সুখ দুখৰ বতৰাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰাঃ

সুখ দুখৰ বতৰাঃ

Share This
আজিৰ সুখৰ খবৰঃ
১. অসমীয়া, ইংৰাজী, বাংলা আৰু হিন্দী ভাষাত প্ৰকাশ পাব শ্ৰীমন্ত শংৰদেৱৰ "চিত্ৰ ভাগৱত'ৰ চতুৰ্থ সংস্কৰণ অহা ১২জুনতঃ গুৰুজনাৰ সৃষ্টিৰাজিক জগত সভালৈ নিবলৈ প্ৰয়াস কৰা দত্ত বৰুৱা কোম্পানীয়ে পূৰ্ণ কৰিলে প্ৰকাশন ৮১টা বছৰ ৷

২. দেশৰ ভিতৰতে ডাক বিভাগৰ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থানেৰে গৌৰৱ কঢ়িয়ালে নগাঁৱৰ চিত্ৰাংকন বিদ্যালয়ৰ ছাত্ৰীয়েঃ ডাক টিকটৰ ৰূপত প্ৰকাশ হ’ব কণমানি ময়ুৰী শৰ্মাৰ ছবি ৷

৩. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত অচিৰেই প্ৰকাশ পাব “বিশ্বৰত্নৰ বিশ্বকোষ”৷

৪. বেংককৰ বান পৰিস্থিতি আৰু দুৰ্যোগ ব্যৱস্থাপনা অধ্যয়ন কৰি অসমলৈ উভতিব মুখ্যমন্ত্ৰী অহা ১৩ জুনত ৷

৫. আজি ৰাজ্যজুৰি আছুৰ ছাত্ৰ সংহতি দিৱসঃ ১৯৭৪চনৰ অৰ্থনৈতিক আৰু খাদ্য আন্দোলনৰ শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াক সোঁৱৰি জনাব শ্ৰদ্ধাঞ্জলি ৷

৬. গহপুৰত মহকুমা আৰক্ষী বিষয়াই চলালে অভিযানঃ পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল গঁড়ৰ চোৰাংচিকাৰী ৷

৭. স্বেচ্ছাসেৱী অনুষ্ঠান "চেষ্টা”ৰ প্ৰচেষ্টাত আধুনিক কৃষি পদ্ধতিক আদৰি লৈ অধিক উৎপাদনঃ কৃষিভূমিত উজ্বলা সোনগুটি দেখি বঙাইগাঁৱৰ বইটামাৰীৰ কৃষকৰ মুখত উজ্বলিছে সফলতাৰ হাঁহি ৷

৮. কৃষি মন্ত্ৰীয়ে কৰিলে ঘোষণাঃ ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানতে কৃষি বিভাগে পাতিব ফুলৰ বাগিচা ৷

৯. এভাৰেষ্ট জয় কৰা অৰুণাচলৰ নিমা লামাই ক’লে-"পৃথিৱীৰ শীৰ্ষ আৰোহণ কৰিব খুজিলেও দাৰিদ্ৰ্য নহয় হেঙাৰ" ৷

১০. শাৰিৰীক অসুস্থতাকো নেওচি কৰি উলিয়ালে সম্পাদনাঃ বুৰঞ্জীৰ অধ্যাপনা কৰি অৱসৰ লোৱা দিলীপ কুমাৰ শইকীয়াৰ সম্পাদনাত প্ৰণিত হোৱা গ্ৰন্থ “স্বাধীনতা সংগ্ৰামত শোণিতপুৰ” উন্মোচিত হ’ল তেজপুৰত ৷

চিন্তনীয় খবৰঃ
১. গান্ধী নেহৰু পৰিয়ালৰ জন্ম-মৃত্যু বাৰ্ষিকীৰ বিজ্ঞাপন দি ইউপিএ চৰকাৰে ব্যয় কৰিলে ৫৩কোটিৰ ৰাজহুৱা ধন ৷

২. আপুনি কিমান সুৰক্ষিতঃ অসমত ৫৭৬জন লোকক নিৰাপত্তাৰ দ্বায়িত্ব একোজন আৰক্ষীৰ কান্ধত ৷

৩. ৰাজ্যত বৃহৎ দলিল কেলেংকাৰী আহিছে পোহৰলৈঃ এসপ্তাহৰ ভিতৰতে ৰাজকোষৰ ২কোটিৰ পৰা ৮কোটিৰ ধনৰ লুণ্ঠন হোৱাৰ খবৰে পালে সংবাদ শিৰোনামা৷

৪. আদৱানিৰ আপত্তি নৰজিলঃ অৱেশষত বিজেপিৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ দ্বায়িত্ব পালে নৰেন্দ্ৰ মোদীয়ে ৷

৫. ভাৰত ভূঞাক হত্যা কৰাৰ পাছতো বাঘমাৰী বাগিচাত কমা নাই উত্তেজনা ৷

৬. নাগিনীজানত নগা উগ্ৰপন্থীয়ে পাতিলে বাহৰঃ ছাগলী গুলীয়াই থৈ যোৱাৰ ঘটনাই পুনৰ বৃদ্ধি কৰিলে উত্তেজনা ৷

৭. ভিতৰি ভিতৰি অগপৰ ভিতৰত জ্বলিছে ক্ষোভৰ জুইঃ বিজেপিলৈ যাবলৈ মন মেলিছে অগপৰ তিনি জ্যেষ্ঠ নেতাই ৷

৮. গগৈ চৰকাৰৰ বৰ্ষপুতিটো উচ্ছাৰণ নহ’ল ৬জনগোষ্ঠীৰ প্ৰসংগঃ লোকসভা নিৰ্বাচনক কংগ্ৰেছক সেকা দিয়াৰ হুংকাৰ দিলে আক্ৰাছুৱে ৷

৯. অসম মেডিকেল কলেজত এমাহ ধৰি পেচমেকাৰ স্থাপন কৰা মেচিন বিকল হৈ পৰি থকাৰ খবৰঃ আঁৰত নাৰ্চিং হোমৰ সৈতে চিকিৎসকৰ কমিচনৰ গোপন অংক থকাৰ উঠিল অভিযোগ ৷

১০. টংলাৰ কোৰামোৰ চাহ বাগিচাত বন্যহস্তীৰ আক্ৰমণত নিহত হ’ল দুজনকৈ লোকঃ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ গোৱালপাৰাত তিনি কিশোৰৰ সলিল সমাধি ৷

১১. নগাঁৱৰ পৰা সন্ধানহীন কুৰিৰো অধিক যুৱকঃ আলফা-মাওবাদীত যোগদানৰ সন্দেহ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে ৷

No comments:

Post a Comment