Wednesday, June 12, 2013

জীৱনৰ অনুভৱ


আৱিস্কাৰ.কমঃ সত্যৰ সন্ধান 

#প্ৰতিভূ দত্ত

মই ৩য় শ্ৰেণীৰ বছৰেকীয়া দি ঘৰত সময় কটাইছো ৷ আজৰি পৰত নিউটন, আৰ্কিমিডিছ, এডিচন, গেলিলিও আদিৰ কথা পঢ়ি অনুপ্ৰাণিত হৈছো ৷

হঠাৎ থিৰাং কৰিলো - নাই এনেকৈ আৰু নহ'ব ৷ মই বৈজ্ঞানিক হৈ হে এৰিম ৷ কিবা এটা সূত্ৰ, কিবা এটা তথ্য আৱিস্কাৰ কৰিহে এৰিম ৷

কোনে পাই আৰু !!!!!!!!!!!!!!!!!!!!

হৈ গলো মই বৈজ্ঞানিক ৷ একানপতীয়াকৈ লাগি গলো সত্যৰ সন্ধানত ৷
এডিচনক হেনো দেউতাকে ঘৰৰ গেৰেজতে এটা লেবৰেটৰী সাজি দিছিল ৷ মই এখোপ ওপৰলৈ গৈ “দেউতাৰ গেৰেজতে” এটা লেবৰেটৰী সাজি ললো ৷

মোৰ লেবত যথেষ্টখিনি সাসৰঞ্জাম আছিল ৷ লোহা-লক্কৰ, হাতুৰি-বতালি আদি আছিল ৷ মাজে মাজে মই দেউতাৰ লগত তেখেতৰ “প্ৰজেক্ট site” লৈ গৈ মোৰ লেবত কামত আহিব পৰা বিভিন্ন সা-সামগ্ৰী আনিবলৈ আৰম্ভ কৰিলো ৷ তেনে যাত্ৰা এটাত মই পাইছিলো এক অত্যাধুনিক যন্ত্ৰ – এটা ৱেল্ডিঙ হেলমেট ৷ (১৯৮০ চনত হোৱা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়তহে মোৰ হেলমেটতোৰ মূল্য বুজি পাইছিলো মই)৷

পিছে লেবত মই “সত্যৰ সন্ধানত” বৰ বিশেষ একো কৰিব পৰা নাছিলো ৷ 

গতিকে মই এটা “ৰাসায়নিক শাখা” খুলিলো৷ ‘সুলেখা’ৰ বটল, ‘অন্নপূৰ্ণা’ বটল আদিত মই বিভিন্ন ধৰণৰ ৰাসায়নলৈ “সত্যৰ সন্ধান” চলাই গলো ৷ মোৰ ৰাসায়নত আছিল মিঠাতেল, চিঞাহী, চাবোন পানী,transformerৰ পোৰা তেল, টুহিনা আদি ৷ কামতো কৰি বেচ ভাল লাগিছিল ৷
কিন্তু একো আবিস্কাৰ কৰিব নোৱাৰি মই মোৰ “সত্যৰ সন্ধান” মহাকাশ বিজ্ঞান আৰু প্ৰাণী-বিজ্ঞানলৈ প্ৰসাৰিত কৰিলো ৷

ৰাতি হ’লে আকাশত হাতীপটি, তাৰকা-মন্ডল আদিত “সত্য” বিচাৰি পাওঁ নেকি তাৰ চেষ্টা চলালো ৷

দুপৰীয়া মা অকমান জিৰাবলৈ লওঁতে মই সাউতকৈ গৈ বাৰীৰ চুক পাওঁগৈ ৷ প্ৰাণীজগতত কিজানি পাই যাওঁ কিবা “সত্য”!!!

এদিন বাৰীৰ মধুৰী নে বগৰী গছজোপাৰ তলত ৰৈ বৰ আশাৰে চাই আছিলো ৷ আশা কৰি আছিলো কিজানিবা ফল এটা মোৰ মূৰত পৰিব আৰু মই “ছাৰ নিউটন” দৰেই কিবা এটা আৱিস্কাৰ কৰিব পাৰিম ৷

হঠাৎ চকু পৰিল মোৰ নিজৰে বাওঁহাতৰ বুঢ়া আংগুলিটোলৈ!!!!!!!!!!!!!!
হে প্ৰভূ এয়া কি দেখিছো মই!!!!!!!!!!!!!!!!!!!!

আৰ্কিমিডিছৰ দৰে “ইউৰেকা,ইউৰেকা” বুলি (ভাগ্য ভাল তেতিয়া মই কাপোৰ  পিন্ধি আছিলো) দৌৰ মাৰিলো মোৰ বন্ধুকেইজনমানৰ ওচৰলৈ ৷

মোৰ বন্ধুকেইজনে জানিছিল মই “সত্যৰ সন্ধান”ত ব্ৰতী বুলি ৷ মোৰ মুখ মণ্ডলৰ ভাব-ভঙ্গিমা দেখিয়ে সিহতে বুজিলে “কিবা এটা” আবিস্কাৰ হ’ল ৷ সুধিলে : কি আবিস্কাৰ কৰিলা ?

মই যেতিয়া মোৰ আৱিস্কাৰ কথা ক’লো তেতিয়া বন্ধু সকলৰ যি প্ৰতিক্ৰিয়া আছিল তাৰ কাৰণে মই প্ৰস্তুত আছিলো ৷ গেলিলিওলৈ মনত পেলালো ৷ সেই মহান গেলিলিওৰ কথা কোনেও মানি লোৱা নাছিল ৷ মোৰ বন্ধু সকলেও মোৰ আবিস্কাৰ কথা মানি লোৱা নাছিল ৷ মই গেলিলিওৰ দৰেই এটা প্ৰয়োগৰ যোগেদি মোৰ আৱিস্কাৰৰ সত্যতা প্ৰমাণ কৰিবলৈ মনস্থ কৰিলো৷

প্ৰয়োগৰ কাৰণে প্ৰয়োজন হ’ল এটা নখ, প্ৰায় দুমাহ মানৰ বাবে ৷ কোনো আগবাঢ়ি নহা দেখি মই নিজৰ নখতে প্ৰয়োগতো কৰিব খুজিলো ৷ কিন্তু মোৰ চকুছৰহা বন্ধুসকলে ক’লে : নহ’ব, তই তোৰ নিজৰ আবিস্কাৰৰ প্ৰয়োগ নিজৰ নখত কৰিব নোৱাৰ ৷ আমি তোক নখ আনি দিম ৷

ক’লেহে তেনেকৈ কিন্তু নখ পোৱাতো বৰ সহজ কথা নাছিল ৷ উপায় উলিয়ালে শিবুৱে ৷ তাৰ ভায়েক ৰাজু আমাতকৈ ৩ বছৰমান সৰু আছিল, স্কুল যোৱাই নাছিল ৷ ৰাজু বেছিভাগ সময় আমাৰ লগতে থাকে ৷ তাৰ ভৰিৰ বুঢ়া আংগুলিৰ নখতে আমি প্ৰয়োগতো কৰিবলৈ ঠিক কৰিলো ৷
 
শিবুক মাথো দহাই দহাই বুজালো যে তাৰ এটা গুৰুদ্বায়িত্ব থাকিব ৷   সি ৰাজুৰ “বুঢ়া আংগুলিৰ নখতো” মাকৰ চকুৰ পৰা লুকুৱাই ৰাখিব লাগিব ৷

মোৰ বৈজ্ঞানিক জীবনৰ সবাতোকৈ গুৰুত্বপৰ্ণ মূহুৰ্ত ৷ ঘৰৰ পৰা মনে মনে লুকুৱাই অনা জেতুকাখিনি ৰাজুৰ “বুঢ়া আংগুলিৰ নখ”ত লগাই দিলো মই ৷

ক’লো : বাছ্ ! হৈ গ’ল কাম ৷
বাকি বন্ধুকেইজন ঠিয়হৈ ৰ’ল বিস্ফুৰিত নেত্ৰে, যেন এইমাত্ৰই কিবা এটা হ’ব ৷
মই ক’লো : ব’ল হৈ গ’ল কাম ৷আমি দুমাহমান পাছত চাম কি হ’ল ৷
.....
তাৰ দুদিনমান পাছত দেউতাই গুৱাহাটিৰ পৰা আনি দিলে এখন বাই-চাইকেল ৷ চাইকেল পোৱাৰ পাছত মোৰ “সত্যৰ সন্ধান” অলপ কমি আহিল ৷ পাছত গৈ এনে অবস্থা হ’লগৈ যে দুমাহমান পাছত মনতেই নপৰিল ৰাজুৰ “বুঢ়া আংগুলিৰ নখতো”ৰ কথা ৷
......
সেই ঘটনাৰ পাছত প্ৰায় ২০/২২ বছৰ পাৰ হ’ল৷ বিয়া পাতিলো ৷ শ্ৰীমতীয়ে এদিন ৰিম’ভাৰেৰে “বুঢ়া আংগুলিৰ নখ”ৰ নেইল পলিছ গুচাই আছিল ৷ মোৰ হঠাৎ মনত পৰি গ’ল ৰাজুৰ “বুঢ়া আংগুলিৰ নখ”ৰ জেতুকাখিনিলৈ ৷

ইম্প্ৰেছ কৰিবলৈ শ্ৰীমতীক কাহিনীতো শুনালো ৷ 
আধা শুনিয়ে শ্ৰীমতীয়ে ধমক দিলে : নিজৰ কাম বন নাই বুলি আমাৰো নাই বুলি ভাবিছানেকি? নখ যেতিয়া গজি আহে জেতুকাৰ ৰং তেনেকৈ নুগুছি কেনেকৈ গুছিব আকৌ ?

মই মনে মনে ৰ'লো৷...
...
.......... 
(মোৰ আবিস্কাৰতো আছিল : নখত লগোৱা জেতুকা আদিৰ ৰঙ নখৰ পৰা এটা অৰ্ধগোলাকাৰ patternত নোহোৱা হৈ আহে৷ সময়যোৱাৰ লগে লগে নখৰ ৰঙ ছন্দ্ৰকলাৰ দৰে বাঢ়ি যায় আৰু জেতুকা আদিৰ ৰঙ ক্ৰমান্নয়ে কমি আহে)

1 comment: