মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

(প্ৰসংগঃ বিদেশী খেদাৰ মিছা স্বপ্ন বনাম 
নিষ্ঠুৰ বাস্তৱৰ ভেঁটিত ভৱিষ্যতৰ সঁচা পৰিকল্পনা) 

অসমৰ সাংবাদিক-বুদ্ধিজীৱিলৈ মুকলি চিঠি
পংকজ ঠাকুৰীয়া

মৰমৰ/শ্ৰদ্ধাৰ অসমৰ ইলেক্ট্ৰনিক মিডিয়াৰ ঘোষক, সংবাদিক, আঁত ধৰোতা, সম্পাদক.সকলো জড়িত ব্যক্তি, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভটো বুলি নিজকে ঘোষণা কৰি বা ৰাইজেও মাজে মাজে মানি লৈ আপোনালোকক এটা উচ্চ স্থানত ৰাখিছে। ৰাইজৰ খবৰ লবলৈ সকলোৱে আপোনালোকলৈ চকু পোনায়। আপোনালোকে যি বিতচকু পিন্ধায় সেইজোৰকে পিন্ধে। সদ্যমৃত ব্যক্তিৰ পত্নীৰ হিয়াভৰা কান্দোনকো আপোনালোকে দেখুৱাই টি.আৰ.পি বোলা বস্তুটো বৃদ্ধি কৰে। “আপনাৰ মন্তব্য কি” বুলিও মাইকছটা আগবঢ়ায়। ২৪ ঘন্টীয়া ছেনেল বুলি ২৪ ঘন্টা দেখুৱাবলৈ কিবাটো লাগিব আপোনালোকক।
 
পিছে, ২০১৬ চনত নিৰ্বাচন আহি আছে। ১০ জন সাংবাদিকক মাইকছটা আৰু কেমেৰা বানকেইপাট আগবঢ়াই আপোনালোকে ২৪ ঘন্টাকৈ কেইমাহমান পাৰ কৰিব পাৰিব। মহিলাৰ পোছাকৰ পৰা, নৰ্দমাৰ ছবি, বানপানী, ইন্দ্ৰানী মূখাৰ্জী কত’ কিমান বাতৰি পাব আপোনালোকে। সাধাৰণ মধ্যবিত্তই গধূলি চাহকাপ লৈ এইবোৰ চাই দুটামান মন্তব্য দিব পাৰিব। ইয়াৰ লগে লগে বহুতো প্ৰবন্ধ লেখকে অসমত আলি গলিয়ে প্ৰকাশ কৰা অত্যাধিক বাতৰি কাকতেৰে আপোনালোকে নিৰ্ধাৰন কৰা বিষয়ৰ ওপৰত মতামত (প্ৰবন্ধ) লিখিব। দিনবোৰ পাৰ হৈ যাব। আপোনালোকৰ টি আৰ পি চলি যাব?

কিন্তু গণতন্ত্ৰৰ কি হব? ভোট দিবলৈ ৰাইজ যাব। তাৰ পিছত সকলো ভুত হৈ যাব। কিহৰ বাবে ভোট দিব? তাৰ বাবেও আপোনালোকেই ইছ্যু নিৰ্ধাৰণ কৰি দিছে। বহুকেইটা অসমৰ জলন্ত সমস্যাৰ ওপৰত আপোনালোকে এনেদৰে আলোচনা ৰে যে সেয়া অসমৰ নিৰ্বাচনৰ মূল বিষয় হৈ পৰিব, যেনে হিমন্ত বিশ্ব শৰ্মা কোন দলত গ’ল, কেইজন বিধায়ক ক’ৰ পৰা ক’লৈ গ’ল, কাক কাক নাগৰিকত্ব দিলে ইত্যাদি কথা। আপোনালোকে টি.আৰ.পিৰ বাবে কোনোবা অত্যুৎসাহী ৰাজনৈতিক নেতা পালি নেতা বা বাইকত ঘূৰা সমৰ্থকৰ এটা জনগোষ্ঠীক দিয়া গালিৰ ওপৰত এটা ঘন্টা চতুৰ্থ স্তম্ভৰ পৰা দিব পাৰে, কিন্তু শিক্ষকতাৰ ৰাষ্ট্ৰীয় বঁটা বা অনুবাদেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা সাহিত্য একাডেমীয়ে স্বীকৃতি দিয়া মানুহৰ বতৰা দিবলৈ সময় নহয়!

