পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. উচ্চতম ন্যায়ালয়ে দিলে কাঢ়া নিৰ্দেশঃ কৰ্মৰত মহিলাৰ সুৰক্ষাৰ বাবে ন্যায়ালয়ে দিয়া নিৰ্দেশ সঠিককৈ পালন কৰা হৈছেনে নাই, চৰকাৰে লোৱা ব্যৱস্থাক লৈ শপতনামা দাখিলৰ বাবে জাৰি কৰিলে জাননী ৷

২. কৃষি মন্ত্ৰীয়ে কৰিলে ঘোষণা, অহা বছৰ ধানৰ মূল্য বৃদ্ধি কৰিব প্ৰতি কুইণ্টলত ১৪০০টকালৈঃ উৎপাদিত ফুল আৰু শস্যৰ বাবে গঢ়ি তোলা হব বজাৰ, হাজোৰ গেৰুৱাত কৃষি ভূমি পৰিদৰ্শনত কৰিলে এই ঘোষণা ৷

৩. পেঞ্চনাৰ সকলক বিশেষ পৰিচয় পত্ৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে অসমৰ ৰাজ্য চৰকাৰেঃ পেঞ্চনাৰৰ সমস্যাৰ সমাধানৰ বাবে গ্ৰহণ কৰিব ব্যৱস্থা ৷

৪. লণ্ডনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে  "ভাৰতবৰ্ষঃ আঞ্চলিকতাবাদ, সংস্কাৰ আৰু বিনিয়োজন" বিষয়ত প্ৰদান কৰিলে ভাষণঃ ক’লে- ভাৰত এখন পৰিপক্ক গণতান্ত্ৰিক দেশ ৷

৫. জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চই আয়োজন কৰিছে "ৰাভাৰ আভা": সাত জুলাইৰ পৰা আঠদিনীয়াকৈ কলাগুৰুৰ জীৱন আৰু সৃষ্টিৰাজিৰ এক পূৰ্ণাংগ কৰ্মশালা অনুষ্ঠিত হব গুৱাহাটী কমাৰ্চ কলেজ প্ৰেক্ষাগৃহত ৷

৬. এইবাৰ বলিউদৰ দিশে আগবাঢ়িছে অসমীয়া জনপ্ৰিয় গায়ক দীক্ষুঃ ৰাষ্ট্ৰীয় পৰ্যায়ত মু্ক্তি লাভ কৰা "ৰাহো মে" শীৰ্ষক এলবামটোৰ শীৰ্ষ গীতটিত কণ্ঠদান কৰিছে দীক্ষুৱে, সংগীত আৰু কথা অমিত সিঙৰ ৷

৭. জীৱনযোৰা সাধনাৰ বাবে ধ্যানচাঁদ বঁটা সুনীল গাভাস্কাৰলৈ, অৰ্জুন বঁটাৰ বাবে বিৰাট কোহলীৰ নামঃ খেলৰত্ন বঁটাৰ বাবে উপযুক্ত ক্ৰিকেটাৰ বিচাৰি নাপালে বিচিচিআইয়ে ৷

৮. আকাশবাণী গুৱাহাটীৰ ৬৬তম প্ৰতিষ্ঠা দিৱস অহা ১জুলাইতঃসন্ধিয়া ৬-৩০ বজাৰ পৰা গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হব কথা আৰু গীতৰ বিশেষ অনুষ্ঠানৰ ৷

৯. নবীন লেখকৰ উন্নত সৃজনীশীল গ্ৰন্থৰ প্ৰকাশ কৰি উৎসাহ যোগাবলৈ আগবাঢ়ি আহিছে ডিব্ৰুগড় জিলা সাহিত্য সভাঃ জিলাৰ ৭২টা শাখাৰ নতুন সাহিত্য প্ৰতিভাক উদগনি দিয়াৰ বাবেই লোৱা হৈছে এনে শলাগনীয় পদক্ষেপ৷

১০. মাজুলীত সামাজিক বনানীকৰণৰ প্ৰশংসনীয় পদক্ষেপঃ খহনীয়া ৰোধৰ বাবে চাপৰিত গছপুলি ৰোপনে ৰূপ পাইছে অটব্য অৰণ্যৰ, এইবাৰ হাতত লৈছে বাঁহগছ ৰোপনৰ কাম ৷

১১. নগাঁৱৰ শংকৰদেৱ কনিষ্ঠ মহাবিদ্যালয়ে প্ৰবৰ্তন কৰিব "ৰাম স্বৰস্বতী বঁটা", কলেজখনৰ প্ৰতিষ্ঠা দিৱসত ডঃ জ্যোতিৰ্ময় জানাই ক’লে-"অসমৰ জাতীয় জীৱনক শংকৰদেৱে এক নিজা পৰিচয় প্ৰদান কৰি থৈ গ’ল" ৷

চিন্তনীয় খবৰঃ
১. পৰাজয় আৰু পদত্যাগৰ ধুমহাৰ পিছতো অটল হৈ ৰৈছে অগপৰ সভাপতিঃ বুদ্ধিজীৱিৰ ৰাজনৈতিক সমীকৰণ শুদ্ধ নহয় বুলি মন্তব্য কৰিলে প্ৰফুল্ল মহন্তই ৷


২. পশ্চিম ধেমাজিত বানৰ প্ৰলয়ঃ জীয়াঢলৰ বানত আক্ৰান্ত হ’ল বৃহৎ এক অঞ্চলৰ গঞা ৰাইজ, ২৫খন গাঁৱৰ বাসিন্দা দুদিনে জলবন্দী, ৬০খন গাঁও পানীৰ তলত থকাৰ চিন্তাজনক বাতৰি ৷

৩. পৰিবেশ সামান্য স্বাভাৱিক হোৱাৰ পাছতো আতংকত গাৰো পাহাৰ এৰিলে অসমৰ ১৬হাজাৰ শ্ৰমিকে ৷

৪. আহোম ৰয়েল চছাইটিয়ে ক’লে- কাৰ্বি আংলংৰ নগামূলীয় ৰেংমাসকলৰ আমোহাম জাতিৰে অংশঃ ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নহ’বলৈ কে-পি-এল-টি কাৰ্বি সমাজলৈ জনালে আহ্বান ৷

৫. গোৱালপাৰাত ৰাষ্ট্ৰীয় ঘাইপথ গুণ্ডা গেট, যান বাহনৰ পৰা বলপূৰ্বক ধন আহৰণঃ আৰক্ষী অধীক্ষকৰ ভূমিকাক লৈ আৰক্ষীয়েই প্ৰকাশ কৰিলে বিষোদগাৰ ৷

৫. নলবাৰীত মুন্নাভাই ডাক্তৰক চৰ দিলে প্ৰসূতিয়েঃ লক-আপত সোমাল ভণ্ড চিকিৎসক৷

৬. জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্যৰ দাবীত কোকৰাঝাৰত আক্ৰাছুৱে উলিয়ালে বৃহৎ সমদল৷

৭. লেহেমীয়া গতিৰ বাবেই অপচয় হৈছে ৰাজহুৱা ধনঃ ৩২৩০কোটিলৈ বৃদ্ধি পালে বগীবিল দলঙৰ ব্যয় ৷

৮. মন্ত্ৰী প্ৰদ্যুত বৰদলৈয়ে দিলে সতৰ্কবাণীঃ প্লাষ্টিক পাৰ্ক পাৰ্ক নিৰ্মাণত ৰাজনীতি কৰিলে হেনো নিক্ষেপ কৰিব জেললৈ ৷

৯. অনসূচিত জাতিৰ উন্নয়নৰ শিতানৰ ১৯১ কোটি টকা ব্যয় কৰাত ব্যৰ্থ হৈছে মন্ত্ৰী ৰাজীৱ লোচন পেগুঃ অনুসূচিত জাতি ছাত্ৰ সন্থাই আনিলে অভিযোগ ৷

১০. ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যু, চিকিৎসকক আক্ৰমণ, নাৰ্ছক নিলম্বনঃ উত্তৰ লখিমপুৰৰ অসামৰিক চিকিৎসালয়ত অৰাজক অৱস্থাক লৈ উদ্বিগ্ন জিলাবাসী ৷

দুখৰ খবৰঃ
১. নেলচন মেণ্ডেলাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনকঃ চিকিৎসালয়ত ভিৰ কৰিছে গুণমুগ্ধই, পৰিয়ালৰ বৈঠক বহিছে শেষকৃত্যৰ স্থান নিৰুপণৰ বাবে ৷

২. এশ বছৰ বয়সত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাৰ মাতৃ দয়মন্তী ৰাজকুঁৱৰীৰ পৰলোকপ্ৰাপ্তিৰ খবৰঃ দুখ প্ৰকাশ কৰিলে পৰেশ বৰুৱাইও ৷

No comments:

Post a Comment