সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


বানাক্ৰান্তক সাহাৰ্য্য নহয়, ক্ষতিপূৰণ দিয়ক
প্ৰতিম প্ৰতাপ বৰুৱা
প্ৰায় সমগ্ৰ ৰাজ্যখন বানপানীত বুৰ গৈ থকা, অসংখ্যজনে সকলো হেৰুৱাবলগীয়া হোৱা এই অতি বিষম সময়খিনিত আমাৰ জনপ্ৰতিনিধিসকলে ক’ত কি কৰি আছে? এইখিনি সময়ত তেওঁলোকৰ ব্যক্তিগত কৰ্মদক্ষতা আৰু ৰাইজৰ প্ৰতি আচৰণ কেনে? আৰু চৰকাৰী প্ৰশাসন তন্ত্ৰটোৱে এই সময়খিনিত ক’ত, কেনেকৈ, কি কি কাম কিমান তৎপৰতাৰে কৰিছে? এই প্ৰশ্নকেইটাৰ উত্তৰে আমাক বহুত কথা বুজাই দিব পাৰে। অসমত চৰকাৰী প্ৰশাসন তন্ত্ৰটোৱে যে এই দুৰ্য্যোগৰ সময়ত ফলাফল দিব পৰাকৈ (result oriented) কাম কৰিব পাৰে সেই কথাৰ প্ৰমাণেই বা ক’ত?

উন্নয়নৰ ফোঁপোলা স্বৰূপটো ওলাই পৰাৰ পিছত এতিয়া সৰ্বসাধাৰণ ৰাইজৰ এই সংকটৰ সময়ত অসমৰ চৰকাৰখনৰ বা অসমৰ জনপ্ৰতিনিধিসকলৰো যিটো স্বৰূপ ওলাই পৰিছে সেইটো অতিশয় লজ্জাজনক। অন্য প্ৰদেশত প্ৰাকৃতিক দুৰ্য্যোগৰ সময়ত জনপ্ৰতিনিধিসকলে কিবা কাৰণত নিজৰ প্ৰদেশখনৰ বাহিৰত থাকিলে তেওঁলোকে তৎক্ষণাত নিজৰ ভ্ৰমণ, আৰু অন্যান্য সকলো কাৰ্য্যসূচী বাতিল কৰি নিজৰ প্ৰদেশখনলৈ উভতি যায়। কিন্তু অসমত ১০ লাখ মানুহে বানত কক্‌বকাই থকাৰ সময়ত প্ৰশাসনৰ মূৰব্বীজনে নিজৰ প্ৰদেশখন এৰি ৰাজনৈতিক ক্ষমতাৰ অংক কৰিবলৈ ঢাপলি মেলিছিল দিল্লীলৈ – এই কথাটো অসমৰ ৰাইজে মনত ৰাখি থোৱা ভাল।

প্ৰয়াত ড. আব্দুল কালামে কৈছিল – ৰাজনীতি দুবিধ, ক্ষমতাৰ ৰাজনীতি আৰু উন্নয়ণৰ ৰাজনীতি। সাধাৰণ জনগনৰ বাবে ক্ষমতাৰ ৰাজনীতিতকৈ উন্নয়ণৰ ৰাজনীতিহে প্ৰয়োজনীয়। কিন্তু অসমৰে দুৰ্ভাগ্য যে অসমৰ ৰাজনীতিকসকলে ক্ষমতাৰ ৰাজনীতিৰ গণ্ডীৰ পৰা বাহিৰ ওলাই উন্নয়ণৰ ৰাজনীতি কেতিয়াও নকৰিলে। আচলতে তেওঁলোকে ক্ষমতাৰ ৰাজনীতিৰ বাদে ইমানদিনে আন একোৱেই নকৰিলে। ক্ষমতাৰ অতিপাত ৰাজনীতিয়ে অপৰিসীম দুৰ্নীতিৰ জন্ম দিয়াৰ লগতে সেই দুৰ্নীতিক লালন-পালনো কৰে যি সমগ্ৰ তন্ত্ৰটোকেই (system) দূষিত, স্থবিৰ আৰু বেপৰোৱা কৰি তোলে। প্ৰশাসনীয় তন্ত্ৰটোৰ পেছাদাৰীত্ব আৰু কৰ্মদক্ষতা ক্ৰমাৎ শেষ হৈ আহে। অসমতো সেয়াই হৈছে। আৰু সেয়ে এতিয়া অসম চৰকাৰখনে ইতিমধ্যে ঋণত ডুব গৈ থকাৰ পিছতো পুনৰ ঋণ বিচাৰিব লগা হৈছে। অথচ আগতে লোৱা ঋণখিনি ক’ত কেনেকৈ খৰছ কৰা হ’ল সেই হিচাপটো অসমৰ সাধাৰণ জনতাই বাদেই, আনকি ঋণ দিয়া সংস্থাটোৱেও নাজানে (বুলি বাতৰিত প্ৰকাশ হৈছে)। অসম চৰকাৰৰ মূৰত (আৰু পৰোক্ষভাৱে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ মূৰত) কিমান ঋণৰ বোজা আছে সেই কথাটো সকলোৱে জানেনে? মনত ৰখা ভাল যে চৰকাৰে ঋণ হিচাপে লোৱা প্ৰতিটো টকাৰ বোজা পৰোক্ষভাৱে অসমৰ ৰাইজৰ ওপৰতে পৰে। আনকি কিছুমান ঋণৰ পৰোক্ষ বোজা অসমৰ ভৱিষ্যৎ প্ৰজন্ময়ো বব লগীয়া হ’ব পাৰে। সেয়ে এই ঋণখিনি কিয় ল’বলগীয়া হৈছে, আগতে লোৱা ঋণখিনি ক’ত কেনেকৈ খৰছ কৰা হ’ল, সেই খৰছখিনিয়ে আমাক কি দিলে, সেই খৰছখিনিৰ কিমান শতাংশ অপ্ৰয়োজনীয় আছিল, নতুনকৈ ঋণ লোৱাৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল, এই ঋণখিনি পৰিশোধ কৰিব পৰাকৈ চৰকাৰৰ ওচৰত কি কি হ্ৰস্বম্যাদি আৰু দীৰ্ঘম্যাদী আঁচনি আছে, সেই আঁচনিবোৰৰ বিশ্বাসযোগ্যতা বা বাস্তৱতা (practicality) কিমান সেই কথাবোৰ জনাৰ অধিকাৰ (তাকো সকলোৱে বুজি পোৱা ভাষাত) অসমৰ ৰাইজৰ আছে।


এতিয়া এই বানত যিখিনি ক্ষয়-ক্ষতি হ’ল বা হৈ আছে সেইখিনিৰ দায়িত্ব কোনে ল’ব? অসম চৰকাৰে সেইখিনিৰ সম্পূৰ্ণ দায়িত্ব ল’বনে? বানপানী আৰু গৰাখহনীয়াত নিজৰ সৰ্বস্ব হেৰুৱাই কেইটামান মাত্ৰ সামগ্ৰী লৈ পানীৰ মাজে মাজে কোনোমতে নিজৰ প্ৰাণটো হাতৰ মুঠিত লৈ এখন সামান্য কলগছৰ ভূঁৰত উঠি অহা সেই মহিলাগৰাকীযে যিখিনি হেৰুৱালে সেইখিনি বা সেইখিনিৰ বিকল্প হ’ব পৰাকৈ অন্য এখিনি তেওঁক ঘূৰাই দিয়া হ’বনে? ভোকে-পিয়াহে আনকি এটুপি খোৱাপানীৰ বাবেও হাহাকাৰ কৰি থকা আজিৰ বানাক্ৰান্ত ৰাইজে যে কাইলৈ নানা ধৰণৰ বেমাৰ-আজাৰ, খাদ্যাভাৱ, বাসস্থানৰ অভাৱ, পশুধনৰ অভাৱ আদি সমস্যাবোৰৰ সন্মুখীন হ’ব লাগিব সেইটো চৰকাৰখনে নাজানেনে? তাৰ বাবে চৰকাৰখন কিমান প্ৰস্তুত? বানত খেতি-বাতি সকলো উটি যোৱাৰ পিছত যেতিয়া পানী শুকাব তেতিয়া কৃষকসকলৰ সেই পথাৰবোৰ পুনৰ খেতিৰ উপযোগী কৰি দিয়া হ’বনে? বানসাহাৰ্য্য, বাট-পথ-দলং আদিৰ পুনৰনিৰ্মাণ, মথাউৰি নিৰ্মাণ, গৰাখহনীয়া ৰোধ আদিৰ নামত আবন্টিত হোৱা বা আবন্টিত হ’বলগীয়া চৰকাৰী টকাবোৰৰ এক টকাও আত্মসাৎ কৰিবলৈ কাকো দিয়া নহ’ব – এইটো নিশ্চয়তা চৰকাৰে অসমৰ ৰাইজক দিব পাৰিবনে? সকলোতকৈ ডাঙৰ প্ৰশ্ন – অসমৰ বান-সমস্যাটোৰ স্থায়ী সমাধান হ’বনে? আজিৰ বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ এই যুগতো অসমৰ বানপানী সমস্যাটো সমস্যা হৈয়েই ৰৈছে – এইটো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বাবেই লজ্জাজনক কথা। শেষত আমি অসমৰ চৰকাৰৰ ওচৰত দাৱী জনাইছো – বানাক্ৰান্তসকলক বান-সাহাৰ্য্য নহয়, তেওঁলোকে এই বানত যিখিনি হেৰুৱাইছে সেইখিনিৰ উপযুক্ত ক্ষতিপূৰণ দিয়ক। কাৰণ অসমৰ বান সমস্যাটোৰ স্থায়ী সমাধান কৰা, ৰাইজক বানপানীৰ গৰাহৰ পৰা ৰক্ষা কৰা আদি কামবোৰৰ দায়িত্ব চৰকাৰৰে আৰু সেই দায়িত্ব পালনত চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। সেই ব্যৰ্থতাৰ দায়িত্ব চৰকাৰে ল’বই লাগিব।

2 comments: