতাঃ শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিলে "অসম স্কুল অৱ জাৰ্নেলিজিমে"।

সমন্বয় ক্ষেত্ৰত পৰিণত হৈছে বিলাসীপাৰাৰ ৰাস  মহোৱঃ সৰ্ব-ধৰ্মৰ লোকৰ ব্যাপক সমাগমেৰে উথপথপ হৈছে মেলাস্থলী।

গুৱাহাটীৰ মেট্ৰ ৰেল প্ৰকল্পৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ আন্তঃৰাষ্ট্ৰীয় নিবিদাত সঁহাৰি দি ক্ষেত্ৰভিত্তিক অধ্যয়নৰ বাবে আহিছে জাপান, দক্ষিণ কোৰিয়া আদিকে ধৰি বিভিন্ন দেশ বিদেশৰ ১৪টাকৈ প্ৰতিষ্ঠান।

No comments:

Post a Comment