আমি জানো, আপোনালোকে বেচি একো কৰিব নালাগে, দুজনমান অসমৰ ব্যক্তিক (যি নেকি সদায় সকলো বিষয়তে বিশেষজ্ঞ) মাতি আনি এক ঘন্টা পাৰ কৰি দিব পাৰিব। তাৰ ভিত্তিত ৰাইজে ভোট দিব লাগিব। কিয় আপোনালোকে দেখুৱাই নিদিয়ে যে নাজী জাৰ্মানীৰ বাহিৰে কোনখন দেশত বিদেশী দেশী জাতি ধৰ্মৰ ভিত্তিত লাখৰ ঘৰত বহিষ্কাৰ কৰা হৈছিল? কোনোবাই হিটলাৰৰ দৰে ‘এক দেশ এক জাতি’ কৰি বাকীসকলক কনচান্ট্ৰেশ্যন কেম্পত ভৰায়! যদি কাৰোবাক খেদিব বিচাৰে তেন্তে কিয় জনাই নিদিয়ে আজি জাৰ্মান জাতিয়ে হিটলাৰক আটাইতকৈ বেছি ঘৃণা কৰে।

মুঠৰ ওপৰত অসমৰ ৰাজনীতিৰ আটাইতকৈ ডাঙৰ মিছাকথাটো হ'ল বিদেশী খেদাৰ 'অলীক স্বপ্নটো', সেয়া কিয় দেখুৱাই নিদিয়ে। ৫৬ ইঞ্চিৰ হওক, চুপাৰমেন হওক, প্ৰফুল্ল মহন্ত, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব, তৰুণ গগৈ যাকেই ধৰি আনে আনক, কোনোও আজি বিদেশী খেদিব নোৱাৰে। ভাৰতৰ উদ্যোগপতিৰ অবিহনে কোনো দলে চৰকাৰ গঠন কৰিব নোৱাৰে। আৰু কোনো উদ্যোগপতিয়ে বাংলাদেশৰ বজাৰখন এৰি নিদিয়ে মুকেশ আম্বানী, টাটা, বিৰলা, আদানী, বাজাজ যাকেই সোধে সোধক। চৰকাৰেও বাংলাদেশৰ লগত সম্পৰ্ক কোনো কালে বেয়া কৰিব নিবিচাৰে। কোনখন দেশে বিচাৰিব চাৰিওপিনে শত্ৰু থকাটো। লগতে বাংলাদেশৰ বজাৰত চীনৰ প্ৰভাৱ, ভাৰতে নিবিচাৰিব চীনে বাংলাদেশৰ বজাৰত ম'ন'পলী কৰাটো। গতিকে বিদেশী খেদা কীৰ্তনখন বন্ধ হব লাগে, কিন্তু আপোনালোকে তাক জীয়াই ৰাখিব কাৰণ সেয়া টি.আৰ.পি। পাকিস্থান বিৰোধিতাই ভাৰতত দেশপ্ৰেমৰ আটাইতকৈ সবল স্থিতি কৰাৰ দৰে অসমত বাংলাদেশীৰ বাহিৰত আমাক নতুন চিন্তা লাগে, যাক আপোনালোকে নানে। আজি নুমলীগড়ৰ প্ৰডাক্ট সংশ্লেষিত তেল বাংলাদেশলৈ নিয়াৰ বাতৰি শুনিলো। অতি ভাল খবৰ। বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড আদি এচিয়াৰ পূবৰ দেশসমূহলৈ বজাৰ বঢ়াবই লাগিব আৰু তাৰ বাবে বাংলাদেশৰ লগত ভাল সম্পৰ্ক লাগিব। গতিকে কোনো অত্যুৎসাহীৰ মন্তব্যৰ ভিত্তিত বা ৰাজনৈতিক নেতাৰ ভাষণৰ ভিত্তিত কিয় ঘন্টাৰ পিছত ঘন্টা বাতৰি বেচি ৰাইজক বিভ্ৰান্ত কৰিছে? 

 
কিয় কাল্পনিক 'চুপাৰমেন' কিছুমান সৃষ্টি কৰি চিৰদিন এই সৰল অসমৰ বাসিন্দাখিনিক বিভ্ৰান্ত কৰিব ধৰিছে, যিয়ে অসমৰ পৰা বাংলাদেশী অবৈধ লোকক খেদাৰ অলীক স্বপ্ন যেন পূৰণহে কৰিব! কৰবাত দুই এজন সীমাৰ সিপাৰে থৈ অহা আৰু যিটো সংখ্যা জাতীয়তাবাদীসকলে কয় বা মহামান্য উচ্চতম ন্যায়ালয়ে কয় তাৰ মাজত প্ৰাৰ্থক্যটো ৰাইজক নকয় কিয়, কিয় নকয় যে ইমান ডাঙৰ সংখ্যাৰ লোকসকল কিবা পাচিত ভৰাই কৰবাত পেলাই আহিবপৰা বস্তু নহয়। কোনে গ্ৰহণ কৰিব? বাংলাদেশে? অৱাস্তৱ! যদি ধৰিও লও মাত্ৰ ৫০০০০ পঞ্চাশ হাজাৰ লোকক চিনাক্ত কৰা হ’ল অবৈধ বাংলাদেশী লোক বুলি কোনে তেওলোকক বহিষ্কাৰ কৰিব? বাংলাদেশে এটা শব্দত গ্ৰহণ নকৰো বুলি ক’লে নিঃশব্দে আমি তলমূৰ কৰি ঘূৰি আহিব লাগিব। হয়তো বাংলাদেশৰ লীগেচী ডাটা বিচাৰি তেওলোক যে বাংলাদেশৰ তাকে প্ৰমান কৰিবলৈ অসমৰ অফিচাৰসকলে বাংলাদেশলৈ তাতৰ বাটি কাঢ়ি থাকিব লাগিব। গতিকে ব্যবহাৰিক কথা কবলৈ গ’লে কোনো ইমান বৃহৎ সংখ্যাৰ লোকক (যিটো সংসদত আৰু উচ্চতম ন্যায়ালয়ত কৈছে) কেতিয়াও দেশৰ বাহিৰ কৰিব পৰা নাই আৰু নোৱাৰেও।

সেয়াও কৰিব পাৰিব, কিন্তু তাৰবাবে অসমখন চিৰিয়া বা নাজীৰ জাৰ্মানীলৈ পৰ্যবেক্ষিত কৰিব লাগিব! আৰু আপোনালোকে যুক্তিৰ ভিত্তিত আলোচনা নকৰি আবেগৰ বৰষুণেৰে সেয়া হবলৈকে যেন আগবঢ়াই দিছে। বোমা, বন্দুকেৰে সকলো ৰাঙলী কৰাৰ পিছত মানুহৰ বসতিৰ অযোগ্য হোৱাৰ পিছত যিকোনো ধৰ্মৰ লোকেই তেনেকুৱা ঠাইৰ পৰা পলাই যাব লাগিব। কোনো অসমীয়াই তাৰ বাবে সাজু নহয় বা নিজৰ বাসভূমি, জন্মভূমিক এনেকুৱা স্থিতিলৈ নিয়াতো নিবিচাৰে!

