মুম্বাই মচালাঃ ২ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মুম্বাই মচালাঃ ২

Share This
বাটে ঘাটেঃ কিছু কেঁচা অনুভৱ


অজয় লাল দত্ত
পুতলাৰ নগ্নতা নৰজিব
কাপোৰবোৰ পিন্ধাই সজাই ৰখা পুতলাবোৰক হেনো ইংৰাজীত মেনিকুইনচ নে কিবা কয়৷ মাজতে মুম্বাই মিনিচিপাল কৰ্পৰেচনে এক বিশেষ জাননী জাৰি কৰি মহানগৰীত অৰ্ধ-নগ্ন তেনে নাৰী দেহৰ পুতলা দোকানত সজাই ৰখাক নিষিদ্ধ ঘোষণা কৰিলে ৷ ই হেনো, মানুহৰ মনোজগতত বিৰুপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ বিবসনা নাৰীৰ পুতলাই হেনো উত্তেজনা জগায়, ফলত দুস্কাৰ্য সংঘটিত হব পাৰে!

মিনিচিপাল কৰ্পৰেচনৰ এনে যুগান্তৰকাৰী পদক্ষেপক প্ৰায়বোৰ টিভি চেনেলে প্ৰাইম টাইমত আলোচনা পাতি গুৰুলা গুৰুল দিলে ৷ নাৰীবাদীৰ বাখ্যা, ভাৰতীয় সংস্কাৰবাদী বিশেষজ্ঞৰ বাখ্যাই কেইবাদিনো কান ঘোলা কৰিলে ৷ অৱশেষত অফিচত চাহ দিয়া ডেকাজনে আচল কথাটো বাখ্যা কৰাতহে সকলো পৰিস্কাৰ হৈ পৰিল৷ 

মুম্বাইৰ মল, বাটে ঘাটে, চুটি চুটি কাপোৰ পিন্ধা, বুকু ওলোৱা, এক কথাত প্ৰদৰ্শনকামী কাপোৰ পিন্ধা নাৰী অতিশয় সুলভ৷ সমাজৰ মনোৰঞ্জনৰ কথা চিন্তা কৰা এনে অতি আধুনিক নাৰী সকলৰ কৃপাত এনেয়ে পাব্লিকৰ এণ্টাৰটেইনমেণ্টৰ অভাৱ নাই ৷ সেয়ে বোলে পুতলাবোৰ আঁতৰাই দিলেও যে  সমলৰ একো অভাৱ নঘটে, সেই কথাটো মিনিচিপালৰ মানুহে জানেই৷ সেয়ে নিৰ্বাচনৰ আগে আগে শিৱসেনা-বিজেপিয়ে অলপ সংস্কাৰবাদী গিমিক এটা কৰিব খুজিছে!

আচল কথাটো হ’ল বোলে, মুম্বাইত ইমান খৰচ কৰি সাজি-কাচি, নাখাই নবৈ মেইনটেইন কৰা দেহ, আধুনিক নাৰী সকলে সহজে প্ৰদৰ্শন কৰিয়েই আছে৷ একোতো অভাৱ নাই৷ তাৰ পাছতো পুতলা দেখুৱাই ডেকাৰ মন বিচলিত কৰাৰ মুম্বাইত কোনো প্ৰয়োজন নাই৷ পুতলাবোৰ সেয়ে সৰু সুৰা চহৰলৈ পঠাই, সেই ঠাইৰ মানুহকো আধুনিকতাৰ পাঠ পঢ়োৱাটোহে হেনো পাৰ্টিবোৰৰ গোপন এজেণ্ডা!!!!


মা, কেঁচা পাটৰ চেটৰ সমানেই দাম!

ছোৱালীবোৰৰ সাজপাৰ বোৰৰ বিশেষ নাম নাজানো, ঘৰত বাইদেউ, ভণ্টি নাইতো সেয়ে৷ সিদিনা এজন জ্যেষ্ঠ সহকৰ্মীয়েহে ক’লে বোলে আজিকালি ছোৱালীবোৰে পচন্দ কৰা হাফ-পেণ্টৰ ভায়েক, চুটি চাপৰ, পেণ্টটোৰ নাম হেনো "হট পেণ্ট"৷ নামটোৱে যদিও বহু কথাই কৈ গ’ল, তথাপি তাক গৰমত পিন্ধিবৰ বাবে বনোৱা বাবে হট পেণ্ট নে সমুখত থিয় দিয়া সকলৰ প্ৰতিক্ৰিয়াক লৈ হট পেণ্ট নাম দিয়া হৈছে সেইটো বুজিব নোৱাৰিলো ৷

মা আহিছিল, মাক লৈ হাইপাৰ চিটি নামৰ চুপাৰ-মাৰ্কেট খনলৈ গৈছিলো ৷ সেই চুপাৰ-মাৰ্কেটলৈ বলিউদী ভিলেইন, চিৰিয়েলৰ নায়িকা সকলে শাক-পাতকে ধৰি দৈনন্দিন ব্যৱহাৰ কৰা বজাৰ কৰিবলৈ সঘনে আহে৷ সেয়ে আমিও তালৈ যাবলৈ ভাল পাও, বা কেনেবাকৈ খুন্দাকে খাও, সেই আশাৰে ৷ 

সিদিনা তাতে সিংহম চিনেমাত গালি খোৱা ডিএছপিটোৰ ভাওলোৱা জনকো দেখিলো, মাকো দেখুৱালো ৷ তাৰ পাছতে ওলাল নহয় সমুখত হট পেণ্ট পিন্ধি মাকৰ সৈতে অহা দুগৰাকী বালিকা৷ মাৰ চকুলৈ চালো, মাই ভোৰ-ভোৰাই উঠিল৷ কিবোৰ যে পিন্ধি আহে নহয়, সস্তাত পায় নে কি? মাক ক’লো বাদ দেনা সেইবোৰ৷ যি পিন্ধে পিন্ধক আমাৰ কি আহে যায়!

দুয়োটা ভিতৰলৈ গ’লো ৷ এনেয়ে কাপোৰৰ ষ্টলৰ মাজত ঘূৰি ফুৰিছো৷ দেখিলো নহয় হট পেণ্টটো ৷ এনেয়ে লিৰিকি বিদাৰি, টেগটো বিচাৰি চালো৷ হঠাত মুখেৰে ডাঙৰকৈয়ে ওলাই গ’ল- অ’ মা, সস্তা নহয়, এইটোৰ চোন তোৰ কেঁচা পাটৰ কাপোৰযোৰৰ সমানেই দাম! 


হিৰ’ হোণ্ডা ট্ৰাক

অফিচলৈ আহি আছো৷বাটত কিনকিনিয়া বৰষুণ৷ এবাৰ খিৰিকিৰে বাহিৰলৈ মূৰ উলিয়াই দেখিলো, এখন বাইকত এজন আৰোহী, পাছফালে তিনিগৰাকী মহিলা, টেংকীৰ ওপৰত মহা আৰামত পাঁচ বছৰীয়া মান কনমানি এটা৷ আৰোহীৰ মূৰত হেলমেট৷ মহিলা কেইগৰাকীয়ে হেপো-টেপোকৈ বহিছে...এগৰাকীয়ে পাছফালে বেকলাইটৰ ভৰষাতে উলমি আহিছে৷ চূৰ্ণীৰে মুখকেইখন মেৰিয়াই লৈছে, বৰষুণৰ পৰা ৰক্ষা পাবলৈ৷ তাতে আকৌ কনমানিটোৱে হাত দুখন মেলি দিছে, বৰষুণ চুবলৈ, বৰ ফুৰ্তি ৰাইজৰ৷

ড্ৰাইভাৰ মনোজক দেখুৱালো, সৌৱা চোৱাচোন ৰাইজৰ কি ফুৰ্তি, হিৰ’ হোণ্ডা বাইক নহয় যেন ট্ৰাকহে! দেখিছা কিমান বোজাই কৰি আনিছে৷ হোণ্ডা কোম্পানীয়ে দেখিলে বৰ ফুৰ্তি পাব নহয়নে?

মনোজে মূৰ জোকাৰিলে, হয় হয় ৷ পুলিচে দেখিলে আৰু ফুৰ্তি পাব, তেওঁ ৰগৰ কৰিলে ৷ 

অলপ পৰ পাছতে আমাৰ গাড়ীখন বাইকখনৰ পিছতে ৰলহি৷ বেক লাইটত বহা মহিলাগৰাকী সচকিত হৈ পৰিল, তেওঁৰ হালি পৰা চুৰ্ণিৰ আগতো সযতনে চপাই নিলে, নাম্বাৰ প্লেটতো জলজল-পটপটকৈ ওলাই পৰিল ৷ চকু দুটাই ঠিকেই দেখিছোনে? প্লেটখনত নাম্বাৰৰ ওপৰতে লিখা আছে ৰঙা আখৰেৰে "পুলিচ" ৷

মনোজক সেইটো দেখুৱাই ক’লো- ধুৰ, কোৱা এতিয়া কোনে কাক ধৰে!
তেওঁ ক’লে- মুম্বাইৰ পুলিচে কেতিয়াবা এনেকৈয়ো ফুৰ্তি কৰে৷

দোকানৰ আগত ভিৰ কিয়?

বান্দ্ৰাৰ পৰা মাহিম অভিমুখে আহোতে সোঁফালে এটা মছজিদ আছে৷ শুকুৰবাৰে ৰাস্তালৈকে মানুহৰ ভিৰ হয়, আজানত ভাগ লবলৈ, ৰাস্তাটোও সেই সময়ত বন্ধ কৰি দিয়ে প্ৰশাসনে ৷ সেইফালে দিয়ে সিদ্ধি-বিনায়ক মন্দিৰলৈ যায়, আমিও কেইবাবাৰো গৈছো ৷ 

সদায় এটা কথা মন কৰো, আমাৰ ধেমাজি চাৰিআলিত ৰাতিপুৱা হাজিৰা কৰিবলৈ ৰৈ থকা মানুহবোৰ যেনেকৈ পুৱা আঠটা মানত এক ঠাইত গোট খায় থাকে, কোনোবা বহে, কোনোবা খৈনী মাৰি হাতৰ চেপতে দা-খনলৈ ৰৈ থাকে, তেনেকৈ মচজিদৰ ওচৰতো এগালমান মানুহ বহি থাকে ৷ প্ৰথম দুবাৰ মান যাওঁতে ভাবিলো, হাজিৰা কৰা মানুহ চাগৈ, এক ঠাইত ৰয়৷ যাতে দৰকাৰ হ’লে দিনটোৰ যি কোনো সময়তে পাৰ্ট-টাইম কাম কৰিবলৈ মাতি নিব পাৰি ৷ ডাঙৰ চহৰ, সকলো পৰিকল্পিত কাৰবাৰ৷

এদিন মন কৰিলো, কাৰো হাতত দেখুন একো দা-কটাৰী নাই৷ খালী মছজিদলৈ সোমাই যোৱা বাটটোৰ দুয়োকাষে, মেইন ৰাস্তাত থকা দোকানবোৰৰ বাৰাণ্ডাত কৰ্মঠ এজাক মানুহ সৰু সৰু গোটত কৰি বহি থাকে ৷ মই একো বুজি নাপাও, প্ৰতিখন দোকানৰ সমুখতে এজুম এজুম মানুহ, কৰবাত দহটা, কৰবাত পোন্ধৰটা ৷ বৰষুণ দিয়াৰ দিনা বাৰু আশ্ৰয় লৈ বহিছে বুলি ভাবো, কিন্তু ৰ’দৰ দিনাও সেই একেই কথা ৷ মনটো খু-দুৱাই থাকে ৷

কালি সেইফালে গৈছিলো, লোকেল টেক্সি খনৰ ড্ৰাইভাৰ জনক সুধিলো, এই মানুহবোৰ বহি থাকে কিয় তাত?

তেওঁ হাঁহি হাঁহি উত্তৰ দিলে, খাবলৈ পায় বাবে বহি থাকে ৷
মই সুধিলো- মানে?
আপুনি মন নকৰিলে নেকি, যিবোৰ দোকানৰ বাৰাণ্ডাত সিহঁতে জুম পাতি বহি আছে সেইবোৰ হোটেল, মানে খোৱাৰ হোটেল৷ 
অ’ হয় নেকি, তাতে কি হ’ল, মই সুধিলো ৷

মছজিদলৈ যে মানুহবোৰ যে আহে, এজনে বোলে ১০জন দুখীয়াক মই এসাজ খুৱাম বুলি মনতে ভাবি থৈছিলো৷ তেন্তে খুৱাব কাক? সেয়ে ইয়াত সকলো ৰেডিমেট৷ হোটেলে আগতীয়াকৈ দুখীয়া ভোকাতুৰ মানুহ দৈনিক আনি আগফালে বহাই ৰাখে, আপুনি দহ জনক খুৱাবলৈ মন্নত মাগিছে, তেন্তে হোটেলক দহজনৰ টকা দিয়ক, সমুখত খাওতা ৰেডি আছে!

আপোনাৰ বিশজনক খুৱাবৰ হেপাঁহ, অলপ বেছি মানুহ বাৰাণ্ডাত বহি থকা হোটেলখনলৈ গৈ পেমেণ্ট কৰি দিয়ক৷ খাওতা ৰেডি আছে, মানে পুণ্য অন দ্যা স্পট! 
আজিহে বুজিলো, সেই মানুহবোৰে আচলতে বৰ ডাঙৰ কাম এটাতহে তাত সদায় বহি থাকে, মানে আমাৰ দৰে পাপীবোৰক পূণ্য দিবলৈ...কথাবোৰ বুজি উঠিলো৷আনৰ বাবে পুণ্য অৰ্জন কৰি দিবলৈ সদায় সদায় বহি থকাটো ধেমালি কথা ! তেওঁলোকক একোটা চালাম দিবলৈকে মন গ’ল বাপ্পেক্কে!!!!

মুম্বাই মচালাঃ১ কেঁচা অনুভৱ পঢ়িবৰ বাবে ইয়াত ক্লিক কৰক৷

2 comments:

  1. মজা লাগিল৷ সুক্ষ্ম অথচ সুগভীৰ !!

    ReplyDelete
  2. Axom aru uttarpubor'k bisho darbarot potisthito kora ek prosestha. Visit: www.northeastpost.in

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages