Friday, June 7, 2013

যি কথা নহয় সঁচা (ৰস ৰচনা)

বিশ্ব পৰিবেশ দিৱসত বনৰজাৰ তিনি সইতঃ সেউজী ধৰণী ধুনীয়া
-----------------------------------
বনৰজাৰ ৰাজকুমাৰে পিতৃৰ মুখলৈ চাই সুধিলে, বিশ্ব পৰিবেশ দিৱচ টা কি আচ্ছেন বাবা?

বনৰজাই তাক বুজাবলৈ ধৰিলে, ওটা আমি তোমাকে ভালকৈৰা বলব৷ এইটো আচলতে যেনেকৈ খ্ৰীষ্টধৰ্মী মানুহৰ বাবে গুড ফ্ৰাইডে, তেনেকুৱা আমাৰ "বন ধ্বংসৰ ব্ৰত লোৱা চোৰাংধৰ্মী সকলৰ" এটা ইণ্টাৰনেচনেল হলিডে! এইটো দিৱচত আমাৰ বনৰ মাল বিজনেজ কৰাবোৰে এক দিনৰ বাবে ৰেষ্ট লয়, ফুৰ্তি কৰে, পিকনিক কৰে ৷ আৰু এইটো সুযোগতে বিজনেচ প্ৰমোচন কৰে !

বিজনেজ প্ৰমোচন কৰে মানে বাবা?

না ওটাই! আচলতে সিদিনা সকলোকে কোৱা হয়, সকলোৱে গছপুলি ধ্বংস নকৰিবা, সকলোৱে অন্ততঃ একোটাকৈ গছ পুলি ৰোৱা ৷ তাৰ অৰ্থ হ’ল গছ পুলি সকলোৱে ৰোৱা, আমিতো কাটি বেচিবলৈ আছোৱেই ৷ আগতে আল্লাই যিমান ৰুইছিল ৰুইছিল৷ সেইবোৰটো প্ৰায় আমাৰ বেপাৰী মশায় সকলে কাটি শেষ কৰি পেলালেই৷ সেয়ে আমি শংকৰদেৱৰ দেচত প্ৰতিটো মানুচেই ভগৱানৰ ৰূপ ফৰ্মূলাটো ব্যৱহাৰ কৰিছো ৷ সেয়ে গণ দেৱতাক কৈছো, এতিয়া আপোনালোকে প্ৰতিজনেই গছ পুলি ৰোৱক৷ বাকী খিনি যেনে, আমি ভৱিষ্যতে কাটি বেচিবলৈ, আমাৰ ব্যৱচায়টো বচাই ৰাখিবলৈ, আমাৰ নতুন নতুন বংশবোৰক যুগে যুগে নোদোকা হোৱাকৈ খাব পৰাকৈ ব্যৱস্থা কৰিবলৈ, সুনিশ্চিত কৰিবলৈ...ইত্যাদি৷ এইখিনি কথাকে চামাৰাইজ কৰি "আপোনাৰ ভবিষ্যত প্ৰজন্মৰ বাবে" বুলি টেগলাইন বানাইচি৷ ওটাই ব্যৱহাৰ কৰি ৷ হল’ না ওটা আমাৰেই বিজনেচ প্ৰমোচন!!!!

আৰু বাবা দেখ, তাৰ খা-খৰছ সবাইতো পাৱা যায়, চৰকাৰৰ মানে ৰাজহুৱা ধনৰ কোষৰ পৰা ৷ ৱৰ্ল্ড বেংক থেকেই আচ্ছসে কিছু কিছু৷ সজাগতা সভা কৰাৰ জন্যি !

সজাগতা সভা গুলো কি বাবা?

আৰে ওটা নিৰ্বাচনী চভাৰ মতই পাশাপাশি৷ তাতেও উই সজা সজা কথা গুলো, মানে সজাই সজাই কোৱা কথা বোৰ সভাত মানুহৰ আগত কলেই হ’ল আৰু ৷ সেইটোৱেই সজাগতা চভা আছে৷ এইবোৰ গছপুলি বিতৰণ কৰা একচুৱেলি বিজনেট প্ৰমোচন চভাহে ৷ টাকাটা খালী পাৱাৰ জন্যেই বুলি চজাগতা চভা! 

