বিশেষ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

বিশেষ নিৱন্ধ

Share This
ভাষা বিলুপ্তিৰ কিছু ভয়াবহ তথ্য : 
অসমীয়া ভাষালৈও আহিব নেকি অশনি সংকেত ?
#পংকজ বৰা


Institute for Endangered Languages নামৰ সংস্থাটোৱে শেহতীয়া ভাৱে প্ৰকাশ কৰা গৱেষণাভিত্তিক প্ৰতিবেদনে এক ভয়াবহ বাৰ্তা বহন কৰিছে ৷ ভাষাবিলুপ্তিৰ ফালৰ পৰা অতিশয় স্পৰ্শকাতৰ অঞ্চলসমূহৰ ভিতৰত পৃথিৱীৰ উত্তৰ-পূৱ ভাৰতো এটা বিপদজনক অঞ্চল হিচাপে চিহ্নিত কৰিছে ৷ ইউনেস্ক'ৰ দ্বাৰা প্ৰকাশিত Atlas of World's Languages in Danger ত ভাৰতবৰ্ষৰ ১৯৬ টা ভাষাৰ নাম উল্লেখ কৰিছে ৷ ইয়াৰে ৫ টা সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষা আৰু ৪২ টা অতিশয় বিলুপ্তপ্ৰায় ৷


চিত্ৰ ১:  Atlas of World's Languages in Danger ত উল্লেখিত উত্তৰপূৱ ভাৰতৰ অতিশয় বিপদাপন্ন ভাষাসমূহ আৰু তাঁহাতৰ ভৌগোলিক বিস্তৃতি৷
সম্পূৰ্ণ বিলুপ্ত হোৱা ভাষাকেইটা হৈছে আহোম, এন্ড্ৰ', চেংমেই, ৰাংকাছ্, আৰু ট'লছা৷ ইয়াৰে প্ৰথম তিনিটাই উত্তৰ-পূৱ ভাৰতৰ ভাষা৷ অতিশয় বিলুপ্তপ্ৰায় ভাষা কেইটাৰে উত্তৰ-পূৱ ভাৰতৰ ভাষা কেইটা হ'ল টাই ন'ৰা, টাই ৰং, ৰুগা, লাংগৰং, লামগং, ক'ইৰেং, টাৰাও,পুৰুম, আইমল, ট'ট',না, ম্ৰা আৰু টাংগাম৷ ভাৰতবৰ্ষৰ ছটা অতিশয় বিপদাপন্ন ভাষাৰ ৪ টাই উত্তৰ-পূৱ ভাৰতৰ - মেচ, অ'টং, আইটং আৰু টাই ফাকে৷ ৬৩ টা নিতান্তই বিপদাপন্ন ভাষাৰ ৩১ টাই উত্তৰ-পূৱ ভাৰতৰ৷ এনে বৈজ্ঞানিক তথ্যই উত্তৰ-পূৱ ভাৰতৰ ভাষাসমূহ যে ভয়াবহ সংকতৰ পৰাহত পৰিছে তাক প্ৰতীয়মান কৰিছে৷ 

"National Geographic Society" শেহতীয়া ৰ তথ্য অনুসৰি পৃথিৱীত প্ৰতি ১৪ দিনত একোটাকৈ ভাষাৰ অৱলুপ্তি ঘটে ৷ এই অধ্যয়ন অনুসৰি পৃথিৱীৰ ৬২.৭% ভাষা বিপদমুক্ত, ৯.৬% বিপন্ন, ৯.৪% বিলুপ্তপ্ৰায়, ১৫.৫% অতিশয় বিলুপ্তপ্ৰায় আৰু ৩.৭% ইতিমধ্যে বিলুপ্ত ৷ বিপন্ন ভাষা সমূহৰ বিস্তৃতি থকা অঞ্চল সমূহ হ'ল চীন, ভাৰতবৰ্ষ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইণ্ডোনেছিয়া, ব্ৰাজিল, মেক্সিকো, ৰাছিয়া, অষ্ট্ৰেলিয়া, পাপুৱা নিউ গিনি, আৰু কানাডা ৷ 

