পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

'ডিজিটেল ইণ্ডিয়া'ৰ ঢৌ আৰু বাস্তৱ 
অজয় লাল দত্ত
চিলিকন ভেলীত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ উষ্ম আদৰণিৰ খবৰে চ'ছিয়েল মেডিয়াতো খলকনি তোলা দেখিবলৈ পাইছো। সেই আপাহতে, ফাৰ্মভিলেত কৰা খেতিৰ আৰ্জনেৰে, বাস্তৱত খাবলৈ নোপোৱা ভাৰতীয় নাগৰিকেও অনাগত দিনত ফেচবুকৰ ইনবক্সৰ পৰা ডিজিটেল 'ৰুটি', অনলাইন 'কপড়া' আৰু ভাৰ্চুৱেল 'মকান' ডাউনলোড কৰিব পাৰিব বুলি এচাম অনুৰাগীয়ে বিশ্বাস কৰিছে বা কৰাহেন অনুভূত হৈছে! তাৰ পৰিপ্ৰেক্ষিততে কিছু সৰল বাস্তৱিক কথা বুজি চাবলৈ চেষ্টা কৰিছো।

চীনে বিশ্বৰ সৰ্বাধিক জনসংখ্যাৰ দেশ, কিন্তু গুগোল, ফেচবুকৰ দৰে কোম্পানীৰ বাবে দ্বাৰৰূদ্ধ সেই দেশত, ইণ্টাৰনেটৰ ওপৰত চৰকাৰী চেঞ্চৰশ্বিপ বিদ্যমান। সেয়ে মুকলিকৈ বজাৰ খুলি দিয়া দেশ সমূহৰ ভিতৰত আটাইতকৈ বেছি গ্ৰাহক (জনসংখ্যা) থকা দেশৰ কাৰ্যপালিকাৰ প্ৰশাসকক 'কোম্পানী' সমূহে 'অতি উচ্ছাস'ৰ আদৰণি জনোৱাটো অতি স্বাভাৱিক কথাই নহয়নে? লাখটকীয়া ৰেগুলাৰ কাষ্টমাৰলৈ মাৰোৱাৰীৰ দোকানত পটককৈ চাহৰ অৰ্দাৰ হোৱাৰ হৈ যোৱাৰ লেখিয়াকৈ!

অসমৰ মুখ্যমন্ত্ৰী দিল্লীলৈ আহিলে 'অসম এচোচিয়েচন'ৰ দৰে অসমীয়া সংস্থাই আয়োজন কৰা আয়োজনত অসমীয়াৰ ভিৰ হয়েই। আমাৰ গগৈ চাৰে দিল্লীত বিহুও নাচে, অসমীয়াৰ আয়োজনত। একেদৰে দেশৰ প্ৰধানমন্ত্ৰী এগৰাকীয়ে মুখামুখি হৈ কথা পাতিব বুলি ক'লে 'বিনা ঢাক-ঢোল'ৰ প্ৰচাৰেৰেও প্ৰৱাসী ভাৰতীয়ৰ ভিৰ হোৱাটো স্বাভাৱিক! তেওঁৰ নামৰ গুৰুত্বতাততৈ পদবীটো এই ক্ষেত্ৰত বেছি গুৰুত্বপূৰ্ণ হয়। সুষমা স্বৰাজৰ দৰে সফল বৈদেশিক মন্ত্ৰীয়েও আহ্বান জনালেও বিদেশৰ মাটিত থকা স্বদেশী নাগৰিক বা এই মূলৰ বৰ্তমানে বিদেশী নাগৰিকত্ব লোৱা সকলেও ভিৰ নিশ্চয়কৈ কৰিবই। তাত জানো সন্দেহ আছে?

