আজিৰ ভাল খবৰবোৰঃ
১. এছিয়ান চেম্পিয়নছ ট্ৰফী হকী টুৰ্নামেণ্টত ৰূপৰ পদক অৰ্জন কৰিলে ভাৰতীয় মহিলা হকী দলেঃ মালয়েছিয়াৰ দলক ৪-৩গলত পৰাজিত কৰি পুৰুষ হকী দলেও লভিছে অগ্ৰগতি৷
২. মুম্বাইত অনুষ্ঠিত ১৯বছৰ অনুৰ্ধ অল ইণ্ডিয়া নক আউট টুৰ্নামেণ্টত হিমাচল প্ৰদেশক ৭৮ ৰানত পৰাজিত কৰিলে অসম মহিলা ক্ৰিকেট দলে৷
৩. সফল ভাৱে সামৰণি পৰিল অসম সাহিত্য সভাৰ "বৰাকলৈ মৈত্ৰীযাত্ৰা'ৰঃ শিলচৰ আৰু কৰিমগঞ্জত নিৰ্মাণ কৰিব সুধাকণ্ঠৰ প্ৰতিমূৰ্তি৷
৪. শিৱসাগৰত ব্ৰহ্মপুত্ৰ, দিখৌ, দৰিকাৰ ত্ৰিবেণী সংগমত উন্মোচিত হ’ল অসমৰ প্ৰায় চাৰি কুৰি কবিৰ নৈ বিষয়ক কবিতাৰ সংকলন ডাঃ প্ৰণয় ফুকন সম্পাদিত "নৈ"ৰঃ উন্মোচন কৰিলে হোমেন বৰগোহাঞি দেৱে৷
![]() |
নৰ্থ ইষ্ট ফেষ্টেভেলৰ ৰেম্পত মেৰী কম |
৬. অসমীয়া সাহিত্য সন্মিলনীয়ে ডঃ ৰাজেন্দ্ৰ কুমাৰ ভূঞাক অতুল চন্দ্ৰ হাজৰিকা সোঁৱৰণী সন্মিলনী শিশু সাহিত্য বঁটা আৰু নাহেন্দ্ৰ পাদুন দেৱক প্ৰদান কৰিলে কেংচাম কেংলাং সোঁৱৰণী সন্মিলনী সাহিত্য সংহতি বঁটা৷ গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰত অনুষ্ঠিত সভাত শিল্পী লক্ষ্যহীৰা দাস আৰু ডঃ গোলোকচন্দ্ৰ গোস্বামী দেৱে এই বঁটা প্ৰদান কৰে৷
৭. কালিৰ দিনটোত গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত ভিৰ কৰিলে প্ৰায় ১৮হাজাৰৰো অধিক গ্ৰন্থপ্ৰেমীয়েঃ বিক্ৰীৰ ক্ষেত্ৰত সফলতাৰ শীষৰ চুইছে পৰাগ কুমাৰ দাসৰ উপন্যাস "চাংলট ফেনলা"ৰ পুনঃ মুদ্ৰণে৷
৮. শিৱসাগৰত অসম বিভাজন বিৰোধী গণ অভিবৰ্তনৰ চলিছে প্ৰস্তুতিঃ অহা ৩০নৱেম্বৰত ৰংপুৰজ্যোতি ক্লাৱত এই অভিবৰ্তন অনুষ্ঠিত কৰিবলৈ বহুকেইটা জাতীয় সংগঠনৰ নেতৃবৰ্গই আহ্বায়ক মণ্ডলী শক্তিশালী ৰূপত গঠন কৰে৷
৯. জীয়াভৰলীত ৰিভাৰ ৰাফটিঙৰ আনন্দ ল’লে ছবি পৰিচালিকা কিৰণ ৰাওৱেঃ বলিউদৰ চেলিব্ৰীটিৰ এনে অৱসৰ বিনোদনে অসমৰ পৰ্যটন ক্ষেত্ৰক ৰাষ্ট্ৰীয় মঞ্চত উজ্বলাই তোলাৰ আশাৰ ৰেঙণি৷
১০. নলবাৰীত নাট উৎসৱৰ সফল সামৰণি৷
১১. আজি গৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত অনুষ্ঠিত হৈছে সম্পদৰ অধিকাৰৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গণ অভিবৰ্তনঃ হাজাৰ হাজাৰ লোকৰ উপস্থিতিত অংশ ল’লে ডঃ হীৰেণ গোহাঁই আৰু দেৱেন দত্ত দেৱেও৷
১২. ভাৰতীয় সামাজিক বিজ্ঞান গৱেষণা পৰিষদৰ সৌজন্যত ডিব্ৰুগড়ৰ এম ডি কে কলেজত অনুষ্ঠিত হয় নাৰী নিৰ্যাতনৰ কাৰক সমূহক সামৰি এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰঃ উন্মোচিত হ’ল "নাৰীবাদঃ তত্ত্ব কথা আৰু সাহিত্য প্ৰসংগ" শীৰ্ষক গ্ৰন্থও৷
১৩. অহা ১৪নৱেম্বৰত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’ব এই বৰ্ষৰ আনন্দৰাম বৰুৱা পুৰষ্কাৰ আঁচনিৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা হাই-মাদ্ৰাছা পৰীক্ষাত সফলতা লভা সকললৈ লেপটপ প্ৰদানৰ উদ্বোধনী অনুষ্ঠানঃ এই অনুষ্ঠানতে স্থান প্ৰাপ্ত সকলক লেপটপ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷
১৪. গুৱাহাটীত লিঅ’ এক্সপ’ বঁটাৰে সন্মানিত হ’ল সাংবাদিক হাইদৰ হুছেইন আৰু অভিনেত্ৰী বিদ্যা ৰাও৷
১৫. অহা ডিচেম্বৰ মাহতে ঘোষিত হ’ব অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অধিসূচনাঃ প্ৰমানৰ অভাৱতে গুপ্ত-হত্যাত জড়িত সকলে শাস্তি নাপাব বুলি প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷
১৪. গুৱাহাটীত লিঅ’ এক্সপ’ বঁটাৰে সন্মানিত হ’ল সাংবাদিক হাইদৰ হুছেইন আৰু অভিনেত্ৰী বিদ্যা ৰাও৷
১৫. অহা ডিচেম্বৰ মাহতে ঘোষিত হ’ব অসমত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ অধিসূচনাঃ প্ৰমানৰ অভাৱতে গুপ্ত-হত্যাত জড়িত সকলে শাস্তি নাপাব বুলি প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে৷
No comments:
Post a Comment