সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
"প্ৰৱাসী অসমীয়াৰ পৰা 
অসমবাসীৰ আশা-প্ৰত্যাশা"

-অজয় লাল দত্ত

আমাৰ মতে "অসমীয়া" শব্দটোৱে বহন কৰে এক সত্তাক৷ যি মানুহে নিজৰ ভাষা-সংস্কৃতি-পৰম্পৰাৰে নিজকে মনে প্ৰাণে অসমীয়া বুলি অনুভৱ কৰে বা বিশ্বৰ যিকোনো প্ৰান্ততে সেই পৰিচয় দাঙি ধৰিবলৈ গৌৰৱ অনুভৱ কৰে তেৱেই অসমীয়া৷ কোনোজন অসমত জন্ম হোৱা, অথচ অসমৰ বাহিৰতে শৈশৱ-কৈশোৰ-যৌৱন-জীৱন কটাবলগীয়া হ’লেও তেওঁ সেই অনুভৱক বহন কৰি অসমীয়া হৈ থাকিব পাৰে৷ সেইদৰে অসমৰ বাহিৰতো জনম লভা অসমীয়া পৰিয়ালৰ সন্তানে যদি অসমৰ জাতি-সত্তাৰ উপাদান সমূহক নিজৰ কৰি অসমীয়া পৰিচয়ক নিজৰ জীৱনৰ সতে আদৰি লয়, তেওঁ সকলো নতুন যুগৰ গোলকীকৃত পৃথিৱীৰ অসমীয়া৷ এই পৰিচয়, এই সত্তা, প্ৰকৃততে অনুভৱৰহে, জাতি-সত্তাৰ উপাদানে জীৱন-ধাৰাক কিমান পৰিমানে চুই থাকে, বুকুৰ কোণত এই পৰিচয়ে কিমান গৌৰৱৰ সৃষ্টি কৰিব পাৰে, সেই অনুভৱেহে অসমীয়াত্বৰ এক ধাৰণা তথা সংজ্ঞা দিব পাৰে৷

"বিদেশত আপোন মানুহ" নামৰ ধাৰাবাহিক খনৰ জনপ্ৰিয়তাই এই কথাকেই প্ৰমাণ কৰিলে যে প্ৰবাসত বাস কৰা আপোনসকলৰ বাবে অসমবাসী অসমীয়াৰ আগ্ৰহৰ অন্ত নাই৷ সেই সময়ত আজিৰ দৰে সামাজিক যোগসূত্ৰৰ মঞ্চ স্বৰূপ ফেচবুক, টুইটাৰ আদি নাছিল যদিও তাৰ মাজতে যেন বিদেশৰ বুকুত বাস কৰা অসমীয়া সকলৰ এটি ৰেঙনি অসমবাসীয়ে পাবলৈ, চাবলৈ সক্ষম হৈছিল৷ এই ক্ষণত সেই ধাৰাবাহিক ক্ষণৰ সকলো কলা-কুশলীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিব খুজিছো৷ কাৰণ ইয়াৰ দ্বাৰাই প্ৰবাসী অসমীয়া সকলৰ জীৱন-যাত্ৰাৰ সতে এক যোগসূত্ৰ, আপোন আপোন ভাৱ অসমবাসীয়ে অনুভৱ কৰিবলৈ সক্ষম হৈছিল৷