ভাৰতীয় কাৰ্যপালিকাৰ প্ৰশাসকক লাইভ কভাৰেজ বিদেশৰ মাটিৰ পৰা দিয়াৰ দৰে অসমৰ মুখ্যমন্ত্ৰীয়ে দিল্লী, মুম্বাইত আহ্বান জনাই অসমীয়া গোটোৱা সভাৰ লাইভ কভাৰেজ দিলেও পৰ্দাৰ কাৰচাজিৰে বিশাল সাফল্য বুলি প্ৰচাৰ কৰিব পাৰি। আৰু এটা কথা উনুকিয়াই দিও, নিৰ্বাচনৰ সময়ত ভাৰতীয় টিভি চেনেলত বেছি ভাগতে বহু বেছি ভিৰ দেখুওৱাৰ অভিযোগ উঠা 'লাইভ ফিড' সমূহ প্ৰকৃততে 'প্ৰচাৰক দলৰ নিজা ফিড'ৰ পৰাহে প্ৰচাৰিত হৈছিল। এনডিটিভিৰ দৰে সংস্থাই 'এনডিটিভিৰ কেমেৰাৰে' আৰু 'অমুক দলৰ কেমেৰাৰ ফীড' বুলি একেখন পৰ্দাত দুভাগ কৰি দেখুৱাতহে জোলোঙাৰ মেকুৰী বিশ্লেষণাত্মক দৃষ্টিৰে চোৱা সকলৰ দৃষ্টিলৈ আহিছিল। সেয়ে প্ৰচাৰ মাধ্যমৰ নিৰ্বাচিত ফুটেজৰ প্ৰচাৰেই প্ৰকৃত ছবিখনক সঠিক ভাৱে প্ৰতিফলিত নকৰিবও পাৰে, সেই কথালৈকো মন কৰিব লগীয়া। ফেচবুক বা টুইটাৰটো নিৰ্বাচিত অনুৰাগীয়ে কৰা নিৰ্বাচিত ফটোৰ প্ৰৱাহ আৰু আত্মো-উতসৰ্গিত বিশাল চ'ছিয়েল মেডিয়া টীমে সৃষ্টি কৰা ট্ৰেণ্ডিংৰ প্ৰফেচনেল পাৰ্ফমেণ্সেও যে বাস্তৱক কেইবাগুণে অতিৰঞ্জিত কৰিহে মানুহৰ সমুখত তুলি ধৰাৰ ব্যৱস্থা হয়, সেই কথাও অনুভৱ কৰিবলগীয়া। কেৱল ভাৰতীয় টিভি বা মেডিয়াতহে আমাৰ কাৰ্যপালিকাৰ প্ৰশাসনীয় মূৰব্বীৰ আমেৰিকা ভ্ৰমণৰ লেথাৰি নিচিগা লাইভ কভাৰেজ হৈছে। আমাৰ অসমত কাৰোবাৰ পত্নীৰ চেনেলত পতিৰ লাইভ দিল্লী, বৰঝাৰ আৰু হেঙেৰাবাৰীৰ পৰা, ধৰণেৰেই! মোদী চাৰৰ আগমনত আমেৰিকালৈ আহিছে জোৱাৰ, ধৰণৰ ধাৰণাৰ প্ৰচাৰ আমাৰ দেশৰ চেনেলত হোৱাৰ বিপৰীতে বিপৰীতে, বিবিচি আৰু চিএনএনৰ দৰে আন্তৰ্জাতিক সংস্থাৰ আন্তৰ্জাতিক প্ৰচাৰৰ বাতৰিক কিন্তু, সাধাৰণ 'ঢৌ'ৰ বাতৰিও প্ৰচাৰ হোৱা নাই! কথাটো চিন্তনীয় নহয়নে? তাৰ বিপৰীতে প্ৰতিবেশী চীনৰ প্ৰশাসকৰ ভ্ৰমণকহে সেই সংস্থা সমূহে শীৰ্ষ গুৰুত্ব আৰোপ কৰি প্ৰচাৰ কৰা দেখা গৈছে।

এতিয়া অহা যাওক, আৰু কিছু বাস্তৱিক কথালৈ। ফেচবুকত ডিজিটেল ইণ্ডিয়াৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰি প্ৰফাইল ফটো সলোৱাৰ ধূম উঠিছে। এই কামত সেউজ পতাকা জোকাৰি শুভাৰম্ভ কৰিছে খোদ মাৰ্ক জুকাৰবাৰ্গ আৰু মোদী চাহাবে। ৰাইজে এই কথালৈ পাহৰিলে নহব যে ভাৰতৰ এই বিশাল জনসংখ্যাৰ আৰু মাৰ্কৰ বাবে খোলা থকা বিশালতম বজাৰত 'ইণ্টাৰনেট.অৰ্গ' নামৰ এক উদ্যমৰ বাবে ফেচবুক সংস্থাই এই সময়ত দেশৰ প্ৰায় সকলো প্ৰচাৰ মাধ্যমতে বিশাল বিজ্ঞাপনেৰে আগ্ৰাসী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিছে, টিভি, চ'ছিয়েল মেডিয়া সকলোতে। ইণ্টাৰনেট.অৰ্গৰ জৰিয়তে ইণ্টাৰনেটৰ সৈতে এতিয়া সংযুক্ত হবলৈ সক্ষম নোহোৱা লোকসকলক 'প্ৰাথমিক' সেৱা সমূহ অতিৰিক্ত খৰছ অবিহনে মানে ডাটা পেক অবিহনেও দিয়াৰ বাবে উদ্যোগ হাতত লোৱা হৈছে। কিন্তু ইয়াৰ বাবে ইণ্টাৰনেট সেৱা প্ৰদানকৰ্তা কোম্পানীৰ সৈতে চুক্তিত ফেচবুক চুক্তিবদ্ধ হৈছে। এই প্ৰকল্পত আগৰণুৱা হিচাবত ৰিলায়েঞ্চ কোম্পানীয়ে সহযোগিতা আগবঢ়োৱাৰ কথাও বাতৰি কাকতত প্ৰকাশ পাইছে। উদ্যমটো প্ৰথম দৃষ্টিত অতি জনহিতকৰ যেন লাগিলেও কিন্তু ইয়াৰ সৈতে ইণ্টাৰনেটৰ নেট-নিউট্ৰেলিটিৰ স্পৰ্শকাতৰ প্ৰসংগটো জড়িত হৈ আছে আৰু ভাৰত চৰকাৰে বিষয়টোত এতিয়া ৰাজহুৱা মতামত সংগ্ৰহ কৰি নীতি তৈয়াৰ কৰাৰ এটা প্ৰক্ৰিয়া চলাই আছে।

ইণ্টাৰনেট নিৰপেক্ষতাৰ সংজ্ঞাটো সৰল ভাষাত কবলৈ গ'লে, ইণ্টাৰনেটৰ মাধ্যমত যি কোনো সমল যি কোনো ৱেব-ঠিকনাৰ পৰা সংগ্ৰহ কৰিবলৈ থকা সুবিধাৰ নিশ্চিতি বুলিয়েই কব পাৰি। কিন্তু ফেচবুক সংস্থাৰ 'ইণ্টাৰনেট.অৰ্গ' উদ্যমত সংস্থাটোৱে নিজে নিৰ্ধাৰণ কৰা বা চুক্তিবদ্ধ হোৱা কোম্পানী বা সংস্থাৰহে নিৰ্বাচিত সমল মানুহলৈ আগবঢ়োৱা হব। যেনে খবৰ বাতৰি লাগিলে, সেই কোম্পানীয়ে দিব বিচৰা সমল সূত্ৰৰ পৰাহে কেৱল খবৰ-বিশ্লেষণ আদি পাব পাৰিব! ৰাজনীতি, সমাজ নীতিৰ কথা বিচাৰিলেও সেই কোম্পানীয়ে দিয়া তথ্য সূত্ৰৰ পৰাহে আপুনি জ্ঞান লভিব পাৰিব, বেলেগ বেৱচাইটবোৰ বিচাৰিলেও সেই সেৱাত খোল নাখায়, কথাবোৰ বুজিছেটো! মানে লাইব্ৰেৰীত মুক্ত বিচৰণ কৰিবলৈ নিদি কেইখনমান নিৰ্দিষ্ট কিতাপত মূৰ জোবোৰা দিবলৈ বাধ্য কৰাৰ নিচিনা কথা!

আনকি জোতা কিনিব বিচাৰিলেও, সেই কোম্পানীৰ সৈতে হাত মিলোৱা সহযোগী কোম্পানীৰ জোতাৰ বিষয়েহে জানিব পৰাকৈ তথ্য পাব! আপুনি মই জোতাৰ কিনিবৰ বাবে বিচাৰিলে আমালৈ বিনামূলীয়াকৈ তথ্য যোগানৰ বিপৰীতে ফেচবুকৰ 'ইণ্টাৰনেট.অৰ্গ' সংস্থাই' জোতা কোম্পানীটোৰ পৰা লাভ কৰিব কমিচন! কোনোবাই ইয়াক তথ্য-ম'নপলিৰ সৈতে তুলনা কৰিছে, কোনোবাই কৈছে, ই শ্ৰেণীবদ্ধ বিজ্ঞাপনৰ এক আগ্ৰাসী ৰূপহে! মনত ৰাখিব এই ব্যৱস্থাই মুক্ত ভাৱে মুক্ত সমল সূত্ৰৰ পৰা যি কোনো তথ্য বিচৰাৰ ব্যৱস্থাটোক বিঘ্নিত কৰিব বুলি বিতৰ্ক অব্যাহত আছে। আনকি ফেচবুকত প্ৰফাইল পিকচাৰ সলাই ডিজিটেল ইণ্ডিয়াৰ পক্ষত মত দিয়াৰ দ্বাৰা ভাৰতত নেট-নিউট্ৰেলিটিৰ বিপক্ষে মতদান কৰাৰ ভিতৰুৱা 'প্ৰযুক্তিগত ল'জিক প্ৰগাম'ৰ কথাও এটা ৱেবচাইটে সদৰী কৰিছে। (সেইকথা কিমানদূৰ বিশ্বাসযোগ্য সেয়াও চিন্তনীয়!) সেয়ে বিতৰ্ক চলি থকা বিষয়ত মৌলিক কথাবোৰ অনুধাৱন নকৰাকৈ বেলেগক অনুকৰণ কৰাটো কিমান উচিত-অনুচিত ৰাইজে নিজেই বিচাৰ কৰক! আনকি ইণ্টাৰনেট চেঞ্চৰিং, শাসকে মনে নিবিচৰা বা বিৰোধী মত প্ৰকাশ কৰা বেব-চাইট ব্লক কৰা আদি আগ্ৰাসী চিন্তায়ো, এই নিৰপেক্ষতা হানি কৰা নীতি প্ৰৱৰ্তন হলে মুকলিকৈ সাৰপানী পাব বুলি ভাবিব পাৰি!

এতিয়াও গুগোলত কৰা সন্ধানত 'চাৰ্জ ইঞ্জিন অপ্টিমাইজেচন'ৰ বাবে টকা দিব লাগে আৰু সেই মাচুলৰ বিনিময়ত আপুনি বিচৰা যিকোনো তথ্যৰ বাবে গুগোলক পইচা দিয়া সংস্থাৰ তথ্য প্ৰথমেই আপোনালৈ আগবঢ়ায়। পইচা নিদিয়া সকলৰ নাম, ঠিকনা, তথ্য সূত্ৰ পৃষ্ঠাৰ শেহৰ ফালে ওলায়, আৰু ইয়াৰ সৈতে কোম্পানীৰ প্ৰগ্ৰেমিং লজিক জড়িত হৈ থাকে। তেওঁলোকৰ ৰাজহৰ মূল আয় তাৰ পৰাই। ফেচবুকেও বৰ্তমান বিজ্ঞাপন আৰু নিৰ্বাচিত সমলহে নিৰ্বাচিত লোকৰ টাইমলাইনত ওলোৱাৰ বহু বজাৰ গৱেষণালব্ধ তথ্যৰ ভিত্তিত লজিক চেঞ্জ কৰি ৰাজহ আহৰণৰ পৰীক্ষা নিৰীক্ষা অব্যাহত ৰাখিছে। ইণ্টাৰনেট.অৰ্গ ফিড নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গোটেই ব্যৱস্থাটোৰ ওপৰতে এক চূড়ান্ত ৰূপ বুলিও বহুজনে মত প্ৰকাশো কৰিছে। সেয়ে বিষয়টোত অলপ অধ্যয়নপুষ্ট ভাৱে দূৰদৃষ্টিৰে বিচাৰ কৰাৰ প্ৰয়োজন আছে। কোনো কোম্পানীয়ে বিচৰা মতে সাৰ্বভৌম দেশৰ চৰকাৰে নীতি বনাবনে, নে চৰকাৰৰ স্বাধীন নীতি মতে দেশ একোখনত কোম্পানীবোৰ চলিব লাগিব এনে প্ৰশ্নকো এই আলোচনাৰ আওতাত ৰখাৰ দৰকাৰ নিশ্চয়কৈ আছে।

আমেৰিকাৰ চিলিকন ভেলীত ফেচবুক, গুগোল আদি সংস্থাই ভাৰতীয় প্ৰধানমন্ত্ৰীক সৱল আদৰণি জনাইছে আৰু ডিজিটেল ইণ্ডিয়া প্ৰকল্পলৈ সহযোগ কৰাৰ কথা প্ৰকাশ কৰিছে। প্ৰযুক্তিগত সংস্থাৰ সহযোগিতাৰ নিশ্চিতিয়ে ডিজিটেল ইণ্ডিয়া প্ৰকল্পক সৱল কৰক তাকেই কামনা কৰিছো। ডিজিটেল ইণ্ডিয়াৰ দ্বাৰা ভাৰতত তথ্য প্ৰযু্ক্তি, টেলি-কমিউনিকেচন আদিৰ আন্তঃগাঁথনিমূলক দিশৰ প্ৰভূত উন্নয়ন হওক।  মুক্ত ভাৱে ইণ্টাৰনেটৰ মাধ্যমত গ্ৰাহক তথা নাগৰিক সেৱা সমূহ উপলদ্ধ হওক। মাটি-বাৰীৰ হিচাব তথা ভূ- জৰীপ ডিজিটাইজেচনৰ বাবে পূৰ্বৰ চৰকাৰৰ দিনৰে পৰা চলি থকা কামবোৰে গতি পাওক। এইক্ষেত্ৰত উল্লেখনীয় যে আমাৰ মিজোৰাম দেশৰ এনে জৰীপৰ প্ৰথমখন ৰাজ্য আছিল আৰু এই ৰাজ্যতে এনে বহুতো পাইলট প্ৰজেক্ট গ্ৰহণ কৰা হৈছিল। সাধাৰণ মানুহৰ জীৱনক অধিক সুচল কৰিব পৰাকৈ বাস্তৱিকতে প্ৰযুক্তিগত উন্নীতকৰণ হওক। দেশৰ ৰুটি, কাপোৰ, দৰিদ্ৰতাৰ সৈতে যুঁজি থকা সৰহভাগ মানুহৰ জীৱনৰ কৰুণতম স্থিতিৰ উন্নতিৰ মৌলিক দায়িত্ববোৰৰ কাৰ্যত পালন কৰাত প্ৰশাসকে নিদৰ্শন দেখুৱাওক। 'কেৱল প্ৰচাৰ'তকৈ সাৰ্থক 'কৰ্মৰ প্ৰসাৰ' হওক!

যি সময়ত মহাৰাষ্ট্ৰত খৰাঙ পীড়িত কৃষকৰ আত্মহত্যাই অভিলেখ গঢ়িছে, অসমত সৰ্বস্ব হেৰোৱা বানপীড়িতৰ ক্ৰন্দনো অৰণ্য ৰোদনলৈ পৰ্যবেক্ষিত হৈছে। এনে স্পৰ্শকাতৰ বিষয়ত একে প্ৰশাসকৰ সৱল হস্তক্ষেপৰ আশা কৰি মানুহ আশাহত হৈছে। তেনেকুৱা সময়ত বাস্তৱিকতাক অনুধাৱন কৰি প্ৰকৃতাৰ্থত আৰ্ত মানুহৰ কাষত সহমৰ্মিতাৰে থিয় দি, প্ৰশংসনীয় উদাহৰণ দেখুৱাওক। কেৱল ভাৰ্চুৱেল পৃথিৱীৰ কথাৰে ভাৰ্চুৱেল আশাবাদ, আৱেগ, প্ৰচাৰৰ জোৱাৰেৰে দেশৰ এচাম খাবলৈ পোৱা মানুহৰ চিন্তাৰ দিশ সাময়িক ভাৱে সলাব পাৰি, কিন্তু মৌলিক সমস্যাৰ সমাধানৰ বাবে তৃণমূলত সাৰ্থক কৰ্মৰ অবিহনে দেশৰ আচল দশা যে কেতিয়াও সলনি নহয়, সেই কথাও নিশ্চিত।

2 comments:

  1. বৰ্তমান পৰিস্থিতিৰ সম্যক অনুধাৱন ।

    ReplyDelete
  2. বৰ্তমান পৰিস্থিতিৰ সম্যক অনুধাৱন ।

    ReplyDelete