শ্ৰদ্ধাঞ্জলি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি

Share This
প্ৰতি ভূপেন হাজৰিকা (লুইত পুত্ৰ)
********************************

-অৰূপজ্যোতি সন্দিকৈ

জনতাৰ হকে গীত গাই গাই ভাগৰি নপৰা
হে চিৰ সেউজ লুইত পুত্ৰ
আজি কোন দিশে বোৱাই নিলা গীতৰ নৈ খনি
তোমাৰ অনুপস্থিতিত
অসমী আইয়ে চকুলো টুকিছে
হাজাৰ হাজাৰ জনতাই গীতৰ ঢৌ তুলিছে
হে লুইতপুত্ৰ
কোনদিশে বোৱাই নিলা গীতৰ নৈ খনি ।

সাগৰ সঙ্গমত সাঁতুৰি ভাগৰি নপৰা
অসমী আইৰ হেঁপাহৰ তুমি লুইতপুত্ৰ,
আজি তোমাৰ সৃষ্টিয়ে
লুইতে দি বৈ গৈ টেমছ নদীত জোৱাৰ তুলিছে
কলা মানুহ, বগা মানুহ
সকলোৱে তোমাৰ গীতকে গাইছে
লুইতপৰীয়া ডেকাবোৰৰো
বুকু হম হমাই উঠিছে
গীতৰ প্ৰাচীৰ ভাঙি জনতাৰ মুখে মুখে
তোমাৰ বাণী নিগৰিছে
কিযানি তাৰেই প্ৰতিধ্বনিত
লুইতৰ বুকু উফন্দি উঠিছে
হে লুইতপুত্ৰ তুমি নাথাকিবা ৰৈ
তুমি নাথাকিবা ৰৈ…

আজি তোমাৰ সমাধিত সঁহাৰিয়ে পূৰ্ণতা পাইছে
সাত সাগৰ তেৰ নদী পাৰ হৈ
তোমাৰ হেৰুৱা সুৰ ঘূৰি আহিছে
লুইতপুত্ৰ তুমি নাথাকিবা ৰৈ
নাথাকিবা ৰৈ
গাই যোৱা জনতাৰ গান
ৰাখি গ’লা অসমী আইৰ মান
তোমাৰ জীৱনে পালে যে দাম ।।

No comments:

Post a Comment