Wednesday, June 12, 2013

"সামাজিকত" সাক্ষাৎ (ৰসাল)

আজিৰ অতিথি বিশিষ্ট "ভোমোৰা কবি" ডালিম কুমাৰ
১. ডালিম দা, আপুনি এই ছদ্মনামটো পচন্দ কৰাৰ আঁৰত কি?
উঃ আচলতে উত্তৰটো অলপ কাব্যিক, অলপ এক্সপেৰিমেণ্টেল, অলপ ৰসাল! চাওক মই কবি, চুৰৰ নিচা চুৰি, কবিৰ নিচা নাৰী! নাৰীৰ হাঁহিক অপৰূপ কৰে ডালিম-গুটীয়া দাঁতে ৷ আস্ নাৰীৰ বুকুত ডালিম যেন হিলদোল সপোনক যেতিয়া কল্পনা কৰো, অনুভৱ কৰো, তেতিয়া আৰু এই কবি ডালিম কুমাৰ নোহোৱাকৈ কেনেকৈ থাকিব পাৰে কোৱাচোন! 

আৰু তাতে ডালিমেই আটাইতকৈ দামী ফল, সাধাৰণ মানুহৰ সপোন ৷ কবি হোৱাটোও সাধাৰণ মানুহৰ সপোন ৷ সেয়ে মই ডালিম কুমাৰ হৈ সেই কবিতাৰ ৰসাল পৃথিৱীত এক সপোন হৈ জিলিকি উলমি থাকিব বিচাৰো, মাথো কেতিয়াও নসৰাকৈ....

২. ডালিম দা, আপুনি কবিতাক লৈ এক্সপেৰিমেণ্ট কৰে, ভিন্নতাক লৈ খেলে, আন সকলে যেতিয়া তেনেকুৱা এক্সপেৰিমেণ্ট চলায় তেতিয়া কেনে লাগে?

উঃ আচলতে জানা এক্সপেৰিমেণ্ট কৰিবলৈ এটা বৈজ্ঞানিক মন লাগে ৷ বিজ্ঞানৰ ছাত্ৰ হিচাবে সেইয়া মোৰ আছে ৷ হস্পিতালত নোৱাৰিলেও মই কবিতাক লৈ ভিন্ন পৰীক্ষা নিৰীক্ষা কৰো, অস্ত্ৰোপচাৰ চলাও৷তাৰ ফলতে সৃষ্টি হয় অপৰূপ কবিতাবোৰ ৷ মই যে বোৰ লিখো সেই বোৰ এক্সপেৰিমেণ্টেল অনুপম কবিতা ৷

৩. আনে লিখিলে ডালিম দা?

উঃ না না, সেইবোৰ কবিতা হব কেনেকৈ ৷ চব অ-কবিতা! অ-কবিতাৰ ভিৰত অসমীয়া কবিতা মূৰ্চা যায় যেন অৱস্থা ৷ বাংলাদেশীৰ ভিৰত যেন খিলঞ্জীয়া! আমি কবিতা প্ৰসৱ কৰো, প্ৰসৱ যন্ত্ৰণাৰে দুই এটা ৷ তাৰ বিপৰীতে দেখা, অ-কবিতা লেখা বোৰে লিখে কিমান ? যেনে এই দিনে দহটা ৷ এই অ-কবিবোৰো আচলতে বাংলাদেশীৰ প্রভাৱত প্ৰভাৱিত, নহ’লে ইমান প্ৰডাক্টিভ কেনেকৈ! এইবোৰ অপতৃণৰ পৰা কবিতাৰ পোখা কেইটা আমি বচাবই লাগিব, অ-কবিতাৰ পৰা কবিতাক মুক্ত কৰি ৰখাই মোৰ জীৱনৰ এটা অন্তিম পণ ৷

৪. আপোনাৰ কবিতাত যৌনতাৰ প্ৰকোপ ইমান কিয়?

উঃ চোৱা সৃষ্টিৰ আদিতে যৌনতা ৷ তুমি-মই, চাবলৈ গ’লে আমাৰ জন্মৰ আঁৰতোটো যৌনতা, অশ্লীলতা! আচলতে চাবলৈ গ’লে অশ্লীল বুলিবলৈ একো নাই ৷ কাপোৰৰ তলত সকলো নগ্ন ৷ এটা কথা কওঁ যি সকলে মোৰ কবিতাক অশ্লীল বুলি কয়, মোক গালি পাৰে, সিবোৰেই মোৰ কবিতা বেছিকৈ পঢ়ে ৷ মোৰ কবিতাত তেওঁলোকৰ মনৰ প্ৰতিচ্ছবি দেখিবলৈ পায় ৷ মই আবৰণবোৰ আঁতৰাই ৰাখো, কবিতাক নাঙঠ কৰো, যাতে মানুহৰ জৈৱিক অনুভূতিবোৰ প্ৰাণ পাই উঠে ৷ মানুহে পঢ়ে, আনন্দ পায়, আৰু মোক গালি পাৰে ৷ মই এইবোৰ গালিৰ ইয়েঃ কৰো!....

৫. আপোনাৰ মতে প্ৰেম য’তে ত’তে হব পাৰে?

উঃ নিশ্চয় ৷ সেয়া চবে জানে, চবৰে হয় ৷ নহয় বুলি কোৱা কেইজন ভণ্ড!

৬. এটা টিভিৰ অনুষ্ঠানত "আপোনাৰ দৰে চৰিত্ৰহীন কবিৰহে এই দৰে বাটে পথে প্ৰেম হয়" বুলি এজনে প্ৰশ্ন কৰোতে আপুনি কিয় ক’লা পৰি গৈছিল?

উঃ মই দৰ্শনৰ কথা কওঁ৷ মানুহৰ সহজাত প্ৰবৃত্তিৰ কথা কওঁ ৷ সেই কথাকে কোনোৱে আক্ৰোশমূলক ভাৱে ব্যক্তিগত ভাৱে আক্ৰমণ কৰিব পাৰে ৷ আচলতে ৰাজহুৱা স্থানত এনে বৌদ্ধিক আক্ৰমণ সহন কৰিব পৰাটোও এটা কলা ৷ এনে বোৰ কথাই মোক শক্তিহে দিয়ে, মই বেয়া নাপাওঁ ৷ আচলতে এইবোৰ বিতৰ্ক মোৰ প্ৰিয়!

৬. বিতৰ্ক আপোনাৰ প্ৰিয়?

উঃ আচলতে বিতৰ্কই জনপ্ৰিয়তা দিয়ে ৷ আৰু জনপ্ৰিয় মানুহৰেই বিতৰ্ক বেছি! ই মোক দুগুণে প্ৰেৰণা দিয়ে সৃষ্টিত৷

৭. সৃষ্টিত মানে বিতৰ্কিত কবিতাৰ সৃষ্টিত? যি বোৰৰ বাবে দৈনিক বাতৰি কাকততো আপোনাক সমালোচনা কৰে!

উঃ সৃষ্টিত সঁচা কথা কবলৈ গ’লে উন্মাদনা থাকে ৷ উন্মাদনা অবিহনে সৃষ্টি নহয় ৷ সেয়ে এই উন্মাদনাক লৈ যদি কোনোবাই তাচ্ছিল্য কৰে, মই উন্মাদ অনুভৱ কৰো ৷ প্ৰচুৰ সৃষ্টিৰ সমল পাওঁ, প্ৰেৰণা পাওঁ ৷ ইয়াৰ মাজতে এটা কথা খোলাকৈ কওঁ, এই যে ডেইলী পেপাৰৰ সমালোচনাক মই কেৰেপ নকৰো ৷ মোৰ সমালোচনা ওলোৱা পেপাৰ মই পিছদিনা ছোৱালীয়ে হাগু কৰিবৰ বাবে সাঁচি থও!

৮. সেইবোৰ বিতৰ্ক বাৰু বাদ দিয়ক, আপুনি কবিতাৰ জেওৰা জপনা পাৰ হৈ উপন্যাসত হাত দিলে যে?

উঃ উপন্যাসত বেছি স্বাধীনতা থাকে, সেই স্বাধীনতা মই উপভোগ কৰো ৷ স্বাধীনতা মানে এনেধৰণৰ, তাত ঠাই বেছি, তাত নাৰীক ভিন্ন এংগোলৰ পৰা চাব পাৰি, চুব পাৰি৷ খুটিয়াই, বখলিয়াই নাৰী চৰিত্ৰক ছিন্ন-চূড় কৰিব পাৰি ৷ নাৰীৰ প্ৰেমৰ বোৱতী নদীত ঘাটে ঘাটে পানী খাব পাৰি ৷

সেয়ে নাৰী-কেন্দ্ৰিক উপন্যাসেই মোৰ একমাত্ৰ উপজীব্য, ই আচলতে মোৰ সাহিত্যৰ পথাৰক উপভোগ কৰাৰ অন্য এক আহিলা বুলি গণ্য কৰো ৷ উপন্যাসৰ সমল বিচৰা বুলিয়ে বিভিন্ন অন্বেষণ কৰাৰো প্ৰচুৰ সম্ভাৱনাৰ বাট মুকলি হয়! কবিতাৰ নায়িকা হোৱাতকৈ বহুতেই আকৌ উপন্যাসৰ নায়িকা হবলৈ বেছি ভাল পায় ৷সঁচাকে কওঁ উপন্যাসিকৰ সুবিধা বহুত!

৯. আপুনি কবিতাৰ কি ৰূপ ভাল পায়?

উঃ কবিতাৰ ভৰুণ গাভৰু ৰূপেই মোৰ আটাইতকৈ প্ৰিয় ৷ কবিতা গাভৰু হ’ল, সেয়েইতো কবি ফটিকা খাবলৈ নগ’ল!

আবেলিৰ কবিতা, হাউলি পৰা, হেঙুল হাইতাল ধৰণৰ বোৰ মোৰ ভাল নালাগে ৷
১০. আপোনাৰ অন্যতম জনপ্ৰিয় তথা বিতৰ্কই চুই যোৱা কবিতা "পিতাইৰ বাথৰুম, ফটা টাৱেল" কবিতাটো এবাৰ শ্ৰোতাৰ বাবে পঢ়ি শুনাব নেকি?

উঃ সেইটো কিয়, শেহতীয়াটো শুনক, "আই বাথৰুমত" শীৰ্ষক এটাও ন-কৈ লিখিছো৷ শুনক... আই যেতিয়া বাথৰুমত......!!!

(লগে লগে সাক্ষাৎগ্ৰহণকাৰীয়ে ৰেকৰ্ডিংৰ টেপটো অফ কৰি, কাণত সুমুবাবৰ বাবে কপাহ বিচাৰি মঞ্চৰ পৰা পলায়ন কৰে)
----------------------------------------------
(ডাঙৰ আখৰত পঢ়িবৰ বাবে http://www.lalink-redindian.blogspot.in/ ক্লিক কৰক)

No comments:

Post a Comment