ৰাইজৰ ৰসাল দাবী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাইজৰ ৰসাল দাবী

ৰাইজৰ ৰসাল দাবী

Share This
ৰস ৰচনাঃ
আজিৰ দাবীঃ পৰিবহন নিগমক চৰকাৰী বিভাগৰ দৰে চলিবলৈ দিয়ক!


কালি পৰিবহন নিগম কৰ্মচাৰী সংস্থাই নিগমটোক চৰকাৰী বিভাগৰ দৰে চলিবলৈ দিবলৈ কাতৰ গোহাৰি জনাই নিজৰ সংগ্ৰাম প্ৰৱল কৰি তুলিছে ৷ 

এতিয়া কোম্পানীৰ দৰে চলিবলৈ দিয়া বাবে বাচ চলাব লগা হয়, টিকেট বেচিব লগা হয়, তাৰ পৰা আৰ্জন কৰিব লগা হয়৷ সেয়ে কৰ্মচাৰী সকলৰ দুৰ্গতিৰ সীমা নাথাকে৷ সেয়ে আন আন চৰকাৰী বিভাগৰ দৰেই সম-মৰ্যদা প্ৰদান কৰিবৰ বাবে কৰ্মচাৰীসকলে দাবী জনাইছে৷ 

পৰিবহন কৰ্মচাৰীয়ে কিয় ইনকাম কৰি দৰমহা লব? আন বিভাগৰ দৰে পৰিবহন আঁচনিৰ ধন দিয়ক, মাত্ৰ খৰছ কৰাৰ নামত আলাসতে ধন ঘটিব৷ বহি বহি দৰমহা লব, ঘোঁচ খাই ঠেঙত ঠেঙ তুলি লাইফটো এনজয় কৰিব  আৰু চৰকাৰী চাকৰি কৰা সূত্ৰে এয়া এক জন্মগত অধিকাৰ বুলি সংস্থাই দাবী কৰিছে ৷

তেখেতলোকৰ বৈজ্ঞানিক বিশ্লেষণযুক্ত বাখ্যামতে, বেলেগ বিভাগত যেনে জনস্বাস্থ্য কাৰিকৰীকে লওক, তেওঁলোকে কিবা পানী যোগান দি পানীৰ পইচা ৰাইজৰ পৰা তুলি দৰমহা লয়নে? নে মাথাউৰি চিগিল বুলি জলসম্পদ বিভাগৰ কৰ্মচাৰী বিষয়াৰ দৰমহা বন্ধ হয়? বা কটা যায়? 

কৃষি বিভাগ প্ৰথমেই টেক্টৰ দিওতেও কমিচন লয়, পাছত কি খেতিৰ ধন কাঢ়ি আনি চাবচিডি পূৰ কৰে নেকি?

ট্ৰাইবেল ডেভেলপমেণ্টৰ বাবে গাহৰি পুহিবলৈ টকা দিয়ে, সেই টকা চৰকাৰে ঘূৰাই লয় নে? নে গাহৰি বিকা পইচাৰে সেই বিভাগৰ মানুহে দৰমহা লয়৷

গুৱাহাটী পৌৰ নিগমৰ মানুহে কি অনিল নগৰৰ পানীত ডুব গ’লে বা মহানগৰী ৰঙাপানীৰ তলত থাকিলে, দৰমহা নাপায়৷ নে গুৱাহাটীৰ মানুহে গা-ধুবলৈ খাবলৈ পানী নাপালে দৰমহা নাপায়? ৰাইজৰ, দেশৰ দহৰ যি বিলাই বিপত্তি নহওক কিয় চৰকাৰী কৰ্মচাৰীয়ে দৰমহা পাবই লাগিব৷ এয়া এক স্বতঃসিদ্ধ কথা ৷

পৰিবহন নিগমৰ কৰ্মচাৰী সকলক বিভাগৰূপে ঘোষণাৰ দ্বাৰা চৰকাৰৰ ঘৰৰ কাম কৰা সকলক এক সমমৰ্যদা প্ৰদানৰ মানৱীয়তা দেখুৱাবলৈ সংস্থাই কাতৰ অনুৰোধ কৰে ৷ এতিয়াটো পৰিবহন নিগমৰ সকলো আস্থান, সম্পত্তি প্ৰাইভেট বাচেই ৰমৰমীয়া ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰি আছে৷ পাব লগা ওপৰৱালাই কমিচন ঠিকেই পাই আছে৷

মাত্ৰ দুৰ্ভোগ ভূগিছে আমাৰ দৰে সাধাৰণ কৰ্মচাৰী সকলে ৷ দৰমহা সঠিক সময়ত নাপায়৷ গাড়ীত যাবলৈকো কৰ্মচাৰী অনুপাতে চলি থকা গাড়ী নাই৷ গাড়ীত গ’লে যি কেইটা টকা উপাৰ্জন হয়, তাকেই বাহিৰা উপাৰ্জন বুলি সামৰি সুতৰি লৈহে কোনোমতে কৰ্মচাৰী সকলে পৰিয়াল পৰিজন লৈ চলি আছে৷ পিছে এনে দিন কিমান দিনলৈকে চলি থাকিব, সেই প্ৰশ্নকে লৈ সংস্থাই এতিয়া হাহাঁকাৰ কৰি উঠিছে ৷

অশেষ গৱেষণা, ঘূৰণীয়া মেজমেল, ধাবাত পানীয় সেৱনৰ পাছত সৃষ্টিশীল হৈ উঠা মনৰ আলোচনাৰ পৰা তেখেতলোকে কেতবোৰ দাবী স্মাৰক পত্ৰত উল্লেখ কৰিছে৷ তাৰ বাবে চৰকাৰ, তথা ৰাইজকো সজাগ হৈ দলে বলে দাবীৰ প্ৰতি সমৰ্থন দি পৰিবহন নিগম চৰকাৰী বিভাগৰ দৰে চলাবলৈ দিবলৈ অনুৰোধ জনাইছে ৷

পৰামৰ্শৱলীঃ
১. চৰকাৰে ৰাইজৰ পদূলিত ৰাইজৰ বাচ আঁচনিত বাজেটত ধন ধাৰ্য কৰক৷ পৰিবহন বিভাগে গাড়ী কিনিব৷ কমিচনৰ অংকৰ পৰা মন্ত্ৰী আৰু কৰ্মচাৰী সংঘই পূজাৰ বানচৰ যোগাৰ কৰি লব পাৰিব৷

২. গাড়ী কিনি দিয়াৰ লগতে চলাবলৈ বিনামূলীয়া তেল, বিনামূলীয়া টায়াৰ আদি আনুষংগিক খৰছ ড্ৰাইভাৰ কণ্ডাক্টৰক চৰকাৰে হাতে হাতে দিব লাগিব ৷

৩. ৰাইজৰ পদূলিয়ে পদূলিয়ে ৰৈ ৰাইজক সস্তা দামত বা বিনামূলীয়াকৈ এইবোৰ গাড়ীৰে পৰিবহন কৰিব৷ চৰকাৰী মিটিলৈও মানুহ টানিব!

ৰাইজে উঠিলে উঠিল নুঠিলেও খালী গাড়ী চলিব৷ গাড়ীৰ ওপৰত মাল তুলিলে তাৰ ভাড়াটো বাহিৰা ইনকাম হিচাবে গণ্য কৰা হব ৷

৪. গাড়ী নচলিলেও কোনেও কাকো বাধ্য কৰাব নোৱাৰিব, দৰমহা প্ৰতি মাহৰ ৩০তাৰিখে এটিএমত জমা হব লাগিব ৷

৫. গাড়ী ধুৱা, মেণ্টেইনেইঞ্চ কৰা আদিৰ কাম প্ৰাইভেট পাৰ্টিৰ দ্বাৰা চৰকাৰে কৰি দিব লাগিব৷ ইয়াৰ দ্বাৰা বহুজনে নতুন নিযুক্তি পাবলৈ সক্ষম হব ৷

৬. বিহুৱে পূজাই চৰকাৰী গাড়ী বন্ধ থাকিব৷ চৰকাৰী বন্ধৰ দিন, অসম বন্ধ আদিতো সকলোৱে আৰাম কৰাৰ দৰে পৰিবহন কৰ্মীৰো ঘৰতে আৰাম কৰাৰ পূৰ্ণ অধিকাৰ থাকিব ৷

৭. পূজাৰ বোনাচ, বিহুৰ বোনাচ, ঈদৰ বোনাচ আদিৰ লগতে ভৱিষ্যত নিধিৰ ধন, স্বাস্থ্যসেৱা আদি ফ্ৰী কৰা হওক৷

মুঠতে আন সকলো বিভাগৰ দৰে মাত্ৰ চৰকাৰী ধন আহিব, কৰ্মচাৰী বিষয়াই আৰামত বহি খৰছ কৰিব, তেনেকুৱা ব্যৱস্থা কৰক৷ এই বিভাগত কষ্ট কৰি চাকৰি পোৱাৰ পাছত যাতে আকৌ কাম কৰি কষ্ট পাব লগা নহয় সেয়া নিশ্চিত হওক৷ কিছু লোকক কষ্ট দি টকা ঘটি আনিবলৈ বুলি বাধ্য কৰোৱাটো কোনো পধ্যেই নচলিব, আৰু কৰ্মচাৰী সকলক লৈ এনে ব্যৱসায়ৰ কথা সপোনতো যাতে চৰকাৰে দুনাই চিন্তা নকৰে, সেয়া স্পষ্ট হব লাগিব ৷

মুঠতে পৰিবহন নিগমকো চৰকাৰী বিভাগৰ দৰে চলিবলৈ দি ৰঙাবাচত লালবাতি জ্বলাৰ ব্যৱস্থা কৰক৷

No comments:

Post a Comment