প্ৰযুক্তিগত সমস্যাৰ সমাধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰযুক্তিগত সমস্যাৰ সমাধান

প্ৰযুক্তিগত সমস্যাৰ সমাধান

Share This
মুকলি হ'ল
জাহ্নৱী ৱৰ্ড প্ৰচেছৰ

- অঞ্জনা তামূলী

আজি কিছুদিনৰ পৰা ফেচবুকৰ কেইজনমান বন্ধুৰ ওৱালত দেখা পোৱা গৈছিল “জাহ্নৱী” নামটো । কোনেও বুজিব পৰা নাছিল কোন এই জাহ্নৱী ! যাৰ প্ৰেমত অত কেইজন প্ৰেমিক/প্ৰেমিকা !!! 
 

মাত্ৰ জাহ্নৱীৰ সৈতে জড়িত সদস্য/সদস্যা কেইজনৰ বাহিৰে বাকী সকলোৰে বাৰে ক্ৰমে ই সাঁথৰ হৈ পৰিছিল। আজি সেই সাঁথৰৰ উত্তৰ আপোনালোকৰ সন্মুখত । কেইজনমান ব্যক্তিৰ অক্লান্ত পৰিশ্ৰমৰ ফলত আজি ২৫/১১/২০১৩ তাৰিখ সন্ধ্যা ৮ বজাৰ লগে লগে মুক্তি পালে জাহ্নৱী ১.০য়ে।

প্ৰায় ২০ জন সদস্যৰে গঠিত জাহ্নৱী কৰ্মদলে সম্পূৰ্ণ স্বেচ্ছামূলকভাৱে চাৰিমাহ যোৰা সেৱা আগবঢ়াই নিৰ্মাণ কৰি উলিয়াইছে এই"জাহ্নৱী ৱৰ্ড প্ৰচেছৰ"। 

ইয়াৰ সুবিধা সমূহ হ’ল— স্বয়ংক্ৰিয় পৰামৰ্শ, অভিধান, নিজৰ অভিধানত শব্দ সন্নিবিষ্ট কৰিব পৰা ব্যৱস্থা, বানান পৰীক্ষা, ব্যৱহাৰকাৰীৰ নিজৰ বাক্য বা বাক্যাংশৰ বাবে চৰ্টকাট সৃষ্টিৰ সুবিধা, ফকৰা-যোজনা ইত্যাদি। 


তলৰ লিংকটোৰ পৰা জাহ্নৱী চফ্টৱেৰটো আপোনালোকে সহজতে ডাউনলোড কৰিব পাৰিব। ইয়াক ব্যৱহাৰ কৰোতে আপুনি সন্মুখীন হ’ব পৰা যিকোনো অসুবিধাৰ সম্পৰ্কে আমাৰ ফেচবুক গ্ৰুপত 
 https://www.facebook.com/groups/jahnabi.soft/ জনাই আহিলাটো উন্নত  কৰাত কৰ্মদলক সহায় কৰিব বুলি আশা কৰিলোঁ। 

জাহ্নৱীৰ দ্বিতীয় পৰ্য্যায়ত এখন পূৰ্ণাঙ্গ অফলাইন ডিজিটেল অভিধান, অসমৰ উল্লেখনীয় ঠাই-অনুষ্ঠান, বুৰঞ্জীমূলক কীৰ্ত্তিচিহ্নসমূহ আদিৰ বিৱৰণেৰে সৈতে সংলগ্ন কৰা হ'ব। নতুন সদস্য অন্তৰ্ভুক্তিৰে ৰাইজৰ মাজলৈ অতি সোনকালে সঁজুলিটো অধিক উন্নতৰূপত আগবঢ়াব পাৰিম বুলি জাহ্নৱী দলৰ ফালৰপৰা আশা প্ৰকাশ কৰিলোঁ।

অধিক তথ্যৰ বাবে চাওক:
http://www.jahnabi.org/ 

No comments:

Post a Comment