Friday, November 15, 2013

বিশেষ লেখাঃ

নিমাখিত মানুহ,ফেশ্যন সাহিত্য ইত্যাদি
হেমচন্দ্ৰ দত্ত

সৰুতে পঢ়া এটা সাধুলৈ মোৰ প্ৰায়ে মনত পৰে। এখন দেশত এজন ৰজা আছিল। ৰজাৰ দুগৰাকী ৰাণী। প্ৰথমগৰাকী দেখাত অতি নিমাখিত, গহীন-গম্ভীৰ। কথাবোৰ জুখি-মাখি কয়। যেন জ্ঞানৰ ভৰত দোল খাই থকা গছৰ পকা ফল। দ্বিতীয়গৰাকী ৰাণী আছিল প্ৰাণচঞ্চল, ৰাংঢালী। যেন এখন চপলা নৈ। জানো কি হ’ল! ৰজাই প্ৰথমগৰাকী ৰাণীক বেছিকৈ মৰম কৰিবলৈ ল’লে। বিশ্বাসো কৰে দ্বিতীয়গৰাকীতকৈ অধিক। ৰজাই যে প্ৰথমগৰাকী ৰাণীক অধিক বিশ্বাস কৰে, মৰমৰ চকুৰে চাই এই কথাটোৱে অধিক দুখ দিবলৈ লয় ৰাজপ্ৰাসাদৰ লগোৱা-লিগিৰীসকলক। কিয়নো বাহিৰত অতি নিমাখিত আৰু গহীন-গম্ভীৰ যেন লগা এই ৰাণীগৰাকী আছিল ভিতৰি মহা দুষ্ট আৰু চঞ্চল। দেশৰ সেনাপতিৰ সৈতে তেওঁৰ পৰকীয়া প্ৰেমৰ সৰ্ম্পক আছিল। ৰজাই সেই কথা গম পোৱা নাছিল। গম পাইছিল ৰাজ-প্ৰাসাদৰ লগুৱা-লিগিৰীসকলেহে।
 
এনেতে এটা ঘটনা ঘটিল। ৰজাৰ ব্যক্তিগত কোঠাত থকা সোনৰ হাৰ এডাল হঠাতে নোহোৱা হ’ল। ৰাজপ্ৰাসাদত হুৱা-দুৱা লাগিল। পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে, ৰজাই ভাৱি ল’লে যে দ্বিতীয়গৰাকী ৰানীয়ে তেওঁৰ হাৰডাল চুৰি কৰিছে কিয়নো তেওঁ অতি চঞ্চল, আৰু চঞ্চল মানুহে যিকোনো কামকে কৰিব পাৰে বুলি ৰজাৰ ধাৰণা। ৰজাই গোটেই ৰাজ-প্ৰাসাদত খানা-তালাচ কৰিবলৈ নিদেৰ্শ দিলে। আশ্চৰ্যজনকভাৱে এই তালাচীত কিন্তু অপ্ৰত্যাশিত ফলহে ওলাল। হাৰডাল পোৱা গ’ল ৰজাৰ অতি মৰমৰ, বিশ্বাসী, প্ৰথমগৰাকী ৰাণীৰ কোঠাতহে। এই কথাত অতি টিঙিৰি-তুলা হৈ পৰিল নিমাখিত ৰাণী। প্ৰকাশ্যে অভিযোগ আনিলে যে এয়া তেওঁৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ। আৰু এই ষড়যন্ত্ৰৰ পিছত আছে চঞ্চল দ্বিতীয়গৰাকী ৰাণীৰ হাত।
হতবাক হৈ পৰিল লগুৱা-লিকচৌসকল।

 
সিহঁতৰ মাজৰে এজনী লিগিৰীয়ে প্ৰথমগৰাকী ৰাণীয়ে নিজে সেই হাৰডাল ৰজাৰ ব্যক্তিগত কোঠাৰ পৰা নিজৰ কোঠালৈ নিয়া দেখিছিল। তাই বুকুত অকনমান সাহস গোটাই আগবাঢ়ি গৈ ৰজাক ক’লেগৈ যে এই চুৰি-কাৰ্যৰ সৈতে দ্বিতীয়গৰাকী ৰাণী জড়িত নহয়। তাই নিজে প্ৰথমগৰাকী ৰাণীয়ে সেই হাৰডাল ৰজাৰ কোঠাৰ পৰা উঠাই নিয়া দেখিছে।

 
লিগিৰীজনীৰ সেই সাহস আৰু সততাই তাইৰ কাল হ’ল। লহমাৰ ভিতৰতে ৰজাই তাইক প্ৰাণদণ্ডৰে দণ্ডিত কৰিবলৈ সেনাপতিক নিৰ্দেশ দিলে।

 
খুব চমুকৈ সাধুটো আছিল এনেধৰনৰ। জীৱনৰ বিভিন্ন আলি-দোমোজাত ঠিয় হলেই মোৰ এই লিগিৰীজনীলৈ মনত পৰে। বিনা দোষত তাই মৃত্যুক সাৱটি লবলগীয়া হোৱা কথাটোৱে মোক প্ৰায়ে দুখ দিয়ে। মই জানো এইটো এটা সাধু। হলেও সাধুটোৰ এক বাস্তৱিক ভেটি নথকা নহয়। এই লিগিৰীজনী অংকত বৰ কেচা আছিল। তাই ভাৱি লৈছিল যে সততাই শক্তি। তাইৰ সীমিত জ্ঞানেৰে এবাৰো ভাৱিব পৰা নাছিল যে সততাই শেষ কথা নহয়। অন্ধ প্ৰেম আৰু আবেগৰ সন্মুখত সততাৰ শক্তি কেতিয়াবা নোহোৱা হৈ পৰে। লগতে এই সাধুটোৱে এই কথাও শিকাই যে সভ্যতাৰ ইতিহাসত এই লিগিৰীজনীৰ নিচিনাকৈ কিমান নিদৰ্দাষী মানুহে ৰজা বা শক্তিধৰসকলৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হৈছে ,তাৰ হিচাপ নাই। তেওঁলোকৰ এটাই অপৰাধ। সেয়া হ’ল তেওঁলোক অংকত তেনেই কেঁচা, যাৰ ফলত এই গপ্লৰ লিগিৰীজনীৰ নিচিনাকৈ নিজৰ সততাক প্ৰদৰ্শন কৰিবলৈ গৈ ‘নিমাখিত’ মানুহৰ অনন্ত শক্তি আৰু অপাৰ মহিমাৰ সন্মুখত তেনেই অসহায় হ’বলগীয়াত পৰে। 

 
সভ্যতাৰ ইতিহাসত ৰজাৰ বীৰত্বৰ কাহিনী অনেক লিখা আছে। লিখা আছে তথা-কথিত ‘নিমাখিত’ এই ৰানীজাতীয় চৰিত্ৰবোৰৰ কথাও। কেৱল লিখা হোৱা নাই এই লিগিৰীবোৰৰ কাহিনী, যি সততাৰ বলেৰে জগতক জিনিব খোজে। অথচ সমাজৰ পৰা উপহাৰ পাই মৃত্যু অথবা চৰম গ্লানিৰ।

 
এই লিগিৰীজনীৰ নিচিনাকৈ অংকত মই সদায় কেঁচা হৈ ৰ’লো। বিদ্যায়তনিক কিম্বা ব্যক্তিগত কোনো এখন ক্ষেত্ৰতে একো পাৰদৰ্শিতা প্ৰৰ্দশন কৰিব পৰা নাই কেৱল অংকত অপৰিপক্ক হোৱাৰ বাবে। ফলত কেতিয়াবা অপৰিমেয় গ্লানিৰ মুখামুখী হওঁ। যোগ বিয়োগৰ অপ্ৰত্যাশিত ফলে আতংকিত কৰি তোলে জীৱন। তাতে কেতিয়াবা লগ পাই যাওঁ কেতবোৰ ‘নিমাখিত’ জাতীয় মানুহ, যাৰ বাহ্যিক সৰলতাত মুগ্ধ হওঁ। তেওঁলোকৰ মুখেৰে নিগৰিত হোৱা প্ৰতিটো কথাকে বাস্তৱ সত্য বুলি ভাৱো। কিন্তু আপোন স্বাৰ্থ সিদ্ধি হোৱাৰ পিছত বা কেতিয়াবা সেই প্ৰয়াসত হাত উজান দিবলৈ অপাৰগ হ’লে তেওঁলোকৰ কদৰ্য মুখবোৰ অতি উদগ্ৰভাৱে প্ৰকট হৈ পৰে। তেতিয়াই গম পাই যাওঁ যে এটা অংক অশুদ্ধভাৱে পাতি কৰি আছিলো অত দিনে! অৱশ্যে মোৰ বিৰুদ্ধে প্ৰাণদণ্ডৰ আদেশ এতিয়াও কোনেও দিয়া নাই এথোন! হলেও মাজে সময়ে কেতিয়াবা ভাৱো প্ৰাণদণ্ডৰ সম-পৰ্যায়ৰ অন্য শাস্তিৰে মই দণ্ডায়িত হৈছো নেকি বাৰু ? ‘নিমাখিত’ যেন লগা এচাম মানুহৰ কুশল অভিসন্ধিৰ বতাহে স্পৰ্শ কৰিছে নেকি বাৰু আমাৰ সভ্যতাৰ বাতায়ণ ? এই প্ৰশ্নৰ উত্তৰো মোৰ হাতত নাই, কিয়নো মই অংকত বৰ কেঁচা।

 
তথাপি জীৱন চলি থাকে নিজস্ব গতিত, আপোন ছন্দত। ভাল পাওঁ জীৱনক। ভাল পাওঁ মানুহ। প্ৰেমত পৰো নদীৰ। জীৱনত কি পালো বা কি হেৰুৱালো, তাৰ হিচাপ নিকাচ কৰি সময় নিওৱাতকৈ জীৱনৰ আন এক তৰংগ, আলোকময় সত্বাৰ প্ৰতি আৰ্কষণ অনুভৱ কৰো প্ৰতিপলে-অনুপলে। সকলো পাৰ্থিৱ তুচ্চতা, আৰু ‘নিমাখিত’ মানুহৰ মায়াৱী প্ৰপঞ্চক অতিক্রম কৰি আলোকৰ পথত অগ্ৰসৰ হোৱাৰ সপোন দেখো।

 
পিছে কি যে বিধিৰ বিড়ম্বনা ! সকলোতে আজিকালি সেই ‘নিমাখিত ৰাণী’ গৰাকীৰ নিচিনা অসৎ চৰিত্ৰৰ মানুহৰে ভিৰ। অভিনয় বিদ্যাৰ সুবাদত তেওঁলোকে গঢ়ি তোলে একোখন বিচিত্ৰ সাম্ৰাজ্য। শব্দৰ জগত প্ৰতিক্ষণে কলুষিত হয় তেওঁলোকৰ ‘মায়াৱী’ শব্দৰূপী অস্ত্ৰৰ জন-জনণিত। এতিয়া ৰজাৰ দিন নাই। গোলকীয় পৃথিৱীত তাহানিৰ ৰজাৰ আসন দখল কৰি বহিছে এচাম শক্তিধৰ পুৰুষে, যাক অতি সহজে নিয়ন্ত্ৰণত ৰাখিব পাৰে এই ‘নিমাখিত’ পুৰুষ কিম্বা নাৰীসকলে। কিয়নো এই শক্তিধৰসকলৰ দুৰ্বলতা ক’ত, কেনেকৈ তেওঁলোকক আবেগিকভাৱে পৰিচৰ্যা কৰিব পাৰি, সেই কথা তেওঁলোকে জানে। তাৰ অৰ্থ হ’ল মই সৰুতে পঢ়া এই সাধুটোৰ প্ৰাসংগিকতা এতিয়াও আছে। কোৱা বাহুল্য যে ওপৰৰ সাধুটোত কৈ অহা প্ৰেমান্ধ ৰজা আৰু নিমাখিত ৰাণীগৰাকী সাম্প্ৰতিক জীৱন-চৰ্যাৰে দুটা অশুভ প্ৰতীক।

সাফল্যৰ জখলাত বগোৱাৰ দুৰন্ত হেপাহ চৰিত্ৰাৰ্থ কৰিবলৈ নিমাখিত যেন লগা এচাম মানুহে নিখুত অভিনয়েৰে ষড়যন্ত্ৰত নামে মানৱতাৰ বিৰুদ্ধে, সততাৰ প্ৰতীক সেই লিগিৰীজনীৰ বিৰুদ্ধে। তেওঁলোক অভিনয়ত পাৰ্গত। সেয়ে তেওঁলোকক ইমান সহজে ধৰিব নোৱাৰি। বাহিৰত মানুহক দেখুৱাই তেওঁলোকে গায় ‘‘ আন্তৰিক, আলোকৰ যাত্ৰা’’ ৰ প্ৰশস্তি। অথচ তেওঁলোকৰ মাজত এনে নাৰী আৰু পুৰুষো আছে, যি সামান্য সুৰুঙা পালেই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে সকলো নৈতিকতাক জলাঞ্জলি দিব পাৰে। নাঙঠ হ’ব পাৰে নিলজ্বভাৱে। এনে বহু পুৰুষ আৰু নাৰীক অতি কাষৰ পৰা দেখাৰ পিছত ভাৱ হয় তেওঁলোকৰ মুখাবোৰ খুলিবলৈ গলেই যেন মোৰো এই লিগিৰীজনীৰ দশাই হ’ব। কিয়নো সততাৰ বাদে মোৰ হাতত অন্য একো অস্ত্ৰ নাই, যি অন্ধ আবেগৰ প্ৰাচীৰ ভাঙি মানুহক সত্যৰ মুখামুখী কৰোৱায়। ৱাৰেন বুফেটে এষাৰ অতি মূল্যৱান কথা কৈছিল। তেওঁ কৈছিল, ‘‘ সততা এক উৎকৃষ্ট উপহাৰ। সস্তীয়া মানুহৰ পৰা ইয়াক আশা কৰিব পৰা নাযায়।’’ এনে গুণ ‘নিমাখিত’ ৰাণীৰ গাত নাথাকে, থাকে খাটিখোৱা লিগিৰীৰ মাজত।




শেহতীয়াকৈ সাহিত্য- সংস্কৃতিৰ জগতখনত এনে মানুহৰ বৰ্ধিত দপদপনি দেখি মই আতংকিত হৈ পৰিছো। লগতে নিজকে প্ৰশ্ন কৰিছো এয়াই মানৱতা নে? ৰাজহুৱা ধনৰ শৰাধ কৰা লেখকে যেতিয়া নৈতিকতাৰ জয়ঢোল কোবাই সমাজ সংস্কাৰৰ কথা লিখে, তেতিয়া ভাবো বেশ্যাৰ হাতত দেশখন বন্ধকত থোৱা হ’ল নেকি বাৰু ? 

 
এনে প্ৰেক্ষাপটতে নিজকে নিজে কেতিয়াবা প্ৰশ্ন কৰো ক) মইনো লিখো কিয়? খ) ইমানবোৰ শক্তিশালী লেখক-লেখিকাই যেতিয়া ‘নিমাখিত’ মানুহৰ ষড়যন্ত্ৰৰ জেৰ ফালি সত্যক পোহৰলৈ আনিবলৈ চেষ্টা কৰিও প্ৰায়ে বিফল হৈছে বা তেওঁলোকৰ বৰ্ধিত আগ্ৰাসনক ৰোধ কৰিব পৰা নাই, তেনে এক প্ৰেক্ষাপটত মোৰ দৰে শক্তিহীন, মগজুত ‘বিশেষ মাল নথকা’ লেখকে কাৰোবাৰ কিবা হিত সাধ্বি পাৰিম নে ?

 
এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ যাওঁতে বাৰে বাৰে মই উজুটি খাওঁ। মুখামুখী হওঁ সেই প্ৰশ্নৰ - লেখকে লিখে কিয় ?

 
যশস্বী কথা-শিপ্লী, সাহিত্যিক হোমেন বৰগোহাঞিয়ে তেখেতৰ একাধিক ৰচনাত এই প্ৰশ্নটো অৱতাৰণা কৰিছে আৰু তাৰ উত্তৰো দিছে নিজৰ ধৰনেৰে। কবি Rainer Maria Rilke ই তেওঁৰ বহু-পঠিত গ্ৰন্থ Letters to a young poet ত এই প্ৰশ্নটোৰ উত্তৰ অতি প্ৰাঞ্জল ভাষাত উপস্থাপন কৰিছে। তেওঁ লিখিছে ‘‘ লেখাৰ ক্ষেত্ৰত আপোনাক কোনো ব্যক্তিয়ে পৰামৰ্শ দিব নোৱাৰে অথবা সহায় কৰিব নোৱাৰে কোনেও নোৱাৰে । এটা কামেই আছে, যিটো আপুনি কৰাটো উচিত হ’ব। আপোনাৰ আত্মাৰ ভিতৰলৈ প্ৰৱেশ কৰক। বিচাৰি উলিয়াওক সেই যুক্তিবোৰ, যিবোৰে আপোনাক কলম ধৰিবলৈ এক প্ৰকাৰ নিৰ্দেশ দিয়ে। চাওঁকচোন সেই শিপাডালে তাৰ পোঁখা আপোনাৰ হৃদয়ত প্ৰসাৰিত কৰিব পাৰিছে নে নাই। নিজৰ ওচৰতে স্বীকাৰ কৰক লিখিবলৈ মানা কৰিলে আপোনাৰ মৃত্যু ঘটিব নেকি ? গভীৰ নিশা নিজকে সোধক মই লিখিব লাগিবই নে ?’

 
দৈনিক বাতৰি কাকতত যিমানবোৰ লেখা প্ৰকাশ হয়, তাৰে গৰিষ্ঠ সংখ্যক লেখা পঢ়ি কিন্তু মনে নধৰে যে আসন্ন মৃত্যুৰ পৰা পৰিত্ৰাণ পাবলৈয়ে সংশ্লিষ্ট লেখকজনে কলম তুলি লৈছে। নিলিখিলে থাকিব নোৱাৰা বেদনাৰ পৰা পৰিত্ৰাণ পাবলৈয়ে শব্দ-শিপ্লৰ আশ্ৰয় লৈছে। নিজৰ সৰ্বগুণী স্বামীৰ বদনাম ৰতি আন কাৰোবাৰ মৰম বা সান্নিধ্য বিচাৰি ব্যাকুল হোৱা কলমধাৰী নাৰী লগ পোৱাৰ পিছত স্বাভাৱিকতে মনলৈ প্ৰশ্ন আহে ক) লেখা-মেলা কৰাটো এটা ফেশ্যনহে নেকি ? খ) লেখকৰ ব্যক্তিগত নৈতিকতা লেখাৰ প্ৰসংগত গুৰুত্বপূৰ্ণ কথা নহয় নেকি ? গ) নে নৈতিকতাশূন্য মানুহৰো কলমৰ যোগেদি মানৱতাৰ প্ৰশস্তি গোৱাৰ অধিকাৰ কণ আছে? 

 
আকৌ কওঁ মই এই প্ৰশ্নবোৰৰ উত্তৰ এতিয়াও বিচাৰি উলিয়াব পৰা নাই । হয়তো অংকৰ জ্ঞান কম হোৱাৰ বাবেই মোৰ এই দশা। তথাপি মই শব্দৰ প্ৰেমত পৰো। মহৎ গ্ৰন্থৰ মাজেদি ফুটি উঠা মানৱতাৰ জেউতিত উদ্বেলিত হওঁ। আশা আৰু প্ৰাৰ্থনা কৰো যে শব্দই মানৱ-মুক্তিৰ পথ এদিন প্ৰশস্ত কৰি তুলিব। Rainer Maria Rilke ৰ দৰে ময়ো আশাবাদী যে একমাত্ৰ হৃদয়ৰ তাড়নাত লিখা গ্ৰন্থইহে আমাক পোহৰৰ বাট দেখুৱাব, ফেশ্যন-সাহিত্যই নহয়।

No comments:

Post a Comment