আজিৰ সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ সুখ দুখৰ বতৰা

আজিৰ সুখ দুখৰ বতৰা

Share This

আজিৰ বিশেষ বাতৰিঃ
১. বৰ্ষপুতি পালন কৰিয়েই "বানপানী প্ৰতিৰোধ ব্যৱস্থাৰ অধ্যয়নৰ বাবে" বেংককলৈ বুলি আজি উৰা মাৰিছে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে ৷

২.প্ৰধানমন্ত্ৰীয়ে বিদেশ ভ্ৰমণত ৯বছৰত খৰছ কৰিলে ৬৪২কোটি টকাঃ তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এই হিচাপ দিলে প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ে ৷

৩. নেলচন মেণ্ডেলাৰ স্বাস্থ্যৰ অৱস্থা সংকটজনকঃ প্ৰকাশ কৰিলে দক্ষিণ আফ্ৰিকা চৰকাৰে ৷

৪. আজি দুপৰীয়ালৈ ৰাজনাথ সিঙে কৰিব পাৰে নৰেন্দ্ৰ মোদীক লৈ বৃহৎ ঘোষণাঃ ৰাজনৈতিক বিশ্লেষকসকলৰ চকু গোৱাত নিৱদ্ধ ৷

সুখৰ খবৰঃ
১. যাদৱ পায়েঙলৈ এইবাৰ মৰিগাঁৱৰ "এণ্টি গ্লোৱেল ৱাৰ্মিং ছ’চাইটি"য়ে আগবঢ়ালে "গ্ৰীণ আছাম এৱাৰ্ড": নীৰৱ পৰিৱেশ কৰ্মী জনে ইতিমধ্যেই আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৷

২. আই আই টি, গুৱাহাটীৰ সমাবৰ্তনত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰী ডঃ পাল্লাম ৰাজুৱে ক’লে- উত্তৰ পূৱত আৰু স্থাপন কৰা হব ছখন উচ্চ মান সম্পন্ন কাৰিকৰী শিক্ষানুষ্ঠান ৷

৪. আই আই টি গুৱাহাটীৰ সফলতা, চলিত বৰ্ষৰ পৰা শিক্ষাৰ্থীৰ সংখ্যা ৮৯৫গৰাকীৰ পৰা বৃদ্ধি কৰা হৈছে ১১১৩গৰাকীলৈঃ নতুন গৱেষণাৰ বাবে লাভ কৰিবলৈ সক্ষম হৈছে ৪২.৬০কোটি টকা ৷

৫. প্ৰকাশন গোষ্ঠী আঁক বাঁকৰ শলাগনীয় উদ্যমঃ প্ৰভাত বৰাৰ চাৰিটা দশকৰ নিৰলস সাধনাৰ সৃষ্টি সমূহৰ সংৰক্ষণৰ বাবে প্ৰকাশ কৰি উলিয়ালে এক সংকলন "যথাৰীতি" ৷

৬. ধিঙ মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল জৈৱ-বৈচিত্ৰ সংৰক্ষণ সম্পৰ্কীয় ৰাজ্যিক পৰ্যায়ৰ আলোচনাচক্ৰঃ বিষয় আছিল-"উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণত পৰম্পৰাগত জ্ঞান-ধাৰণা"৷

৭. গ্ৰাম্য অভিকৰণৰ শলাগনীয় উদ্যোগত সৃষ্টি হ’ল মানৱ সৃষ্ট অৰণ্যঃ দিখৌমুখৰ আজানপীৰ দৰগাহত দেশী বিদেশী পৰিভ্ৰমী পক্ষীৰ কোলাহলে সৃষ্টি কৰিছে অনন্য পৰিৱেশৰ ৷

৮. শীঘ্ৰেই অৰুণাচলত মুকলি এছিয়াৰ ভিতৰতে সৰ্ব-বৃহৎ দুঃসাহসিক প্ৰতিষ্ঠান "নিমাছ", দুশ কোটি টকাৰে নিৰ্মিয়মান এই প্ৰতিষ্ঠানৰ চেয়াৰমেন ৰূপে থাকিব খোদ প্ৰতিৰক্ষা মন্ত্ৰী এ.কে এণ্টনী ৷

৯. মঙল গ্ৰহত আৱিস্কৃত জলৰাশিক খোৱাপানী ৰূপে ব্যৱহাৰ কৰিব পৰা যাব বুলি দাবী কৰিলে নাছাৰ বিজ্ঞানী সকলেঃ মঙলৰ বুকুত থকা অপৰচুনিনিটি নামৰ মহাকাশযান খনে প্ৰেৰণ কৰা শেহতীয়া তথ্যৰ ভিত্তিত তুলি ধৰিলে এই দাবী ৷

১০. ফ্ৰান্সৰ ৰাষ্ট্ৰপতিয়ে কৰিলে ঘোষণাঃ অন্ত পৰিছে ইউৰোপৰ অৰ্থনৈতিক সংকট ৷

চিন্তনীয় খবৰঃ
১. এতিয়াও স্থিৰ হোৱা নাই উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহীঃ মুখ্যমন্ত্ৰী আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ সাক্ষাৎ বিচাৰি হাহাঁকাৰ কৰি দেৱজিৎ থাউছেনে পালে সংবাদ শিৰোনামা ৷

২. মাটি দখলৰ অভিযোগত এইবাৰ গ্ৰেপ্তাৰ হ’ল গুৱাহাটীৰ মাটি ব্যৱসায়ী ৰাধা বৰাঃ লগে লগে অসুস্থ, এম এম চিত চিকিৎসাধীন ৷

৩. ৰহা, দলংহাট, বঢ়মপুৰ আৰু লামডিং শিশু উন্নয়ন প্ৰকল্পত লুণ্ঠনঃ নগাঁও সমাজ কল্যানত ব্যাপক অনিয়মৰ খবৰ৷

৪. কাছাৰৰ নৰবলি কাণ্ডঃ কালীয়ে লম্ভা সুকুমাৰে স্বীকাৰ কৰিলে নৰবলিৰ কথা ৷

৫. ৰাজ্যৰ ৬২টা বিভাগে দাখিল কৰা নাই ৯৪৩কোটি টকাৰ হিচাবঃ আনকি জমা কৰা নাই আঁচনিৰ ধনৰ ব্যৱহাৰ কৰাৰ প্ৰমাণ পত্ৰও ৷

৬. বিসম্বাদীক নিয়্ন্ত্ৰণৰ কৌশল হিচাবে অচিৰেই ৰাজ্যৰ প্ৰশাসনিক আমোলা বিষয়া আৰু আৰক্ষীত ব্যাপক ৰদ বদলৰ সম্ভাৱনা ৷

৭. কোন হ’ব প্ৰধানমন্ত্ৰীত্বৰ প্ৰাৰ্থীঃ মোদী বনাম আদৱানিৰ যুঁজত গোৱাত হোৱা বিজেপিৰ কাৰ্যনিৰ্বাহকত উলম্ব বিভাজন ৷

৮. যোৱা পাঁচবছত ৰাজ্যৰ উৎপাদন একেই থাকিল, আদ-বাটতে হেৰায় ২৯ শতাংশঃ বিদ্যুত বিভাগৰ বিফলতাত ক্ষুদ্ধ হৈ পৰিছে সচেতন ৰাইজ ৷

৯. বিসম্বাদীক মেডিয়াত মুখ নোখোলাৰ পৰামৰ্শ প্ৰদান কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহেঃ মহানগৰবাসীৰ পৌৰ সভাত কংগ্ৰেছকে ভোট দিয়াৰ বাবে জনালে আহ্বান ৷

১০. নিশা উদণ্ড কটিনিয়ানৰ তাণ্ডৱঃ ৰেলৱে’ ষ্টেচনৰ কাষত থকা গাড়ী চুৰ্চমকৈ ভাঙি লাভ কৰিলে সংবাদ শিৰোনামাত স্থান ৷

No comments:

Post a Comment