গতিকে আমি সত্যটো মানি লোৱা উচিত যে বিশাল সংখ্যাৰ অনুপ্ৰৱেশকাৰী, বাংলাদেশী-চাকমা-নেপালী-ভূটীয়া ইত্যাদিক ধৰি বৈধ-অবৈধ কাকো খেদিব নোৱাৰি। এই সত্যৰ বিপৰীতে বাতৰি কাকতসমূহে মিছা আশাক ভেঁটি কৰি  অসম্ভব একোটাক লৈ মূল সমস্যাৰ পৰা পলাবলৈ যি জনমত গঠন কৰিছে তাক প্ৰত্যাহাৰ কৰা উচিত। যিসময়ত বিচাৰবিহীনভাবে জেলত থকা উকীল ধৰিব নোৱাৰা দুখীয়া কয়দীৰে জেল ভৰিছে সেই সময়ত বাংলাদেশী তাকো কোটিৰ ঘৰৰ লোকক বিচাৰকৰিবলৈ কোনে আদালত বা ট্ৰাইবুনেল আনিব? এয়াই ভাৰত-অসমৰ বাস্তৱ! কেন্দ্ৰীয় চৰকাৰে টকা দি তেনে ট্ৰাইবুনেল গঠন কৰিলে কেইজনমানে চাকৰি পাব তাত মই বেয়া নাপাও। এইবোৰ সত্য বিশ্বই মানি লৈছে, খোদ মহাশক্তি আমেৰিকাই মানি লৈছে, সংসদত প্ৰস্তাৱ লৈ অবৈধ অনুপ্ৰৱেশকাৰীক বৈধতা দি অপৰাধ নিয়ন্ত্ৰণ কৰিছে, সমস্যাৰ ওপৰ পেলাইছে, ন্যায়-ব্যৱস্থা বলবত কৰিছে। এইবোৰ দিশৰ ওপৰত আপোনাৰ সাংবাদিকসকলে গৱেষণা কৰিব নোৱাৰে নেকি? “হয় মই অমুকে কৈছো, নিশ্চিতভাবে কব পাৰি যে অমুকে আজি চেণ্ডুইছ খাইছে” ইয়াতে কিয় সীমাবদ্ধ ৰাখিছে?

 
আহকচোন টি.আৰ.পিৰ আঁতৰত গৈ নিৰ্ধাৰণ কৰো ২০১৬ চনৰ অসমৰ ৰাজনীতিৰ এজেন্ডা বা ঘোষণাপত্ৰ। আজি যদি ৰাজনৈতিক দলৰ নেতাই নিৰ্ধাৰণ কৰিব লাগে ঘোষনাপত্ৰ তেন্তে অত’ বচৰে চলি অহা ঘোষনাপত্ৰখন কপি-পেষ্ট কৰিয়েই চলি যাব। আপোনালোকেও কোনজন নেতাই ক’ত ভাষণ দিওঁতে  জিভা পিছলি কি মন্তব্য কৰিলে তাকে লৈ দিনটো পাৰ কৰি দিব।  

 
অসমৰ সমস্যাসমূহ সম্পৰ্কে দুই ধৰনে বিতৰ্কৰ আয়োজন কৰা উচিত। আৰু সেয়া কৰিবলৈ এতিয়া বহুত দেৰিয়েই হৈ গৈছে, কাৰণ এই কামখিনি কৰাৰ পিছত ৰাজনৈতিক নেতাসকল পঢ়া শুনা আৰু অধ্যয়ন কৰিবলৈ দৌৰিব লাগিব আৰু ইমান কম দিনত, মানে নিৰ্বাচনৰ আগলৈ কিমান পাৰিব নাজানো। ধৰা হওক অসমৰ বাবে দৰকাৰী বিদ্যুৎ সম্পৰ্কে। কেনেকৈ এটা ভাল বিতৰ্ক কৰিব পাৰি চাও আহক। মই কোৱাটোৱেই সত্য, সেয়া বাৰু, আপোনালোকে মানি লব নালাগে, নিজেও নিৰ্ধাৰণ কৰিব পাৰে।

 
১) এন.টি.পি.ছি, এন.এইচ.পি.চি আদি কৰি সকলো ব্যক্তিগত তথা ৰাজহুৱা খণ্ডৰ উদ্যোগ বা চৰকাৰী সংস্থাক মাতি আনি এদিন আলোচনা কৰক, য’ত কোনো ৰাজনৈতিক নেতা নাথাকিব। কোনটো সংস্থাই কি কৰিব সেয়া আলোচনা কৰা উচিত। আজিলৈকে কিয় কৰা নাই, চাহিদা নাই নে যোগান নাই? অসম বিদ্যুৎ পৰিষদকো মাতি জবাবদেহি কৰা উচিত। 

