Friday, June 28, 2013

জীৱন-যৌৱনঃ স্বাস্থ্য

বিশেষজ্ঞৰ লেখা 
“ জণ্ডিচ” সম্বন্ধে জানিব লগীয়া লাগতিয়াল কথা
#ডাঃ ভূপেন শইকীয়া
এদিন বন্ধু মহন্তৰ চিন্তাক্লিষ্ট মাত টেলিফোনত ভাঁহি আহিল - ১২ বছৰীয়া ল'ৰা অম্লানৰ চিৰিয়াচ অসুখ৷ওচৰৰ ডাক্তৰক দেখুৱাই ভাল পোৱা নাই৷ ইফালে দুসপ্তাহৰ পিছত সৰ্বভাৰতীয় ডবা খেলৰ প্ৰতিযোগিতাত ভাগ লবলৈ চেন্নাইলৈ যাব লাগে৷ মোক লগ পাব খোজে৷ মই তেতিয়া দুসপ্তাহৰ ছুটীত গুৱাহাটীৰ ঘৰত৷ পিছদিনা পুৱা অম্লানক চালোঁ৷

 ল'ৰাজনৰ অসুখৰ বিবৰণ এনেকৱা - এসপ্তাহমানৰ পৰা ভোক নলগা হৈছে, ওকালি আহি থাকে, বলপূৰ্বক কিবা খালে বমি হয়, শৰীৰ দুৰ্বল, গাত সাধাৰণজ্বৰ, প্ৰসাৱৰ ৰঙ হালধীয়া৷ শৰীৰটো পৰীক্ষা কৰি দেখিলোঁ চকুকেইটা অলপ হালধীয়া পৰিছে; পেটত লিভাৰটো কিছু বাঢ়িছে৷ ৰোগ "ভাইৰেল হেপাটাইটিচ - এ" বুলি অনুমান কৰিলোঁ৷

প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষাখিনি কৰিব দি চিকিৎসা আৰম্ভ কৰিলো৷আবেলিলৈ মোৰ অনুমান সত্য প্ৰমাণিত হ'ল৷ এসপ্তাহ বেজী, ড্ৰিপ আৰু ঔষধ-পথ্যৰ ব্যৱহাৰ কৰি ৮০ ভাগ আৰোগ্য হ'ল আৰু সময়মতে ডবা খেলত ভাগলৈ পু্ৰস্কাৰ জিকি আহিল৷ এমাহৰ পিছত মোলৈ ই-মেইল আহিল - অম্লানৰ তেজৰ ৰিপৰ্ট এতিয়া সম্পূৰ্ণ স্বাভাবিক৷ গাত দেখা দিয়া "জণ্ডিচ" এতিয়া নোহোৱা হ'ল৷ 

এনেকুৱা ৰোগী সকলো ডাক্তৰে প্ৰায় পায়েই থাকে৷ সাধাৰণতে মানুহে কোৱা "জণ্ডিচ" এবিধ বেমাৰ নহয় - ৰোগৰ লক্ষণহে৷ জণ্ডিচ শব্দটোৰ উৎপত্তি হৈছে ফৰাচী "জৌনে" শব্দৰ পৰা - যাৰ অৰ্থ হ'ল হালধীয়া ৷চকুৰ বগা অংশ, শৰীৰৰ ছালৰ বৰণহালধীয়া হলে; প্ৰসাবৰ ৰঙ হালধীয়া হলে সাধাৰণতে জণ্ডিচ হোৱা বুজায়৷ লিভাৰৰ, পিত্তথলীৰ(গলব্লাডাৰ) বা পেনক্ৰিয়াচৰ অসুখ হলে মানুহৰ জণ্ডিচে দেখা দিয়ে৷ ঠিক যি দৰে জ্বৰ এবিধ ৰোগ নহয় - ৰোগৰ লক্ষণহে৷ 


মেলেৰিয়া,টাইফয়েড,টিবি,নিউমোনিয়া,খহু বা অইন যি কোনো বেমাৰৰ এটা লক্ষণ জ্বৰ হব পাৰে৷জণ্ডিচ লিভাৰৰ ভাইৰেল হেপাটাইটিচ (তাৰো আকৌ এ,বি,চি আৰু বেলেগ কেইবাবিধো আছে), এলকহলিক লিভাৰৰ অসুখ, চিৰচিচ, লিভাৰৰ টিউমাৰ আদি হলে দেখা দিব পাৰে৷পেনক্ৰিয়াচৰ অসুখ পেনক্ৰিয়াটাইটিচ নাইবা পেনক্ৰিয়াচত টিউমাৰ হলে জণ্ডিচ এটা লক্ষণ হব পাৰে৷ পিত্তথলীৰ বিভিন্ন অসুখ যেনে পিত্তত পাথৰ বা টিউমাৰ হলে জণ্ডিচ হব পাৰে৷গতিকে জণ্ডিচৰ কাৰণ জানিবলৈ আৰু ৰোগৰ গভীৰতা বুজিবলৈ ন্যুনতম কৰিবলগীয়া পৰীক্ষা সমূহ হ'ল- প্ৰসাবৰ পৰীক্ষা, তেজৰ তেজৰ ৰুটিন পৰীক্ষা , বিলিৰুবিন, এচ জি অ'টি, এচ জি পিটি, , এলকেলাইন ফচফেটেজ, চেৰাম ইলেকট্ৰলাইট, এমাইলেজ, লাইপেজ , হেপাটাইটিচ-বি আৰু হেপাটাইটিচ-চিৰ কাৰ্ড টেষ্ট; বুকুৰ এক্সৰে আৰু পেটৰ আলট্ৰচাউণ্ড কৰোৱাটো অতি লাগতিয়াল৷ 

এই পৰীক্ষা সমূহৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসা হয় আৰু ৰোগৰ গভীৰতা ঠাৱৰ কৰা হয়৷ সচৰাচৰ কৰা এই পৰীক্ষাখিনিৰ বাহিৰেও পিত্তনলীৰ আৰু পেনক্ৰিয়াচৰ ৰোগৰ সবিশেষ জানিবলৈ চিটি স্কেন, এম আৰ আই স্কেন আৰু এণ্ডোস্কোপিক ৰেট্ৰগ্ৰেড ক'লেঞ্জিঅ' পেনক্ৰিয়াটগ্ৰাফি আদি উন্নত পৰীক্ষাৰ সহায় লবলগীয়া হয়৷ লিভাৰৰ কেঞ্চাৰ সন্দেহ হলে লিভাৰৰ বায়প্সি কৰিলগীয়া হব পাৰে৷

এইখিনিতে কেৰোটিনেমিয়া নামৰ এক অৱস্থাৰ বিষয়ে পাঠকক অৱগত কৰাব খুজিছো৷গোটা খাদ্য খাবলৈ আৰম্ভ কৰা কিছুমান শিশুৰ এনে অৱস্থা দেখা দিব পাৰে৷ তেওঁবিলাকৰ ছালৰ বৰণ হালধীয়া হৈ পৰে, বিশেষকৈ হাতৰ আৰু ভৰিৰতলুৱাৰ৷ কিন্তু চকুৰ পতা আৰু মুখৰ ভিতৰৰ ছাল কেতিয়াও হালধীয়া নহয়৷ ই এক বিপদজনক অৱস্থা নহয়৷অধিক বিটা-কেৰটিনযুক্ত খাদ্য খাদ্য খুউৱাৰ ফলত কেৰোটিনেমিয়া হয়৷ গাজৰ,ৰঙালাউ, মিঠা আলু, ব্ৰুকলি আৰু বিভিন্নসেউজীয়া শাক-পাচলিত বিটা-কেৰটিন থাকে৷ বিটা-কেৰটিন হ'ল ভিটামিন-এৰ উৎস আৰু শৰীৰৰ ৰোগ প্ৰতিৰোধৰ বাবে এক অতি লাগতিয়াল তত্ব৷কিন্তু অনিয়ন্ত্ৰিত ব্যৱহাৰো যে শৰীৰৰ উপযোগী নহয় ইয়েই প্ৰমাণ কৰে৷

মানুহৰ তেজৰ ৰক্ত কণিকাৰ উৎপত্তি হাড়ৰ মজ্জাত হয়৷ আমাৰ শৰীৰৰ বৃক্কই এৰিথ্ৰপয়েটিন নামৰ হৰমনৰ যোগান ধৰি হাড়ৰ মজ্জাক ৰক্ত কণিকা সৃষ্টিত অৰিহনা যোগায়৷ ৰক্ত কণিকাৰ আয়ুস ১২০ দিন৷ ৰক্ত কণিকাই শৰীৰৰ বিভিন্ন কোষক অক্সিজেনৰ যোগান ধৰে৷ ৰক্ত কণিকা লিভাৰ আৰু প্লীহাত ভাঙিলে তাৰ 'হীম' বা লৌহ অংশৰ পৰা পৰা 'বিলিৰুবিন' নামৰ হালধীয়া পদাৰ্থ বিধ বাহিৰ হয়৷ বিলিৰুবিন লিভাৰৰ পৰা নিৰ্গত হোৱা বাইল ৰসৰ লগত ওলাই গৈ আমাৰ পাক-প্ৰণালীত পৰি শৌচৰ যোগেদি বাহিৰ হয়৷ বাইল ৰসে আমাৰ খাদ্যক হজম হোৱাত সহায় কৰে৷ লিভাৰৰ পৰা বিলিৰুবিন ওলোৱা বাধা প্ৰাপ্ত হলে শৰীৰৰ কোষত বিলিৰুবিন জমা হয় ৷ তেজত সাধৰনতে ০.২ ৰ পৰা ০.৮ মিলিগ্ৰাম % বিলিৰুবিন থাকে ৷ তেজত ১.৫ মিলিগ্ৰাম %ৰ ওপৰৰ পৰিমাণৰ বিলিৰুবিন হলে জণ্ডিচে দেখা দিয়ে৷ 

জণ্ডিচৰ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহক সাধাৰণতে এনেকুৱা - ১) ৰক্ত কণিকাৰ অতি মাত্ৰা ভংগুৰণ হলে যেনে মেলেৰিয়া , কে্ঞ্চাৰ, ঔষধৰবিষক্ৰিয়াৰ ফলত ৷ ২) লিভাৰ ভাইৰাচ ৰোগত আক্ৰান্ত হলে ৷ ৩) পিত্তত পাথৰ বা কেঞ্চাৰ হলে ৷ পিত্তনলীত পেলু জাতীয় পৰাশ্ৰয়ী জীৱই প্ৰৱেশ কৰি বাইলৰ প্ৰবাহ বন্ধ কৰিলে, কোনো ৰোগৰ ফলত পিত্তনলী শুকাই সংকুচিত হলে ৷ ৪) পেনক্ৰিয়াচৰ অসুখবা টিউমাৰ হলে ৷ এইবিলাকৰ ওপৰিও কেতিয়াবা গৰ্ভৱস্থাত মহিলা গৰাকীৰ জণ্ডিচে দেখা দিব পাৰে৷ তেতিয়া চিকিৎসক কাষ চপাটো অত্যন্ত আৱশ্যকীয়, কিয়নো ই সদায় সাধাৰণ নহৈ কেতিয়াবা গুৰুতৰ ৰোগৰ লক্ষণো হব পাৰে৷ 

আনহাতে নৱজাতকৰ জণ্ডিচ সাধাৰণতে দুসপ্তাহৰ ভিতৰত নাইকীয়া হব লাগে৷ নৱজাতকৰ জণ্ডিচত কেতিয়াবা ফটো-থেৰাপি দিবলগীয়া হয়৷এটা কথা মনত ৰাখিবলগীয়া - মাতৃ আৰু সন্তানৰ তেজৰ আৰ এইচ ফেক্টৰৰ অমিল হলে নৱজাতকৰ গুৰুতৰ জণ্ডিচ হয়৷কিছুমানবংশগত বা জন্মগত এনিমিয়া ৰোগতো জণ্ডিচে দেখা দিয়ে ৷ এইবিলাকৰ ভিতৰত থেলাচেমিয়া, চিকল চেলএনিমিয়া , জি৬পিডিৰ অভাৱ আদি হ'ল প্ৰমুখ ৷

জণ্ডিচৰ লগত যুক্তহৈ পৰিব পৰা জটিলতাবিলাকৰ( ) এক চমু আভাস ডাঙি ধৰিব খুজিছো - সেইবিলাক হ'ল : হেপাটিক এনকেফাল'পেথি - অৰ্থাত অতিমাত্ৰা বিলিৰুবিনৰ ফলত মস্তিষ্ক বিকল হোৱা ; হেপাট'- ৰেনেল চিনড্ৰম -অতিমাত্ৰা বিলিৰুবিনৰ ফলতকিডনি বিকল হোৱা ; এচাইটিচ - অৰ্থাত উদৰত পানী জমা হোৱা; হেমাটমেচিচ আৰু মেলিনা - তেজ বমি আৰু কলা পাইখানা হোৱা ৷

এজন জণ্ডিচত ভোগা ৰোগীৰ লক্ষণসমূহ আৰম্ভণীতেই উল্লেখ কৰা হৈছে৷ লগত দুটামান কথা আৰু যোগ দিব খুজিছো ৷ খোৱাৰ আভোক বা অৰুচি এনে এটা পৰ্য্যায় পাবগৈ পাৰে যে এজন ধূম্ৰপায়ী ব্যক্তিৰ চিগাৰেটৰ প্ৰতীও অনীহা ওপজে৷ তেজতবিলিৰুবিন বঢ়াত বহুতো ৰোগীৰ শৰীৰত খজুৱতিৰ অনুভৱ হয়৷

জণ্ডিচৰ চিকিৎসা :
জণ্ডিচত ভোগাৰোগীৰ চিকিৎসাত খাদ্যৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ তেল,ঘিউ,মাখন,গাখীৰ,পনীৰ,মাংস,কণী সম্পূৰ্ণ বৰ্জিত কৰা ভাল৷ গ্লুক'জ, মিচিৰি, ফল-মূল, শাক পাচলি, কুহিয়াৰৰ ৰস, ডাবৰ পানী আদি হ'ল উপকাৰী খাদ্য৷ গ্লুকোজৰ ড্ৰিপ আৰু কিছু লাগতিয়ালঔষধ চিকিৎসকে ৰোগীৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰে ৷

আগতেই কোৱা হৈছে "জণ্ডিচ" এবিধ ৰোগ নহয়, ৰোগৰ লক্ষণহে৷ গতিকে জণ্ডিচৰ চিকিৎসা বুলিলে পোনতেই লাগতিয়াল কথাটো হ'ল - জণ্ডিচৰ কাৰণটো অনুসন্ধান কৰি ওলিওৱা আৰু তাৰ নিৰাময়ৰ ব্যৱস্থা কৰা৷লগতে যদি ৰোগৰ কিবা জটিলতাই দেখাদিছে, তাৰো উপযুক্ত চিকিৎসা দিয়া৷ তথাপিও প্ৰত্যেকজন জণ্ডিচত ভোগা ৰোগীৰ বাবে নিম্নলিখিত কথাখিনি প্ৰযোজ্য : -

১) বিশ্ৰাম - শৰীৰৰ দুৰ্বলতাক কমোৱাত বিশ্ৰাম হয় সহায়ক৷
২) সম্পূৰ্ণৰূপে মদ খোৱা বাৰণ কৰা৷
৩) চিকিৎসকৰ অজ্ঞাতে একো ঔষধ সেৱন নকৰা৷
৪) শৰীৰৰ আদ্ৰতা ঠিকে ৰাখিবলৈ ৰোগীয়ে উপযুক্ত পৰিমাণৰ জুলীয়া খাদ্য গ্ৰহণ কৰা৷প্ৰয়োজন হলে ড্ৰিপ বা চেলাইন লোৱা৷
৫) খাদ্য - অধিক কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা ৷ গ্লুক'জ, মিচিৰি, কুঁহিয়াৰৰ ৰস, ডাবৰ পানী,ফল-মূল হ'ল উপযোগী খাদ্য৷ সহজে হজম হোৱা পাচলি যেনে অমিতা,লাউ, বিলাহী,গাজৰ,কাচকল,আলু,কবি সিদ্ধ কৰি ৰোগীক খোৱাব লাগে৷

অসমীয়া বনৌষধি শাক পদীনা,পালেং,পুননৌৱা, মানিমুনি,তেঙেচি,খুতৰা,মাটিকান্দুৰি,নৰসিংহ,ভেদাইলতা,কলমৌ আদি জণ্ডিচৰ পৰম উপকাৰী পথ্য৷ পকা কৰ্দৈৰ ৰসো ভাল৷ চিকিৎসকে পেটত বেচি অম্ল বা এচিডিটি নহবৰ বাবেহে অধিক কৰ্দৈ খোৱাবলৈ হাকদিয়ে৷

ফল-মূলৰ ভিতৰত ৰসাল ফলসমূহ যেনে আঙুৰ,মৌচম্বী, কমলা,আনাৰচ,তৰমুজ,ডালিম,আপেল,কল,নাচপতি আদি সকলোৱেই উপকাৰী৷ 

মাংস,কণী,তেল থকা মাছ, গাখীৰ,ঘিউ,মাখন,পনীৰ খোৱাটো অপকাৰী৷

এতিয়া চমুকৈ ৰোগৰ কাৰণ অনুসৰি চিকিৎসাৰ বিষয়ে দুআষাৰ : -
যেনে মেলেৰিয়া হলে সেই ৰোগৰ উপযুক্ত ঔষধ প্ৰয়োগ কৰা৷পিত্তত পাথৰ হলে অপাৰেচনৰ দ্বাৰা তাৰ নিৰাময় কৰা৷পেনক্ৰিয়াটাইটিচ হলে এন্টিবায়টিক আৰু অন্য উপযুক্ত দৰবেৰে তাৰচিকিৎসা কৰা৷ভাইৰেল হেপাটাইটিচ- এ হলে ভিটামিন,লিভাৰৰ সহায়কাৰী ঔষধ আৰু গ্লুক'জ ড্ৰিপৰে চিকিৎসা কৰা ৷

সময়ত বমি বা ওকালি বন্ধ কৰা ঔষধ দিবলগীয়া হয়৷কাচিৎত ৰোগ গুৰুতৰ হলে চিকিৎসকে কেতিয়াবা ষ্টেৰইডো প্ৰয়োগ কৰিব লগীয়াহয়৷ভাইৰেল হেপাটাইটিচ- বি বা ভাইৰেল হেপাটাইটিচ-চি ৰোগ হলে উপযুক্ত এন্টিভাইৰেল দৰব প্ৰয়োগ কৰিবলগীয়া হয়৷নবজাতকৰ গুৰুতৰ জণ্ডিচ হলে ফটোথেৰাপি দিবলগীয়া হয়, অন্যথাই মস্তিষ্কৰ বিকৃতি ঘটাৰ সম্ভাৱনা থাকে৷ চিৰচিচ হলে পেটৰ পৰা পানী ওলিয়াবলগীয়া হব পাৰে৷ মেলিনা (কলা পাইখানা) বা তেজবমি হলে ৰোগীক ৰক্ত দিয়াৰ প্ৰয়োজন হব পাৰে৷

No comments:

Post a Comment