Sunday, June 23, 2013

জীৱনৰ অনুভৱ

দেওবৰীয়া নিমন্ত্ৰণত গংগা-যমুনা-সৰস্বতী

#প্ৰতিভূ দত্ত

জ্বলা দিয়া কুকুৰাৰ মাংসটো খোৱা নহ’ল মোৰ ৷ বেলেগ এটা কাহিনী ৷

দেউতা তেতিয়া চামগুৰি 132 KV Sub Stationত কৰ্মৰত ৷ মই ইঞ্জিনিয়াৰীঙৰ ষ্টেলত থাকো সেই সময়ত ৷
এবাৰ কিব এটা বন্ধত চামগুৰিলৈ গৈছিলো ৷
নগাওঁৰ পৰা আহি ওলাল ৰন্টু ৷ ৰন্টু সাংঘাতিক বন্ধু প্ৰিয় ৷ বহু সময় কথা বতৰা পাতিলো ৷ যাবৰ সময়ত ক’লে, ‘‘অহা দেওবাৰে দুপৰীয়া তুমি আৰু ছীকুৱে আমাৰ ঘৰতে ভাতসাজ খাবা ৷’’

মই চিন্তা কৰিলো দেওবাৰে দুপৰীয়া ভাত এসাজৰ কাৰণে চামগুৰিৰ পৰা নগাওঁলৈ ২০ কিলমিটাৰ বাট যোৱাটো বৰ কষ্টকৰ হ’ব ৷
প্ৰথমে তাক ক’লো, ‘‘এ নাযাওঁ দিয়া ৷’’
ৰন্টু মানি লোৱা ভকত নহয় ৷
তাৰ পাছত ক’লো, ‘‘ছীকুৱে খবৰ কেনেকৈ পাব ?’’

ছীকু আমাৰ দুয়োৰে বন্ধু ৷ নগাওঁতে থাকে ৷ ৰন্টুৱে উপায় দিলে, ‘‘আৰে মই আজি তাৰ ঘৰত সোমাই কৈ যাম আকৌ ! তুমি মুঠতে দহবজাত পোৱাকৈ আহি যাবা ৷’’ কথাখিনি কওঁতে ৰন্টুৰ মুখত এক বিশেষ ধৰণৰ হাঁহি আৰু চকুৰ ইংগিত দেখিলো যেন লাগিল ৷ এই হাঁহি আৰু ইংগিতৰ অৰ্থ এনেকুৱাও হ’ব পাৰে যে ‘অকল ভাতেই নহয়, বেলেগ যোগাৰো থাকিব !’’
‘‘হ’ব বাৰু দিয়া ৷’’
‘‘পাক্কা দহ বজাত আহিবা কিন্তু মেন (MAN) ৷’’
এই মেন ওলাল মানে বুজিলো সিবিধো থকাৰ পুৰা সম্ভাবনা আছে ৷

দেওবাৰে ছীকুক লৈ খুটিকটীয়াত থকা ৰন্টুৰ ঘৰ পাওঁতে পাওঁতে প্ৰায় এঘাৰমানেই বাজিল ৷ ছীকু আৰু মই কথা পাতিলো,‘‘ছেহ্ এঘন্টা পলম হ’ল ৷ ৰন্টুৰ গালি খাব লাগিব ৷’’

ৰন্টুৰ ঘৰ পায় গম পালো সি ঘৰত নাই ৷ মাকক সুধিলো, ‘‘খুড়ী, ৰন্টু কেনি গ’ল ?’’
‘‘জানো পায় কেনি গ’ল ? হাতত মোনা এটা লৈ ওলাই ল’ল ৷ কিবা আনিবলৈ আছে বুলি ৷ কি বুজি সুধিলত একো নক’লেও !! ক’ব নোৱাৰো আৰু কিখন যে কৰি ফুৰে ৷’’
আমি দুটাই খুড়ীক নক’লো যে আমি জানো ৰন্টুৱে কি আনিবলৈ গৈছে ৷ মাথো ক’লো, ‘‘ অ অ !’’
খুড়ীয়ে আমাৰ দুয়োকে ক’লে, ‘‘বহা তোমালোক ৷ ’’

দুয়ো গৈ ৰন্টুৰ কোঠা পালো গৈ ৷ তবলা, গিটাৰ, ড্ৰাম, The SUN, VIBES, জোতা, কাপোৰ আদি চাৰিওফালে সিচৰিত হৈ আছে ৷ তুলিখনৰ তলত আমি বিচৰা বস্তু পায় গ’লো ৷ ছীকু আৰু মই ব্যস্ত হৈ গ’লো ৷
এপাকত মন কৰিলো এক বাজো বাজো হৈছে ৷ অথচ ৰন্টুৰ দেখা দেখি নাই ৷
‘‘ছীকু আজি ড্ৰাই ডে নেকি ?’’
‘‘নহয়তো আজি ড্ৰাই ডে !! কিবা বেলেগ আনিব নেকি জানো ?’’
‘‘বেলেগ মানে ?’’
‘‘কলহত পোৱাটো আকৌ !’’

মনটো ভাল লাগি গ’ল ৷ গৰমত কলহ !!!!!!!!!!!!!!!!!!!
আমি ৰন্টুৰ কোঠাতে কিতাপ পঢ়ি, গিটাৰ বজাই, বিচনাত বাগৰ দি কলহৰ অপেক্ষাত ৰৈ আছো ৷ পেটৰ ভিতৰত নিগণি দৌৰ মাৰি আছে ৷ পাছে কলহ কেইটাৰ কথা কল্পনা কৰি কৰি অপেক্ষা কৰি আছো ৷
‘‘ছীকু, ইয়াৰ ঘৰতে যদি খাই দিওঁ খুড়ীয়ে বেয়াও পাব পাৰে ৷’’
‘‘আৰে আমি ইয়াত কিয় খাম আকৌ ?’’
‘‘গোন্ধাব নেকি ?’’
‘‘কলহ ?? নাই নোগোন্ধায় !’’

ডেৰমান বজাত বিনা মেঘে বজ্ৰপাত পৰিল ৷
ৰন্টুৰ মাক মানে খুড়ীয়ে আহি ক’লে, ‘‘ৰন্টুও নাহিল তোমালোকে ইমান সময় ৰখিলা, এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে খাই ল’বা আহা ৷ একো নাই কিন্তু পটল কেইটামানকে ভাজিছো ৷’’
মই ছীকুৰ মুখলৈ চালো ৷ খুড়ীয়ে কৈছে কি এইবোৰ ?
‘‘এতিয়া আৰু ঘৰলৈ কি উভটি যাবা ৷ ভাত কেইটামানকে খাই ল’বা আহা ৷ ....’’

একো মাত নামাতি পটল ভাজিৰ সৈতে দেওবৰীয়া ভাত খাই আছো ৷
এনেতে ৰন্টু আহি ওলাল ৷
‘‘আৰে মেন !!!!!!!!!!!! তোমালোক আহিলা নেকি ?? কেইটা বজাত পালা তোমালোক ? মই তোমালোকৰ কাৰণে মুৰ্গী আনিম বুলি বজাৰৰ ফালে গৈছিলো ৷ জয়শ্ৰী হ’লত গংগা-যমুনা-সৰস্বতীৰ পোষ্টাৰ দেখি সেইখনেই চাই দিলো দিয়া ৷ মনতে ভাবিলো তোমালোকক অহা দেওবাৰেহে ভাত খুৱাম ৷’’

মই তেতিয়া পটল এটুকুৰাত কামোৰ মাৰি আছো ৷
-----------------------------------------
উৎস-লেখৰক ব্লগঃ http://pratibhudutta.blogspot.in

No comments:

Post a Comment