অসমবাসীৰ এই আগ্ৰহৰ সতেই জাগ্ৰত হোৱা আন আন দিশবোৰো আমি মন কৰিব লাগিব৷ এতিয়াও ভাৰতীয় মূলসুঁতিৰ সংবাদ মাধ্যম তথা ভাৰতীয় হিন্দীবলয় বা বেছি ভাগ অংশতে অসম এতিয়াও জংঘল আৰু মানুহবোৰ আধা জংঘলী বুলি ভূল ধাৰণা পোষণ কৰা দেখা যায়৷ তাৰ বিপৰীতে যেতিয়া কোনো অসমীয়াই ৰাষ্ট্ৰীয় মঞ্চ বা আন্তৰ্জাতিক ক্ষেত্ৰত ব্যক্তিগত উৎকৰ্ষতাৰ হেতু সফলতা প্ৰাপ্তি কৰে, তেতিয়া এক জাতি হিচাবে সকলো অসমীয়াই গৌৰাৱান্বিত হৈ পৰে৷ দেশ আৰু দুনীয়াৰ সমুখত অসমীয়া চিনাকীক এক উজ্জ্বল ৰূপত চাবলৈ সকলো অসমীয়াই বিচাৰে৷ বিশেষকৈ প্ৰৱাসী অসমীয়া সকলৰ পেশাগত বা সামাজিক সফলতাৰ জৰিয়তেই অসমীয়া সত্তা এটা বিশ্বসভাৰ মজিয়াত প্ৰতিষ্ঠাপিত হব বুলি আশা পোষণ কৰে৷ সেই দিশৰ পৰা চাবলৈ গ’লে সহজ-সৰল অসমীয়া সাধাৰণ মানুহখিনিৰ বাবে তেনে খবৰ অতিশয় গৌৰৱবহনকাৰী তথা আশা ব্যঞ্জক হৈ পৰে৷

সেয়ে এই ক্ষেত্ৰত পেশাগত, বৌদ্ধিক, সামাজিক তথা বৃহৎ মানৱ সমাজখনলৈ কোনো গুণী অসমীয়াৰ অৱদানৰ বিষয়ে জানিবলৈ, পঢ়িবলৈ, গৌৰৱ কৰিবলৈ অসমৰ ৰাইজে আশা কৰে৷ সেয়ে এই ক্ষণত প্ৰবাসী অসমীয়া সকলৰ সকলো সংগঠনে এনে সফল অসমীয়াৰ প্ৰেৰণাময় জীৱনী বা সফলতাৰ কাহিনী সমূহ পোহৰলৈ অনাৰ ব্যৱস্থা কৰাটো অতিশয় প্ৰয়োজনীয় কাম বুলি অনুভৱ কৰিছো৷ তেতিয়া আমাৰ মাজৰে এজনে এনে সফলতা পোৱাৰ খবৰে আন আন হাজাৰজনকো নিশ্চয়কৈ আগুৱাই যোৱাৰ কাৰণে প্ৰেৰণা যোগাব৷

তাৰোপৰি সকলো প্ৰৱাসী অসমীয়াৰ সংগঠনৰ মাজত এক সমন্বয় সাধন হোৱাতো অতিশয় প্ৰয়োজনীয় কথা৷ ইয়াৰ জৰিয়তে সমিধান.অৰ্গৰ দৰে কেৰিয়াৰ বিষয়ক বা জীৱন বিষয়ক পৰামৰ্শৱলী বিজ্ঞজনৰ পৰা অনুজ সকলে লাভ কৰাটো সম্ভৱপৰ হব৷ অগ্ৰজ সকলে দেখুৱাই দিয়া বাটেৰেই আগুৱাই যাবলৈ নৱ-প্ৰজন্মই দিশ বিচাৰে, আৰু এই ক্ষেত্ৰত প্ৰৱাসী অসমীয়া সংগঠন সকলে "প্ৰশ্নোত্তৰ তথা হেল্পলাইন" জাতীয় সুবিধাৰে নিজৰ জ্ঞান জানিব খোজা সকলক দিয়াৰ ব্যৱস্থা কৰিলে অসমৰ নতুন ডেকা সকল উপকৃত হব পাৰিব৷ বিশেষকৈ আজিৰ সলনি হোৱা বিশ্বৰ সতে ফেৰ মাৰি এচিয়ান দেশৰ পৰা সুদক্ষ মানৱ সম্পদ বিদেশৰ বিভিন্ন উদ্যোগ বা প্ৰতিষ্ঠানলৈ যাব পৰাৰ দুৱাৰ খোল খাই পৰিছে৷ এই ক্ষেত্ৰত মানৱ শক্তি সৰৱৰাহ কৰা সংস্থা সমূহৰ সতে যোগাযোগ কৰোতে লব লগা সাৱধনীয়তাৰ বিষয়েও প্ৰৱাসী অসমীয়া সকলে নিজৰ নিজৰ সংস্থাযোগে দিহা পৰামৰ্শ আগবঢ়োৱা উচিত৷ আজিকালি এনে মানৱ সম্পদ সৰবৰাহকাৰী সংস্থাসমূহে কোৱা অৰ্ধ-সত্য আৰু কৰ্মী হিচাবে যোৱা সকল শোষিত হোৱাৰ বিভিন্ন ঘটনাই এই ক্ষেত্ৰত সজাগ হোৱা তথা বিজ্ঞ জনৰ পৰামৰ্শ আগতীয়াকৈ লোৱাৰ প্ৰয়োজনীয়তাকেই প্ৰতীয়মান কৰিছে৷

বিদেশলৈ যোৱা মানেই, বিদেশত চাকৰি কৰা মানেই আমাৰ সাধাৰণ মানুহৰ মতে তেওঁসকল বহু বেছি অৰ্থৰ অধিকাৰী বা সম্পদশালী৷ বহুতো দেশত টকাৰ বিপৰীতে সেই দেশৰ ডলাৰ বা ইউৰো, ডিনাৰ আদিৰ আন্তৰ্জাতিক বিনিময় মূল্যই নিশ্চয়কৈ টকাৰ সতে তুলনা কৰা গণনাত আয়ৰ পৰিমান বৃদ্ধি কৰে৷ কিন্তু প্ৰৱাসী সকলৰ জীৱন ধাৰাৰ খৰছো সেই অনুপাতেই৷ তাৰোপৰি তাত চলি থকা, সঞ্চয় কৰা, ঘৰলৈ পঠোৱাৰ দা-দ্বায়িত্ব পালনে কম আৰ্জন কৰা সকলক হেঁচা দিয়েই৷ সেই কথাও এটা এৰাব নোৱাৰা কথা৷
লেখাটি প্ৰৱন্ধ ৰূপে কালি উন্মোচন
হোৱা অসম সমাজ কাটাৰৰ
এই স্মৰণিকাতো প্ৰকাশ পাইছে

তথাপি যি সকল আৰ্থিক ভাৱে সফল অসমীয়া আছে তেখেতসকলৰ পৰা অসমৰ জাতীয় স্বাৰ্থৰ বা জাতি-সত্তাৰ ক্ষেত্ৰত কিছু বৰঙণি আৰ্থিক অথবা আন ৰূপত সংগঠন সমূহে নিশ্চয়কৈ আশা কৰে৷ প্ৰৱাসী গুজৰাটী সকলে গুজৰাটৰ সামাজিক অনুষ্ঠানলৈ বৃহৎ বৰঙণি যোগোৱাৰ কথা জনপ্ৰিয় মাধ্যমত এটা বহুল প্ৰচাৰিত আৰু প্ৰশংসনীয় কথা৷

অসমীয়া সকলৰ বিভিন্ন সংগঠনে বিদেশতে বিভিন্ন অসমীয়া উৎসৱ বিহু আদি উদযাপনৰ যোগেদি নিজৰ পা-পৰিয়ালক নৱ-প্ৰজন্মক অসমীয়া কলা-সংস্কৃতিৰ পৰশ দিবলৈ চেষ্টা চলাই আহিছে৷ অসমৰ পৰাও বচা বচা শিল্পীয়ৈ গৈ বিদেশৰ বুকুত অসমীয়া গীত পৰিবেশনৰ সুযোগ পাইছে৷ অসমীয়া জাতি-সত্তাক বিদেশৰ বুকুতো জীয়াই ৰখাৰ এনে চেষ্টা অতিশয় প্ৰশংসনীয় কথা৷

তাৰ উপৰিও বিদেশত পেশাগত সফলতা লভাৰ পাছত অসমী আইৰ প্ৰতি আৰু অসমীয়াৰ প্ৰতি কিছু সামাজিক দায়বদ্ধতা বহুতো অসমীয়াই অনুভৱ কৰে আৰু নিজৰ ব্যক্তিগত উদ্যম তথা সামাজিক সংগঠনৰ যোগেদি তেখেতসকলে নিজৰ কৰণীয় খিনি কৰি আহিছে বুলিয়ে অনুভৱ হয়৷ ফ্ৰেণ্ডছ অৱ আছাম এণ্ড ছেভেন চিৰ্ষ্টাছ নামৰ সংগঠনে এশ গৰাকী শিক্ষাৰ্থীলৈ সৌৰ চাকি বিতৰণ কৰাৰ প্ৰশংসনীয় খবৰ ইতিমধ্যেই সংবাদ মাধ্যম ৰূপে জানিব পাৰিছো৷ 

তেনেদৰে অসমৰ জোঁৱাই মহাকাশচাৰী নাছাত কৰ্মৰত মাইকেল ফিনকেক অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সতে মত-বিনিময় আদিৰ ক্ষেত্ৰতো অসমীয়া প্ৰৱাসী সংগঠনে প্ৰভূত উদ্যোগ গ্ৰহণ কৰি মহাকাশ-বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত বৰঙণি যোগোৱাটো উল্লেখযোগ্য৷ লণ্ডনৰ পৰা "লুইতৰ পৰা টেমচলৈ" বুলি এখন বছেৰেকীয়া আলোচনী দ্বি-ভাষিক ৰূপত প্ৰকাশ পাই আহিছে আৰু ইয়ো এক সমন্বয়ৰ সূত্ৰ ৰূপে পৰিগণিত হৈছে৷ ফ্ৰেণ্ডছ নামৰ ৱেব পৰ্টেলৰ যোগেদিও কেৰিয়াৰ বিষয়ক তথা উত্তৰ-পূৱৰ শিক্ষাৰ্থীক দিশ দিয়াৰ ব্যৱস্থা হোৱা বুলি জানিব পৰা গৈছে৷

ইয়াৰ মাজতে উল্লেখ কৰিব পাৰি যে লণ্ডন নিবাসী অসমীয়া ঋতুৰাজ শৰ্মাৰ উদ্যোগত বেক টু মিউজিক.ইন নামৰ ৱেব চাইটৰ যোগেদি পেশাগত ভাৱে আন কৰ্মত নিয়োজিত সংগীত-শিল্পী সকলক এখন মঞ্চ দিয়াৰ বাবে প্ৰচেষ্টা হাতত লৈছে৷ "অসমী আই তোলৈ মৰম কিমান" নামৰ মিউজিক ভিডিঅ’ৰে কেইবাখনো দেশ, ৰাজ্যত বসবাস কৰা অসমীয়াৰ মাজত এক সমন্বয়ৰ সূত্ৰ তৈয়াৰ কৰিছে৷ প্ৰৱাসী অসমীয়া সংগীত শিল্পী সকলক পেশাৰ পৰা ওলাই আহি নিচাৰ সেই সংগীত জগত খনলৈ ঘূৰাই অনাৰ প্ৰয়াস কৰা বেক-টু-মিউজিকে "গুৱাহাটীৰ সেই দিনবোৰ"কে ধৰি কেইবাটাও গীতেৰে প্ৰৱাসী অসমীয়াৰ মনে-প্ৰাণে অসমীয়া ভাষা-সংগীতৰ লহৰ গুঞ্জৰিত হৈ থকাৰ প্ৰমাণ দাঙি ধৰিছে৷

তাৰোপৰি ডুবাইস্থ অসমীয়াসকলৰ অনুষ্ঠান অসম সমাজ, ডুবাইৰ উদ্যোগত আৰু তাতে কৰ্মৰত চিকিৎসক ডাঃ শান্তি মেধি, বিশ্বজিত ডেকা আদিৰ নেতৃত্বত স্থাপিত হৈছিল ডুবাই ইনিচিয়েটিভ ফৰ আছাম নামৰ সংস্থা৷ এই সংস্থাই অসমত বিভিন্ন জনকল্যাণমূলক আঁচনি গ্ৰহণৰ বাবে আগবাঢ়ি আহিল৷ সেই কামক ৰূপদান কৰাৰ বাবে সহযোগ কৰিবলৈ আগবাঢ়ি আহিল সামাজিক উন্নয়ন খণ্ডৰ অগ্ৰণী অনুষ্ঠান প্ৰদান, উজ্জয়িনী আদিত বিভিন্ন অভিজ্ঞতা লভা তথা য়েল বিশ্ববিদ্যালয়ত এই ক্ষেত্ৰত উচ্চ শিক্ষা লৈ অহা অভিযন্তা ৰাজীৱ লোচন পাঠকে৷ এই উদ্দেশ্যে এই সংস্থাটোক ডেভেলপমেণ্ট ইনিচিয়েটিভ ফ’ৰ আছাম নামেৰে গঢ় দিয়ে৷ তেখেত সকলক সহায় আগবঢ়াবলৈ আগবাঢ়ি আহিল কুৱেইটত কৰ্মৰত দীপক তুমুঙ, দিলীপ কুমাৰ বৰাকে ধৰি বিভিন্ন সুধীজন৷ বেংকৰ চাকৰি ত্যাগ কৰি এই সংস্থাৰ অসমৰ ক্ষেত্ৰভিত্তিক সেৱাৰ বাবে আগবাঢ়ি অহা ডেকা নৰেন্দ্ৰ সিঙৰ সহযোগত এই সংস্থাই বানে গৰকা মাজুলীত বিদেশৰ পৰা পঠোৱা বস্ত্ৰ, কৃষিৰ বীজ আদি বিতৰণ কৰাৰ কাৰ্যসূচী হাতত লয়৷ তাৰোপৰি কৃষক সকলক বানে গৰকা অঞ্চলত পুনৰ কৃষি কাৰ্য গঢ়ি তুলিবলৈকো প্ৰশিক্ষণ আগবঢ়ায়৷

এই সংস্থাই বৰ্তমান জৈৱিক খেতিৰ পাম স্থাপন আৰু বিভিন্ন প্ৰৱাসী অসমীয়াই স্থাপন কৰা দুগ্ধ, মীন প্ৰকল্প আদিক সুচাৰূপে পৰিচালনা কৰাত সহায় কৰি আহিছে৷ বিভিন্ন দেশৰ পৰা অসম আৰু অসমীয়াৰ বাবে কিবা এটা কৰাৰ হেপাঁহ কৰা বিভিন্ন প্ৰৱাসী অসমীয়াই এই সংস্থাৰ একোটা অধ্যায় বিভিন্ন দেশত স্থাপন কৰিছে, এক যোগসূত্ৰ বিচাৰি পাইছে৷ তেখেত সকলৰ মনত পুহি ৰখা হেপাঁহক অসমৰ ৰসাল মাটিত জীপাল ৰূপ দিয়াৰ বাবে সময় আৰু সামৰ্থ এই সংস্থাৰ মাধ্যমত বিচাৰি পাইছে৷

এই বিষয়ে বন্ধুবৰ ৰাজীৱ লোচন পাঠকৰ সতে কথা-বতৰা হওতে তেওঁ প্ৰৱাসী অসমীয়া সকলে এই ক্ষেত্ৰত কেনে ভূমিকা লোৱা উচিত সেই সম্পৰ্কে আলোকপাত কৰে৷ দান-বৰঙণি-চান্দা অপ-সংস্কৃতিত বৰঙণি লোৱা সকল দান কৰা সকলৰ প্ৰতি দ্বায়বদ্ধ নোহোৱা কথাটোৰ কথাও আঙুলিয়াই দেখুৱাই৷ তাৰ বিপৰীতে দেশ বিদেশৰ বহু ধনী পুঁজিপতিয়ে কৰা "ফিলাণ্ট্ৰপিক" মডেল যোগে জনকল্যাণমূলক কামৰ বাবে প্ৰৱাসী অসমীয়া সকল আগবাঢ়ি আহিলে ভাল হব বুলিও মত ব্যক্ত কৰে৷ বৃহৎ পৰিমানৰ দানৰ পৰিবৰ্তে কোনো বিশেষ কামৰ বাবে কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি অহা উদ্যমী যুৱক বা যুৱতীক "গেপ ইয়েৰ"ৰ দৰে সময়ক কাৰ্যকৰী ৰূপত সামাজিক কামত নিয়োগৰ যোগেদি সামাজিকভাৱে দ্বায়বদ্ধ এচাম নৱ-প্ৰজন্মক গঢ় দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে৷ সৰু সৰু সহায়, সৰু সৰু জলপানি, সৰু সৰু কিন্তু সংখ্যাত সৰহকৈ লোক আগবাঢ়ি আহিলে এনে সহায়েই সামাজিক পৰিবৰ্তনত এক অতি যোগাত্মক বৰঙণি যোগাব পাৰিব৷ 

উদাহৰণ স্বৰূপে উত্তম টেৰণৰ নেতৃত্বত স্থাপিত "পাৰিজাত একাডেমী"ত স্বেচ্ছাসেৱক হিচাবে কাম কৰা শিক্ষক সকলৰ নুন্যতম বৰঙণিৰ দ্বায়িত্ব একোজন আগ্ৰহী ফিলাণ্ট্ৰপিকে গ্ৰহণ কৰিব পাৰে৷ বা গাঁৱত বিশেষ কোনো প্ৰকল্পত নিয়োজিত কৰিব বিচৰা কোনো উদ্যমী স্বেচ্ছাসেৱকৰ নুন্যতম জলপাণিও এনে এক উদাহৰণ হব পাৰে৷ এনে বৰঙণি খুবেই সামান্য কিন্তু নিয়মিত হোৱাটো উচিত৷ এনেদৰেই সৰু সৰু অৰিহণাৰে এক জন-জাগৰণৰ সৃষ্টি কৰিব পৰা পৰিবৰ্তনকামী কৰ্মদল সৃষ্টি কৰাৰ সম্ভাৱনীয়তা আজিৰ সময়ৰ এক প্ৰয়োজনীয় আহ্বান৷ আৰ.টি.আই বা আন জনকল্যাণমূলক আঁচনিৰ সুফল দুৰ্নীতি নোহোৱাকৈ প্ৰকৃত হিতাধিকাৰীক প্ৰদানৰ বাবেও এনে কৰ্মদলে এক প্ৰকল্প হাতত লৈ আদৰ্শ দেখুৱাব পাৰে৷

তাৰোপৰি, প্ৰবাসী অসমীয়াৰ সতি-সন্ততিয়ে অসমলৈ আহি শুদ্ধ অসমীয়াত কথা-বতৰা হৈ ৰাইজক এক চমক দিব বুলিও আশা পোষণ কৰে৷ সেয়া ককা-আইতা সকলৰ চকুপানী বোৱাই দিব পৰা এটা আবেগিক কথা বুলি প্ৰৱাসী সকলে হৃদয়ংগম কৰিবলৈ ইয়াৰে অনুৰোধ জনালো। 

প্ৰবাসী অসমীয়াই অসমৰ ৰাজনৈতিক উত্থান পতন তথা আঞ্চলিকতাবাদী সপোনকো ইন্ধন যোগোৱাৰ ইতিহাস কাৰো অজানা নহয়৷ কিন্তু বৰ্তমানৰ পৰিস্থিতিত আবেগেৰে নহয়, যুক্তিৰে আৰু সু-পৰিকল্পনাৰে সামাজিক পৰিকাঠামোৰ ওপৰত সু-নিৰ্দিষ্ট প্ৰভাৱ সৃষ্টিকাৰী যোগাত্মক কাৰ্যসূচীতহে বিশ্বৰ সমুখত উন্নত মানৱ সম্পদৰূপে নিজকে প্ৰমাণ কৰা এইসকল প্ৰৱাসী অসমীয়াই হাত উজান দিব লাগিব৷ আৰু অসমৰ ৰাইজক উন্নত বিশ্বত বসবাস কৰি, শৈক্ষিক আৰু কৰ্মজীৱনত আহৰণ কৰা বিভিন্ন জ্ঞান আৰু দিশেৰে আলোকিত কৰি উজ্জ্বল ভৱিষ্যতৰ পথ দেখুৱাব লাগিব৷


সেয়ে কব পাৰি, প্ৰৱাসী অসমীয়াৰ ওপৰত আজিৰ অসমীয়াৰ আশা-প্ৰত্যাশাৰ পৰিমান সঁচাই বহুত৷

1 comment: