যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
(সামাজিক ব্যংগৰে সপোনৰ খবৰৰ সন্ধান)
বিদেশী বুলিলে পখী হ’লেও সুদাই নেৰিব...

বাতৰি কাকত পঢ়িছেনে কালিৰ?
মনিপুৰৰ গেদৱেললৈ আহিছে হেনো হাজাৰ হাজাৰ পৰীভ্ৰমী পখী৷ সেই বাতৰি পোৱাৰ লগে লগেই খাদ্যৰসিক সকলে নিজৰ নিজৰ টঙালি কচি লোৱাৰ সময় হোৱা বুলি খাদ্য ৰসিক সংস্থাই সজাগতামূলক অভিযান আৰম্ভ কৰিছে ৷ 

বাৰিষাৰ লগ লগেই উত্তৰ পূৱৰ আন অঞ্চলৰ দৰেই অসমৰ বিল, নদী আদিলৈকো হাজাৰ হাজাৰ বিদেশী পৰিভ্ৰমী চৰাই আগমন হবৰ উপক্ৰম হৈছে৷ বিদেশী বিৰোধী মঞ্চই এয়াৰ গান, গুলটী আদি ব্যৱহাৰৰ সজগাতা কৰ্মশালা আয়োজনৰ ব্যাপক প্ৰস্তুতি চলাইছে৷ এইটোৱেই বিদেশীক ধ্বংস কৰাৰ উপযুক্ত সুযোগ বুলিও প্ৰচাৰ চলাইছে৷ এইবাৰ বিদেশী জাতৰ চৰাই আহি যাতে থলুৱা হৈ বসতি কৰিব নেৱাৰে তাৰ বাবে ৰাইজক সচেতন হবলৈ আহ্বান জনাইছে৷ 

থলুৱা প্ৰকৃতিপ্ৰেমী সংগঠন সমূহক কংগ্ৰেছৰ দালাল আখ্যা দি বিজ্ঞপ্তিত প্ৰকাশ পাইচে যে এন.জি.অ’ কৰাৰ নামত চৰকাৰী ধন আদায় কৰাৰ লোভতে এই তথাকথিত প্ৰকৃতি সংৰক্ষণ সমূহে বিদেশী পখী সমূহক ৰক্ষণাবেক্ষণ দিবলৈ লৈছে ৷

এইক্ষেত্ৰত তেওঁলোকৰ চৰিত্ৰ প্ৰকৃতিৰ ৰাজনীতিত কংগ্ৰেচীৰ বিদেশী আদৰা নীতিতকৈ একো বেলেগ হয় বুলি আঙুলিয়াই দিয়ে৷ এনে বিদেশী পখী পৰিভ্ৰমণৰ বাহানাতে আহি ইয়াতে বসতি কৰিলে খিলঞ্জীয়া পখীৰ কি দুৰৱস্থা হব সেই কথা অনুধাৱন কৰিবলৈকো আহ্বান জনোৱা হৈছে ৷ আহক সকলোৱে মিলি আমি অস্ত্ৰ তুলি লওঁ, এই বিদেশীৰ বিৰুদ্ধে আমাৰ যুদ্ধক প্ৰৱল কৰি তোলো৷ বায়ু, পানী, আকাশ, অৰণ্য কতোৱাই কোনো ধৰণৰ বিদেশীক বহিবলৈ দিব নোৱাৰি৷ এনে চেষ্টা কৰা বিদেশীক চৰাই হ’লেও আমি সুখেৰে নেৰো ৷ সেয়া কথা বিদেশীক ভেটি দিয়া সকলে জানি থওক৷

আন দেশত গ্ল’বেল বাৰ্মিং হ’ল বুলিয়ে আন দেশৰ হাৰ্মিং বাৰ্ডৰ বিজাতৰীয়া গান ইয়াত গাবলৈ দি আমাৰ থলুৱা চৰাইৰ গীত মাতৰ সংস্কৃতিক আমি ধ্বংস হবলৈ দিব নোৱাৰো ৷ তাত প্ৰতিকূল বতৰ বা প্ৰদূষণ হোৱাৰ বাবেই লুইতৰ বুকুৰ চৰ-চাপৰিত আমি এনে পৰিভ্ৰমী নামৰ বিদেশী চৰাইক বহিবলৈ, সঁজা বনাবলৈ বা এখোজ দুখোজকৈ বসতি কৰিবলৈ কোনো পধ্যেই দিব নোৱাৰো ৷ অসমৰ বিশাল বায়ু, পানী, আকাশ, বতাহ, অৰণ্যৰ ওপৰত মাত্ৰ খিলঞ্জীয়া চৰাই চিৰিকতিৰ অধিকাৰ থাকিব৷ লাগিলে তাৰ বাবে আমি কেন্দ্ৰ পৰা সাংবিধানিক ৰক্ষা কৱচ খুজি আনিব লাগিব ৷ 

এই নতুন জাতৰ বিদেশীক কাঁটা তাঁৰে ৰোধিব নোৱাৰি, সেয়ে এওঁলোকক আমি বেলেগ ধৰণে প্ৰতিৰোধ কৰিব লাগিব ৷ নহ’লে ৰিফিউজী চিনেমাৰ "পঞ্চী নদীয়া, পৱন কে ঝৌকে, কৌই চৰশদ ইনহে কিও ৰোকে" গানটোৰ দৰে, বিদেশী অনুপ্ৰেৱেশকাৰী মানুহ নামৰ জন্তু সকলেও আদালতত "কুকুৰ শৃগাল গদৰ্ভৰো আত্মাৰাম" সূত্ৰ বয্ৱহাৰ কৰি, মুক্ত অনুপ্ৰৱেশ আৰু বসতিৰ যুক্তিযে কাইলৈ নিদিব সেয়া কি ঠিক৷ সকলো জীৱ একেই, মাইগ্ৰেচন ইজ এ নেচাৰেল ফেন’মেনা আদি ইংৰাজী সূত্ৰ লগাই সীমান্তত থকা কাঁটাতাৰ কেইডালো চিঙি দিবলৈ নকব কি ঠিক৷

সেয়ে আজি আমি সচেতন হব লাগিব ৷ লাচিতৰ দেশত আমি হাতে হাতে গুল্টি, এয়াৰগান আদি তুলি লও আৰু বিদেশী হ’লে চৰাইকো সুদাই নেৰো বুলি শপত লও ৷ আহক সকলোৱে এই জুতিলগা যাত্ৰাত সহযোগ কৰো ৷

লগতে সংগঠনটোৱে অচিৰেই অসমীয়া সুখ দুখৰ জুতি লগা আখল পৃষ্ঠাত বিদেশী পৰিভ্ৰমী পখীৰ মঙহৰ অসমীয়া ফ্লেভাৰ থকা ৰেচিপি প্ৰকাশ কৰাৰ দিহা কৰিবলৈকো আহ্বান জনায় ৷

1 comment:

  1. সঁচাই চিন্তা কৰাৰ উপযুক্ত সময় এয়াই.....

    ReplyDelete