দেৱালী দেৱালী
----------------------
-জ্যোতিপ্ৰকাশ নাথ
দেৱালীৰ তিনি চাৰিদিন আগৰপৰা আৰু দেৱালীৰ এসপ্তাহৰ পাছতো ঘৰৰ ভিতৰে বাহিৰে এসোপামান লাইট লগাই জ্বলাই থোৱাতো যুক্তিহীন কথা বুলি ভাৱো। উত্সৱৰ দুটা দিনত অৰ্থাত্ এদিন কালি পূজা বা শ্যামা পূজা আৰু এদিন দেৱালীত জ্বলালেই যথেষ্ট।
অকল উত্সবৰ আনন্দতে মতলীয়া নহৈ দেশৰ অৰ্থনীতিৰ কথাও চিন্তা কৰা ভাল। লগতে দেৱালীৰ আতচবাজী প্ৰদৰ্শনৰ নামতো কোটি কোটি টকা খৰছ কৰাৰ কোনো অৰ্থ নাই বুলি ভাৱো৷
কিন্তু সান্তনা লভিব পাৰি এইবুলি যে আতচবাজীৰ পৰা আয় হোৱা সমগ্ৰ ধনৰ প্ৰায়খিনিয়ে আমাৰ দেশতে ৰয়৷ কাৰণ মধ্যবিত্তই ক্ৰয় কৰা প্ৰায়খিনি আতচবাজীৰ উত্পাদন আমাৰ দেশতে হয় সেয়ে ধনখিনিও আমাৰ দেশতে ৰয়।
সেইবুলি বৃহত্ অংকত বায়ুমণ্ডল আৰু শব্দ প্ৰদুষণ কৰাৰ কোনো যুক্তি নাই। মোৰ ফেচবুক বন্ধু-বান্ধৱী সকলে কথাখিনি চিন্তা কৰি চাব বুলি আশা কৰিলো আৰু সকলোকে পোহৰৰ উত্সব দীপাৱলীৰ শুভকামনা জনালো।

No comments:
Post a Comment