আমেৰিকাৰ দৰে শক্তিশালী দেশতেই ১৯৫০ চনৰ পৰা ৫৩ টা ভাষা বিলুপ্ত হৈছে ৷ শেহতীয়াভাৱে ভাৰতৰে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ব'ৱা (জ্যেষ্ঠ) Boa Sr. নামৰ এগৰাকী মহিলাৰৰ মৃত্যুৰ লগে লগে ব' (Bo) নামৰ এটা ভাষা পৃথিৱীৰ পৰা নাইকিয়া হৈ গ'ল ৷ ২০১০ চনত এইগৰাকী মহিলাৰ মৃত্যুৰ লগে লগে আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ পৰা নোহোৱা হৈ গ'ল , ব' (Bo) নাম ভাষাটো । কাৰণ সেই ভাষাটোত কথা ক'ব পৰা একমাত্ৰ ব্যক্তি আছিল এই গৰাকী মহিলা ৷ এইদৰেই বিলুপ্ত হৈ গ'ল এটা হাজাৰ বছৰীয়া পুৰণি ভাষা। ইমানবোৰ নিৰাশাজনক তথ্যৰ বিপৰীতে সুখৰ কথা যে আগেয়ে ইউনেস্ক'ৰ দ্বাৰা প্ৰকাশিত Atlas of World's Languages in Danger ত বিপদাপন্ন হিচাপে চিহ্নিত কৰি ৰখা আমাৰ ওচৰ চুবুৰীয়া খাছী ভাষাটো শেহতীয়া ভাৱে ৯,০০,০০০ লোকে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেখেতসকলে বিপদমুক্ত বুলি ঘোষণা কৰিছে৷


চিত্ৰ ২:  Atlas of World's Languages in Danger ত উল্লেখিত  ভাৰতৰ নিতান্তই বিপদাপন্ন ৬২ টা ভাষাৰ ৩১ টা উত্তৰ-পূৱ ভাৰতৰ৷



  Michael E. Krauss নামৰ আলাস্কা বিশ্ববিদ্যালয় বিশ্বপ্ৰসিদ্ধ ভাষাবিদজনৰ বৈজ্ঞানিক গৱেষণাই ঠাৱৰ কৰিছে যে ২০৫০ বছৰৰ ভিতৰত বৰ্তমানে প্ৰচলিত ৭০০০ ভাষাৰ ৯০% ভাষাই লুপ্ত হৈ যাব ৷ এই তথ্য আমেৰিকাৰ চৰকাৰ, ইউনেস্ক' আদিৰ দৰে সংস্থাইও মানি লৈছে ৷ তেখেতৰ সূত্ৰ অনুসৰি এটা ভাষাক নিৰাপদ বুলি ক'ব পাৰি যদিহে ১০০ বছৰৰ পাচতো এটা ভাষা সেই ভাষিক গোষ্ঠীৰ কোনো শিশুৱে ব্যৱহাৰ কৰাৰ সম্পূৰ্ন সম্ভাৱনা আছে ৷ দুৰ্ভাগ্যজনক ভাৱে বৰ্তমানে ব্যৱহৃত ভাষাসমূহৰ ২০% মানহে এই গোটৰ ভিতৰত আছে ৷ তুলনামূলক ভাৱে কম লোকে ব্যৱহাৰ কৰা পৃথিৱীৰ কিছুমান ভাষাৰ প্ৰতি এই গৱেষণাই প্ৰতি অতি ভয়াবহ সংকেত বহন কৰিছে ৷ এটা ভাষাৰ বিলু্প্তি মানে কেৱল ভাষাটোৱে শেষ হৈ নেযায়, তাৰ লগত সামাজিক, সাংস্কৃতিক, ঐতিহাসিক, থলুৱা-জ্ঞান (Ethnological knowledges) আদি বহুতো আনুসংগিক প্ৰসংগ জড়িত থাকে৷


ভাষাৰ বিলুপ্তিৰ বহুতো কাৰণ গৱেষক সকলে ঠিৰাং কৰিছে ৷ তাৰে ভিতৰত  থোৰতে প্ৰধান কেইটামান কাৰন হ'ল -

১)  বিশ্বায়ন আৰু মুক্ত অৰ্থনীতিয়ে পৃথিৱীখন সৰু কৰি পেলোৱাৰ ফলত বহু সমাজ, ৰাজ্য বা ৰাষ্ট্ৰৰ  নিয়ম নীতি উমৈহতীয়া হৈ পৰিছে ৷ বহুক্ষেত্ৰত উমৈহতীয়া কায্যৰ্ৰ সুচাৰু পৰিচালনাৰ বাবে কোনো উমৈহতীয়া ভাষাক প্ৰাধান্য দিয়া হয় ৷ এনে ধৰণৰ উমৈহতীয়া নীতি নিৰ্দ্ধাৰনৰ সময়ত শক্তিশালী গোটতোৰ প্ৰাধান্য থাকে, আৰু অলপ নিশকতীয়া গোটতোৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ ভাষাৰ ওপৰতো ইয়াৰ কুৰূপ প্ৰভাৱ পৰে  ৷

২)  আগ্ৰাসী সংস্কৃতিৰ ৰাজনৈতিক অভ্যুথ্থানৰ ফলত অলপ নিশকতীয়া ভাষা সমূহৰ প্ৰাধান্য ক্ৰমান্বয়ে কমি যায় ৷ উদাহৰণ স্বৰূপে ১৯৪৭ চনত ভাৰত-পাকিস্তান বিভাজনৰ সময়ত পাকিস্তান চৰকাৰে  উৰ্ডু ভাষাক ৰাষ্ট্ৰ ভাষাৰ মান্যতা দিবলৈ লওঁতে আজিৰ বাংলাদেশ বা পুৱ-পাকিস্তানৰ নাগৰিক সকলে বাংলা ভাষাক লৈ সংগ্ৰাম কৰিছিল ৷

৩) কে'বা পুৰুষ ধৰি আন ভাষাৰ চৰ্চাক অগ্ৰাধিকাৰ দিওঁতে  দিওঁতে  নিজৰ ভাষাৰ স্বকীয়তা লোপ পায় বিলুপ্তিৰ দিশে গতি কৰে ৷ উদাহৰন স্বৰূপে ইজিপ্তিয়ান স্বকীয়  ভাষাটো বিলুপ্ত হৈ আৰৱী ভাষাই তাৰ স্থান দখল কৰিছে ৷ আন কেতবোৰ উদাহৰন হৈছে Old Church Slavonic, Avestan, Coptic, Biblical Hebrew, Ge'ez আদি৷

৪) ভাষাৰ বিৱৰ্তন,পুৰণা ৰূপৰ পৰা নতুন ৰূপলৈ বিৱৰ্তন হৈ পুৰণা ৰূপটো বিলুপ্ত হয় ৷  উদাহৰণ  ইংৰাজী ভাষাৰ পুৰণা ৰূপ ৷ অসমীয়া ভাষাৰ ক্ষেত্ৰটো আঙি নিশ্চয় লক্ষ্য কৰো যে শংকৰদেৱ মাধৱদেবৰ দিনৰ ব্যৱহৃত ভাষা আজিৰ দিনত নিশ্চয় ব্যৱহাৰ নহয় ৷ 

৫) প্ৰযুক্তিগত উন্নতিৰ লগে লগে বহুক্ষেত্ৰতেই ৰাজনৈতিক ভাৱে উদেশ্য প্ৰণোদিত আৰু বহুজাতিক প্ৰতিস্থান সমূহৰ আশীষধন্য প্ৰচাৰ মাধ্যম, বিজ্ঞাপন, ইন্টাৰনেট আদিৰ অশুভ দপদপনিত হোৱা সাংস্কৃতিক ঔপনিৱশকতাবাদেও (cultural colonialism) ভাষাৰ স্বকীয়তা বিনস্ত কৰি ক ঁৰাল গ্ৰাসলৈ থেলি দিয়াত অৰিহনা যোগাইছে.

অসমীয়া ভাষালৈও  অশনি সংকেত আহিব নেকি ?

ভাৰতৰ লোকপিয়লৰ পৰিসংখ্যাত শেহতীয়াভাৱে এই কথা প্ৰকাশ পাইছে যে, অসমত অসমীয়াভাষী লোকৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাইছে৷ লোকপিয়লৰ তথ্যত প্ৰকাশ পোৱা তথ্য মতে ১৯৯১ আৰু ২০০১ চনত অসমৰ জনসংখ্যা আছিল ক্ৰমে ২২,৪১৪,৩১২ আৰু ২৬,৬৩৮,৪০৭ আৰু শতকৰা বৃদ্ধিৰ হাৰ আছিল ১৮.৯৷ ১৯৯১ চনত অসমীয়া, বাংলা, হিন্দী আৰু অন্যান্য জনগোষ্ঠীয়-ভাষীৰ সংখ্যা (হেজাৰ হিচাপত) আছিল যথাক্ৰমে ১২ আছিল যথাক্ৰমে ১২,৯৫৮, ৪,৮৫৭, ১,০৩৫, আৰু ৩,৫৬৪৷ আটাইকেইটা ভাষীৰ লোকৰ বৃদ্ধিৰ হাৰ একে বুলি ধৰিলে (১৮.৯%), ২০০১ চনত অসমীয়াভাষী লোকৰ সংখ্যা হ’ব লাগে (হেজাৰত) ১৫,৪২০ জন৷ কিন্তু ২০০১ চনৰ প্ৰকৃত তথ্যলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়াভাষী লোকৰ সংখ্যা হয় (হেজাৰত)১৩,১৭৫ জন৷ অৰ্থাৎ ১৯৯১ চনৰ পিয়লৰ অনুসাৰে ২০০১ চনৰ পিয়লত মাতৃভাষা অসমীয়া বুলি লিখিবলগীয়া ২,২৪৫ হেজাৰ লোকে অসমীয়া বুলি নিলিখিলে৷ (গকুল গোস্বামী, গৰীয়সী, জানুৱাৰী ২০১০, পৃষ্ঠা-৪৮)৷ 

উক্ত প্ৰৱন্ধত ১৯৯১ আৰু ২০০১ চনৰ ভিতৰত নগাঁও, বৰপেটা, দৰং, শোণিতপুৰ, মৰিগাঁও, লখিমপুৰ আৰু ধেমাজি আদি সাতখন জিলাত পোন্ধৰ লাখ লোকে মাতৃভাষা সলোৱাৰ এক ভয়ঙ্কৰ তথ্যও দাঙি ধৰিছে৷ ইয়াৰে প্ৰায় দুই-তৃতীয়াংশই মাতৃভাষা বাংলা আৰু বাকীখিনীয়ে অন্যান্য জনজাতীয় ভাষাকে মাতৃভাষা বুলি মানি ল’লে৷ স্বাভাৱিকতেই অসমলৈ বাংলাদেশীৰ অবাধ অনুপ্ৰৱেশ তথা শেহতীয়াকৈ এই অনুপ্ৰৱেশকাৰীসকলে নিজকে বঙালীভাষী বুলি পৰিচয় দিয়া বাবেই ৰাজ্যখনৰ ভাষিক জনগাঁথনিৰ এনে অস্বাভাৱিক পৰিৱৰ্তনৰ মূল কাৰণ বুলি ভাবিব পাৰি৷ আনহাতে তথাকথিত স্বায়ত্বশাসনৰ সংঘাতেও বৃহত্তৰ অসমীয়া জাতি গঠনত বাধাৰ সৃষ্টি কৰিছে৷ ইয়াৰ লগে লগে সেই জনজাতিসমূহে নিজৰ থলুৱা ভাষাকে মাতৃভাষা হিচাপে গ্ৰহণ কৰাৰ বাবেও অসমীয়া ভাষালৈ সংকট নামি আহিছে৷

 (লোকপিয়লৰ উপৰোক্ত তথ্য সমূহৰ বাবে অঞ্জল বৰাৰ ( ইন্দোৰ, মধ্যপ্ৰদেশ) ওচৰত লেখক কৃতজ্ঞ৷)

"হিংলিছমীয়া" আৰু অসমীয়া ভাষাৰ খিচিৰি  কথনশৈলী:

পৰিৱৰ্তন আৰু গতিশীলতকা কোনেও নুই কৰিব নোৱাৰে ৷ কথোপকথনৰ মাজত প্ৰয়োজনবশতঃ আন ভাষাৰ শব্দৰ ব্যৱহাৰ কেতিয়াও অবাঞ্চনীয় নহয় ৷  ভাষাৰ স্বকীয় মান্য চিনাকি বুলি এটা বস্তু আছে সেই কথা আমাৰ উচ্চশিক্ষিত সকলেই পাহৰিবলৈ আৰম্ভ কৰিছে ৷ এই ধৰণৰ খিছিৰি ভাষাৰ কথনশৈলীৰ বাবেই অসমীয়াক বাংলা বা উৰিয়া ভাষাৰ অপভ্ৰংশ বুলি ভাৱি থকা বা প্ৰচাৰ চলাই থকা সকলে আৰু বেছি সুবিধা পায় ৷ আজিও অসমীয়া ভাষাটোক স্বকীয় এটা ভাষা বুলি জনা বুজা লোক বিদেশত বাদেই ভাৰততো অতি কম ৷ 

অসমৰ বাহিৰলৈ ওলাই অহা সকলোৱে এই কথা কোঁহে কোঁহে উপলব্ধি কৰে যেতিয়া তেওঁলোকৰ কথন ভংগী দেখি সোধে "Are you from Bengal / Orissa? " ৷ এনে  উদাহৰন নিশ্চয় বহু কমহে হ'ব যেতিয়া কোনো অসমীয়া ব্যক্তিৰ অসমীয়া কোৱা শুনি বাহিৰৰ কোনোবাই সুধিব "Are you from Assam ? " অসমৰ বুলি গম পালেও কয় "OK, you are Assami" ( আচামী) ৷ কাৰণ দুৰ্ভাগ্যজনকভাৱে অসম আৰু অসমীয়া ভাষাৰ সম্পৰ্কে কোনো জ্ঞানেই গৰিষ্ঠসংখ্যকৰ নাই ৷ কিন্তু ইয়াৰ বাবে দায়ী বাহিৰৰ লোকসকল নিশ্চয় নহয়৷ তাৰ বাবে দায়ী মাতৃভাষা ক'বলৈ লাজপোৱা আধুনিক অসমীয়া সকল ৷ 

 জনা বুজা লোকসকলে অসমীয়া লোকসকলে জানিশুনি মাতৃভাষা ব্যহাৰ নকৰি ভাষাটোক বাৰেভচহু "হিংলিছমীয়া" (হিন্দী + ইংলিছ+ অছমীয়া) ৰূপ হ'বলৈ কেনেকৈ এৰি দিব পাৰে ? আমাৰ নিজৰ শিক্ষিত মানুহেই যদি নতুন সময়ৰ দোহাই দি এনে কৰে বা এনে কামক সমৰ্থন কৰে, সাধাৰন জনতাই কি কৰিব ? ত্ৰাহি মধুসুদন ! এইক্ষেত্ৰত অতি সাংঘাটিক ভূমিকা হৈছে ইলেক্ট্ৰ'নিক গণমাধ্যম সমূহৰ কাৰন নতুন প্ৰজন্মৰ ওপৰত এইবোৰৰ প্ৰভাব বহু বেছি ৷ অসমত হঠাতেই উঠি অহা টিভি চেনেল সমূহ আৰু এফ এম ৰেডিঅ' সমূহত অসমীয়া ভাষাটোৰ বাৰেভচহু "হিংলিছমীয়া" ৰূপটোৰ বহুল প্ৰচাৰ হৈ থকাটো অতি দুখঃজনক ভাৱে প্ৰত্যক্ষ কৰি থকা হৈছে ৷ তথাপিও সংশ্লিষ্ট মাধ্যমসমূহৰ লগত জড়িত গণ্য-মান্য ব্যক্তিসকলৰ উদাশীনতা অতিশয় হতাশাজনক ৷

ইউনিক'দৰ দ্বাৰা প্ৰবঞ্চিত অসমীয়া ভাষা আৰু উদাসীন সমাজ:

তথ্য-প্ৰযুক্তিৰ অনবদ্য অৱদানেৰে মুখৰিত প্ৰতিযোগিতামুখৰ আজিৰ পৃথিৱীখনত ভাষা এটাৰ স্বকীয় চিনাকিৰ বাবে ইণ্টাৰনেটত ভাষাটোৰ বহুল প্ৰচলন হোৱাটো সময়ৰ আহ্বান হৈ পৰিছে৷ ইণ্টাৰনেটজগতত পৰ্য্যাপ্ত আধিপত্য নাথাকিলে ভাষা এটাক জীয়াই ৰখাত বা এক বিশ্বজনীন চিনাকি দিয়াটো অচিৰেই কঠিন হৈ পৰিব ৷ এই ক্ষেত্ৰত সঠিক অৰ্থত এক গ্ৰহণযোগ্য ব্যৱস্থা হৈছে ইউনিক’ডত লেখা-মেলা কৰা৷ বিশ্বায়নৰ যুগত সহজলভ্য ইন্টাৰনেটৰ ব্যাপক ব্যৱহাৰৰ পাছতো আমাৰ অসমীয়া ভাষাটোৰ আশাপ্রদভাৱে প্রসাৰ ঘটা নাই। নিকট ভবিষ্যতে ইয়েই আমাৰ স্থানীয় ভাষাৰ প্ৰচাৰৰ তথা ব্যৱহাৰ বাবে এইটোৱেই একমাত্ৰ পথ ৰূপে পৰিগনিত হ’ব | 


যিসময়ত আম ভাৰতীয় ভাষাই ইউনিকোডৰ বিশ্বত দপদপাই আছে , সেই মূহুৰ্তটো অসমীয়া লিপিৰ বাবে সুকীয়া স্থান ইউনিকোডত আজিকোপতি হোৱা নাই| মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে ব্যক্তিগত ভাৱে অহৰহ প্ৰচেষ্টা চলাইছে৷ ইতিমধ্যেই ইউনিক'ডৰ এই বিষয়টোৰ সম্পৰ্কত অসমৰ বিভিন্ন সংবাদ মাধ্যমত এই লেখকৰ লগতে আন কেইবাজনেও বিতং ভাৱে লিখা-মেলা কৰিছে ৷ ইউনিক'ড নামৰ সংস্থাটোৰ ভুল তথ্যৰ ইমান গুৰুত্বপূৰ্ণ বিষয়তো নীৰৱ/নিৰাসক্ত অসমৰ বুদ্ধিজীৱি সমাজ, জাতীয় সংগঠন, চৰকাৰ ! সেয়ে হয়টো আজি অসমীয়া জাতিৰ এই অৱস্থা ৷ এইদৰে হ'লে মান্য অসমীয়া ভাষাটো হয়টো কাগজে পত্ৰই হে বাচি থাকিবগৈ ৷ বিৱৰ্তনীয় ইতিহাসে আমাক তাকেই কয় ৷ 

যথা সময়ত সঠিক পদক্ষেপ নোলোৱাৰ বাবে বহুক্ষেত্ৰতেই অসমীয়া জাতিয়ে হা-হুমুনীয়াহ কাঢ়ি আহিছে৷ সময় থাকোতেই ভাষাটোক ৰক্ষা কৰিবলৈ অসমীয়া জাতি সজাগ হ'বৰ হ'ল ৷ শেহতীয়া ভাৱে দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ লগত অসমৰ কেইজনমান বিশেষজ্ঞই আলোচনাত মিলিত হোৱাৰ সুখবৰ আহিছে৷ আশকঁৰো এই পদক্ষেপ ফলদায়ক হওক৷


*(বহুকেইখন  গৱেষণাপত্ৰ আৰু ইন্টাৰনেট ৱেবছাইটৰ পৰা তথ্য বুটলি সহজ ভাষাৰে  বিষয়টোৰ ভয়াবহতাৰ থূলমূল আভাস দিয়াৰ চেষ্টা কৰিলো ৷  ব' ভাষাৰ তথ্য যোগাৰ কৰি দিয়াৰ বাবে এনাজৰী ডট্ কমৰ প্ৰতিস্থাপক সম্পাদক দিল্লী নিবাসী হিমজ্যোতি তালুকদাৰলৈ ধন্যবাদ ৷ )

নিৰ্বাচিত তথ্যসূত্ৰ:

১)  Linguistic Expert Warns of Language Extinction. Science Daily 4 Mar 2007: n. pag. Web. 23 Oct
     2009.
২)  Timmons Roberts, J. & Hite, Amy. From Modernization to Globalization: Perspectives on  
      Development and Social Change, Wiley-Blackwell (2000)
৩)  Harrison, K. David. (2007) When Languages Die: The Extinction of the World's Languages and
     the Erosion of Human Knowledge. New York and London: Oxford University Press.
৪)  http://travel.nationalgeographic.com/travel/enduring-voices/
৫)  Living Tongues Institute For Endangered Languages:  www.livingtongues.org/

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages