Tuesday, February 21, 2017

গ্ৰন্থ আলোচনা

এখন অসমাপ্ত আত্মজীৱনীৰ মুকলি পৃষ্ঠাবোৰ
ডo কমল কুমাৰ তাঁতী 

‘There is no political agenda in my poetry. But, then again, personal is political, isn’t it?’ ২০১৪ চনৰ ৬ ডিচেম্বৰত ‘দ্য হিন্দু’ কাকতত প্ৰকাশিত এক সাক্ষাৎকাৰত এই কথাষাৰ কৈছিল সাম্প্ৰতিক ভাৰতীয় ইংৰাজী কবিতাৰ এটা চিনাকী অথচ ব্যতিক্ৰমী নাম গুৱাহাটীৰ দিব্যজ্যোতি শৰ্মাই ৷

২০১৪ চনত প্ৰকাশিত হোৱা দিব্যজ্যোতিৰ দ্বিতীয়খন ইংৰাজী কাব্য-সংকলন ‘Pages from an Unfinished Autobiography’-ৰ শেষাংশত তেওঁ তাৎপৰ্যপূৰ্ণভাৱে লিখিছে যে – “মই ক’ৰবাত লিখিছিলোঁ, কবিতা এক ব্যক্তিগত কৰ্ম – হস্তমৈথুনৰ দৰে ৷ তুমি কবিতা নিজৰ কাৰণেহে লিখা আৰু এই কবিতাবোৰ বেলেগ কাৰোবাক দেখুওৱাৰ বাবে সাহসৰ প্ৰয়োজন – এই কথা জানিও যে তেওঁলোক এইবোৰৰ বাবে কোনোমতেই আগ্ৰহী নহ’ব ৷ ……. এজন কবি হ’বলৈ তুমি হয় প্ৰেমত পৰিব লাগিব, নহ’লেবা তুমি দূখীয়া হ’ব লাগিব ৷” এই কথাখিনিয়েই যথেষ্ট, কবি হিচাপে দিব্যজ্যোতি শৰ্মাক সম্যকভাৱে বুজি পাবলৈ আৰু লগতে এই কথা জানিবলৈ যে – কবি হিচাপে তেওঁ কিমান সৎ আৰু পোনপটীয়া ! সেয়ে বোধকৰোঁ কবিয়ে স্পষ্টভাষাত ক’ব পাৰিছে যে – “Writing is easier than rioting… Hence, write” ৷

বিভিন্ন ইংৰাজী কাকত-পত্ৰ, আলোচনী-পত্ৰিকা, অনলাইন আলোচনী আৰু কাব্য-সংকলনত দিব্যজ্যোতি শৰ্মাৰ নিয়মীয়াভাৱে কবিতা প্ৰকাশিত হোৱাৰ উপৰিও, এতিয়ালৈকে তেওঁৰ দুখনকৈ কবিতা-পুথি প্ৰকাশিত হৈ ওলাইছে ৷ সেই দুখন হৈছে – ‘Glimpses of a Personal History’ (Writer’s Workshop, Kolkata, 2004) আৰু ‘Pages from an Unfinished Autobiography’ (I Write Imprint, New Delhi, 2014) ৷ ‘টাইমছ অৱ ইণ্ডিয়া’ৰ পুণে আৰু দিল্লী সংস্কৰণৰ প্ৰাক্তন জ্যেষ্ঠ সাংবাদিক আৰু পুণে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ দিব্যজ্যোতিয়ে ড0 আৰ. ৰাজ ৰাওৰ সৈতে যুটীয়াভাৱে সম্পাদনা কৰা আন এখন উল্লেখযোগ্য গ্ৰন্থ হৈছে – ‘Whistling in the Dark: Twenty-one Queer Interviews’ (Sage Publications, 2009) ৷

Glimpses of a Personal History-শীৰ্ষক কাব্য সংকলনখন হৈছে, এজন প্ৰবাসী অসমীয়া প্ৰেমিক ডেকা কবিৰ মহানাগৰিক জীৱনক বিশ্লেষণ আৰু পৰীক্ষা কৰি চোৱাৰ এক প্ৰত্যন্ত হাবিয়াস; জঁটিল জীৱনটো জীয়াই থকাৰ মাজেৰে সময়ক নিৰীক্ষণ কৰাৰ এটা প্ৰক্ৰিয়া; হতাশা আৰু অৱসাদগ্ৰস্ততাই কোঙা কৰি পেলোৱা যৌৱনবোৰৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া ৷ সেয়ে বোধকৰোঁ কবিয়ে লিখিছে – “And I passed many nights. / Reaching a tunnel at the end of another. / A ceaseless journey through / Perpetuity / Incessant. / Waiting for a birth.” (Prologue, Glimpses of a Personal History) ৷

এই কবিতা পুথিখন প্ৰকাশিত হোৱাৰ পিছত বিখ্যাত ভাৰতীয় ইংৰাজী কবি হোছাংগ মাৰ্চেন্টে তেওঁক কেৱল ইংৰাজীতে কবিতা লিখাৰ পৰামৰ্শ দিছিল ৷ তেতিয়ালৈকে অসমীয়াতো কাব্য-চৰ্চা অব্যাহত ৰখা দিব্যজ্যোতিয়ে অনুভৱ কৰিলে যে – “Not only my sensibilities Indian (Assamese), even my English is broken. ….. Yet I write in English, because it’s how I think, with wrong prepositions ….. I started writing in English for my audience.” ‘দ্য হিন্দু’ কাকতৰ (উপৰোক্ত) সাক্ষাৎকাৰটোত তেওঁ উল্লেখ কৰিছে যে – “গুৱাহাটীত থকালৈকে মই অসমীয়াতে লিখিছিলোঁ ৷ পিছত উচ্চশিক্ষাৰ বাবে পুণেলৈ গুছি অহাৰ পিছত মই ইংৰাজীত লিখিবলৈ আৰম্ভ কৰিলোঁ, কিয়নো মোৰ অনা-অসমীয়া বন্ধু-বান্ধৱসকলে অসমীয়া পঢ়িব নোৱাৰিছিল ৷ এতিয়া মই অসমীয়াত ভাবোঁ আৰু ইংৰাজীত লিখোঁ ৷ এয়া খুব জঁটিল কাম; তথাপিও মই নিজকে ‘ইংৰাজীত লিখা অসমীয়া কবি’ (Assamese poet in English) বুলিয়েই ক’ম ৷”

Pages from an Unfinished Autobiography–ৰ শেষপৃষ্ঠাত সম্প্ৰতি দিল্লীৰ বাসিন্দা কবিয়ে নিজৰ সম্পৰ্কে লিখিছে – “… তেওঁ আশা আৰু অনুতাপৰ মাজৰ এক পতিত-ভূমিত বসবাস কৰিছে ৷ তেওঁ এক উত্তমতৰ অস্তিত্ত্বৰ সপোন দেখিব লাগিছে, যেতিয়া ৰবীন্দ্ৰনাথে তেওঁৰ কাণত গুণগুণাইছে এইবুলি: মই যি বিচাৰোঁ, মই সেয়া নাপাওঁ; মই যি পাওঁ সেয়া মই পছণ্ড নকৰোঁ ৷”

দিব্যজ্যোতি শৰ্মাৰ কবিতা যিকোনো সামাজিক আৰু ব্যক্তিগত ঘটনা-পৰিঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া; আৰু একেসময়তে সেই সমূহৰ প্ৰতি থকা তেওঁৰ দীৰ্ঘকালৰ প্ৰতীতি আৰু সহানুভূতি ৷ কবিৰ তীক্ষ্ণ অন্তৰ্দৃষ্টি আৰু বোধশক্তিয়ে আমাৰ দৰে সাধাৰণ পাঠকক অবাক, বিস্ময়-বিমুগ্ধ কৰি তোলে; অথচ সেই পাঠকৰ মনতে কবিয়ে জগাই থৈ যায় এক উন্নততৰ ভাৱদৃষ্টি ৷ ইয়াৰ আৰঁত আছে দিব্যজ্যোতিৰ কবিতাসমূহৰ তীব্ৰ গীতিময়তা; আৰু সেই গীতিময়তাৰ মাজেদি স্পষ্ট ৰূপত ভাস্বৰ হৈ উঠা এক বিৰল স্বৰ – যি স্বৰে আমাৰ বিস্ময়কৰ জগতখনে আমালৈ অবিৰতভাৱে ঠেলি দিয়া অনুত্তৰিত প্ৰশ্নবোৰৰ উত্তৰবোৰৰ সন্ধান নিৰন্তৰভাৱে কৰি যায় ৷

দিব্যজ্যোতিৰ কবিতা বেছিভাগ সময়তে সৰল-ৰৈখিক আৰু অপ্ৰয়োজনীয় আলংকৰিক সাজ-সজ্জা আৰু অকাৰণ ভাৱবিলাসিতাৰপৰা প্ৰায়-মুক্ত ৷ বৰং তেওঁৰ কবিতা ভৰি থাকে – শান পাথৰত ঘঁহি ধাৰ দিয়া বাছকবনীয়া শব্দেৰে আৰু এখন শান্ত অন্তৰৰ নি:শব্দ অনুভূতিৰে ৷ সেয়ে দিব্যজ্যোতিৰ কবিতা একে সময়তে বিশিষ্ট ভাৱপূৰ্ণ আৰু অনুসন্ধানাত্মক ৷ লেখক-সমালোচক-অনুবাদক কমলাকাৰ ভাটে দিব্যজ্যোতিৰ কবিতাৰ বিষয়ে মন্তব্য কৰিবলৈ গৈ লিখিছে যে – “Dibyajyoti Sarma uses the medium of poetry not as trumpet to exhibit the self, but as a stethoscope to listen to the pulses.” ৷

দিব্যজ্যোতিয়ে Pages from an Unfinished Autobiography–ৰ কবিতাসমূহ তিনিটা থুলত ভাগ কৰিছে – Journal Entry 1: Bio-Data, Journal Entries: 2-120 আৰু The First Chapter ৷ ইয়াৰে প্ৰথম আৰু তৃতীয়টো থুলত এটাকৈ কবিতা আছে আৰু বাকীখিনি কবিতা অন্তৰ্ভূক্ত হৈছে দীঘলীয়া দ্বিতীয়টো থুলত ৷

কাব্য-সংকলনখনৰ প্ৰথমটো কবিতাৰ বিষয়বস্ত্ত চিত্তাকৰ্ষক ৷ কবিতাটোৰ তৃতীয়টো ভাগ আৰম্ভ হৈছে এনেদৰে: “When I was born no drums beat. / My parents were disappointed with their harvest. / They wanted a baby girl, / With my mother’s beauty and my father’s brain. / I was given a girl’s name. / On the third day my father brought me a girl’s dress / My hair was grown long and was / Tied into two plaits with a yellow ribbon. / In short, I was a girl.” ৷ আমাৰ সমাজ-জীৱনৰ প্ৰতি কবিতাটোৰ স্পষ্ট শ্লেষাত্মক সুৰটোৰ উপৰিও সমকামিতাৰ পিনেও ই সহানুভূতিৰ দৃষ্টিৰে লক্ষ্য কৰিছে ৷

আমাৰ সমাজৰ পৰিয়ালকেন্দ্ৰিক বাধ্যবাধকতা আৰু সামাজিক গোড়ামিবোৰৰ প্ৰতি কবিতাটোৱে তীক্ষ্ণভাৱে ভ্ৰুকুটি কৰাৰ লগতে সমকামীসকলৰ মানসিক দূৰ্দশাজনক অৱস্থাবোৰো অবিকল ৰূপত উদঙাই দিয়াৰ চেষ্টা কৰা হৈছে – কবিতাটোৰ শেষাংশত এনেদৰে: “… One day the bubble burst and there / She was; a real daughter for my parents. / They chopped my hair short, / Tore away my frock, / And gave her my name / Leaving me exposed … / I cried and it rained / I was born that day.” (Journal Entry 1: Bio Data, Pages from an Unfinished Autobiography, Pp. 1-2) ৷

মানুহৰ জীৱন আৰু মহাজগতৰ সত্যবোৰৰ যে ভিন্ন ৰূপ আছে, সেই কথা কবিয়ে বিশ্ৱাস কৰে আৰু সেয়ে কবিয়ে লিখিব পাৰিছে যে – “Go and ask the great Euclid / And he’ll tell you / The precise truth of a triangle / Eternal. / Who needs truth? / Give me dreams instead / Dreams filled in a circle / The sun passing through us / We passing through life. / The truth. / We return to where / We had begun / A snake biting its own tail / Uroborus.” (Journal Entry: 7, Pages from an Unfinished Autobiography, Pp. 9) ৷ এই কবিতাটোত সাপৰ প্ৰতীকীয়ে মানুহৰ জীৱনৰ অসৰলৰৈখিক ৰূপটোক চিহ্নিত কৰাৰ লগতে সত্য উন্মোচনৰ একা-বেঁকা, ওখৰা-মোখোৰা বাটবোৰৰো সন্ধান দিবলৈ যত্ন কৰিছে ৷

দিব্যজ্যোতিৰ কবিতাবোৰৰ সৰলৰৈখিক আয়তন আৰু পোনপটীয়া আবেদন সত্ত্বেও, Pages from an Unfinished Autobiography-ৰ কবিতাবোৰৰ মূল অনুপ্ৰেৰণা হৈছে, মানুহৰ পৰিপক্ক চিন্তা-চৰ্চাৰ বিচিত্ৰ ৰূপ আৰু তাৰ জৰিয়তে উন্মোচিত হোৱা মানুহৰ জঁটিল মনন আৰু বিশ্বজগতৰ বহুমাত্ৰিক সত্যসমূহ ৷ ইয়াৰ লগতে যোগ হৈছে, মানুহৰ আশা-আকাংক্ষা আৰু অনুভৱ-অনুভূতিবোৰৰ প্ৰতি থকা কবিৰ উদ্ৱাউল আগ্ৰহ আৰু অনুকম্পা ৷

Pages from an Unfinished Autobiography-ৰ কবিতাবোৰ স্পষ্টত: কবিৰ পোষ্যপুত্ৰ নহয়; বৰং এই ‘কবিতাবোৰ’ হৈছে ‘কবি’ নিজেই ৷ ‘কবি’য়ে নিজকে ‘কবিতা’ৰ ৰূপত প্ৰকট কৰি তোলাটোৱে, এই ‘কবিতাবোৰ’ৰ লগতে, ‘কবি’ৰ ‘কবিতা’ৰ প্ৰতি থকা সততা-সহৃদয়তা আৰু বিশ্বাস-আত্মবিশ্বাসকে নিমজভাৱে প্ৰতিফলিত কৰিছে ৷ সেয়ে বোধকৰোঁ কবিয়ে অনাড়ম্বৰভাৱে ঘোষণা কৰিছে – “Why then is this collection? Because I couldn’t just throw these lines away. These lines are me…” ৷ আমাৰ ভাৱ হৈছে, কবিৰ এই আত্মিক প্ৰচেষ্টা সফল হৈছে ৷


কাব্য-সংকলনৰ নাম: Pages from an Unfinished Autobiography
কবি: Dibyajyoti Sarma
প্ৰকাশক: i write imprint, New Delhi
প্ৰকাশ কাল: 1 January, 2014
ভাষা: English
ISBN: 9788192935508
মূল্য: Rs. 250/-

No comments:

Post a Comment