যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
হাস্য ব্যংগৰে সত্য সন্ধানৰ অপচেষ্টাঃ (হাস্যকৰ সাংবাদিকৰ ভুৱা প্ৰতিবেদন)
মালেৰে মালামালঃ হাইড্ৰামাৰ পয়মাল
মাল থাকিলে পাহাৰো বনাব পাৰি বুলি কালি মন্তব্য কৰিলে হাইড্ৰামা মুহিলাৰীৰে ৷ তেখেতে লগতে ২০১৬টো কংগ্ৰেছ চৰকাৰেই থাকিব বুলি ভৱিষ্যতবাণীও কৰে ৷ তাকে লৈ সচেতন মহলৰ মাজত ব্যাপক চিন্তা চৰ্চাৰ খলকনি তোলা বুলি জানিব পৰা গৈছে ৷

প্ৰথম লাইনত কোৱা কোনটো মাল থাকিলে কিহৰ পাহাৰ বনাব পাৰি, তাকে লৈ দুই তিনিটা বাখ্যা সূত্ৰ আৱিস্কাৰ কৰা হৈছে ৷

ক. মাল মানে অস্ত্ৰ শস্ত্ৰ ৷ সেই মালটো দেখুৱাই ভীতি প্ৰদৰ্শন কৰিলে অতি সোনকালেই টকাৰ পাহাৰ বনাব পাৰি, সেই কথা সকলোৱে জানে ৷ এই মালটো থকা জন যদি কোনোবা সংগঠনৰ এফিলিয়েটেড সদস্য হয়, তেন্তে এই পাহাৰ বনোৱা কামটোৰ বাবে সংগঠনৰ পেডখনকো আন এক আহিলা ৰূপে ব্যৱহাৰ কৰিব পাৰে৷

এই মালটো থাকিলে ভোটৰ বুথত আন কাকো প্ৰৱেশ কৰিবলৈ নিদিব পাৰি, সেই কামটোৰ দ্বাৰা বেলটতত সমৰ্থনৰ বা ভোটৰ পাহাৰ বনাব পাৰি৷ মালটো লগত লৈ গ’লে বা মানুহক এনেয়ে এবাৰ চাবলৈ চুবলৈ দিলে গাঁৱত সন্মানৰ পাহাৰ বনাব পাৰি৷ ফুল্লী লোডেড মাল লৈ ফুৰি দুই এজাই পৰীক্ষা মূলক ব্যৱহাৰ কৰি, নিজৰ নামৰ সতে ডেঞ্জাৰ মানুহ আছে বুলি এটা "ভয়ঙ্কৰ ইমেজ"ৰ পাহাৰ বনাব পাৰি৷

আৰু এই ইমেজৰ পাহাৰৰৰ জৰিয়তে প্ৰথমে টকাৰ পাহাৰ, তাৰ পাছত আত্ম-সমৰ্পন বা আলোচনাৰ মেজত বহি স্বায়ত্বশাসনৰ উন্নতিৰ জখলাত বগাব পাৰি৷ এই মালটোৰ বহুত সুবিধা আছে৷ আৰু হাইড্ৰামা চাৰে তেখেতৰ ব্যৱসায়ক এই মালটোকে মূলধন ৰূপে লৈ আৰম্ভ কৰিছিল৷ সেয়ে চাৰে এই মালটোৰ কথাই কোৱা বুলি বিভিন্ন মহলত গুজৱ চলিছে ৷

খ. মাল মানে তেখেতে টকাৰ কথা কোৱা নাইতো? এই কথাটোক লৈ সকলোৱে দ্বিতীয়টো সন্দেহ প্ৰকাশ কৰিছে ৷ টকাৰ অভাৱত নথকা মানুহৰ মুখত মাল মানে টকা হব নালাগে বুলি কিছুৱে যুক্তি দেখুৱাইছে৷  কিছুৱে আকৌ যদি টকা মানে মাল, আৰু পাহাৰৰ কথা কৈছে, তেন্তে চাগৈ আমি শুনোতে ভুল কৰা বুলি কিছুৱে সন্দেহ প্ৰকাশ কৰিব লগীয়া হৈছে ৷

আচলতে টকা থাকিলে পাহাৰ গঢ়াৰ কি দৰকাৰ৷ পাহাৰ থাকিলেহে টকা গঢ়িবলৈ সুবিধা৷ হাইড্ৰামাই চাগৈ পাহাৰৰ স্বায়ত্ব শাসিত পৰিষদত টকাৰ বাহাৰ দেখি, টকা বনাব লাগে যদি পাহাৰতহে বাস কৰিব লাগে বুলি কবলৈ বিচাৰিছিল বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ইয়াৰ জৰিয়তে পাহাৰীয়া স্বায়ত্ব শাসিত পৰিষদৰ দৰেই মুক্ত লুণ্ঠন চলাবলৈ সুবিধা দি "মাল কামাই" কৰি পাহাৰ বনাবলৈ সুবিধা দিবলৈ চৰকাৰক আহ্বান জনোৱা নাইতো?

হাইড্ৰামাই ভৱিষ্যতবাণী কৰি সকলোকে চমক খুৱাই দিলে৷ এজন প্ৰভাৱশালী মন্ত্ৰীয়ে জ্যোতিষ চৰ্চাত ভাগ লৈ ভৱিষ্যতবাণী কৰিবলৈ লোৱাৰে পৰাই এনেয়ে চাৰৰ কঁপনি উঠিবলৈ লৈছে ৷ তাতে আকৌ আন এজন শক্তিশালী সহযোগীয়েও ভৱিষ্যতবাণীত ভাগ লোৱাত চাৰৰ ভিতৰত আন এক মৃদু জোকাৰণি উঠিছে৷ তাতে আকৌ ২০১৬ত কংগ্ৰেছ চৰকাৰেই থাকিব বুলি ক’লে হয়, কিন্তু গগৈচাৰেই থাকিব বুলি কিয় নকলে, তাকে লৈ অশ্বত্থামা হত ইতি গজ ফৰ্মূলা মাৰি হাইড্ৰামা সৃষ্টি কৰা বুলি চাৰৰ বুকুৰ আপোন সকলে মত ব্যক্ত কৰিছে ৷

হাইড্ৰামাই আৰু কয় যে, ঘৰতো টকা পইচাৰ কাৰণে ভাই ককাইৰ মাজত কাজিয়া হয়েই৷ চৰকাৰতো টকা পইচা খোৱাকলৈ মনোমালিন্য হৈছে৷ ভালকৈ বহি, হিচাব নিকাচ কৰি ভগাই ল’লে এইবোৰ সোনকালেই দূৰ হব৷ এইবোৰক কিবা আদৰ্শৰ সংঘাত ধৰণৰ ডাঙৰ শব্দৰে মহীয়ান নকৰিবলৈকো তেওঁ আহ্বান জনায়৷

সকলোৱে আদৰ্শ বিহীন এক খোৱা-বোৱাৰ পৰিবেশত হাত উজান দিলেহে ভাগ্যৱান সকলৰ ঘৰে ঘৰে ঐশ্বয্যৰ পাহাৰ নহলেও টিলা একোটা বনাব পাৰিব বুলি আশা প্ৰকাশ কৰে৷ তাৰ বাবে লাগিলে অ’ত ত’ত পৰি থকা সা-সম্পদবোৰ গোটাই দিবলৈ জেবিচিৰো ব্যৱহাৰ কৰিব লাগিব বুলি কয়৷ জেচিবিয়ে বিৰোধীক পৰাভূত কৰি শাসকৰ নিজৰ নিজৰ চৌহদত লক্ষ্মীপ্ৰদত্ত আৰ্শীষৰ পাহাৰ বনোৱাত সহায় কৰিবই বুলি দৃঢ়তা প্ৰকাশ কৰে ৷

হাইড্ৰামাৰ বৰঘৰৰ পৰা কাঞ্চাই এচএমএচ যোগে জনোৱা মতে, কালিৰ চৰকাৰী বৰ্চপুতি চভাত কিবাকিবি কৈ আহি খোদ হাইড্ৰামা চাৰো বদহজমিত ভূগিছে৷ হাজমোলাৰ সহায় লোৱাৰ পাছত এতিয়া আজি দুদিনমান বইল খাবলৈ সিদ্ধান্ত লোৱাৰ কথাও জনাইচে৷ 

হাইড্ৰামাই  জুৱেল, গাৰ্লোচা, নিৰঞ্জন সকলোকে কংগ্ৰেছে নিজৰ দলত চামিল কৰি ল’লে পাহাৰত মাল কামাই কৰিবলৈ সুবিধা হব বুলিও গগৈ চাৰক পৰামৰ্শ দিয়াৰ কথা পেপাৰত ওলাইছে৷ আচলতে হাইড্ৰামাই গগৈ চাৰক প্ৰশংসা কৰিলে নে ঠাট্ৰা কৰিলে?  নে জ্যোতিষত ধৰি জালুকবৰীয়া কেম্পৰ ফালে হাউলি দিছে, সেইবোৰ কথাকে ভাবি গুণি চাৰে বেংককলৈ বুলি বিমানত বহি চিন্তা কৰি যোৱা বুলি অনবৰ্ড সুন্দৰী পৰিচাৰিকাই চেটেলাইট ফোন যোগে জনাইছে ৷

হাইড্ৰামা এৰি বেংককত চাৰে অলপ শান্তিৰে থাকি আহক তাকে আমিও কামনা কৰিলো ৷ শুভযাত্ৰা বুলি আজিলৈ এৰিলো ৷

No comments:

Post a Comment