 
২) অসমৰ আগশাৰীৰ আভিযান্ত্ৰিক অনুষ্ঠানৰ পৰা আদি কৰি আই আই টি, এন আইটি, বিশ্ববিদ্যালয় সকলৰ গবেষকসকলৰ পৰা কি অভিনৱ আচনি গ্ৰহন কৰিলে অসমৰ এই সমস্যাৰ সমাধান পোৱা যাব সেয়া দ্বিতীয় দিনা আলোচনা কৰা উচিত।

 
৩) এইবাৰ সকলো ৰাজনৈতিক নেতাকে আগৰ দুটা আলোচনাৰ পৰা পোৱা সমাধান সম্পৰ্কে কিমান সময়ত কোনটো দলে কি কৰিব, কেতিয়া কৰিব তাৰ ওপৰত আলোচনা কৰা উচিত। এনে কৰাৰ ফলত ৰাজনৈতিক দলসমূহে আমাৰ সমস্যা সম্পৰ্কে কিমান জানে আৰু কোনে কি সমাধানৰ পথ লব পাৰে সেয়া স্পষ্ট হৈ পৰিব। কোনেও কেবল বোকা ছটিয়াই বা সম্প্ৰদায়-জাতি আদি কৰি নিৰ্বাচনৰ বতাহ কঁপাব নোৱাৰে।

 
তলত আৰু কেইটামান বিতৰ্কৰ বিষয় দিলো
১) অসমৰ পাৱাৰ চেক্টৰত কি কি কৰিব? ব্যক্তিগতকৰণ, চৰকাৰী প্ৰচেষ্টা, নতুন প্ৰজেক্ট, নবীকৰনযোগ্য শক্তি, নদীবান্ধ, সৌৰ শক্তি ইত্যাদি।
২) ইণ্ড্ৰাষ্টীয়েল পলিচি কি হব? ব্যক্তিগত, চৰকাৰী, কৰৰেহাই, নতুন বিনিয়োজন, বিনিয়োগ, বিদেশী বিনিয়োগ ইত্যাদি
৩) কৃষিৰ কি পলিচি হব? কৃষি ভিত্তিক উদ্যোগ, পানীযোগান, বীজ, সাৰৰ যোগান, মূল্য নিৰ্ধাৰণ ইত্যাদি
৪) বানপানীৰ কি সমাধান ভাবিছে একা বেঁকা নিচিঞৰি চিধাকৈ কওক? সমাধান আছে নে নাই? আশু সমাধান কৰিম বোলাৰ সলনি ৰাজনৈতিক নেতাই কেবল আমি সমাধান কৰিম বুলি কব। ইয়াৰ বাবে বিশেষজ্ঞ সকলৰ আলোচনা কৰিব লাগিব। বিশেষজ্ঞসকলক লৈ কেবাঘন্টাযোৰা conclave পাতিব পাৰে। আপোনালোকে একেটা অনুষ্ঠান সময় মিলাবলৈ কেবাবাৰো চলাই থকাৰ সলনি অলপ প্ৰযোজনা কৰি এন কনক্লেভ আয়োজন কৰিব পাৰে। প্ৰতিটো ছেনেলে নিজৰ পৃষ্ঠপোষক দলৰ প্ৰচাৰৰ আৰু নিজৰ মাজতে কাজিয়াৰ সলনি এনে কনক্লেভৰ প্ৰচাৰৰ দায়িত্ব ভগাই লব পাৰে, ফলত আৰ্থিক ক্ষেত্ৰত সুবিধা হব।

 ৫) অসমৰ পুতৌলগা পৰিবহন, বিশেষকৈ ৰেলবিভাগৰ বাবে কি কৰিব?
৬) শিক্ষা খন্ডৰ কি কি সংষ্কাৰ কৰিব? প্ৰাথমিক আৰু উচ্চ। নতুন শিক্ষা নীতি কিমান ফলপ্ৰসু হৈছে? যদি ২০০৯ চনৰ আইনে সচাই ইমান আমুল পৰিবৰ্তনা আনিছে তেন্তে ইমান ব্যক্তিগত খন্ডৰ বিদ্যালয় কিয় গঢ়ি উঠিছে?
৭) অসমৰ পৰ্য্যটনৰ বাবে কি পৰিকল্পনা আছে?
৮) স্বাস্থ্য খন্ডৰ বাবে কি কৰিব?
৯) জলপৰিবহনৰ ওপৰত কি কৰা হব?
১০) স্থল পৰিবহৰ ক্ষেত্ৰত কি কৰিব?
বিষয়সমূহ আপোনালোকেই নিৰ্ধাৰণ কৰক। এজন আঁত ধৰোতা সৰ্বজন্তা নহলেও চলি যায়, কিন্তু সাধাৰন জ্ঞান অলপ গোটাই এনে আলোচনাৰ আঁত ধৰিব পাৰে। আপোনালোকৰ চেনেলসমূহত একেজন মানুহে সকলো বিষয়ৰ আঁত ধৰে। দৰকাৰ হ’লে ধাৰ কৰি আনক একোটা বিষয়ৰ আঁত ধৰোতা। আপোনলোকৰ নাম সম্পাদক, কিন্তু আপোনালোকে আলোচনাৰো আঁত ধৰে। গতিকে বিষয় সম্পাদকো সাময়িকভাবে নিযুক্তি দিব পাৰে।

মই কোনো বিশেষজ্ঞ নহও। কিন্তু সদায় ভাব হয় আপোনালোকৰ আলোচনাৰ দ্বাৰা অসমৰ সমস্যাসমূহৰ নাটক কিছুমানহে উপস্থাপন হয়। ফলত আমি বিকাশবাদী আমি ধৰ্মনিৰপেক্ষ, আমি সাম্যবাদী বা আমি উদাৰবাদী আদি কৰি এটা এটা শব্দেৰেই দলসমূহে সকলো সমস্যা একাকাৰ কৰি পেলায়। আজি আমাৰ নিৰ্বাচনৰ এজেন্ডা আমি নিৰ্ধাৰন কৰিব লাগিব। আৰু তাৰ বাবে মিডিয়া লাগিব চুতুৰ্থ স্তম্ভ হিছাপে টি আৰ পি বেপাৰী হিছাপে নহয়। 

 
অসমৰ বিশ্ববিদ্যালয়, আভিযান্ত্ৰিক মাহাবিদ্যালয়, মহাবিদ্যালয়, বিদ্যালয় আদিক নীতি নিৰ্ধাৰণত লাগিবই। ৰাজনৈতিক দলে এওঁলোকক সামৰি নলয়। গতিকে আজি আমি এই লোকসকলৰ বিশেষ জ্ঞানৰ ভিত্তিত দলসমূহক নিৰ্বাচনৰ এজেণ্ডা নিৰ্ধাৰণ কৰিব বাধ্য কৰিব লাগিব। সংবাদ মাধ্যমৰ লোক সকলক এই কথাবোৰ অৱগত কৰিলো, লগতে ৰাইজকো বাস্তৱ কথাবোৰৰ বিষয়ে সচেতন কৰিলো। এতিয়া আলোচনা কৰি ভৱিষ্যতৰ বাবে সু-পৰিকল্পনা কৰাহে কথা। নে ৰাইজে কি কয়?
                                                 
                    লেখক জাৰ্মানীত গৱেষক ৰূপে কৰ্মৰত

2 comments:

  1. Ejdom correct dikh nirdekhan ......purona ril bilak nosoley aru etia...enekoy likhi soku mokoluar babey dhanyabad ....pise trp bikreta bilakey ki korey heytuhey sabologia

    ReplyDelete
  2. গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ এই বাতৰিকাকত আৰু টিভি চেনেলসমূহে এক ভুল পথেৰে পৰিচালিত হৈছে ৷

    ReplyDelete