জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
সুখ—দুখ
#প্ৰতিভূ দত্ত
আজি হৰেন মাষ্টৰৰ কাৰনে বৰ দুখৰ দিন ৷ তেখেতৰ দুখত গোটেই গাওঁখনৰ লগতে ময়ো সমভাগী ৷  তথাপিও দেখোন মই  অকনমান হলেও আনন্দ পাইছো ৷ এই হৰেন মাষ্টৰ আৰু তেখেতৰ লৰা ৰূপম মানে সোনৰ কাৰনে মোৰ জীবনটোত কমখন অশান্তি হোৱা নাই !!!!!
অটখন চলাই গুৱাহাটী মেডিকেললৈ আহি থাকোতে মোৰ মনটো সৰুকাললৈ উৰা মাৰিলে ৷


গুৱাহাটীৰ নাতিদূৰৈত মোৰ ওপজা ঠাইখন ৷ আমাৰ ঘৰৰ একাষে হৰেন মাষ্টৰৰ ঘৰ ৷ হৰেন মাষ্টৰ আমাৰ স্থানীয় হাইস্কুলখনৰ হেডমাষ্টৰ ৷ আমাৰ দেউতাএটা চৰকাৰী অফিছত কাম কৰা সৰু চাকৰীয়াল ৷ দেউতাৰ চাকৰি আকৌ মাৰঘেৰিটাততেখেত তাতেই থাকে ৷ দেউতাই দৰমহাটো পোৱাৰ পাছতে মাহৰ প্ৰথম সপ্তাহত  ঘৰলৈ আহে ৷

দেউতা আহি ঘৰ পোৱাৰ লগে লগেই হৰেন মাষ্টৰে ক,‘নিত্যাতোৰ লৰাৰ একো নহব !হেৰৌ তাৰ পঢ়াত দেখোন অকনো মন নাই ৷ আমাৰ সোনক দেখা নাই একে লগৰ লৰা,সোনে ইমান পাৰে আৰু তোৰ এই গৰুটোৰ মগজুত দেখিছো গোবৰো নাই ৷
হৈ যায় আৰু !!!
ৰাতি দেউতাই পানী টুপি ধৰি আহি এচাৰিৰে মোৰ পিঠিত ডবা কোবাই দিয়ে ৷ 
মই চিঞৰি চিঞৰি কওঁ,‘চাৰে ক’লেই সোন ভাল লৰা হ’ব নেকি ? ওলাব মোৰ লগত, দেখুৱাই দিম মই সি কি কৰে ৷’
দেউতাইনো ক’ত আৰু শুনিব মোৰ কথা  ?
মুঠতে এই সোন আৰু হৰেন মাষ্টৰৰ কাৰনেই মই সদায় প্ৰাৰ্থনা কৰিব লাগে,‘এইবাৰ দেউতাই যাতে দৰমহা নাপায় !’
লাহে লাহে মই সমনীয়া হ’লেও সোনৰ পৰা আতৰি থকা হ’লো ৷ পিছে কথাটো নোহোৱা নহয় যে যিমানে সময় আগবাঢ়িছে সিমানে সোনো পঢ়াত  আগবাঢ়িছে আৰু মই পিছ পৰি ৷ মেট্ৰিকত সোনে ফাৰ্ষ্ট ডিভিজন পালে আৰু মই  কোনোমতে চুচৰি বাগৰি পাছ কৰিলো ৷ 

তাৰ পাছত সোন পালে গৈ গুৱাহাটী আৰু মই ওচৰৰে হায়াৰ চেকেন্ডৰীখনত নাম লগালো ৷ 
তেতিয়া দেউতা আহিলে হৰেন মাষ্টৰে কয়,‘নিত্যা, বুজিছ লৰা পঢ়াব লাগে গুৱাহাটীত ৷ তইনো অজিতক কিয় ইয়াতে ৰাখিলি ? অবশ্যে তোৰ লৰাই যি ৰিজাল্ট কৰিলে সি আৰু কিনো পঢ়া শুনা  কৰিব ? ঠিকেই আছে দে ৷’
তেতিয়ালৈ আমাৰ ৰিজাল্ট দিয়া কেইবামাহো হৈ গ’ল ৷ হৰেন মাষ্টৰে বাৰে বাৰে কথাখিনি দেউতাক কিয় শুনাই সেই কথা তেওঁহ জানিব ৷  ডাঙৰ হ’লো বুলি ৰাতি দেউতাই পানী টুপি ধৰি আহি এচাৰিৰে পিঠিত ডবা নোকোবোৱা হ’ল ৷ কিন্তু হ’লে নো কি হ’ব ? ৰাতি টোপনি নোযোৱালৈকে দেউতাই অনৰ্গল গালি পাৰি থাকে,‘লৰা হ’লে সোনৰ দৰে হ’ব লাগে, গুৱাহাটীত পঢ়িব লাগে, আৰু আমাৰ লাট চাহাবক চোৱা, ……..’
কেতিয়াবা ভাবো এনেকৈ বকি থকাতকৈ দুকোবমান দি দিয়া হ’লেই ভাল আছিল,
কেতিয়াবা ভাবো পলাই যাওঁ নেকি ঘৰৰ পৰা,
কেতিয়াবা ভাবো এইবাৰ সোন ঘৰলৈ আহিলে তাক মাৰিয়ে পেলাম নেকি,
কেতিয়াবা ভাবো এদিন ভগৱানে বাৰু চকু মেলি চাবগৈ নে …………

বছৰ বাগৰিল ৷ সোন কিবা পঢ়িবলৈ বুলি মাদ্ৰাজ পালেগৈ আৰু মই পঢ়া সামৰিব লগীয়া হ’ল হায়াৰ ছেকেন্ডেৰীৰ দেওনা পাৰ হ’ব নোৱাৰি ৷ 
সেইবাৰ পাছে হৰেন মাষ্টৰে ভাল কাম এটা কৰিলে ৷ দেউতা ঘৰলৈ আহোতে ক’লে,‘নিত্যা, এই অজিতৰ কাৰনে কিবা এটা কৰি দে ৷ তোৰ চাকৰিও আৰু বেছি দিন নাই ৷ তাৰতো পঢ়া—শুনা নহব ৷ তাক অ’ট এখনকে কিনি দে ৷ যদি চলাব পাৰে সেইখন চলায়ে খাব আৰু সি ৷’
দেউতায়ো হৰেন মাষ্টৰৰ কথামতেই পি.ফ.ৰ  টকাৰে মোক বাজাজ অ’ট এখন কিনি দিলে ৷
মই অ’টখন কিনাৰ দিনায়ে মনতে ভাবিছিলো,‘হৰেন মাষ্টৰৰ এই ঋণ এদিন পৰিশোধ কৰিব লাগিব ৷’

বহুবছৰ মাদ্ৰাজত কিবা পঢ়াৰ পাছত সোন এদিন ঘুৰি আহিল ৷ সি তাত কি পঢ়িলে নাজানো ৷ কিন্তু ঘুৰি অহাৰ পাছত সি দেখিবলৈ হিপ্পীটোৰ দৰে হ’ল আৰু তাৰ কানত গজালৰ দৰে এপাট কানফুলি আছিল ৷ ইমান পঢ়াৰ পাছত সি কিন্তু ক’তো একো চাকৰি কৰা নেদেখিলো ৷
সি কিন্তু এখন Rx100 মটৰ ছাইকেল কিনিলে ৷ সেইখনলৈ ৰাতিপূৱাই সি গুৱাহাটীলৈ যায় আৰু ৰাতি ঘুৰি আহে অলপ ৰঙীনহৈ ৷ সি গুৱাহাটীতনো কি কৰে, ক’ত পইছা পায় কোনেও একো নাজানে ৷ লাহে লাহে  পাছে  হৰেন মাষ্টৰেও সোনৰ কথা দেউতাৰ আগত নোকোৱা হ’ল ৷ 

‘অজিত আৰু কিমান সময় লাগিব ?’— হৰেন মাষ্টৰে মোৰ পিঠিত টুকুৰিয়াই সুধিলে ৷
‘চাৰ পাম গৈ আৰু !’— মই মাত লগালো ৷ মোৰ চিন্তাত যতি পৰিল ৷

আজিৰ ঘটনাটো মোৰ মনত পৰি গ’ল ৷ আনদিনাৰ দৰে আজিও সোন গুৱাহাটীলৈ গৈছিল ৷ আবেলি ৫—৩০ বজাত কাছাৰীৰ পৰা গাওঁৰ মানুহেৰে ঠাঁহ খাই আমাৰ ঠাইখনলৈ বাছ এখন আহে ৷ সেই বাছখনেৰে আজি আহি থাকোতে  আমাৰ গাওঁৰ কেইবাজনেও ভৰলুৰ ওচৰত দেখিলে সোনৰ এক্সিডেন্ট হৈছে ৷ বাছ গৈ গাওঁ পোৱাৰ পাছত গোটেই গাওঁখনত খবৰটো বিয়পি পৰিল ৷
 সকলো আহি হৰেন মাষ্টৰৰ ঘৰত গোট খালেহি ৷ মোৰ আহি পাওঁতে অলপ পলম 
হ’ল ৷ আহি মই যিখিনি কথা শুনিলো তাৰ সাৰমৰ্ম হ’ল—ছিটিবাছ এখন সোনৰ মুৰৰ ওপৰেৰে পাৰ হৈ গৈছে ৷ তাতেই সোনৰ সকলো শেষ ৷
হৰেন মাষ্টৰৰ ঘৰত কান্দোনৰ ৰোল ৷ জল্পনা—কল্পনা, মন্ত্ৰনা সকলো চলিছে ৷ 
মই মনতে ভাবিলো,‘আমাৰ সোন এই, আমাৰ সোন সেই !! আমিহে জানো সোন কি??? 
মৰিব্বই লাগে বাপ্পেক্কে !!!’

পাছ মুহুৰ্ততে মোৰ মনত খেলালে আজিয়ে সুযোগ হৰেন মাষ্টৰৰ ঋণ পৰিশোধ কৰাৰ ৷ মই ক’লো,‘চাৰ ইয়াত কন্দা—কটা কৰি থাকি লাভ নাই ৷ বলক মই লৈ যাম আপোনাক মেডিকেললৈ ৷’

হৰেন মাষ্টৰ আৰু সোনৰ মোমায়েকক লগত লৈ আহি আছো আমি মেডিকেললৈ বুলি ৷ 
মেডিকেলৰ চৌহদত থকা আহঁতজোপাৰ তলত মই অ’টখন ৰখালো ৷ অ’টৰ পৰা নামি আমি তিনিও ভয়ে ভয়ে সোমাই গ’লো মেডিকেলৰ ভিতৰলৈ ৷ মোমায়েক আগবাঢ়ি গৈ খবৰ ল’লে কোনফালে গ’লে বডীটো পাম ৷ আমি সেই ফালেই আগবাঢ়িলো ৷ বাৰান্ডাত এঠাইত ঢাকি থোৱা আছে এটা শ ৷ দেখিয়ে হৰেন মাষ্টৰ আৰু সোনৰ মোমায়েকে শটোৰ ওপৰতে বাগৰি বাগৰি কান্দিবলৈ ধৰিলো ৷ মোৰো শোকে খুন্দা মাৰি ধৰিলে ৷ 
এনেতে নাৰ্ছ এগৰাকী আহি অলপ আচৰিত হোৱাৰ দৰে আমাক ক’লে,‘আপোনালোকে ইয়াত কি কৰি আছে? আপোনালোকৰ পেছেন্ট ৪ নং বেডত আছে ৷’
নাৰ্ছে দেখুৱাৰ ফালে ঘুৰি চাই দেখো সোন বিচনা এখনত পৰি আছে আৰু তাৰ মুৰত একো হোৱা  নাই ৷ মাথো তাৰ ভৰি এটা ভাঙিছে ৷ 
হৰেন মাষ্টৰ আৰু সোনৰ মোমায়েকে তাক দেখি হাঁহিবই নে কান্দিবই ধৰিব নোৱাৰা হ’ল ৷ মই কিন্তু বৰ ভাল পালো ৷ ভগৱানে শেষত চকু মেলিলে তাৰ মানে !!
হৰেন মাষ্টৰে সোনৰ ওচৰলৈ গৈ  যেতিয়া তাৰ গালত এক চৰ মাৰি ক’লে — ‘কুলাঙ্গাৰ!! তই মৰি যোৱা হ’লেই ভাল আছিল’, তেতিয়া মোৰ মুখত এটা তাশ্ছিল্যৰ হাঁহি বিৰিঙি উঠিল ৷  

মনতে ভাবিলো বাপেক পুতেক অলপ সময় অকলে থাকক ৷ মই তললৈ বুলি নামি আহিলো ৷ তামোল এখনৰ সৈতে চিগাৰেট এটা জ্বলাই সোনৰ দুৰবস্থাৰ কথা ভাবিলে বেছি সুখ পাম নেকি ??

আহঁত গছজোপাৰ ওচৰতে থকা পান দোকানখনত ৰৈ চিগাৰেটটো জ্বলাই মুখত লৈছো ৷ দোকানীয়ে তামোলখন কাটি আছে ৷  
হঠাতে মই ধোৱা-কোৱা দেখিলো আৰু চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলো ৷
দোকানীজনে তামোল তাতেই পেলাই দৌৰ মাৰি আহি মোৰ ওচৰ পালেহি ৷
‘হেৰি কি হ’ল ?’
‘কোন ঢুকালে ?’

মই আঙুলি টোৱাই ক’লো — ‘মোৰ অ’টখন চুৰি হৈ গ’ল দেখোন ৷’
জীৱনৰ অনুভৱৰ আন আন লেখা পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক
উৎসঃ লেখকৰ ব্লগ http://pratibhudutta.blogspot.in

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages