Thursday, June 27, 2013

অনুভৱৰ বৰষুণ

ভোক
#মাধুৰীমা ঘৰফলীয়া


বতাহ জাক বৰ জোৰৰে বলা নাছিল যদিও গছবোৰৰ পাতত লাগি হুৰ হুৰনিৰ এটা সৃষ্টি হৈছে। ওখ তামোল গছবোৰ মাটিৰ ফালে এনেকৈ হাওলি গৈছে যেন আৰু অলপ কুঁজা হলেই আগটোৱে মাটি চুব পাৰিব । নতুবা গছ ডালৰ মাজতে ভাগি পৰিব । পিছে সেইবোৰ একো নহয় গৈ। বতাহজাক গুছি যোৱাৰ লগে লগে গছডাল পোন হৈ পৰে । 

আকৌ বতাহ আহিলে আগৰ দৰেই হালি পৰে । শুনিব নোখোজা সত্বেও বতাহৰ সৈতে মাইকৰে ওফৰি অহা শব্দ কিছুমান শইকীয়াৰ ঘৰৰ আগফালে পাছফালে বিয়পি পৰিল । শইকীয়ায়ে পাছফালৰ বাৰাণ্ডাত বহি কিতাপ এখন পঢ়িবলৈ মেলি লৈছিল । কিন্তু মাইকে টানি অনা ভাষণৰ শব্দবোৰ শুনি কিতাপখন টেবুলতে থেকেচা মাৰি শোৱনি কোঠালৈ আহিল । শইকীয়ানীয়ে সেইসময়ত দুপৰীয়াৰ ভাত ঘুমটিটো মাৰিবলৈ বিচনাত উঠিছিল ।

-এই দুপৰীয়াখন কলৈ যায় ? সভালৈ যায় নেকি ?
শইকীয়াই চাৰ্টটো সলনি কৰা দেখি শইকীয়ানীয়ে সুধিলে ।
-সভালৈ আক মই কিয় যাম ? ওলাই যাওঁ ,এই সোপাৰ ভাষণবোৰ শুনি থাকিলে মোৰ মূৰটো নষ্ট হৈ যাব ।
-কোন ফালে যাব ?
-এনেই ৰে’লৰ আলিৰ ফালে ওলাই যাওঁ ।
-ময়ো যাওঁ ৰ’ব । মোৰো ভাল লগা নাই ।

শইকীয়ানীয়ে লৰালৰিকৈ শুৱাৰ পৰা উঠিলে । আনদিনা হোৱা হ’লে শইকীয়াই নালাগে যাব বুলিয়েই ক’লেহেঁতেন । পিছে আজি নকলে । দহ মিনিট মানৰ পাছত কাপোৰ সাজ সলাই শইকীয়ানী ওলাই আহিল । বাঁহ গছৰ ছাঁৰ তলে তলে দুয়ো ৰে’লৰ আলিৰ ফালে খোজ কাঢি গ’ল । যিমানে তেওঁলোক আগুৱাই গ’ল সিমানেই মাইকৰ শব্দ কমি আহিল । কিন্তু শইকীয়াৰ মনত মাইকৰ শব্দবোৰে তেতিয়াও উখল মাখল লগাই থাকিল ।

সভাখনলৈ শইকীয়াকো মাতিছিলহি । শইকীয়াৰ ঘৰৰ পৰা অকণমান গলেই পোৱা স্কুলৰ ফিল্ডখনত প্ৰায় পোন্ধৰ দিন মানৰ আগৰ পৰা সভাখনৰ যো-যা চলিছিল । সভালৈ মাতিবলৈ অহা চিনাকী ডেকা কেইজনৰ হাতৰ পৰা সভাৰ কাৰ্য্যসূচীখন লৈ চাইছিল । সহজ সৰল জনতাৰ পেটত গোৰ মাৰি ধনী হোৱা চৰকাৰৰ বিৰুদ্ধে এক প্ৰতিবাদী সভা । এটা নতুন সংগঠনৰ সহযোগত ! কত সংগঠনৰে অসমখন ভৰি পৰিছে ,তথাপি জানো কোনোবাদিন কোনোবাটো সংগঠনে কিবা এটা সমস্যা সমাধান কৰিব পাৰিছে ? বাংলাদেশীয়ে অসম ভৰি পৰিল , নিজৰ মাতৃভাষাৰ অস্তিত্বও লোপ পাওঁ পাওঁ ,সংগঠনবোৰে দুদিনমান চিঞৰি চুপ হৈ যায় । সেইবোৰকে চেলু লৈ আকৌ গঢ় লৈ উঠিছে নতুন নামেৰে নতুন সংগঠন । লাভৰ মূৰত অসমে পথ বন্ধ, অসম বন্ধ আদিবোৰৰ বাহিৰে পাইছে কি ? নতুন সংগঠনটোৰ নাম দেখি শইকীয়াৰ মুখত কৌতুক মিহলি হাঁহি এটা বিয়পি পৰিছিল । যাহওঁক অসমে আৰু এটা বোজা লাভ কৰিলে । আৰু দুদিনমান বন্ধৰ নামত ৰাইজে হাৰাশাস্তি খাব । আৰু সমাজত দপদপাবলৈ আৰু দুটামান নেতাৰ জন্ম হ’ল । তথাপি শইকীয়াই সভাখনলৈ যাম বুলি ভাবিছিল । অন্তত ৰেহৰূপ চাবলৈকে ।

কিন্তু যেতিয়াই সেই সংগঠনটোৰ সম্পাদক হিচাপে পূৰ্ণ দাসৰ পুতেকৰ নামটো দেখিলে, শইকীয়াৰ মনটো কোঁচ খাই পৰিল । গা বেয়া হৈ থকাৰ অজুহাত দেখুৱাই শইকীয়াই সভাখনলৈ যাব নোৱাৰিম বুলি ক’লে । ডেকা কেইটাও শইকীয়াক বৰ বেছি জোৰ নকৰিলে ।

পূৰ্ণ দাসৰ পুতেক ৰুপমে আয়োজন কৰা সভালৈ শইকীয়া যাব নে ? মদ খাই চাৰিআলিত মাতালামি কৰি থকা ,ঘৰৰ আগেদি গাভৰু ছোৱালী এজনীও ভালকৈ পাৰ হৈ যাবলৈ নিদিয়া ৰুপমে আয়োজন কৰা সভালৈ তেওঁ কেতিয়াও যাব নোৱাৰে । শইকীয়াই ঘৰত থকা সময়কণত মাইকত ভাঁহি অহা শব্দবোৰ আছিল পূৰ্ণ দাসৰ । চৰকাৰে দুখীয়ালৈ বুলি দিয়া ধন চান কাঢ়ি খাই দালান সজা এসময়ৰ চৰকাৰী বিষয়া পূৰ্ণ দাস । যাৰ চোতালত ভৰি দিয়াৰ সাহস কোনো দুখীয়াৰে নাছিল । সেই পূৰ্ণ দাসে আজি সভাত ভোকৰ ওপৰত ভাষণ দিলে কেনেকৈ শুনি থাকিব পাৰে । টকাৰ ওপৰত বহি বহি খোৱা পূৰ্ণ দাস আৰু ৰুপমে জানো ভোকৰ সংজ্ঞা দিব পাৰিব ? ভোকৰ সংজ্ঞা এসময়ৰ দুখীয়া খেতিয়কৰ ল’ৰা শইকীয়াক সোধক , নহ’লে কোনোবা গাঁওৰ উৰুখা চালৰ গৰাকীক সোধক । সোধক উঠি অহা নিজৰ ভোকাতুৰ সন্তান কেইটাৰ কাঁহীত যেতিয়া ভাতৰ সলনি কচু দিব লগা হয় তেতিয়া সেই মাতৃয়ে কেনেকুৱা অনুভৱ কৰে । কেনেকুৱা অনুভৱ কৰে তিনিদিয়া লঘোণীয়া পেটতো নিজৰ ভাগৰ ভাত কেইটা সন্তানক দি মোৰ ভোক লগা নাই বুলি ক’বলৈ ।

ধনীবোৰে ভোকৰ সংজ্ঞা দিলে শইকীয়াৰ বিৰাট খঙ উঠে । তাতে পূৰ্ণ দাসৰ দৰে মানুহে দিলেতো কথাই নাই । সেইবাবেই শইকীয়া ওলাই আহিল ।মালগাড়ি এখন গাৰ কাষেৰে পাৰ হৈ গ’লতহে শইকীয়া সম্বিত ঘুৰাই পালে । নিজৰ মনটোক শান্ত কৰি তেওঁ শইকীয়ানী চালে । বেচেৰীৰ মনটো বৰ মৰা । ক’বলৈ গলে যোৱা দুদিনমান শইকীয়াৰ ঘৰখন একপ্ৰকাৰৰ মৰিশালিৰ দৰেই হৈ পৰিছে । হওঁতে দূৰৈৰ চহৰ এখনত থাকি চাকৰি কৰি থকা পুতেক বোৱাৰীয়েকে সদায় খবৰ লৈ আছে । দুদিনমান আহি থাকিও গ’লহি । পিছে সিহঁত যোৱাৰ পাছত আকৌ ঘৰখন নিজম পৰি গ’ল ।

-ইয়াতে অকণমান বহোঁ দিয়া ।
সৰু ষ্টেচনটোৰ কাষ পাই বাঁহৰ চাং এখনলৈ আঙুলিয়াই শইকীয়াই মাত লগালে । শইকীয়ানী নিৰৱেই বহিল । ষ্টেচনটো এখন পেছেঞ্জাৰ গাড়ী হে ৰয় । কেতিয়াবা ক’ৰবাত লাইন নাপালে মালগাড়ী এখন দুখন ৰয় । গতিকে ষ্টেচনত ভিৰ বুলিবলৈ নায়েই ।

শইকীয়াই এবাৰ শইকীয়ানীৰ মুখলৈ চাই নিজম পৰি থকা ৰে’লৰ আলিৰ ফালে চকু দিলে । মানুহজনৰ চকুহাল সেমেকি আহিল । এবছৰমানৰ আগতে সন্ধিয়া এনেকৈ ফুৰিবলৈ আহোঁতে ইয়াতে বকুলক পাইছিল । ন বছৰীয়া ল’ৰাটো ষ্টেচনৰ একাষে জুপুকা মাৰি বহি আছিল । শইকীয়াই বহু সময় তাক লক্ষ্য কৰি আছিল । অচিনাকি ল’ৰা এটাক সন্ধিয়া সময়ত তাত বহি থকা দেখি অলপ আচৰিতো হৈছিল । যাওঁ নাযাওঁ কৈ বকুলৰ কাষ চাপি গৈছিল । তেওঁক দেখি সি আনফালে মুখ কৰিছিল । তাৰ চকুহাল উখহি আছিল । হয়তো সি কান্দি আছিল । বকুলক একো নুসুধি শইকীয়াই কৈছিল-মোৰ লগত বল ।

বকুল অলপ আচৰিত হৈছিল । তথাপি শইকীয়াৰ পাছে পাছে তেওঁৰ ঘৰলৈ আহিল । ক’ৰ নজনা নুশুনা ল‘ৰা এটাক ঘৰলৈ আনিছে বুলি শইকীয়ানীয়ে শইকীয়াক মনে মনে গালি দুটামানো দিলে । পিছে তাৰ মুখলৈ চাই মানুহজনী পমি গ’ল । সেইদিনা তেওঁলোকে বকুলক একো নুসুধিলে । পিছ দিনা বকুলে নিজেই মুখ মেলিলে –তাৰ ঘৰ ডিফুৰ ফালে । বাপেক মদ খাই খাই ঢুকাল । বাপেক মৰা পাছত মাক বেলেগ এটালৈ পলাই গ’ল।তাক নিনিলে । সি মামাক মামীয়েকৰ সৈতে আছিল । মামীয়েকে বিৰাট অত্যাচাৰ কৰে । সহিব নোৱাৰি সি ঘৰৰ পৰা পলাই আহিল । ঘৰৰ পৰা কোনেও বিচাৰ নল’লে । সি দুদিন মান কোনোবা এটা ষ্টেচনত ভিক্ষা কৰি যি পাই তাকে খাইছিল । পিছে সেইটো ষ্টেচনত আগৰে পৰা থকা ভিক্ষাৰী কেইটাই তাক এনেই খুব মাৰধৰ কৰিলত সি ৰে’লত উঠি তাৰ পৰাও পলাই আহিল । আৰু সেই ষ্টেচনটোত এনেই নামি দিছিল । পিছে ৰেল খন যোৱাৰ পাছত তাৰ তাত থাকিবলৈ ভয় লাগিছিল । সেইবাবেই সি তেনেকৈ জুপুকা মাৰি বহি আছিল ।

বকুলৰ কথা শুনি শইকীয়ানীয়ে এসোতা কান্দিলেও । মানুহজনী এনেই কোমল মনৰ তাতে এনেকুৱা কথা শুনিলে নাকান্দিবনে । শইকীয়াই পিছে নাকান্দিলে । ফোনটোৰ কাষলৈ গৈ পুতেকৰ সৈতে কথা পাতিলে । পিছদিনাই পুতেক বোৱাৰীক পালেহি । বকুলক দেখি সিহঁতৰো ভাল লাগিল । অন্তত বাপেক মাকৰ লগ এটা হ’ল । দুদিনমানৰ পাছত বকুলৰ মনটো লৈ তাক কাষৰে স্কুলখনত নাম লগাই দিলে । মুঠতে পুতেক বোৱাৰীয়েক নহ’লেও শইকীয়াৰ ঘৰখন গৰম কৰিবলৈ প্ৰাণী এটা হ’ল । বকুলে স্কুললৈ যোৱাৰ উপৰিও শইকীয়ানীকো মাজে মাজে সহায় কৰি দিয়ে । সহায় মানে এই বাৰীত গৰু সোমালে খেদাব লাগে । আলহী আহিছে,চেনী নাইকিয়া হ’ল সি ফটকৰে আনি দিব । শইকীয়াৰ মূৰৰ পকা চুলি উঘালি দিব । মাজে মাজে শইকীয়াৰ সৈতে আগফালৰ শাকনি বাৰীত পানী দিব । মুঠতে বকুলৰ ধেৰ কাম । তাৰ মাজতে শইকীয়ানীৰ সৈতে দনো লাগে । শইকীয়ানীয়ে তেতিয়া তাক ডিফুত থৈ আহিম বুলি কয় । সি শইকীয়ানীৰ ভাবুকি কেঞা আঙুলি দেখুৱাই । শইকীয়া সিঁহতৰ দন চাই মুখ টিপি হাঁহে ।

-তামোল খাব নেকি ? মই লগত লৈ আহিছিলো ।
শইকীয়াৰ ভাবত যতি পেলাই শইকীয়ানীয়ে সুধিলে ।
-হুহ ! দিয়া ।
অন্যমনস্ক ভাবেই শইকীয়াই হাতখন আগবঢ়াই দিলে ।
-বকুল যোৱা আজি সাত দিন হ’ল ।
শইকীয়ানীয়ে তামোলখন দি লাহে লাহে কলে ।
-ও ।
-ক’ত বা কি খাইছে ...খাবলৈ বা পাইছে নে নাই !
শইকীয়ানীৰ প্ৰশ্নত শইকীয়া একো উত্তৰ নিদি মানুহজনীলৈ চালে । দুয়োৰে চকুহাল তিৰবিৰাই উঠিল ।

ঘৰখন সুখেৰেই আছিল । পিছে অঘটনটো ঘটিল চাৰিদিনৰ আগতে । ক’ৰবাৰ ইটা ভাটাত এটাত কাম কৰি থকা অৱস্থাত হোৱা দুৰ্ঘটনা এটাত কেইবাটাও শিশু শ্ৰমিক ঢুকাল বোলে । ৰাজ্যখন জ্বলি উঠিল। শইকীয়াহঁতৰ অঞ্চলটোও গমগমাই উঠিল । শিশু শ্ৰমৰ বিৰোধীতা কৰি ৰুপমহঁতৰ সংগঠনটোৱে সমদল এটাও উলিয়ালে । জেগাই জেগাই শিশু শ্ৰমিকক শ্ৰম কৰাৰ পৰা ৰাইজে উদ্ধাৰ কৰিলে ! ৰুপমহঁতৰ চকু বকুলৰ ওপৰত পৰিল । লগে লগে সিহঁতৰ সংগঠনটোৱে শইকীয়াৰ ঘৰ ঘেৰাও কৰিলে । অঞ্চলটোৰ গণ্য মান্য ব্যক্তি ৰূপে পৰিচিত শইকীয়ালৈ পূৰ্ণ দাসৰ বহুদিনৰে আখেজ আছিল । যি সন্মান তেওঁ ধনৰ বলতো কিনিব পৰা নাই সেই সন্মান শইকীয়াই নিমাতে থাকিয়েই পাইছিল । সেইবাবেই শইকীয়ালৈ পূৰ্ণ দাসৰ বিৰাট হিংসা লাগিছিল । বাপেকৰ এই হিংসাৰ জুইক শান্ত কৰিবলৈকে যেন ৰুপম আৰু তাৰ সংগঠনে শইকীয়াক বলিৰ পাঠা সজালে । বকুলক পুলিছে লৈ গ’ল । লগতে শইকীয়াকো । কোনোদিনে থানাত ভৰি দি নোপোৱা শইকীয়া তলমূৰকৈ থানাত ভৰি থলেগৈ । বকুলে চিঞৰত গগণ ফালিলে । কান্দি কান্দি শইকীয়ানীও অচেনত হোৱাৰ দৰে হ’ল । শেষত শইকীয়াৰ পুতেক আৰু কেইজনমান ব্যক্তিৰ হস্তক্ষেপত শইকীয়া দুঘণ্টামানৰ পাছতে ঘৰলৈ আহিবলৈ পালে । পিছে বকুল ঘুৰি নাহিল । পুলিচক সোধাত তাক ঘৰলৈ পঠাই দিয়া বুলি কলে ।

-যাওঁ বলা ।
শইকীয়াই ঘৈণীয়েকৰ ফালে চাই ক’লে ।
-ৰ’বচোন । ৰেলখন আহিব হৈছে । কি’জান..
-কি’জান কি ? বকুল নাহে । বলা ।
-ৰ’বচোন । ইমান সময় বহিলোঁ আৰু অলপ সময় ৰ’লেনো কি ক্ষতি হয় ।
এৰা ,আৰু অলপ সময় ৰ’লেনো কি ক্ষতি । যোৱা পাঁচদিনেও তেওঁ এই আশাৰেটো ইয়াত ৰৈ আছিলহি , কিজা’ন বকুল আহিব ! নাই বকুল নাহিল । আজি ঘৈণীয়েকে আশা কৰিছে যেতিয়া আৰু এদিন ৰৈ দিয়াতনো কি ক্ষতি । শইকীয়া আকৌ বহি পৰিল । দহমিনিট মানৰ পাছত ঘছ ঘছ কৰি ৰে’ল খন আহি ৰ’ল । শইকীয়ানী বৰ আশাৰে নামি অহা যাত্ৰীবোৰলৈ চালে । নাই, বকুল নানামিল । মানুহজনীৰ চকু দুটা আকৌ চলচলীয়া হৈ পৰিল ।

-হেৰা সৌটো ,বকুল আহিছে চোৱা ,হেৰা তুমি মিছা কোৱা নাছিলা বুজিছা । সি আহিল চোৱা ।
শইকীয়াৰ উৎফুল্লিত মাতষাৰ লক্ষ্য কৰি শইকীয়ানীয়ে চালে সঁচাকৈয়ে বকুল আহিছে । চকু দুটা মোহাৰি মানুহজনী বহাৰ পৰা উঠিল । ইতিমধ্যে শইকীয়া তাৰ ফালে আগবাঢ়ি গৈছিল ।
-আপোনালোকে মই আহিম বুলি জানিছিল নেকি ?
হাঁহো নাহাঁহো কৰি অথচ চকুত এসাগৰ পানী লৈ বকুলৈ দুয়োলৈকে চাই সুধিলে ।
-ও । আমি তোক নিবলৈকে ৰৈ আছিলোঁ ।
শইকীয়াই মৰমে তাৰ পিঠিত ঢকা এটা মাৰি ক’লে । শইকীয়ানীয়ে তাৰ মুখলৈ চালে । মুখখন তেনেই শুকাই আছে ।
-তই ভাত কেতিয়া খাইছিল ?
তেওঁ অইন একো নুসুধি সেইটোহে তাক সুধিলে ।
-সেইদিনাই ,আপুনি যে মোক স্কুললৈ যাবৰ সময়ত দিছিলে তেতিয়াই ।
-কি !!
-পুলিচবোৰে দেখোন তোক ঘৰলৈ পঠাই দিছিলোঁ বুলি কৈছিল ? ঘৰ সেই ৰাক্ষসবোৰে ভাত এসাঁজো নিদিলে নে ?
-সেইখন জানো মোৰ ঘৰ আছিল । ঘৰত সোমাবলৈকে নিদিলে । এইকেইদিন ষ্টেচনতে শুই থাকিলোঁ ।কেতিয়াবা ক’ৰবাত কিবা পাওঁ তাকে খাওঁ । আজি ইমান ভোক লাগিল যে সহিব নোৱাৰি ঘৰলৈ বুলি ৰে’লত উঠি দিলোঁ ।
-ঘৰ মানে ইয়ালৈ ?
শইকীয়াই কৌতুকৰে সুধিলে ।
শইকীয়াৰ কৌতুক পাট্টা নিদি বকুলে ক’লে
-ঘৰ মানে ইয়ালৈ নহৈ ডিফুলৈ হ’ব নে কিবা !
-ষ্টেচনটো চিনি পালি ?
-ইহ কিয় নাপাম কিবা ।
-ব’ল তেনেহ’লে ।
বকুলৰ হাতত খামোচি শইকীয়াই খোজ আগবঢ়ালে । কিন্তু শইকীয়ানীয়ে খোজ আগবঢাব নোৱাৰিলে । কিবা এটা ভয়ে যেন তেওঁ আগুৰি ধৰিলে । তাকে দেখি শইকীয়া উভতি আহিল । মানুহজনীৰ চকুলৈ চাই লাহে লাহে ক’লে
-যোৱা দুদিন মই ভাবি আছো জানা,ডিফুৰ ল’ৰা বকুলক আমাৰ ঘৰত কাম কৰাইছো বুলি সেই সমাজ কৰ্মীবোৰে আমাক অপবাদ দিছিল । কিন্তু আমাৰ ল’ৰা বকুল নিজৰ ঘৰত থাকিব তাত মাত মতাৰ অধিকাৰ জানো সিহঁতৰ আছে । আৰু মাত মাতিলেই বাৰু এই যে দুদিন ই ভোকে লঘোণে এটা ষ্টেচনত পৰি থাকিল সেই সময়ত জানো সিহঁতে তাক আবৰি ৰাখিব পাৰিলেগৈ । সিহঁতৰ চিঞৰ বাখৰে জানো তাক এটা সুস্থ জীৱন দিব পাৰিব ? নোৱাৰে । যদি সিহঁতে সেইখিনিকে নোৱাৰে বকুলৰ জীৱনক লৈ মাত মতাৰ কোনো অধিকাৰ নাই । বকুল তোমাৰ মোৰ ল’ৰা । তাৰ কথা আমি ভাবিম । তথাকথিত ভণ্ড সংগঠনে তাৰ কথা ভাবিব নালাগে । তুমি কি কোৱা ?
শইকীয়াৰ কথাবোৰ শুনি শইকীয়ানীয়ে অলপ সময় কিবা এটা ভাবিলে । তাৰপাছত শইকীয়াৰ হাত এখনত ধৰি মাথো এষাৰ বাক্যই ক’লে
-বলা ঘৰলৈ যাওঁ , ইয়াৰ ভোক লাগিছে ।
এফালে শইকীয়ানীক আৰু আনখনে হাতে বকুলক ধৰি দৃঢ় খোজেৰে শইকীয়া ঘৰলৈ বুলি আগবাঢ়িল ।স্কুলৰ ফিল্ডত পতা সভাত তেতিয়াও কোনোবাই উদাত্ত কণ্ঠৰে ভাষণ দি আছিল । এইবাৰ মাইকৰ শব্দই শইকীয়াক আমনি নকৰিলে । সেই শব্দক উপেক্ষা কৰি তেওঁ ঘৰত সোমাল গৈ ।
উৎসঃ লেখিকাৰ ব্লগঃ http://madhurimagh.blogspot.in

No comments:

Post a Comment