অসমীয়াৰ সুখ দুখৰ কথা-বাৰ্তাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়াৰ সুখ দুখৰ কথা-বাৰ্তাঃ

অসমীয়াৰ সুখ দুখৰ কথা-বাৰ্তাঃ

Share This
বিশিষ্ট চিন্তাবিদ যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ সতে
অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভৱিষ্যত সন্দৰ্ভত

সুখ দুখৰ প্ৰশ্নঃ গুৱাহাটী মহানগৰীৰ পৌৰসভাৰ নিৰ্বাচনৰ দুই-তিনিদিন পূৰ্বে লক্ষণীয়ভাৱে অসমৰ সাতজন বুদ্ধিজীৱি স্বাক্ষৰিত এক আহ্বানে সংবাদ মাধ্যমত শিৰোনামা লাভ কৰিলে৷ তেখেত সকলে ৰাইজক আঞ্চলিকতাবাদী শক্তিক শক্তিশালী কৰি তুলিবলৈ আহ্বান জনালে৷ এই শক্তিশালী কৰি তুলিবলৈ আহ্বান জনোৱা আঞ্চলিকতাবাদী শক্তিটো কোনটো বা কাৰ নেতৃত্বত ইয়াক সৱল কৰি তুলিবলৈ আহ্বান কৰা যেন অনুভৱ হ’ল৷
বৰগোহাঞিদেৱৰ উত্তৰঃ অসম গণ পৰিষদক মানুহে অসমৰ মানুহে আজিৰ তাৰিখত প্ৰায় বৰ্জন কৰিছে৷ প্ৰথম কথা হ’ল বৰ্তমানৰ নেতৃত্বই তেওঁলোকৰ কথা-কামৰ মাজেৰে অসমৰ প্ৰগতিৰ বাবে একো এটা নিদৰ্শন দেখুৱাব পৰা নাই৷ দ্বিতীয় কথা,  সেই গুপ্ত হত্যাৰ ঘটনাক এতিয়াও মানুহে ক্ষমা কৰিব পৰা নাই৷ আৰু তৃতীয়তে বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাটোক লৈ কোনো ধৰণৰ সমাধানমূলক কামৰ নিদৰ্শন তেওঁলোকে দেখুৱাব নোৱাৰিলে৷ সেয়ে বৰ্তমানৰ অগপ দলৰ নেতৃত্বক এক কথাত মানুহে বৰ্জন কৰিছে৷

উপৰোক্ত আহ্বানৰ কথা যি উল্লেখ কৰিছা, তাত সেইসকল বুদ্ধিজীৱিয়ে পৰোক্ষভাৱে সংস্কাৰৰ মাজেৰে অগপ দলকে শক্তিশালী কৰাৰ কথা কোৱা বুলি অনুভৱ হৈছে৷ যিহেতু নগেন শইকীয়া নিজে  ৰাজ্যসভাৰ সাংসদ হৈছিল, তেখেতৰ সাক্ষৰিত পত্ৰই সেইদলকে শক্তিশালী কৰিবলৈ আহ্বান কঢ়িয়াই অনাৰেই ইংগিত দিয়ে৷

তেখেত সকলে আন বিকল্প নেতৃত্বৰ নাম উল্লেখ নকৰিলে, সেয়ে নতুন কোনো  বিকল্প শক্তিশালী আঞ্চলিকতাবাদী শক্তি গঢ়ি তোলাৰ কথা কোৱা হেন হোৱা নাই৷ মাত্ৰ আঞ্চলিকতাবাদী শক্তিৰ ৰূপত সক্ষম দলৰ প্ৰয়োজনীয়তাৰ কথাহে দোহাৰিছে ৷ আৰু বুদ্ধিজীৱি হিচাবে নিৰপেক্ষ মতামতত সেই কথা শুদ্ধ৷

 কিন্তু অগপ দলটোৰ বৰ্তমানৰ নেতৃত্বই পদ এৰি দি ত্যাগৰ মনোভাৱেৰে নতুনক দ্বায়িত্ব প্ৰদানেৰে দলটোক শক্তিশালী বা আমূল সংস্কাৰ কৰাৰ কোনো মন থকাৰ আগ্ৰহ আজিও প্ৰকাশ হোৱা নাই৷ বৰং প্ৰফুল্ল মহন্তই নেতৃত্ব এৰিবলৈ মন নকৰা কথাটোৱে দলটোৰ ক্ষতি সাধন কৰিছে ৷

মইতো প্ৰৱন্ধত লিখিছোও, এতিয়া অগপৰ প্ৰায় ১১জন জ্যেষ্ঠ নেতৃত্বই পদত্যাগ কৰিলেহে তাত নতুন সকলৰ অন্তভুৰ্ক্তিৰে তাৰ পুনৰ গঠন তথা শক্তিশালী ৰূপত মূৰ দাঙি উঠাটো সম্ভৱ হব ৷ কিন্তু তালৈ দলৰ নেতৃত্ব লবলৈ আজি কোনো যাব নিবিচাৰে, সেয়াও এক লক্ষণীয় কথা ৷

সুখ দুখৰ প্ৰশ্নঃ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত অগপৰ শোচনীয় পৰাজয়, আঞ্চলিকতাবাদী ৰাজনীতিৰ প্ৰতি কি সংকেত বহন কৰিছে৷ 

বৰগোহাঞিদেৱৰ উত্তৰঃ আচলতে গুৱাহাটী লোকসভাৰ আসনখন আগতেই অগপই বিজেপিক গতাই দিছিল৷ লগতে মঙ্গলদৈৰ আসনখনো৷ সেয়ে তেতিয়াৰ পৰাই দলীয় তৃণমূলৰ ভেটি গুৱাহাটীত ইমান সক্ষম হৈ থকা নাই৷ 

এইকথা পাহৰি গ’লে ভুল হব, যে গুৱাহাটীৰ পৌৰসভাৰ নিৰ্বাচনে গোটেই অসমৰ মানুহৰ সমৰ্থন বা মানসিকতাক প্ৰদৰ্শন নকৰে৷ সেয়ে এই ফলাফলৰ ভিত্তিত আঞ্চলিকতাবাদী ৰাজনীতিলৈ মানুহৰ সমৰ্থন শেষ হৈ গৈছে ধৰণৰ চিন্তা কৰাটো ভুল হব৷ এতিয়াও অসমৰ সৰু সৰু নগৰ, চহৰ, গাওঁ আদিত অগপৰ যথেষ্ট তৃণমূলীয় সৱল স্থিতি আছে৷ দলীয় কৰ্মী আছে, নিষ্ঠাবান আঞ্চলিকতাবাদী লোকৰ এতিয়াও অসমত অভাৱ নাই৷ কিন্তু এই মুহূতৰ্ত সেইসকল লোকক দিক-দিব পৰা দিকদৰ্শী নেতাৰ অভাৱ আঞ্চলিকতাবাদী শক্তিয়ে বৰকৈ অভাৱ অনুভৱ কৰিছে৷ 

সুখ দুখৰ প্ৰশ্নঃ মাজতে বিদেশী বহিস্কাৰৰ দাবী পুনৰ মূৰ দাঙি উঠাৰ সময়তে এক নতুন অসম আন্দোলনৰ উকমুকনি আৰু তাৰ সতে এক বিকল্প আঞ্চলিকতাবাদী শক্তি গঢ় লৈ উঠিব বুলি ভবা হৈছিল? সেই সন্দৰ্ভত আপুনি কি কয়?

বৰগোহাঞিদেৱৰ উত্তৰঃ মাত্ৰ এটা সমস্যাক লৈ কোনো ৰাজনৈতিক দল গঢ় লৈ উঠিব নোৱাৰে৷ আচলতে গোটেইখনি জাতীয় সমস্যাক লৈ এটা শক্তিশালী আঞ্চলিকতাবাদী শক্তি বা দলৰ খুবেই প্ৰয়োজন আছে৷ সেয়া আজিৰ তাৰিখত আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বা উজনিৰ সৰু-বৰ জনগোষ্ঠীয় সংগঠন সমূহৰ বেছি-ভাগেই সেয়া অনুভৱ কৰিছে৷ আৰু সেয়া হৈ উঠিবও পাৰে, সেয়া সময়েহে কব৷ 

সুখ দুখৰ প্ৰশ্নঃ কংগ্ৰেছৰ বিকল্প ৰূপে বিজেপিয়ে মূৰ দাঙি উঠা হেন যি অনুভৱ হৈছে, তাৰ বাহিৰে অসমীয়া মানুহৰ সমুখত কি বিকল্প আছে৷

বৰগোহাঞিদেৱৰ উত্তৰঃ বিজেপিৰ উত্থান প্ৰকৃততে অসমৰ বৈচিত্ৰ্যময় জনজাতীয় আৰু আন জাতি উপজাতিৰ সহ-অৱস্থানত গঢ় লোৱা মিশ্ৰিত সমাজখনৰ বাবে শুভ সংকেত নহয়৷ তাতে বিদেশী সমস্যাটোৰ ক্ষেত্ৰত হিন্দু অনুপ্ৰৱেশকাৰীক শৰনাৰ্থীৰ মৰ্যদা, অথচ ইছলামধৰ্মীক বহিস্কাৰৰ দাবীৰ দৰে, ধৰ্মৰ ভিত্তিত ইছ্যুটোক বিভক্ত কৰি চোৱা দৃষ্টিভংগীক সমৰ্থন কৰিব নোৱাৰি৷ গোঢ়া হিন্দুত্বৰ ভিত্তিত অসমৰ অৰ্দ্ধ জনজাতীয় আৰু ভিন্ন ধৰ্মালম্বীৰ মানুহে গঢ়া সংমিশ্ৰিত সমাজখনক বিজেপিয়ে গঢ় দিয়াতকৈ খণ্ড-বিখণ্ড কৰি পেলোৱাৰ সম্ভাৱনাহে আচলতে বেছি যেন অনুভৱ হয়৷

পিছে, সময়মতে যদি অগপই দলৰ দ্বায়িত্ব নতুন প্ৰজন্ম যেনে সৰ্বানন্দ সোনোৱালৰ দৰে নেতাৰ হাতত তুলি দিয়া হ’লে আজিৰ অৱস্থালৈ অগপ যাব লগা নহ’ল হেতেন আৰু বিজেপিৰো ইমানখিনি উত্থান নহ’ল হেতেন ৷ এতিয়াও মফচলীয় চহৰ তথা গাঁৱ অঞ্চলত কংগ্ৰেছৰ সতে সমুখ প্ৰতিদ্বন্দিতা অগপই আগবঢ়াব সেয়া নিশ্চিত, কাৰণ গাঁৱে গাঁৱে থকা অগপ কৰ্মীৰ সংখ্যা এতিয়াও বাহিৰে বাহিৰে অনুমান কৰা ধৰণে কমি যোৱা নাই৷

সুখ দুখৰ প্ৰশ্নঃ কালি অখিল গগৈৰ নেতৃত্বত  কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰে যে- সমুজ্জ্বল ভট্টাচাৰ্যৰ নেতৃত্বত যদি আঞ্চলিকতাবাদী শক্তিয়ে মূৰ দাঙি উঠে, তেন্তে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তাত সমৰ্থন জনাব ৷ সেই সন্দৰ্ভত আপুনি কি ভাৱে৷

বৰগোহাঞিদেৱৰ উত্তৰঃ সেই কথাটো আগতেও এবাৰ তেওঁলোকে কৈছিল৷ আৰু সেই ক্ষেত্ৰত সমুজ্জল ভট্টাচাৰ্যই কোনো বিৰোধিতামূলক বক্তব্য ৰখা নাই৷ সেয়ে সেই বিষয়ত চিন্তা চৰ্চা চলি থকাৰ সম্ভাৱনা নিশ্চয় আছে৷ আৰু অহা ছেপ্তেম্বৰত আছুৰ কেন্দ্ৰীয় অধিবেশনতে দ্বায়িত্বৰ সালসলনিও হব পাৰে৷ জাতীয় প্ৰশ্নত এইদৰে সমৰ্থন দি আঞ্চলিকতাবাদী শক্তিক সৱল কৰিম বুলি কোৱা কথা নিশ্চয় আদৰণিয়েই৷

সুখ দুখৰ প্ৰশ্নঃ আপোনাৰ দৃষ্টিত সৱল, সক্ষম আঞ্চলিকতাবাদী শক্তি গঢ় দিয়াৰ কি বিকল্প এতিয়াও বাকী আছে?

বৰগোহাঞিদেৱৰ উত্তৰঃ আমি কেইবাটাও কথালৈ মন কৰিব লাগিব, আলোচনাপন্থী আলফাৰ লগত চৰকাৰৰ এক শান্তি আলোচনা প্ৰক্ৰিয়া চলি আছে৷ তেওঁলোকে সংবিধান সংশোধন কৰি হ’লেও, অসম আৰু অসমীয়াৰ ভৱিষ্যতক সুৰক্ষিত কৰিবলৈ বুলি কেন্দ্ৰীয় চৰকাৰক এক সুনিৰ্দিষ্ট কৰ্ম-সূচী গ্ৰহণৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে৷ সেই কথাটোক বা প্ৰক্ৰিয়াটো অসমৰ মানুহৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ, কিন্তু সেই কথাটোক এচাম সংবাদ মাধ্যমে তল পেলাবলৈ অপ-চেষ্টা চলাইছে৷ 

বাৰু যি কি নহওক, যদি এবছৰৰ ভিতৰত যদি তেখেত সকলৰ সৈতে কোনো চুক্তি স্বাক্ষৰিত হয়, তেন্তে অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত এক বিকল্প আঞ্চলিকতাবাদী শক্তি গঢ় লৈ উঠাৰ এক প্ৰৱল সম্ভাৱনা আছে৷ আৰু ই যথেষ্ট শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিব সেয়া নিশ্চিত৷

দ্বিতীয়তে, অসমৰ জাতীয় সমস্যা সমূহক লৈ আছু, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, সৰু-বৰ জনগোষ্ঠীয় সংগঠন তথা ৰাজ্যৰ আঞ্চলিকতাবাদী সংগঠন সমূহে ঐক্যবদ্ধ হৈ এক বিকল্প শক্তিৰূপে থিয় দিব লাগে৷ ইও অতি দৰকাৰী কথাৰূপে লাহে লাহে অনুভূত হবলৈ ধৰিছে৷

তৃতীয়তে প্ৰফুল্ল মহন্তকে ধৰি অগপৰ প্ৰায়বোৰ জ্যেষ্ঠ নেতাই সসন্মানে দলৰ মঞ্চ ত্যাগ কৰক আৰু নতুন চামক দলটো নতুন ৰূপত গঢ় দিবলৈ এৰি দিয়ক৷ অগপ নিঃচিহ্ন যোৱাৰ আগতেই এই স্থিতি গ্ৰহণ কৰাটো সময়ৰ আহ্বান ৷

অসমত আঞ্চলিকতাবাদী শক্তিক পুনৰোজ্জিৱীত কৰি সৱল, সক্ষম ৰূপত তুলি ধৰাৰ বাবে এই তিনিওটা কথাই আজিৰ তাৰিখত অতিশয় জৰুৰী কথা হৈ দেখা দিছে৷ আন আন সম্পৰ্ক থকা কথাবোৰ ইয়াতে সময়ে সময়ে আমি নিশ্চয় আলোচনা কৰিম ৷

1 comment: