মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাংলাদেশীপ্ৰীতিঃ ৰাইজেই সিদ্ধান্ত লওক
অৰূপজ্যোতি সন্দিকৈ
জাতীয়তাবাদীৰ পোছাক পিন্ধি বুকু ফুলাই দল-সংগঠনক প্ৰতিনিধিত্ব কৰা নেতাসকল আজি ক'ত লুকাল৷ 'অসমৰ মাটি এক ইঞ্চিও এৰি দিয়া নহব লাগিলে তেজ দিম তথাপি মাটি নিদিওঁ' বুলি দম্ভালি মৰা কথা কোৱা সকলে আজি একো দেখাই নোপোৱা হ'ল নেকি? জাতীয়তাবাদী শিবিৰে আজি কাৰ ভয়ত এই মৌনতা অৱলম্বন কৰিছে? দেহত থকা লাচিত-চিলাৰায়ৰ গৰম তেজবোৰ আজি পনীয়া হ'ল নেকি? নে তেওঁলোকেও জাতি বিৰোধী ৰাজনীতিত নামি পৰিছে ? এতিয়াও অসমবাসীয়ে এই নেতা সকললৈ বাট চাই থাকিব নে? 

শতৰুৱে আহি চোতালত ঘৰ পতাৰ প্ৰস্তুতি চলাইছে, অথচ আমি নিমাতে আছো৷ 'দেশ বুলিলে আদেশ নালাগে' বুলি আগতে সাতজাপ পৰা সকল তেন্তে কাৰ আদেশলৈ ৰৈ আছে? আহক সকলোৱে মিলি জাতিৰ শতৰুক কাঁটা তাঁৰৰ সিপাৰলৈ খেদি থৈ আহোগৈ ৷ আমি সাজু হৈ আছো, আপোনালোক সাজু নে?

হিন্দুৱে হওক বা মুছলমানে হওক অবৈধ বাংলাদেশীয়ে অসমৰ পৰা যাবই লাগিব৷ অসমে কিয় অবৈধ বাংলাদেশীৰ বোজা বহন কৰিব ? অবৈধ বাংলাদেশীক কিয় মোৰ জন্মভূমি এৰি দি ? অসমৰ থলুৱা লোকেই এশ এবুৰি সমস্যাৰ মাজত জীয়াই আছে তেনেক্ষেত্রত লাখ লাখ অবৈধ বাংলাদেশীৰ দায়িত্ব অসমে কিয় লব৷ অসমবাসীৰ সমস্যাক পিঠি দি অবৈধ বাংলাদেশীৰ সমস্যা সমাধানৰ পক্ষত থকাৰ যুক্তি কত? ভাৰত চৰকাৰৰ ইমানে যদি অবৈধ বাংলাদেশীৰ প্ৰতি প্ৰীতি উপজিচে তেন্তে তেওঁলোকক অসমতকৈ উন্নত ৰাজ্যলৈ নি আশ্ৰয় দিয়ক, কিন্তু অসমবাসীয়ে তেওঁলোকক কিয় আশ্ৰয় দিব ? অসমৰে লাখ লাখ মানুহে বানপানীত মাটি-ভেটি সৰ্বস্ব হেৰুৱাই ৰাস্তা-মথাউৰিত আশ্ৰয় লব লগা হৈছে তথা অসমত অসমীয়া লোকৰে সংস্থাপনৰ সুবিধা নাই, হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত অন্য ৰাজ্যলৈ যাব লগা হৈছে, এতিয়া আকৌ এই বিজতৰীয়া সকলক শৰণাৰ্থীৰ হিচাপে ৰাখি নিজে নিজৰ বিপদ চপাই লোৱাৰ কথাটো এক অৰ্থহীন আৰু অযুক্তিকৰ কথা৷ 

কেন্দ্ৰৰ অসম বিৰোধী এই অধিসূচনাক সমৰ্থন কৰা সকলক আমি 'জাতি দ্ৰোহী' বুলি কবলৈ অলপো কুণ্ঠাবোধ নকৰো৷ তেওঁলোকে হাজাৰ যুক্তি দৰ্শালেও বা বন্দুকৰ নলী মূৰত থলেও এই অধিসূচনাক কেতিয়াও আমি সমৰ্থন নকৰো৷ মানৱতাৰ কথাকৈ নিজকে মহান বুলি পৰিচয় দিব গৈ এনে আইনৰ পক্ষত থকা সকলক কওঁ যে আপোনালোকৰ যদি ইমানে অবৈধ বাংলাদেশীৰ প্ৰতি মৰম উপজিচে তেন্তে নিজৰ মাটি-ভেটি এই বাংলাদেশীৰ নামত কৰি আপোনালোকে অসম ত্যাগ কৰক৷ আপোনালোকৰ দৰে 'জাতি দ্ৰোহী' মানুহৰ আমাৰ প্ৰয়োজন নাই৷ 

অসমত জন্মহৈয়ে আমি এটি সুকীয়া পৰিচয় পাওঁ, সেয়া হৈছে 'আমি অসমীয়া', তাৰ পিছতহে আমি অন্যান্য পৰিচয়বোৰ পাওঁ৷ জাতিৰ চিন্তা সদায় উৰ্ধত, গতিকে জন্মভূমিৰ স্বাৰ্থত কিছুমান ব্যক্তিগত পৰিচয়ৰ পৰা অলপ আঁতৰি আহি কথাবোৰ সকলোৱে ভালদৰে ভাবকচোন৷ অসমত ৰাজনীতি কৰা সকলৈ আহ্বান - আপোনালোকে দলীয় স্বাৰ্থত ৰাজনীতি কৰিব গৈ নিজ জাতিসত্বাক আঘাত কৰা কাম কৰি জানো শান্তিত থাকিব পাৰিব? আপোনালোকৰ অন্তৰ আত্মাই এনে জাতি বিৰোধী কাম কৰিৱলৈ এবাৰো বাধা নিদিবনে? এবাৰ ভাবক, কথাবোৰ উপলব্ধি কৰক, তাৰ পিছত সিদ্ধান্ত লওঁক৷ নিজ জন্মভূমিৰ প্ৰতি ইমানো অকৃতজ্ঞ নহব৷ এই সময়ত জাতিটোৰ স্বাৰ্থত আপোনালোকে মাত মতাৰ খুবেই প্ৰয়োজন, আপোনালোকৰ এটা উচিত সিদ্ধান্তই জাতিটোক অস্তিত্ব সংকটৰ পৰা উদ্ধাৰ কৰিব পাৰিব৷ গতিকে আপোনালোকলৈ বিনম্ৰ অনুৰোধ এই সময়ত এজন 'অসমীয়া' হৈ মাত মাতক, ভাল-বেয়া বিচাৰ কৰক ৷

মোৰ অসম,মোৰ স্বাভিমান। জয় আই অসম ৷৷

1 comment:

  1. "আজিৰ অসমীয়াই নিজক নিছিনিলে
    অসম ৰসাতলে যাব৷ " - ভূপেন হাজৰীকাদেৱৰ এই কথাশাৰী বুজাই কোৱাৰ দৰকাৰ নাই৷ এতিয়াও সময় আছে৷ সোনকালে বুজি লোৱাটো ভাল হ'ব৷ নহ'লে হাজৰীকাদেৱ সঁচা বুলি প্ৰমাণিত হ'ব৷

    ReplyDelete