এই চভাৰ উদ্দেশ্যে বন, কিম্বা গঁড়ৰ ধ্বংসৰ বিৰুদ্ধে লোকক জাগ্ৰুত কৰাটো নহয়৷ সোজা সোজা কথা বলা আৰু গছ পুলি ৰোপনতে শেষ ৷ পাৰিলে লগতে চৰকাৰী বিভাগৰ সফলতাৰ টেপ ৰেকৰ্ডাৰ, ভাৰত নিৰ্মাণৰ বিজ্ঞাপন আদিৰে ৰঙীণ সপোন কিছুমান ফ্ৰী বিলাই দিয়াহে৷ এইটো কৰিব যাওঁতে ভোটৰ কাৰণে চংগঠনটো অলপ ঠিক কৰা যায়৷ আৰু আমাৰ নিজৰ নতুন মানুহ, ক’ত ক’ত বহিছে, আৰু ক’ত ক’ত বহাবৰ স্কোপ আচে তাৰ ফিল্ড ষ্টাডিউ কৰা যায়.... বুঝচেনটো!

আৰ একটু কথা বাবা, এইযে কালকেৰ আমাৰ কাকতে বিজ্ঞাপন এল, চিন্তা কৰ, খান আৰ বাচান! তাৰ অৰ্থটা কি, তাকো বিশ্ব পৰিবেশ দিৱচে?

একদম ৰাইট কথা সুধিচা বেটা, আচলতে তাত যদিও খাদ্য খোৱাৰ আগতে চিন্তা কৰা, তাৰ পাছত খোৱা আৰু পাৰিলে তাক বচোৱা বুলি কোৱা হৈছে ৷ তাৰ আচল অৰ্থতো বেলেগহে৷ আমি ক’লেই কিবা ভাতৰ কাঁহীখন লৈ চিন্তা কৰা অচমীয়া মানুহ ওলাব নেকি? যিমান পাব, সিমান খাব ৷ আৰু এৰেহা ভাত দি কি বিশ্বৰ অনাহাৰী মানুহৰ ভোক মিটাব পৰা যায়! ই একদমেই প্ৰতীকি বিজ্ঞাপন!

আজিকালি বেছিভাগ মানুহেই যে খাবলৈ পোৱা নাই বুলি কোৱা হৈছে, সেয়া হৈছে আচলতে পইছা৷ সেয়ে বেছিভাগ মানুহৰে আমাৰ নিচিনা চাকৰি কৰা, ব্যৱচায় কৰা, ৰাজনীতি কৰা মানুচ বোৰৰ ওপৰত বৰ চকু, বৰ খঙ৷ সেয়ে কৈছো, খাবলৈ যদি পাইছা, খোৱাৰ আগতে তেন্তে অলপ চিন্তা কৰা, যাতে ধৰা নপৰা ৷ আজি কালি অখিল, আৰটিআই, হিডেন কেমেৰা, চাংবাদিক আদিৰ নজৰ কম নেকি? সেয়ে বোলো ধন খোৱাৰ আগতে ভালকৈ চিন্তা কৰা, সোপাসোপে খাই নাযাবা ৷ খালে খোৱা, সাক্ষী নাৰাখিবা, চিন নাৰাখিবা বাচা!

বেলেগ বস্তু খালে ভোক গুচে৷ পইচা, ধুৰ এইটো যিমান খোৱা যিমানেই কম! ভোক বাঢ়িবহে ৷ সেয়ে খাওঁতে সাৱধান হবা ৷ খালেই নহব, সাঁচিবও লাগিব ৷ ক’ত থবা, কেনেকৈ থবা, কেনেকৈ উলিয়াবা, কেনেকৈ ক’লা টকা বগা কৰিবা, এইবোৰ বহুত ঝামেলা ৷ সেয়ে বোলো খোৱাৰ আগতে দ’কৈ চিন্তা কৰা ৷ থবলৈ গাঁত খানিলেও দ’কৈ গাঁত খানা৷ আৰ এইচ খানৰ ঘৰৰ দৰে কুকুৰে গোন্ধ পোৱাকৈ নহয়৷ তুলিৰ তলত, বাথৰুমৰ পাচফালে সেইবোৰ ফৰ্মূলা পুৰণা হ’ল৷ চুইছ বেংকৰ ফুৰ্মূলাও ৰাজহুৱা হ’ল৷ সেয়ে এই বিষয়টোত প্ৰফেচনেলিজমৰ প্ৰয়োজন আছে৷ বেলেঞ্চ চীটত লুকুৱাবলৈ যেনেকৈ চিএ, তেনেকৈ টি.টি.এ সকলৰ সহায় ল’ব লাগিব ৷ টি.টি.এ মানে হ’ল টকাৰ টেংকী এক্সপাৰ্ট৷ আমাৰ নিজৰ খাচ মানুচ আছে, তাৰ বাবে, কৈ থলো বাচা!

এইটো কাম ভালকে কৰিব নোৱাৰিলে অপচয় হয়৷ যেনেকে গুৱাহাটীত বিলত টাকা ওলাল৷ মানুহে সাতুঁৰি সাতুঁৰি টকা পালে, তেনেকুৱা অপচয়৷ সেয়ে ৰোধ কৰা অপচয়, ভালকৈ কৰিবা সঞ্চয় ৷ বুজিলা!

ৰাজকুমাৰে মূৰ দুপিয়ালে৷ 
পিছে বাবা, এই পইচা খোৱা বোৱাৰ চিন্তা কৰাৰ লগত পৰিবেশ দিৱসৰ কি সম্বন্ধ?

বনৰজাই মিচিকিয়াই হাঁহিলে, তুমি চাগৈ আমাৰ মনমন সিং চাৰৰ "পেইচা পেৰ পে নহী ওগতা" বাক্য শাৰীতে লাগি আছে ৷ তেওঁ বুঢ়া মানুহ যি তি কয়, তুমি আমাৰ যুৱ মন্ত্ৰী সকলৰ পৰা আইডিয়া ল’বা. এতিয়া সেই ককাহঁতৰ আইডিয়াবোৰ আউটডেটেড হ’ল ৷ চোৱা পইচা গছত নালাগিলে কি হ’ব? বাঁহ আদি দিয়াৰ পৰাইটো পইচা ওলায়৷ 

বাবা, পুলিচে যে বাঁহ দিয়ে ৰাস্তাত বাইকৱালাক, ৰিক্সাৱালাক, সেইটো বাঁহ? আপোনালোকে যে ট্ৰেন্সফাৰ অৰ্ডাৰ এখন উলিয়াই বিষয়াবোৰক এনেয়ে বাঁহ দিয়ে সেইটোনে?

নহয় অ’ বেটা, আচল বাঁহ, বাঁহ গছৰ পৰা কাগজ বনায়৷ সেই কাগজতেটো টাকা ছপা হয় কি নহয়? সেয়ে বোলো টকাৰ লগত পৰিবেশৰ বঢ়িয়া সম্বন্ধ আছে ৷ যদি টাকা খাওৱা কম হয়, বাঁহ বাচিব, বাঁহ বাচিলে পৰিবেশ বাচিব, হয় কি নহয়? আৰু পৰিবেশ বাচিলে, সেউজী ধৰণী ধুনীয়া... হয় নে নহয়?

বনৰজাৰ ৰাজকুমাৰে গোটেই কেইটা কথা ফটফটীয়াকৈ বুজি উঠিল, বৰ ফুৰ্তি পালে, সি ৰুমৰ পৰা ওলাই চোতাল পালেগৈ, নিজৰ ঘৰৰ জনচাধাৰণ পেপাৰখনত থকা বিজ্ঞাপনটোকে লৈ চিঞৰি চিঞৰি পঢ়িবলৈ ধৰিলে, চিন্তা কৰা, খোৱা আৰু বচোৱা, চিন্তা কৰা, খোৱা আৰু বচোৱা, চিন্তা কৰা, খোৱা আৰু বচোৱা.... আৰু আপোনমনে গাবলৈ লাগিল... সেউজী ধৰণী ধুনীয়া, সেউজী ধৰণী ধুনীয়া ৷

No comments:

Post a Comment