যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This

(হাস্য ৰসেৰে সত্য সন্ধানৰ অপচেষ্টা)
জয় মা কালীঃ ভক্তৰ ওপৰত পুলিচী নিৰ্যাতন নচলিব, নচলিব!

কাছাৰত এজন মাত্ৰ মানুহক বলি দিয়াৰ বাবে ১১জন আটক কৰাকলৈ সৰৱ হৈ উঠিছে কেইবাটাও মানৱ অধিকাৰ সংগঠন৷ মানুহৰ নিজৰ বিশ্বাস অনুসৰি যিকোনো ধৰ্মৰ ৰীতি নীতি পালন কৰাটো ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ বুলি মন্তব্য প্ৰকাশ কৰিছে সেই সংগঠনে ৷

ৰাইজৰ বৃহৎ স্বাৰ্থৰ বাবে বলি দিয়াটো "ৰামায়ন", "মহাভাৰত"ৰ দিনৰে পৰা চলি অহা এক ঐতিহাসিক প্ৰক্ৰিয়া ৷ আৰু এইটোনো কি নতুন গছত গৰু উঠা কথা হ’ল বুলি প্ৰশ্ন তুলিছে ৷

তেখেত সকলে আঙুলিয়াই দি কয় যে গোটেই বস্তি তথা কাছাৰবাসীৰ কল্যানৰ বাবেহে ধৰ্মীয় ৰীতিমতে এই নৰবলি দিয়া হৈছে ৷ পাকিস্তানৰ সৈতে অনৰ্থক যুঁজ বাগৰত কিমান সেনা বলি দি থকা হৈছে, তাৰ বাবে জানো আজিলৈকে কাৰোবাৰ শাস্তি হৈছে ৷ ভূল কূটনীতিৰ বাবে কূটনৈতিক বিষয়াৰ গ্ৰেপ্তাৰ, ভুল নিৰ্দেশৰ বাবে আৰ্মী বিষয়াৰ গ্ৰেপ্তাৰে শিৰোনামা পাইছে ৷ নে সদ্ভাৱনা ৰেইল আদি উলিয়াই তাত শ শ মানুহক বলি দিয়াৰ বাবে এনে ভয়ংকৰ শঠকাৰী চিন্তা কৰা ৰাজনেতা জেললৈ গৈছে?

সেইবোৰ বাদ দিলেও অসমৰ জাতীয় সংগ্ৰামৰ নামেত কিমান অসমীয়াৰ বলি দিলে, বিদেশী খেদাৰ নামত শ শ শৰনাৰ্থীৰ বলি দিলে, তেতিয়া এই কাছাৰত দেখা দিয়া  আৰক্ষী প্ৰশাসন কলৈ গৈছিল বুলি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে ৷


স্বাধীনতাৰ অলীক স্বপ্নৰ পাছত হাজাৰ হাজাৰ অসমীয়াৰ যৌৱন বলি দিলে, কিমান অসমীয়া যুৱতীৰ সন্মান বলি দিলে, হাজাৰ হাজাৰ ডেকা ল’ৰা খেদি খেদি বলি দিলে, অসম আন্দোলনত সেই আৰক্ষীয়েই পহু মৰাদি অসমীয়া ল’ৰা মাৰিলে, তেতিয়া ক’ত আছিল পুলিচ প্ৰশাসন? এতিয়া এজন নীৰিহ মানুহক বলি দিওতে, নিজৰ ধৰ্মীয় বিশ্বাসক চৰ্চা কৰোতে জন্তু ধৰাদি এপাল মানুহ ধৰি নিছে৷ ই অতি নিন্দনীয় তথা এক বিশেষ ধৰ্মীয় বিশ্বাসৰ ওপৰত ৰাষ্ট্ৰযন্ত্ৰৰ এক আক্ৰোশমূলক আক্ৰমণ স্বৰূপ ৷

স্বায়ত্ব শাসনৰ বাবে লানি লানি বোমা ফুটাই মহানগৰীত সাধাৰণ মানুহক বলি দিয়া দৈমাৰীৰ সৈতে সন্মানপূৰ্বক আলোচনা, লুট পাত, হত্যা লীলা চলোৱা নিৰঞ্জন, জুৱেল হঁতৰ বাবে জামিনৰ বাবে আৰ্জি দিয়া ৰাজ্য চৰকাৰৰ এইদৰে এজন মানুহক বলি দিয়া কাৰ্যত মাত মতাৰ কোনো অধিকাৰ নাই ৷ এজাক মানুহ বলি দিয়া এজনকো একো দৃষ্টান্তমূলক শাস্তি দিব নোৱাৰা প্ৰশাসনে এই এজাক নিৰীহ সাধাৰণ মানুহৰ ধৰ্মীয় চৰ্চা বা বিশ্বাসক বাস্তৱ ৰূপ দিয়া কাৰ্যক বে-আইনী ঘোষণা কৰি, কি বুজাব খুজিছে বুলি সংগঠনটোৱে প্ৰশ্ন উত্থাপন কৰিছে ৷

একে ধৰ্মৰ হ’লে বিধৰ্মী, বা তেওঁলোকৰ ধৰ্মত বিশ্বাস নকৰা বা মানি নচলা সকলক কাফেৰ বুলি গণহত্যাৰে বলি দিয়া বিশেষ ধৰ্মৰ সেই সকলক কিন্ত আজিলৈকে একো দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা নহ’ল৷ তাৰ বিপৰীতে এতিয়া বিশেষ ধৰ্মৰ বাবে এনে অভিযোগত অভিযুক্ত সকলক বিশেষ মৰ্যদাৰে মোকোলাই দিবলৈ বিশেষ আদালতৰ ব্যৱস্থা কৰি দিবলৈ উঠি পৰি লাগিছে গৃহ বিভাগ ৷

মানুহৰ দৃষ্টিত মানুহ সকলো সমান৷ এই কথা আইনেও কয়৷

মাত্ৰ ৰাজনীতিক পেশা কৰি লোৱা মানুহ সকলৰ দৃষ্টিত সৃষ্টি হয় এই ভিন্নতা আৰু সেয়ে মানুহক ভাগে ভাগে বেলেগ বেলেগ ধৰণৰ ব্যৱহাৰ কৰা হয়৷ আইন প্ৰশাসনকো সেইমতে অপব্যৱহাৰ কৰা হয় ৷ সেয়ে, আইন সকলো মানুহৰ বাবে একে হওক, দেশত ধৰ্ম-নিৰপেক্ষতাৰ পক্ষত সকলো থিয় হওক৷ আৰু নিজৰ নিজৰ ধৰ্মত নিজৰ খুচি মতে ৰীতি নীতি পালন কৰিবলৈ দিয়ক৷
এইয়া মানৱ অধিকাৰ সংগঠনৰ ফালৰ পৰা সকলো পক্ষলৈ বিনম্ৰ গোহাৰি ৷

 যদি সঁচাই মানুহ বলি দিয়াটো এই দেশৰ আইনৰ বিৰোধী হয়, তেন্তে প্ৰথমে কুটিল ৰাজনীতিৰে সাধাৰণ মানুহক প্ৰতি সময়তে বলি দি থকা ৰাজনৈতিক নেতা সকল জেললৈ যাওক৷ তাৰ পাছত আন সকল দোষীকো ধৰক কব লগা নাই ৷ সেই সকলক নধৰাকৈ মাত্ৰ কাছাৰৰ কালী মাৰ ভক্ত সকলক সাঙুৰি নি "আদৰ্শ" দেখুওৱাৰ চং দিব নালাগে ৷

আনে বলি দি নিজৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰিলে, নিজৰ কল্যাণৰ বাবে নিজৰ স্ব-গোষ্ঠীয়ক বলি দিয়াৰ অধিকাৰ কি আমাৰ বস্তিবাসীৰ নাই ৷ সেই কথাৰ উত্তৰ আজি ৰাইজেই দিব লাগিব, ৰাইজেই লব লাগিব৷


সৰ্ব-শেষত জয় মা কালী !

No comments:

Post a Comment