পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰঃ
১. শচীনৰ অৱসৰৰ পিছতে মুম্বাইৰ আজাদ ময়দানত হেৰিছ শ্বিল্ডত ৫৪৬ ৰাণৰ ইনিংছ থিয় কৰালে পৃথ্বী স্ব নামৰ স্কুলীয়া ছাত্ৰইঃ ২৫৭ৰাণত অপৰাজিত হৈ থাকি দ্বিতীয় শচীন আখ্যা পোৱা পৃথ্বীয়ে ক্ৰিকেটপ্ৰেমীক উজ্জ্বীৱিত কৰিলে বিনোদ কাম্বলীৰ সৈতে শচীনৰ ৬৬৪ৰাণৰ যুটিৰ অভিলেখৰ সোঁৱৰণি।


২. মহিলা সৱলীকৰণৰ বাবে গোগুলে গ্ৰহণ কৰিছে প্ৰশংসনীয় উদ্যোগঃ শুভাৰম্ভ কৰিলে "Help get women online" শীৰ্ষক উদ্যম।

৩. উত্তৰ পূৰ্বাঞ্চলত বাঢ়িব সেনাৰ ঘাটিঃ চীন, ম্যানমাৰৰ সুৰক্ষাত ৯০হাজাৰ জোৱানৰ বাবে কেন্দ্ৰই খৰছ কৰিব ৮০হাজাৰ কোটি টকা।

৪. গুৱাহাটীৰ মেট্ৰ' ৰেলৰ সম্ভাৱনীয়তাক লৈ মহানগৰ উন্নয়ন প্ৰাধিকৰণৰে বৈঠকত মিলিত হ'ল দেশ-বিদেশৰ ২২টাকৈ প্ৰতিষ্ঠান।

৫. দুবছৰে ৭০হাজাৰ বয়োজ্যষ্ঠ নাগৰিকক পী়ড়া উপশমত সেৱা আগবঢ়াই এক অনন্ কৃৰ্তিত্বৰ দাবীদাৰ হৈ উঠিছে লখিমপুৰৰ বয়োজ্যেষ্ঠ সেৱালয় "বিয়লি": জিলাখনৰ ভিতৰুৱা অঞ্চল সমূহতো ভ্ৰাম্যমান সেৱাৰে বিযলিয়ে ফিজিঅ'থেৰাপীৰ সেৱা আগবঢ়াইছে হেল্প এইজ ইণ্ডিয়াৰ সহযোগত।

৬. সংবাদমেলত এইবাৰ বনমন্ত্ৰীৰ ঘোষণা- চোৰাং চিকাৰী প্ৰতিৰোধৰ বাবে অচিৰেই স্থাপন কৰিব বন্যপ্ৰাণী থানাঃ মুখ্যমন্ত্ৰীৰ পৰা ইতিমধ্যেই লাভ কৰিছে অনুমতি।

৭. গোৱালপাৰাত হিংসাত্মক ঘটনাৰ ফলত ভোট গ্ৰহণ বন্ধ হৈ থকা ভোটগ্ৰহণ কেন্দ্ৰ সমূহত শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ সুখবৰ।

৮. বিশ্ব শৌচাগাৰ দিৱসত ১.১১কোটি পৰিয়ালক শৌচাগাৰ নিৰ্মাণৰ বাবে অনুদান দিব বুলি ঘোষণা কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰেঃ "শৌচাগাৰ নাথাকিলে নাপাব কোনো নিৰ্বাচনৰ টিকট" ঘোষণাৰে ৰাজনৈতিক কৰ্মীৰ মাজতো সজাগতা বৃদ্ধিৰ চেষ্টা চলালে মুখ্যমন্ত্ৰীজনে।

৯. নিৰ্বাচনী আয়োগে চাৰিখন ৰাজ্যত বিলাবলৈ নিয়া ধন বাজেয়াপ্ত কৰাৰ ক্ষেত্ৰত দেখুৱালে কৃৰ্তিত্বঃ এতিয়ালৈ ১৬কোটি টকা জব্দ কৰাৰ তথ্য কৰিলে ৰাজহুৱা।

১০. কেৰেলাৰ তিৰুৱন্তপুৰমত আৰম্ভ হ'ল গুলপীয়া টেক্সি সেৱাঃ মহিলা চালক সমৃদ্ধ এই সেৱাৰে অহোৰাত্ৰি মহিলা যাত্ৰীৰ সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিলে উদ্যোগ।

১১. বাংগালুৰৰ ৰাং লক্ষ্মী নেত্ৰালয়ে আৰম্ভ কৰি অত্যাধুনিক ভ্ৰাম্যমান ক্লিনিক সেৱাঃ বিশ্ব মধুমেহ দিৱসৰ দিনাই এই সেৱা আৰম্ভ কৰি সজাগতাৰে বহুমূত্ৰৰ ফলত হব পৰা অন্ধত্বৰ পৰা জনগণক বচাবৰ বাবেই, প্ৰতিৰোধকল্পে এই চকু পৰীক্ষা সেৱাৰ আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।


১২. গোৱাত আৰম্ভ হ'ল ৪৪তম আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱঃ ইয়াত উত্তৰ পূৱ ভাৰতৰ ছবিৰ বিশেষ শিতানত প্ৰদৰ্শিত হ'ব অঞ্চলটোৰ কেইবাখনো ছবি।

১৩. ছেবাই লাভ কৰিলে নতুন সচিবঃ নিযুক্তি লাভ কৰিলে আবিৰ হাজৰিকাই।

১৪. নব্বৈ বছৰত ভৰি দিলে ভাষাচাৰ্য  গোলোক চন্দ্ৰ গোস্বামীয়ে।

১৫. নঁগাৱৰ পৰা আৰম্ভ হ'ল নতুন সাপ্তাহিক বাতৰি কাকত "অসম বাতৰি"।

No comments:

Post a Comment