পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. নাছাই ঘোষণা কৰিলে আঠজন নতুন মহাকাশচাৰীৰ নামঃ দলত স্থান লাভ কৰিলে চাৰি গৰাকীকৈ মহিলাই ৷

২. ৰাষ্ট্ৰ নিৰাপত্তাৰ দ্বায়িত্ব গ্ৰহণ কৰিলে আফগান সেনাইঃ অৱশেষত নাটোৱে ত্যাগ কৰিলে আফগানিস্তান ৷

৩. অসমৰ ৰাজ্যিক মাধ্যমিক শিক্ষা বিভাগে আৰম্ভ কৰিলে ৩৬৯০ টা শিক্ষক পদত স্নাতক সকলৰ নিযুক্তি প্ৰক্ৰিয়া ৷

৪. মধুমেহ ৰোগীৰ কম হব যন্ত্ৰণাঃ ব্ৰিটিছ গৱেষকৰ গৱেষণাৰ সুফলৰ খবৰ প্ৰকাশিত হ’ল ইংলেণ্ডৰ ডেইলী এক্সপ্ৰেছত, এবছৰত এটাহে লব লাগিব ইনচুলিনৰ বেজি৷

৫. মহাপুৰুষ মাধৱদেৱৰ "চোৰ ধৰা" আৰু "দধিমঠন" নামৰ সচিত্ৰ সাঁচিপতীয়া পুথি দুখনেৰে প্ৰণয়ন হ’ল "সচিত্ৰ অংকাৱলী প্ৰথম খণ্ড", সম্পাদনা কৰিছে নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীয়ে৷ পুথি দুখন সাঁচিপাতত পুনঃ লিখন কৰি উলিয়াইছে নগাঁৱৰ মৃদু মৌচম বৰাই৷ অহা ২০জুনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কৰা হব উন্মোচন ৷

৬. দহ বছৰৰ পাছত আজি অনুষ্ঠিত হৈছে গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচনঃ ৮৬২টা ভোট কেন্দ্ৰত ৩১টা ৱাৰ্ডৰ বাবে থিয় হৈছে ১৭২ প্ৰাৰ্থী ৷

৭. অৱশেষত গেলেকীত নগা দুস্কৃতিকাৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে চলালে অভিযানঃ গ্ৰেপ্তাৰ কৰিলে সাতজনক ৷

৮. ব্লাড বেংকত লগাই দিব চিচি টিভি কেমেৰা,এইবাৰৰ পৰা ৰক্তদাতাৰ ফটোসহ ৰেজিষ্টাৰ ৰাখিবলৈ কঠোৰ নিৰ্দেশ দিলে স্বাস্থ্যমন্ত্ৰীয়েঃ মঙলদৈৰ ঘটনাৰ পাছত সকলো পক্ষকে সজাগ কৰাৰ বাবেই এই প্ৰচেষ্টা ৷ গ্ৰেপ্তাৰ হ’ল দুই প্ৰফেচনেল ৰক্ত বিক্ৰেতা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷

৯. কটন কলেজ ৰাজ্যিক বিশ্ববিদাযলয়ৰ অধীনতে এইবাৰৰ পৰা হব কটন কলেজত নামভৰ্তিঃ সাতটাকৈ নতুন পাঠ্যক্ৰমৰ অন্তভুৰ্ক্তিৰে পাঠ্যক্ৰমৰ তালিকা প্ৰকাশ পাব এই সপ্তাহতে ৷ শিক্ষাৰ মান উন্নত কৰাত গুৰুত্ব দিব বুলি প্ৰকাশ কৰিলে উপাচাৰ্যই ৷

১০. দৈনিক অসমৰ বাতৰিৰ প্ৰভাৱত অৱশেষত মঙলদৈৰ চৰকাৰী চিকিৎসালয়ৰ ব্লাড বেংকত নিযুক্ত হ’ল পূৰ্ণকালীন পেথ’লজিষ্ট ৷

১১. বন বিভাগে ল’লে উদ্যোগঃ বকোত ৰেচম বিভাগলৈ হস্তান্তৰ কৰি বিতৰণ কৰিলে ১লাখ চোমৰ পুলি ৷


চিন্তনীয় খবৰঃ

১. এইবাৰ ঢাক ঢোল বজোৱা স্বাস্থ্যমন্ত্ৰীৰ মুখত সলনি হ’ল কথাঃ নিজেই উদঙালে স্বাস্থ্য বিভাগৰ দ্বায়িত্বহীনতা, দুৰ্নীতিৰ কথা ৷ দৰঙৰ চিকিৎসকেই দেশৰ ভিতৰত দ্বায়িত্বহীন বুলি উজাৰিলে ক্ষোভ ৷

২. মৌচুমীৰ প্ৰৱাহৰ ফলত হব লগা বৰষুণ সঠিক সময়ত আৰম্ভ নোহোৱাক লৈ অসমত খৰাং সদৃশ পৰিস্থিতি হোৱাৰ আশংকাই পালে সংবাদ শিৰোনামা ৷

৩. টাডাকে ধৰি গোটেই পাঁচোটা গোচৰত আঁতৰিল আইনী বাধাঃ এইবাৰ জামিন লৈ মুক্তহস্তে ঘূৰিব গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ নায়ক ৰঞ্জন দৈমাৰী ৷

৪. সম্পত্তিৰ পঞ্জীয়ন মাচুল হ্ৰাসৰ বাবে ৰাজপত্ৰিত জাননীৰ নাই কোনো উমঘামঃ দেশৰ অন্য ৰাজ্যত ৫শতাংশৰ পৰিবৰ্তে অসমৰ ৰাইজে ভৰিব লাগে ১১.৫শতাংশ কৰ ৷

৫. অগপৰ নেতৃত্ব স্বেচ্ছাচাৰীঃ অসণ্টুষ্ট নেতাই পাৰ্টি এৰাৰ দলত এইবাৰ অপূৰ্ব ভট্টাচাৰ্য, কংগ্ৰেছত যোগদানৰ সম্ভাৱনা প্ৰকাশ ৷

৬. প্ৰৱল হৈছে অখিল বিৰোধীৰ সংবাদ মাধ্যমত শিৰোনামা দখলৰ প্ৰৱণতাঃ এইবাৰ টৈঙানিৰ ৰাইজৰ একাংশই তুলিলে প্ৰশ্ন- অখিল মাওবাদী নে গান্ধীবাদী?

৭. দলৰ ভিতৰচৰাৰ কন্দল দূৰ কৰিবলৈ আদৱানি ঘৰ পালেগৈ নৰেন্দ্ৰ মোদীঃ সহায় বিচাৰি সংকটমোচনৰ বাবে চলালে প্ৰচেষ্টা ৷

৮. উত্তৰ ভাৰতত বানৰ প্ৰলংকাৰী ৰূপঃ নিহত ৭৩, বায়ুসেনাই চলাইছে উদ্ধাৰ অভিযান, জলবন্দী হৈ আছে সহস্ৰাধিক তীৰ্থ যাত্ৰী ৷

৯. পাকিস্তানৰ বাজেটত ভাৰতত সন্ত্ৰাস চলোৱা লস্কৰ-ই-তৈবাৰ পিতৃ-স্বৰূপ সংগঠন জামাত উদ-দোৱাৰ বাবে ৬১মিলিয়ন ধন ধাৰ্যঃ সচেতন মহলৰ চকু কপালত ৷

১০.  অসমৰ ৮০০খন বিদ্যালয়ত আৰ্ছেনিক যুক্ত পানীঃ ২লাখ ছাত্ৰ ছাত্ৰী আক্ৰান্ত হোৱাৰ খবৰে পালে সংবাদ শিৰোনামা৷

১১. ৰেংমা নগাক কাৰ্বি আংলং ত্যাগৰ নিৰ্দেশ দিলে কেপিএলটিয়েঃ নতুন সংঘৰ্ষৰ সূত্ৰপাতৰ আশংকা ৷

No comments:

Post a Comment