Friday, December 6, 2013

সাক্ষাৎকাৰ

নৱেল বঁটাৰে সন্মানিত 
তুৰস্কৰ সাহিত্যিক অৰহান পামুকৰ সাক্ষাৎকাৰ
"মোৰ মনটো খেল-প্ৰিয় এটি সৰু শিশুৰ দৰে"
সাক্ষাৎ গ্ৰহণ : এঞ্জেল গুৰিয়া কুইন্টানা
অসমীয়া অনুবাদ : হেমচন্দ্ৰ দত্ত
( সৌজন্য : দ্য পেৰিছ ৰিভিউ )



১৯৫২ চনত ইষ্টানবুলত অৰহান পামুকৰ জন্ম হয় আৰু সেই চহৰতে তেওঁ বাস কৰি আহিছে। তুৰ্ক গনতন্ত্ৰৰ আৰম্ভনিৰ দিনবোৰত ৰেল-পথ নিৰ্মাণৰ কাম কৰি তেওঁৰ পিতৃৰ পৰিয়ালে প্ৰচুৰ অৰ্থ উৰ্পাজন কৰিবলৈ সক্ষম হৈছিল। পামুকে ৰৰ্বাট কলেজত নাম ভৰ্তি কৰে, য’ত চহৰৰ অৱস্থাপন্ন ভদ্ৰ ঘৰৰ সন্তানে ধৰ্ম নিৰপেক্ষ, পশ্চিমীয়া আৰ্হিৰ শিক্ষা গ্ৰহণ কৰিছিল। জীৱনৰ আগচোৱাত চাক্ষুস ক’লা (visual arts)ৰ প্ৰতি তেওঁৰ ধাউতি বাঢ়ে। পিছে কলেজত স্থাপত্য বিদ্যা পঢ়িবলৈ নাম ভৰ্তি কৰাৰ পিছতে তেওঁ সিদ্ধান্ত লয় যে তেওঁ লেখকহে হ’ব গৈ। অৰহান পামুক বৰ্তমান সময়ৰ তুৰস্কৰ এজন বহু-পথিত লেখক।

তেওঁৰ প্ৰথমখন উপন্যাস Cevdet Bey and His Sons প্ৰকাশ হয় ১৯৮২ চনত। তাৰ পিছতে ক্রমে প্ৰকাশ পাই The silent house (১৯৮৩), The white castle (১৯৮৫), The black book(১৯৯০), আৰু The new life (১৯৯৪) নামৰ উপন্যাস কেইখন। ২০০৩ চনত My name is red নামৰ উপন্যাসখনৰ বাবে পামুকে লাভ কৰে IMPAC Dublin Literary Award। বহু-তৰপীয়া কন্ঠত বৰ্নিত এই উপন্যাসৰ পটভূমি হ’ল ১৬ শ শতিকাৰ ইন্টানবুলৰ এক হত্যাৰ ৰহস্য (mystery)। এই উপন্যাসত তেওঁৰ উপন্যাসৰ কেন্দ্ৰীয় উপজীব্যক সন্ধান কৰা হৈছে - সেয়া হ’ল পূব আৰু পশ্চিমে সামৰা এখন দেশত পৰিচয়ৰ জটিলতা, সন্তান-সন্ততিৰ মাজত বৈৰী-ভাৱ, দিত্বৰ অস্তিত্ব, সৌন্দৰ্য আৰু মুলানুগতাৰ মূল্য আৰু সাংস্কৃতিক প্ৰভাৱৰ উদ্বিগ্নতা। ধৰ্মীয় আৰু ৰাজনৈতিক ক্রান্তিবাদক (radicalism)পোহৰলৈ অনা Snow ( ২০০৩)ত সাংস্কৃতিক তুৰস্কই মুখামুখী হোৱা ৰাজনৈতিক উগ্ৰবাদিতাৰ (extremism ) বৰ্ননা আছে আৰু এই উপন্যাসে বিদেশত তেওঁৰ স্থিতি সৱল কৰিলেও তুৰস্কত মত-বিৰোধৰ সৃষ্টি হয়। নিজৰে দুতৰপীয়া উপস্থাপন পামুকৰ শেহতীয়া গ্ৰন্থখনৰ নাম Instanbul : Memories and the city (২০০৩), য’ত তেওঁৰ শৈশৱ আৰু যৌৱন আৰু তেওঁ কেনে ঠাইৰ পৰা উলাই আহিছে এইবোৰৰ বৰ্ণনা আছে।

অৰহান পামুকৰ এই সাক্ষাতকাৰটো দুটা নিৰৱছিন্ন ধাৰাত লণ্ডনত আৰু ডাক যোগে সম্পন্ন কৰা হৈছিল। ২০০৪ চনৰ মে’ত Snow ৰ ব্ৰিত্ৰিশ সংস্কৰণটোৰ প্ৰকাশৰ সময়ত প্ৰথমটো কথোপকথন সম্পন্ন কৰা হৈছিল। হোটেলৰ নিম্ন মহলাৰ আলোক-উজ্বল, হটগোল-পূৰ্ণ, বাৰ্তানুকুল কৰপ’ৰেট পৰিৱেশৰ এটা বিশেষ কোঠা এই সাক্ষাতৰ বাবে বুক কৰি থোৱা হৈছিল। পাতল নীলা শ্বাৰ্ট আৰু ক’লা শ্লেক্‌ছৰ ওপৰত ক’লা সিৰোৱা কাপোৰৰ জেকেট পৰিহিত পামুক আহি উপস্থিত হ’ল আৰু ক’লে, ‘আমি ইয়াত ইচ্ছা কৰিলে মৰিব পাৰো। তেতিয়া আৰু আমাক কোনেও বিছাৰি নেপাব।’ আমি হোটেলৰ লবীৰ এক বিলাসী, নীৰৱ অংশলৈ গতি কৰিলো, য’ত তিনি ঘন্টা ধৰি আমি কথা পাতিলো। কেৱল কফি আৰু এটা চিকেন চেণ্ডুইচ খাওতেহে আমি থমকি ৰলো।


২০০৫ চনৰ এপ্ৰিলত Istanbul ৰ প্ৰকাশৰ কামত পামুক পুনৰ আহিল আৰু আমি আকৌ হোটেলখনৰ লবীৰ সেই চুকটোতে বহি দুঘন্টা ধৰি কথা পাতিলো। প্ৰথমে তেওঁক সম্পূৰ্ণ ভাগৰুৱা যেন লাগিছিল। অৱশ্যে তাৰ কাৰণো আছে। মাত্ৰ দুমাহৰ আগতে চুইডেনৰ বাতৰি কাকত Der Tages-Anzeiger ত দিয়া এক সাক্ষাতকাৰত তেওঁ তুৰস্কৰ কথা কৈছিল এনেদৰে, ‘ এই ঠাই খণ্ডত ত্ৰিশ হেজাৰ কুৰ্দ আৰু এক নিযুত আৰ্মেনীয়লোক নিহত হয় আৰু এই বিষয়ে মোৰ বাদে আন কোনেও মুখ খুলিবলৈ সাহস নকৰে।’ এই মন্তব্যৰ পৰিনতিত তেওঁৰ বিৰুদ্ধে তুৰস্কৰ জাতীয় কাকতত এক নিৰৱছিন্ন অভিযান আৰম্ভ হয়। মুঠৰ ওপৰত তুৰস্কৰ চৰকাৰে সেই দেশত ১৯১৫ চনত আৰ্মেনীয়লোকৰ গনহত্যাৰ প্ৰসংগটো অস্বীকাৰ কৰি থাকিল আৰু কুৰ্দ সংকটৰ বিষয়ে হ’ব পৰা আলোচনাক চৰমভাৱে নিষিদ্ধ কৰি আইন প্ৰনয়ণ কৰিলে। বিষয়টো সোনকালে শাম কাটিব বুলি আশা কৰি পামুকে এই বিষয়ে আলোচনা নকৰাৰ কথা ভাৱিলে। অৱশ্যে আগষ্টত চুইডেনৰ কাকতত দিয়া মন্তব্যৰ বাবে পামুকক তুৰস্কৰ দণ্ড-বিধি আইনৰ ৩০১/১ ধাৰা অনুসৰি সেই দেশৰ পৰিচয়ক ‘ৰাজহুৱা অৱমাননা’ৰ অভিযোগত অভিযুক্ত কৰা হয়। ই এনে এক অপৰাধ, যাৰ শাস্তি হ’বগৈ পাৰে তিনিবছৰলৈকে সষ্টম কাৰদণ্ডৰ। তেওঁৰ এই ঘটনাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কাকতৰ প্ৰতিবাদ, তুৰস্কৰ চৰকাৰৰ ওচৰত ইউৰোপীয় সংসদ আৰু আন্তঃৰাষ্ট্ৰীয় PEN ৰ প্ৰতিবাদ চত্বেও এই আলোচনীখন নৱেম্বৰৰ মাজ ভাগত ছপা-শাললৈ যাবৰ সময়ত পামুকে আদালতৰ মুখামুখী হ’বলগীয়া আছিল ২০০৫ চনৰ ১৬ ডিচেম্বৰত।


প্ৰঃ সাক্ষাতকাৰ দিবলৈ পালে আপোনাৰ কেনে অনুভৱ হয়?


পামুক : কেতিয়াবা মই nervous হওঁ, কিয়নো কেতবোৰ গুৰুত্বহীন প্ৰশ্ন মই stupid উত্তৰ দিওঁ। তুৰ্কী আৰু ইংৰাজী এই দুয়ো ভাষাতে এনে হয়। মই কেচা তুৰ্কী কওঁ আৰু মোৰ মুখেৰে নিৰৰ্থক বাক্য বাহিৰ হয়। মোৰ গ্ৰন্থবোৰতকৈ মোৰ সাক্ষাতকাৰবোৰৰ বাবে তুৰস্কত মোক বেছিকৈ আক্রমণ কৰা হৈছে। ৰাজনৈতিক বিৰ্তকবাদী (polemicist) আৰু স্তম্ভলেখকসকলে তুৰস্কত উপন্যাস নপঢ়ে।


প্ৰ : ইউৰোপ আৰু যুক্তৰাষ্ট্ৰত আপুনি আপোনৰ গ্ৰন্থৰ এক ইতিবাচক সহাৰি সাধাৰনতে লাভ কৰিছে। তুৰস্কত আপোনাৰ সমালোচনাত্মক গ্ৰহনীয়তা কেনে ধৰণৰ ?


পামুক : ভাল বছৰবোৰ এতিয়া উকলিল। মই যেতিয়া মোৰ প্ৰথম গ্ৰন্থবোৰ প্ৰকাশ কৰিছিলো তেতিয়া আগৰ প্ৰজন্মৰ লেখকসকল স্তিমিত হৈ আতঁৰি গৈছিল। মোক স্বাগতম জনোৱা হ’ল কিয়নো মই আছিলো এজন নতুন লেখক।


প্ৰ : আগৰ প্ৰজন্মৰ বুলি কওঁতে আপোনাৰ মনলৈ বাৰু কাৰ নাম আহিছে ?


পামুক : সেই লেখকসকল যি এক সামাজিক দায়িত্ব অনুভৱ কৰিছিল যিসকলে ভাৱিছিল যে সাহিত্যই নৈতিকতা আৰু ৰাজনীতিৰ উদেশ্য সাধন কৰে। তেওঁলোক আছিল নিৰস বাস্তৱবাদী, পৰীক্ষাবাদী নাছিল। বহু দুখীয়া দেশত ঘটাৰ দৰে নিজৰ দেশৰ সেৱা কৰিবলৈ যত্ন কৰি তেওঁলোকে নিজৰ প্ৰতিভা নষ্ট কৰিছিল। মই তেওঁলোকৰ দৰে হ’ব খোজা নাছিলো, কিয়নো ডেকা বয়সতে মই ফকনাৰ, ভাৰ্জিনিয়া উল্‌ফ, প্ৰাউষ্ট উপভোগ কৰিছিলো। ষ্টেইনবেক আৰু গৰ্কীৰ সামাজিক-বাস্তৱবাদী আৰ্হিৰ প্ৰতি মোৰ অনুৰাগ বঢ়া নাছিল। ষাঠী আৰু সত্তৰৰ দশকত লিখা সাহিত্য আওগঢ়ী হ’বলৈ আৰম্ভ কৰিছিল। সেয়ে নৱ-প্ৰজন্মৰ লেখক হিচাবে মোক স্বাগত কৰা হ’ল।


নব্বৈ দশকৰ মাজ ভাগৰ পিছত তুৰস্কত কোনো লেখকেই কপ্লনা কৰিব নোৱাৰাকৈ যেতিয়া মোৰ গ্ৰন্থবোৰ বিক্রী হ’বলৈ ধৰিলে, তুৰস্কৰ বাতৰি কাকত আৰু বুদ্ধিজীৱিসকলৰ সৈতে থকা মোৰ মধুচন্দিকাৰ বছৰবোৰৰ অৱসান ঘটিল। তাৰ পিছৰ পৰাই মোৰ গ্ৰন্থৰ বিষয়-বস্তুতকৈ প্ৰচাৰ আৰু বিক্রীৰ প্ৰতিক্রিয়াৰ সৈতেহে সমালোচনাত্মক গ্ৰহনীয়তা বহুলাংশে জড়িত হৈ পৰিল। এতিয়া দুভাগ্যক্রমে মই মোৰ ৰাজনৈতিক মন্তব্যবোৰৰ বাবেহে কুখ্যাত যাৰ গৰিষ্ঠ অংশ মোৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সাক্ষাতকাৰৰ পৰা তুলি অনা আৰু যিখিনিক তুৰস্কৰ কিছুমান জাতীয়তাবাদী সাংবাদিকে মই আচলতে যি তাতকৈ মোক অধিক ক্রান্তিবাদী ( radical ) আৰু ৰাজনৈতিকভাৱে মূৰ্খ সজাবলৈ ব্যৱহাৰ কৰিছে।


প্ৰ : তাৰ মানে আপোনাৰ জনপ্ৰিয়তাক লৈ এক আক্রমনাত্মক প্ৰতিক্রিয়া হৈছে ?


পামুক : মোৰ শক্তিশালী ধাৰণাটো হ’ল মোৰ গ্ৰন্থৰ বিক্রীৰ পৰিসৰ আৰু ৰাজনৈতিক মন্তব্যবোৰৰ বাবে সেয়া এক প্ৰকাৰৰ শাস্তি। মই এই কথা কৈ থাকিব নোখোজো, কিয়নো মই প্ৰতিৰোধ গঢ়া যেন লাগিব। মোক সামগ্ৰিক ছবিখনতে বেয়াকৈ প্ৰতিনিধিত্ব কৰোৱা হৈছে।


প্ৰ : আপুনি ক’ত লিখে?


পামুক : মই সদায় ভাৱো যে আপোনৰ লিখাৰ ঠাইদোখৰ আপুনি য’ত শোৱে অথবা আপোনৰ জীৱন-সংগীৰ সৈতে ভাগ-বাটৰোৱা কৰে,তাৰ পৰা পৃথক হোৱা উচিত। ঘৰুৱা ক্রিয়া-কৰ্ম আৰু ভিতৰুৱা কথাই কিবা প্ৰকাৰে কপ্লনাক হত্যা কৰে। মোৰ মাজত থকা দানৱটোকো মাৰি পেলায়। ঘৰুৱা, পোহনীয়া প্ৰাত্যহিক কৰ্মসূচীয়ে অন্য এখন পৃথিৱীলৈ থাকিবলগীয়া ধাউতি কমাই পেলায়, য’ত ক্রিয়া কৰিব লাগে কপ্লনাই। সেয়ে বিগত বছৰবোৰত কাম কৰিবলৈ মোৰ ঘৰৰ বাহিৰত এটা কাৰ্যালয় অথবা সৰু জেগাৰ ব্যৱস্থা কৰি লৈছো। মোৰ সদায় সুকীয়া ফ্লেট আছিল। অৱশ্যে মোৰ প্ৰাক্তন প্ৰত্নীয়ে কলম্বিয়া বিশ্ব-বিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লোৱাৰ সময়ত এবাৰ এটা চেমিষ্টাৰৰ আধা সময় মই তেওঁৰ সৈতে কটাইছিলো। আমি বিবাহিত ছাত্ৰৰ বাবে নিৰ্ধাৰিত এটা এৰ্পাটমেন্টত বাস কৰিছিলো। আমাৰ জেগা নাছিল। গতিকে একে ঠাইতে মই শোৱ আৰু লিখিবলগীয়াত পৰিছিলো। পাৰিবাৰিক জীৱনৰ স্মাৰকবোৰ চাৰিওফালে আছিল। এইবোৰে মোক বিচলিত কৰিছিল। পুৱাবোৰত কামলৈ উলাই যোৱা কোনো মানুহৰ দৰে মই মোৰ প্ৰত্নীক শুভ বিদাই জনাইছিলো। মই ঘৰৰ পৰা উলাই গৈ কেইটামান ব্লক ফুৰি চাকি ঘুৰি আহিছিলো, যেন এজন ব্যক্তি আহি তেওঁৰ কাৰ্যালয়ত উপস্থিত হৈছে।


দহ বছৰৰ আগতে Bosphorus ৰ মুখামুখীকৈ পুৰনি চহৰখনক দেখা পোৱা এটা ফ্লেট পালো। সম্ভৱত ইষ্টানবুলৰ আটাইতকৈ ভাল দৃশ্যপটবোৰৰ ভিতৰৰে এইটোও এটা। মই থকা ঠাইখনৰ পৰা তালৈ খোজেৰে গলে কুৰি মিনিট লাগে। কিতাপেৰে ফ্লেটটো ভৰি আছে আৰু মোৰ ডেক্সৰ পৰা দৃশ্যপটতো দেখি। গড় হিচাপে দৈনিক ১০ ঘন্টা মই তাত কটাওঁ।


প্ৰ : দিনে ১০ ঘন্টা ?


পামুক : হয়, মই কঠোৰ শ্ৰম কৰা মানুহ। শ্ৰম কৰি মই ভাল পাওঁ। মানুহে কয় মই হেনো উচ্চাকাংক্ষী আৰু ইয়াত হয়তো সত্যতা আছে। মই যি কামকে কৰো, তাৰে প্ৰেমত পৰো। এটি শিশুৱে তাৰ পুতলাবোৰৰ সৈতে খেলাৰ দৰে মই মোৰ টেবুলৰ কাষত বহি আনন্দ পাওঁ। সাৰগতভাৱে এয়া হ’ল কাম। হলেও এয়া কৌতুক (fun) আৰু খেলাওঁ।


প্ৰ : Snow ৰ বৰ্ননাকাৰীজনে নিজকে এজন কেৰেনী হিচাপে বৰ্ননা দিয়ে, যি সদায় একে সময়তে কাম কৰিবলৈ বহে। লিখাৰ ক্ষেত্ৰটো আপোনাৰ তেনে নিয়ম-শৃংখলা আছে নেকি ?


পামুক : তুৰস্কত অসীমভাৱে সন্মানীয় পৰম্পৰা থকা কবিৰ বিপৰীতে ঔপন্যাসিকৰ কেৰেনীসদৃশ প্ৰকৃতিক মই স্থানাংকিত কৰিছিলো। কবি হোৱা মানে এক জনপ্ৰিয় আৰু সন্মানীয় কথা। ওটোমান চুলতান আৰু পাৰিষদসকলৰ গৰিষ্ঠ সংখ্যকেই কবি আছিল। কিন্তু আজি আমি কবিসকলক যেনেদৰে বুজো,তেওঁলোক তেনেকুৱা নাছিল। শ শ বছৰ ধৰি নিজকে বুদ্ধিবীৱি হিচাবে প্ৰতিষ্ঠিত কৰাৰ এয়া আছিল এক প্ৰন্থা। দিভান বুলি কোৱা পাণ্ডুলিপিত এই মানুহবোৰে কবিতাবোৰ সংগ্ৰহ কৰিছিল। ওটোমান সাম্ৰাজ্যৰ পাৰিষদসকলৰ আধা সংখ্যকে দিভান সৃষ্টি কৰিছিল। ভালেমান নীতি আৰু ক্রিয়া-কৰ্ম জড়িত সেয়া আছিল লিখিবৰ বাবে উন্নত আৰু শিক্ষিত প্ৰন্থা। পশ্চিমীয়া ধাৰণা তুৰস্কলৈ অহাৰ পিছত সত্যৰ খাতিৰত দহন হোৱা ব্যক্তি হিচাবে এজন কবিৰ ৰোমান্টিক আৰু আধুনিক ধাৰণাৰ সৈতে এই পৰম্পৰাক যুক্ত কৰোৱা হ’ল। কবিৰ মৰ্যাদাত ই এক অতিৰিক্ত ওজন সংযোজিত কৰিলে। আনহাতেদি এই পৰম্পৰাৰ দৰেই এজন ঔপন্যাসিক হ’ল সাৰগতভাৱে এনে এজন ব্যক্তি, যি নিজৰ ধৈৰ্যৰ সহায়ত দূৰত্বক সামৰি লয় লাহে লাহে। দানৱীয় অথবা ৰোমান্টিক দৃষ্টিৰে নহয়, ধৈৰ্যৰ সহায়তহে এজন ঔপন্যাসিকে আমাক মোহাৱিষ্ট কৰে।


প্ৰ : আপুনি কবিতা লিখিছেনে?


পামুক : এই প্ৰটো মোক প্ৰায়ে কৰা হয়। ১৮ বছৰ বয়সত মই কবিতা লিখিছিলো আৰু কিছুমান কবিতা তুৰ্কী ভাষাত প্ৰকাশো হৈছিল। তাৰ পিছত লিখিবলৈ এৰিলো। তাৰ কাৰণটো হ’ল মই উপলব্ধি কৰিলো যে এজন কবি এনে এজন ব্যক্তি, যাৰ মাধ্যমেদি ঈশ্বৰে কথা কয়। আপোনাক কবিতাৰ ভূতে লম্ভিৱ লাগিব। মই কবিতাত হাত দি চাইছিলো আৰু কম বয়সতে উপলব্ধি কৰিলো যে ঈশ্বৰে মোক একো কোৱা নাই। আৰু তাৰ পিছতে মই কপ্লনা কৰিবলৈ আৰম্ভ কৰিলো যদি ঈশ্বৰে মোৰ যোগেদি কিবা কয়েই, সেয়া কি হ’ব ? এই কথাকে ফহিয়াই মই খুব গভীৰভাৱে লিখিবলৈ আৰম্ভ কৰিলো। সেয়া হ’ল গদ্য ৰচনা, উপন্যাস ৰচনা। সেয়ে এজন কেৰেনীৰ দৰে মই কাম কৰিলো। আন কেতবোৰ লেখকে এই প্ৰকাশ ভংগীক সামান্য ইতিকিঙ বুলি বিবেচনা কৰিব পাৰে। কিন্তু এনে ইতিকিঙক মই স্বীকাৰ কৰো। মই কেৰেনীৰ লেখীয়াকৈ কাম কৰো।


প্ৰ : আপুনি ক’ব খোজে নেকি যে সময়ৰ লগে লগে গদ্য-ৰচনা কৰা কামটো আপোনাৰ বাবে সহজ হৈ পৰিছে?


পামুক : দুভাগ্যক্রমে নহয়। কেতিয়াবা মোৰ অনুভৱ হয় মোৰ এটা চৰিত্ৰক এটা কোঠাত প্ৰৱেশ কৰোৱাব লাগে, কিন্তু মই নাজানো সেয়া মই কেনেকৈ কৰিম। মোৰ আত্ম-বিশ্বাস অধিক থাকিব পাৰে, যি কেতিয়াবা কামত নাহে কিয়নো তাৰ পিছত আপুনি পৰীক্ষা নকৰে কলমৰ আগলৈ যি আহে তাকে আপুনি লিখি যায়। যোৱা ত্ৰিশ বছৰ ধৰি মই উপন্যাস লিখি আহিছো। গতিকে মই ভাৱো মই কিছু উন্নতি কৰিছো। তথাপি মই কেতিয়াবা এক অন্তিম প্ৰান্তৰত আহি পাওঁ, য’ত মই ভাৱো তেনে হ’ব নালাগে। এটা চৰিত্ৰই এটা কোঠাত প্ৰৱেশ কৰিব নোৱাৰে আৰু ময়ো নাজানো কি কৰিব লাগে। ত্ৰিশ বছৰৰ পিছতো মোৰ এনে অৱস্থা।


এখন গ্ৰন্থক অধ্যায়ত ভাগ কৰি লেখাটো মোৰ চিন্তন শৈলীৰ বাবে গুৰুত্বপূৰ্ন হৈ পৰে। এখন উপন্যাস লিখোতে যদি মই কাহিনীটো আগতীয়াকৈ জানো, তেতিয়া কাহিনীটো অধ্যায়ত বিভক্ত কৰো আৰু তাৰ পিছত প্ৰতিটো অধ্যায়তে কি হ’ব বিতংকৈ ভাৱো। মই প্ৰথম অধ্যায়ৰ পৰা প্ৰয়োজনগতভাৱে আৰম্ভ নকৰো আৰু বাকীবোৰ ক্রমত লিখি নাযাওঁ। যেতিয়া মোৰ লাগি ধৰে, যিটো মোৰ বাবে গম্ভীৰ কথা নহয় - মই কপ্লনালৈ যিহকে আহে, তাৰে কৰি যাওঁ। মই প্ৰথমৰ পৰা পঞ্চম অধ্যায়লৈ লিখিব পাৰো। তাৰ পিছত যদি মোৰ ভাল নালাগে, তেনেহলে ১৫ নম্বৰ অধ্যায়লৈ জপিয়াই যাওঁ আৰু তাৰ পৰা আৰম্ভ কৰো।


প্ৰ : আপুনি ক’ব খোজে নেকি যে আগতীয়াকৈ আপুনি গোটেই গ্ৰন্থখনৰে মানচিত্ৰ আঁকি লয়?


পামুক : সকলো আকি লওঁ। উদাহৰণ স্বৰূপে My Name is Red ত ভালেমান চৰিত্ৰ আছে আৰু প্ৰতিটোতে মই নিদিষ্ট সংখ্যক অধ্যায় সংযোজন কৰিছো। লিখি থাকোতে মই মাজে মাজে একোটাহত চৰিত্ৰৰ সৈতে একাত্ম হ’ব খুজিছিলো। যেতিয়া মই Shekure ৰ অধ্যায়বোৰৰ এটা লিখি শেষ কৰিলো সেয়া সম্ভৱ সপ্তম অধ্যায় আছিল মই এঘাৰ নম্বৰ অধ্যায়লৈ জপিয়ালো, যিটো আকৌ তাইৰে অধ্যায় আছিল। মই Shekure ৰ নিছিনা হৈ ভাল পাইছিলো। এটা চৰিত্ৰ পৰা আন এটা চৰিত্ৰলৈ জপিয়াই ফুৰাটো হতাশজনক কথা। 


কিন্তু অন্তিম অধ্যায়টো মই সদায় শেষত লিখো। সেয়া নিশ্চিত কথা। মই নিজকে জোকাই ভাল পাওঁ, সুধো অন্তিমটো কেনেকুৱা হোৱা উচিত। মই এবাৰ মাত্ৰ অন্তিমক ৰূপায়ণ কৰিব পাৰো। সামৰনিৰ ফালে শেষ কৰাৰ আগতে মই ৰওঁ আৰু প্ৰায়বোৰ আগৰ অধ্যায় আকৌ লিখো।


প্ৰ : কাম কৰি থকাৰ সময়ত আপোনাৰ কাষত এজন পাঠক থাকেনে ?


পামুক : মই যাৰ সৈতে জীৱনটো ভাগ-বাটৰোৱা কৰো, তেওঁকে সদায় মই মোৰ সৃষ্টিক পঢ়ি শুনোৱাও। মই কৃতজ্ঞ হওঁ যদি সেই ব্যক্তিয়ে কয়, আৰু দেখোৱাচোন, দেখোৱাচোন আজি তুমি কি কৰিলা । এই কথাই সামান্য হলেও হেচা প্ৰয়োগেই নকৰে, সেয়া যেন এগৰাকী মাতৃ অথবা এজন পিতৃয়ে পিঠিত মৰমেৰে থপৰিয়াই ভাল কাম কৰা কৰা বুলি কোৱাৰ দৰে একে। মাজে সময়ে ব্যক্তিজনে ক’ব, ক্ষমা কৰিব এই নিকিনো। এয়া ভাল কথা। মই এই ক্রিয়া-কৰ্মক ভাল পাওঁ।


মোৰ এজন ৰোল মডেল টমাচ মানলৈ মোক সদায় মনত পেলাই দিয়ে। তেওঁ তেওঁৰ ছয় সন্তান আৰু পত্নীৰ সৈতে গোটেই পৰিয়ালটোক গোটাই লৈছিল। গোট খোৱা সকলোকে তেওঁৰ লেখা পঢ়ি শুনোৱাইছিল। সেয়া মোৰ ভাল লাগে। দেউতাকে গপ্ল কোৱা কথাটো ভাল লাগে।


প্ৰ : ডেকা হৈ থাকোতে আপুনি চিত্ৰকৰ হ’ব খুজিছিল। আপোনৰ ছবিৰ প্ৰেম গপ্লৰ প্ৰেমলৈ কেতিয়া সলনি হ’ল ?


পামুক : ২২ বছৰ বয়সত। ৭ বছৰ বয়সৰে পৰা মই চিত্ৰকৰ হ’ব খুজিছিলো। আৰু আমাৰ পৰিয়ালে সেয়া মানিও লৈছিল। সকলোৱে ভাৱিছিল মই এজন বিখ্যাত চিত্ৰকৰ হ’ম। তাৰ পিছতে মোৰ মগজুত কিবা এটা হ’ল। মই উপলব্ধি কৰিলো যে মোৰ এটা স্ক্ৰিউ ঢিলা আছিল। আৰু লগে লগে ছবি অকা বাদ দি মই মোৰ প্ৰথমখন উপন্যাস লিখিবলৈ আৰম্ভ কৰিলো।


প্ৰ : এটা স্ক্ৰিউ ঢিলা আছিল মানে ?


পামুক : সেয়া কিয় কৰিলো, তাৰ কোনো যুক্তি মই ক’ব নোৱাৰো। অলপতে মই Istanbul নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰিলো। ইয়াৰ আধা অংশ সেই মুহূৰ্তলৈকে মোৰ আত্ম-জীৱনি আৰু বাকী আধাৰ অধিক সংক্ষেপে ক’বলৈ গ’লে ইষ্টানবুল বিষয়ক এখন ৰচনা এটি শিশুৰ দৃষ্টিত ইষ্টানবুল। চিত্ৰ ক’লা, দৃশ্য-শোভা আৰু এখন চহৰৰ ৰসায়নৰ ই এক যৌথ চিন্তন। এটি শিশুৰ সংবেদনত এখন চহৰ আৰু সেই শিশুৰ আত্ম-জীৱনি। গ্ৰন্থখনৰ শেষৰ কথাবোৰ এনেকুৱা ‘ মই চিত্ৰকৰ হ’ব নোখোজো।’ মই ক’লো। ‘মই লেখক হ’ম।’ কিন্তু সেয়া ব্যাখ্যা কৰা হোৱা নাই। যদিও গোটেই গ্ৰন্থখন পঢ়িলে ব্যাখ্যা ওলাবও পাৰে।


প্ৰ : এই সিদ্ধান্তক লৈ আপোনাৰ পৰিয়াল সুখী আছিল নে ?


পামুক : মোৰ মা বিচলিত হৈছিল। মোৰ দেউতা কিছু বুজাৰ মানুহ আছিল কিয়নো যৌৱনত তেখেতো কবি হ’ব খুজিছিল আৰু ভালেৰিক তুৰ্কীলৈ অনুবাদ কৰিছিল। কিন্তু তেখেতৰ উচ্চ শ্ৰেনীৰ মহলটোৱে তাচ্ছিল্য কৰাত বাদ দিলে।


প্ৰ : আপোনাৰ পৰিয়ালে আপুনি চিত্ৰকৰ হোৱাটো মানি লৈছিল। ঔপন্যাসিক হোৱাটো মানি লোৱা নাছিল, নহয় জানো ?


পামুক : হয়, মই পূৰ্নকালীন চিত্ৰকৰ হ’ম বুলি তেওঁলোকে ভৱা নাছিল। পৰিয়ালৰ পৰম্পৰাটো আছিল ছিভিল ইঞ্জিনিয়াৰিঙৰ। মোৰ ককা আছিল এজন ছিভিল ইঞ্জিনিয়াৰ, যি ৰেলৰ চিৰি বনাই যথেষ্ঠ ধন কৰিছিল। মোৰ খুৰাহঁতে আৰু দেউতাই সেই ধন হেৰুৱালে, কিন্তু তেওঁলোকো একে ইঞ্জিনিয়াৰিঙৰ বিদ্যালয় Instanbul Technical University ত পঢ়িবলৈ গৈছিল। আশা কৰা হৈছিল ময়ো তালৈ যাম আৰু ময়ো ক’লো হ’ব, যাম তালৈ। যিহেতু পৰিয়ালত ময়েই চিত্ৰকৰ আছিলো, গতিকে ধাৰণাটো আছিল মই স্থপতিবিদ হ’ম। সকলোৰে বাবে এইটো যেন এটা সন্তোষজনক সমাধান আছিল। মই সেই বিশ্ববিদ্যালয়লৈ গ’লো, কিন্তু স্থাপত্যবিদ্যালয়ৰ আধাতে চিত্ৰ এৰি মই উপন্যাস লিখিবলৈ ল’লো।


প্ৰ : চিত্ৰ বাদ দিয়াৰ সময়ত আপোনাৰ মনত ইতিমধ্যে উপন্যাসে ভুমুকি মাৰিছিল নেকি ? সেয়ে আপুনি লিখাৰ কথা ভাৱিলে নেকি ?


পামুক : যিমান দূৰ মনত পৰে, কি লিখিম জনাৰ আগতে মই ঔপন্যাসিক হ’ব খুজিলো। প্ৰকৃততে লিখিবলৈ লৈ মই দুই -তিনিবাৰ বেয়াকৈ আৰম্ভ কৰিলো। মোৰ হাতত এতিয়াও সেই নোট বুকবোৰ আছে। কিন্তু ৬ মাহৰ পিছত মই এটা নতুন ডাঙৰ কাম আৰম্ভ কৰিলো, যি অৱশেষত Cevdet Bey and his sons নামেৰে প্ৰকাশ হ’ল।


প্ৰ : সেইখন ইংৰাজীলৈ অনুবাদ হোৱা নাই ?


পামুক : সাৰগতভাৱে এইখন এখন পাৰিবাৰিক গাথা –Forsyte Saga অথবা টমাচ মানৰ Buddenbrooks ৰ লেখীয়া। লিখি শেষ কৰাৰ ঠিক পিছতে এখন পুৰনি কলীয়া, ১৯ শ শতিকাৰ উপন্যাস লিখাৰ বাবে মোৰ মনলৈ ক্ষেদ ভাৱ আহিল, কিয়নো ২৫ অথবা ২৬ বছৰ বয়সত মই মোৰ নিজৰ ওপৰত এই ধাৰণা পোষণ কৰিলো যে মই এজন আধুনিক লেখক হোৱা উচিত। উপন্যাসখন যেতিয়া প্ৰকাশ হ’ল, তেতিয়া মোৰ বয়স ৩০।মোৰ লেখা আৰু অধিক পৰীক্ষামুলক হৈ পৰিল।


প্ৰ : আপুনি যেতিয়া কয় আপুনি আধুনিক, পৰীক্ষামুলক হ’ব খুজিছিল আপোনাৰ মনত তাৰ কিবা এটা আৰ্হি আছিল নেকি ?


পামুক : সেই সময়ত মোৰ বাবে মহান লেখকসকল টলষ্টয়,ডষ্টেয়ভস্কি, ষ্টেইনডেল অথবা টমাচ মান নাছিল। মোৰ নায়কসকল আছিল ভাৰ্জিনিয়া উল্‌ফ আৰু ফকনাৰ। এতিয়া এই তালিকাত প্ৰাউষ্ট আৰু নাবোকোভৰ নাম মই যোগ দিওঁ।


প্ৰ : The New Life ৰ আৰম্ভনিৰ শাৰীটো আছিল ‘ মই এদিন এখন কিতাপ পঢ়িলো আৰু মোৰ গোটেই জীৱনটোৱে সলনি হৈ গ’ল।’ আন কিতাপেও আপোনাৰ মনত তেনে প্ৰভাৱ পেলাইছে নে ?


পামুক : মোৰ বয়স ২১ কি ২২ হৈ থাকোতে The sound and fury খন মোৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিল। মই পেংগুইন সংস্কৰণৰ এটা কপি কিনি আনিলো। মোৰ ইংৰাজী বেয়া কাৰণে সেইখন বুজি পোৱাটো কঠিন হৈ পৰিল। কিন্তু তুৰ্কীত তাৰ এটা অনবদ্য অনুবাদ আছিল। মই ইংৰাজী আৰু তুৰ্কী দুয়োটা টেবুলত মেলি ল’লো আৰু এখনৰ এটা পেৰেগ্ৰাফৰ আধা পঢ়ি ইখনলৈ যাবলৈ আৰম্ভ কৰিলো। এই গ্ৰন্থখনে মোৰ মনত এটা চাপ বঢ়োৱালে। পৰিনতিত মই এটা কন্ঠক বিকশিত কৰিলো। খুব সোনকালে মই প্ৰথম পুৰুষ এক বচনত লিখিবলৈ আৰম্ভ কৰিলো। তৃতীয় পুৰুষত লিখাতকৈ কাৰোবাক নৈব্যক্তিকৰণ কৰি বেছি ভাগ সময় মই ভাল পোৱা হ’লো।


প্ৰ : আপুনি কৈছে যে আপোনৰ প্ৰথমখন উপন্যাস প্ৰকাশ হওঁতে বছৰ দিয়েক লাগিল ?


পামুক : মই কুৰিৰ ঘৰত থাকোতে কাৰোৰে লগত মোৰ সাহিত্যিক সৰ্ম্পক হোৱা নাছিল। ইষ্টানবুলৰ কোনো সাহিত্যিক গোটৰ মই ভিতৰুৱা নাছিলো। তুৰ্কীত আয়োজিত অপ্ৰকাশিত পাণ্ডুলিপিৰ এক প্ৰতিযোগীতাত জমা দিয়াই আছিল মোৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশৰ প্ৰচেষ্টা। মই পুৰষ্কাৰটো পালো। এজন ডাঙৰ, ভাল প্ৰকাশকে গ্ৰন্থখন প্ৰকাশৰ কথা হ’ল। সেই সময়ত তুৰস্কৰ অৰ্থনীতি বৰ বেয়া আছিল। তেওঁলোকে এটা চুক্তি কৰাৰ কথা ক’লে, কিন্তু উপন্যাসখন প্ৰকাশ কৰোতে পলম কৰিলে।


প্ৰ : আপোনাৰ দ্বিতীয়খন উপন্যাস খুব সহজে, খৰখেদাকৈ প্ৰকাশ হ’ল নেকি ?


পামুক : দ্বিতীয়খন গ্ৰন্থ আছিল ৰাজনৈতিক। প্ৰচাৰ নাছিল। প্ৰথমখন গ্ৰন্থই প্ৰকাশৰ অপেক্ষাত থাকোতেই মই এইখন লিখি আছিলো। সেই গ্ৰন্থত মই দুবছৰ ৬ মাহ সময় দিলো। হথাতে এদিন military coup হ’ল। এয়া ১৯৮০ চনৰ কথা। পিছদিনাখন মোৰ প্ৰথমখন গ্ৰন্থৰ প্ৰকাশকে ক’লে যে চুক্তি কৰিলেও তেওঁ গ্ৰন্থখন প্ৰকাশ কৰিব নোৱাৰে। মই অনুভৱ কৰিলো যে মোৰ দ্বিতীয়খন গ্ৰন্থ যিখন ৰাজনৈতিক আছিল সমাপ্ত কৰিলেও সেনাই অনুমতি প্ৰদান নকৰিলে ৫/ ৬ বছৰলৈ প্ৰকাশ কৰিব নোৱাৰিম। গতিকে মোৰ ভাৱনাবোৰ এনেধৰনৰ হৈ পৰিল : ২২ বছৰ বয়সত মই ঔপন্যাসিক হ’ম বুলি ভাৱিলো আৰু ৭ বছৰ ধৰি তুৰ্কীত প্ৰকাশ কৰিম বুলি আশা পালি থাকিলো। একো নহ’ল । এতিয়া মোৰ বয়স প্ৰায় ত্ৰিশ, কিন্তু কোনো গ্ৰন্থ প্ৰকাশ হোৱাৰ সম্ভাৱনা নাই। সামৰিক অভ্যূস্থানৰ পিছতে যিহেতু মই বিষন্ন হোৱা নাছিলো মই আপুনি কোৱা The Silent নামৰ তৃতীয়খন গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলো। ১৯৮২ চনত মোৰ প্ৰথমখন গ্ৰন্থ অৱশেষত প্ৰকাশ হোৱাৰ সময়ত মই সেই কাম কৰিছিলো। Cevdet খন সু-সমাদৃত হ’ল, যিটো কথাৰ অৰ্থ আছিল মই সেই সময়ত লিখি থকা গ্ৰন্থখন প্ৰকাশ কৰিব পাৰিম। গতিকে মই লিখা তৃতীয়খন গ্ৰন্থ দ্বিতীয়তে প্ৰকাশ পালে।


প্ৰ : সামৰিক শাসনৰ সময়ত কি কথাৰ কাৰণে আপোনাৰ উপন্যাস প্ৰকাশৰ অযোগ্য হৈ পৰিল?


পামুক : চৰিত্ৰবোৰ ডেকা উচ্চ-শ্ৰেনীৰ মাৰ্ক্সবাদী আছিল। তেওঁলোকৰ মাক -দেউতাক চামাৰ ৰিৰ্জটলৈ গৈছিল, তেওঁলোকৰ ডাঙৰ বিলাসী ঘৰ আছিল আৰু মাৰ্ক্সবাদী হৈ থাকি আনন্দ পাইছিল। তেওঁলোকে যুদ্ধ কৰিছিল, এজনে আনজনক ঈষা কৰিছিল আৰু প্ৰধানমন্ত্ৰীক ওফৰাবলৈ ষড়যন্ত্ৰ কৰিছিল।


প্ৰ : সোণপানী চৰোৱা প্ৰতিক্রিয়াশীল চক্র (gilded revolutionary circle) আছিল চাগৈ ?


পামুক : সিহঁত আছিল অতি-ক্রান্ত্ৰিকাৰীৰ(ultra radical) ভাও জোৰা ধনী মানুহৰ অভ্যাস থকা ওপৰ শ্ৰেনীৰ ডেকা ল’ৰা। কিন্তু এই বিষয়ে মই এক নৈতিক সিদ্ধান্ত দিব খোজা নাই। বৰঞ্চ মই মোৰ যৌৱনক এক ধৰনেৰে আবেগ-সিক্তহে কৰিছিলো। প্ৰধান মন্ত্ৰীলৈ এটা বোমা নিক্ষেপৰ ধাৰণাটোৱে গ্ৰন্থখন নিষিদ্ধ কৰিবলৈ যথেষ্ঠ আছিল। 


সেয়ে গ্ৰন্থখন মই শেষ নকৰিলো। গ্ৰন্থ লিখাৰ লগে লগে মানুহজন সলনি হয়। একেটা চৰিত্ৰকে আপুনি পুনৰ ধাৰণ কৰিব নোৱাৰে। আগৰ দৰে আপুনি গৈয়ো থাকিব নোৱাৰে। এজন লেখকে লিখা প্ৰতিখন গ্ৰন্থই তেওঁৰ প্ৰগতিৰ এটা অৱস্থাক প্ৰতিনিধিত্ব কৰে। এজন লেখকৰ উপন্যাসবোৰক তেওঁৰ কৰ্ম-স্পৃহাৰ বিকাশৰ মাইলৰ খুটি বুলিব পাৰি। গতিকে আপুনি পিছ হুহকি যাব নোৱাৰে। উপন্যাসৰ স্থিতিস্থাপকতা এবাৰ মৃত হৈ পৰিলে আপুনি তাক আকৌ ঘুৰাব নোৱাৰিব।


প্ৰ : ধাৰণাক লৈ পৰীক্ষা নীৰিক্ষা কৰি থাকোতে আপুনি আপোনাৰ উপন্যাসৰ ফৰ্মবোৰ কেনেকৈ বাছি লয়? আপুনি এটা চিত্ৰ-কপ্লৰে প্ৰথমটো বাক্য আৰম্ভ কৰে নেকি ?


পামুক : কোনো স্থিৰ ফৰ্মূলা নাই। কিন্তু দুখন উপন্যাস একেটা ৰূপত (mode) নিলিখিবলৈ মই ঠিক কৰি লওঁ। মই সকলো কথাকে সলনি কৰিবলৈ চেষ্টা কৰো। সেয়ে মোৰ পাঠকে মোক কয় আপোনাৰ এইখন উপন্যাস মোৰ ভাল লাগিল, আপুনি বাকীবোৰ উপন্যাস এনেদৰে নিলিখাটো লাজৰ কথা অথবা সেইখন উপন্যাস নিলিখালৈকে মই আপোনাৰ বাকী উপন্যাসবোৰ পঢ়ি ভাল পোৱা নাছিলো। বিশেষকৈ The Black Book ৰ বিষয়ে মই এনে কথা শুনিছো। প্ৰকৃততে এনে কথা শুনিবলৈ মই ঘিন কৰো। আৰ্হি শৈলী, ভাষা, ৰূপ, আৰু চৰিত্ৰৰ সৈতে পৰীক্ষা নীৰিক্ষা কৰা আৰু প্ৰতিখন গ্ৰন্থকে সুকীয়াকৈ কৰাটো আনন্দ আৰু প্ৰত্যাহ্বানো।


এখন গ্ৰন্থৰ বিষয়-বস্তু বেলেগ বেলেগ উৎসৰ পৰা মোৰ হাতলৈ আহিব পাৰে। My name is red ৰে মই চিত্ৰকৰ হ’ব খোজা হাবিয়াসৰ বিষয়ে লিখিব খুজিছিলো। মই বেয়াকৈ আৰম্ভ কৰিলো। এজন চিত্ৰকৰৰ ওপৰত মনোনিৱেশ কৰি মই এখন একধৰ্মী গ্ৰন্থ লিখিবলৈ আৰম্ভ কৰিলো। তাৰ পিছত এটা এটেলিয়াৰত একেলগে কাম কৰা বহুত চিত্ৰকৰলৈ এই চিত্ৰকৰজনক সলালো। দৃষ্টি ভংগী সলনি হ’ল কিয়নো এতিয়া অন্য চিত্ৰকৰেও কথা পাতিবলৈ আৰম্ভ কৰি দিলে। প্ৰথমে মই সমসাময়িক এজন চিত্ৰকৰৰ বিষয়ে লিখাৰ কথা ভাৱিছিলো। কিন্তু তাৰ পিছতে মই ভাৱিলো এই তুৰ্কী চিত্ৰকৰজন খুবেই derivative, খুবেই পশ্চিমৰ প্ৰভাৱাধীন যেন লাগিব পাৰে সেয়ে ক্ষুদ্ৰ চিত্ৰকৰসকলৰ (miniaturist) বিষয়ে লিখিবলৈ মই সময়ৰ পিছলৈ ঘুৰি আহিলো। এনেদৰে মই মোৰ বিষয়টো বিছাৰি পালো।


কিছুমান বিষয়ে নিদিষ্ট কেতবোৰ নিয়ম মাফিক উদ্ভাৱন অথবা গপ্লৰ কথন-ৰীতিৰ প্ৰয়োজনীয়তা আনি দিয়ে। উদাহৰণ স্বৰূপে কেতিয়াবা আপুনি কিবা এটা দেখিলে অথবা পঢ়িলে, অথবা ছবি এখন চাবলৈ গ’ল, অথবা বাতৰি কাকতত নিৱন্ধ এটা পঢ়িলে আৰু তাৰ পিছতে ভাৱিলে যে মই এটা আলুক অথবা এজোপা গছক কথা কোৱাম। এবাৰ ধাৰণাক পোৱাৰ পিছত আপুনি উপন্যাসৰ সামজ্যঞ্চ আৰু তাৰ ধাৰাবাহিকতাৰ বিষয়ে ভাৱিবলৈ আৰম্ভ কৰিব। আৰু আপুনি ভাৱিব চমজদাৰ কথা এই কাম আগতে কোনেও কৰা নাই। 


অৱশেষত বছৰ বছৰ ধৰি মই বস্তুৰ কথা ভাৱো। মোৰ ধাৰণা থাকিব পাৰে আৰু ঘনিষ্ঠ বন্ধুৰ আগত সেয়া মই বেকত কৰিবও পাৰো। মই লিখিব পৰা উপন্যাসবোৰৰ বিষয়ে মই যথেষ্ঠ সংখ্যক টোকা বহী ৰাখো। কেতিয়াবা সেইবোৰ মই নিলিখো। কিন্তু মই যদি এখন টোকা বহী মেলো আৰু তাত লিখিবলৈ লওঁ সম্ভৱ সেই উপন্যাসখন মই লিখি পেলাম। সেয়ে এখন উপন্যাস শেষ হোৱাৰ লগে লগে মোৰ হৃদয়খন এই প্ৰকপ্লবোৰত নিৱদ্ধ হয়। আৰু এখন লিখাৰ দুমাহৰ পিঠত আন এখন উপন্যাস লিখিবলৈ মই আৰম্ভ কৰো।


প্ৰ : বহু ঔপন্যাসিকে কৰি থকা কামটোৰ কথা কেতিয়াও আলোচনা নকৰিব? আপুনিও সেই কথা গোপনে ৰাখে নেকি ?


পামুক : মই কাহিনীটোৰ বিষয়ে কেতিয়াও আলোচনা নকৰো। আনুষ্ঠানিক পৰিৱেশত যেতিয়া মানুহে মোক কি লিখি আছো সোধে, মই এটা বাক্যত উত্তৰ দিওঁ সাম্প্ৰতিক তুৰস্কৰ বিষয়ে এখন উপন্যাস। মই খুব কম মানুহৰ ওচৰতহে মুখ খোলো। তাকো তেতিয়াহে, যেতিয়া গম পাওঁ যে তেওঁ মোক আহত নকৰিব। মই যি কৰো, সেয়া হ’ল কিটিপৰ ( gimmick) বিষয়ে কোৱা উদাহৰণ স্বৰূপে ডাৱৰৰ মুখেৰে কথা কোৱাও। মানুহে সিহঁতলৈ কেনে প্ৰতিক্রিয়া জনাই মই চাব খোজো। এয়া লৰামতীয়া কথাই। Instanbul খন লিখোতে এই কামটো মই খুবেই কৰিছো। মোৰ মনটো খেল-প্ৰিয় এটি সৰু শিশুৰ দৰে, যি দেউতাকক সি কিমান টেঙৰ দেখুৱাবলৈ যত্ন কৰে।


প্ৰ : কিটিপ(gimmick) শব্দটোৰ এটা নেতিবাচক সাংকেতিক অৰ্থ (connotation) আছে।


উত্তৰ : আপুনি এটা কিটিপেৰে (gimmick)আৰম্ভ কৰক। কিন্তু আপুনি যদি তাৰ সাহিত্যিক আৰু নৈতিক গভীৰতাক বিশ্বাস কৰে শেষত ই চিৰিয়াচ সাহিত্যিক আৱিষ্কাৰলৈ সলনি হয়। ই হৈ পৰে এক সাহিত্যিক ব্যক্তব্য।


প্ৰ : সমালোচকসকলে আপোনাৰ উপন্যাসক মাজে সময়ে উত্তৰ আধুনিক বুলি চৰিত্ৰ নিৰ্নয় কৰে। অৱশ্যে মোৰ এনে লাগে আপুনি আপোনাৰ কাহিনীৰ কিটিপবোৰ প্ৰাথমিকভাৱে পৰম্পৰাগত উৎসৰ পৰা লয়। উদাহৰণ স্বৰূপে, আপুনি The thousand and one nights আৰু অন্যান্য প্ৰাচ্যৰ পৰম্পৰাৰ ধ্ৰুপদী পাঠবোৰৰ পৰা উদ্ধৃতি দিয়ে।


পামুক : সেয়া The black book ৰে আৰম্ভ হৈছে যদিও আগতে মই Borges আৰু Calvino পঢ়িছো। ১৯৮৫ চনত পত্নীৰ সৈতে মই যুক্তৰাষ্ট্ৰলৈ গৈছিলো আৰু তাতে মাৰ্কিন সংস্কৃতিৰ প্ৰাধান্যতা আৰু অসীম প্ৰাচুৰ্যৰ সৈতে মুখামুখী হ’লো। মধ্য-প্ৰাচ্যৰ পৰা আহি নিজকে লেখক হিচাপে প্ৰতিস্থাপিত কৰিবলৈ চেষ্টা কৰোতে মোৰ ভয় লাগিছিল। সেয়ে মই প্ৰশাৎগমন কৰিলো, মোৰ শিপালৈ উভতি গ’লো। মই উপলব্ধি কৰিলো যে মোৰ প্ৰজন্মই এক আধুনিক ৰাষ্ট্ৰীয় সাহিত্যৰ সৃষ্টি কৰিব লাগিব। 


Borges আৰু calvino এ মোক মুক্তি দিলে। পৰম্পৰাগত ইছলামিক সাহিত্যৰ সাংকেতিক অৰ্থ (connotation) ইমানেই প্ৰতিক্রিয়াশীল, ৰাজনৈতিক আছিল আৰু ৰক্ষনশীলসকলে ইমান পুৰণিকলীয়া foolish ৰূপত ব্যৱহাৰ কৰিছিল যে মই ভাৱি নেপালো তাৰে মই কিবা কৰিব পাৰিম। কিন্তু যুক্তৰাষ্ট্ৰত আহি পোৱাৰ পিছত মই উপলব্ধি কৰিলো যে কেলভিনীয়(calvinoesque) অথবা বৰজেচীয়( borgesian) মানস-ৰূপ এটাৰে মই সেই সৃষ্টি-উপাদানলৈ ঘুৰি আহিব পাৰো। ইছলামিক সাহিত্যৰ ধৰ্মীয় আৰু আধ্যাত্মিক সাংকেতিক অৰ্থৰ মাজত এক শক্তিশালী পাথক্যৰ সৃষ্টি কৰি মই আৰম্ভ কৰিবলগীয়াত পৰিলো, যাতে সহজে ইয়াৰ খেলৰ সম্পদ, কিটিপ (gimmick) আৰু হিতোপদেশবোৰ (parable) মই ব্যৱহাৰ কৰিব পাৰো। এক উচ্চ পৰিশীলিত আলংকাৰিক সাহিত্যৰ এক বণাঢ্য পৰম্পৰা তুৰস্কলৈ আহিল। কিন্তু সেই সময়ত সামাজিকভাৱে দায়বদ্ধ লেখকসকলে আমাৰ সাহিত্যৰ সৃষ্টিমুলক বিষয়-বস্তুক খালী কৰি পেলাইছিল।


চীন, ভাৰত আৰু পাৰস্যৰ কাহিনী কথনৰ পৰম্পৰাত নিজকে পুনৰাবৃত্তি কৰা ভালেমান ৰূপক আছে। মই সেইবোৰ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলো আৰু সাম্প্ৰতিক ইষ্টানবুলত প্ৰক্ষেপ কৰিলো। দাদাবাদীসকলৰ ক’লাজৰ দৰে এয়া সকলো উপাদান একেলগে সুমোৱাই কৰা এক পৰীক্ষা। The black book ত এই গুনাগুন আছে। কেতিয়াবা এই সকলোবোৰ উৎসক একেলগে সংযুক্ত কৰা হয় আৰু নতুন কিবা এটা উলাই পৰে। সেয়ে এই সকলো লিখিত কাহিনীক মই ইষ্টানবুলত প্ৰক্ষেপ কৰিলো, এটা অনুসন্ধানমুলক কাহিনী যোগ দিলো আৰু The black book খন বাহিৰ উলাই আহিল। কিন্তু ইয়াৰ উৎস আছিল মাৰ্কিন সংস্কৃতিৰ পূৰ্ন শক্তি আৰু এজন চিৰিয়াচ পৰীক্ষামুলক লেখক হোৱাৰ মোৰ বাসনা। তুৰস্কৰ সমস্যাবোৰৰ বিষয়ে মই সামাজিক খতিয়ান লিখিব নোৱাৰিলো মোৰ ভয় লাগিছিল। সেয়ে মই বেলেগ কিবা এটা চেষ্টা কৰিব লগীয়াত পৰিলো।


প্ৰ : সাহিত্যৰ যোগেদি সামাজিক খতিয়ান( social commentary) দিবলৈ আপুনি আগ্ৰহী আছিল নে ?


পামুক : নাছিলো। মই তাহানি প্ৰজন্মৰ উপন্যাসিকসকল, বিশেষকৈ আশীৰ দশকৰ সকলৰ প্ৰতি প্ৰতিক্রিয়া প্ৰকাশ কৰিছিলো। তেওঁলোকৰ প্ৰতি যোগ্য সন্মান ৰাখি মই কওঁ তেওঁলোকৰ বিষয়-বস্তু সদায় ঠেক আৰু সংকীৰ্ণমনা আছিল।


প্ৰ : আমি The Black Book ৰ আগলৈ ঘুৰি যাওঁহক। কিহে আপোনাক The White Castle লিখিবলৈ প্ৰেৰণা দিলে? এইখনেই প্ৰথম গ্ৰন্থ, য’ত আপোনৰ উপন্যাসত পুনৰাবৃত্তি ঘটা এটা বিষয় নৈব্যক্তিকৰণক ব্যৱহাৰ কৰিছে। বেলেগ কোনোবা এজন হোৱাৰ এই বাসনাটো আপোনাৰ উপন্যাসত প্ৰায়ে কিয় ভুমুকি মাৰে?


পামুক : এয়া এক অতি ব্যক্তিগত কথা। মোৰ এজন প্ৰতিযোগী ভাতৃ আছে, যি মোতকৈ বয়সত মাত্ৰ ১৮ মাহে ডাঙৰ। এক প্ৰকাৰে ক’বলৈ গ’লে তেওঁ আছিল মোৰ পিতৃ। তেওঁৱে মোৰ আত্মা-স্বৰূপ (alter ego), কতৃত্বৰ প্ৰতিনিধি হৈ পৰিল। আনহাতেদি আমাৰ এক প্ৰতিযোগীতামুলক আৰু ভাতৃসুলভ বন্ধুত্ব আছিল। এক জটিল সৰ্ম্পক। এই বিষয়ে Instanbul ত মই বিতংকৈ লিখিছো। মই আছিলো এটা গতানুগতিক (typical) তুৰ্কী ল’ৰা, যি ফুট বল খেলাত ভাল, সকলো ধৰনৰ খেল আৰু প্ৰতিযোগিতাৰ প্ৰতি উৎসাহী। বিদ্যালয়ত তেওঁ বৰ কৃতকাৰ্য হৈছিল, মোতকৈ ভাল আছিল। মই তেওঁৰ প্ৰতি ঈষা অনুভৱ কৰিছিলো আৰু তেৱো মোৰ প্ৰতি ঈষাপৰায়ণ আছিল। আমাৰ উদ্ধতমসকলে কোৱা তেওঁ আছিল এজন যুক্তিবান আৰু দায়বদ্ধ ব্যক্তি। মই খেলৰ প্ৰতি মনোযোগ দিওঁতে তেওঁ নীতিৰ প্ৰতি মনোযোগ দিছিল। সকলো কথাতে আমি প্ৰতিযোগিতা কৰিছিলো। মই নিজকে তেওঁৰ ৰূপত কপ্লনা কৰিছিলো। মই এটা আৰ্হি ঠিক কৰিলো। পৰশ্ৰীকাতৰতা, ঈষা এইবোৰ হ’ল মোৰ বাবে হৃদয়-স্পৰ্শা বিষয়। মোৰ ভাতৃৰ শক্তি অথবা তেওঁৰ কৃতকাৰ্যতাই মোৰ ওপৰত কিমান প্ৰভাৱ বিস্তাৰ কৰিছিল,তাকে ভাৱি মই সদায় উদ্বিগ্ন হৈছিলো। মোৰ কৰ্ম-শক্তিৰ এয়া এক গুৰুত্বপূৰ্ণ অংশ। মই এই বিষয়ে সজাগ। সেয়ে মোৰ আৰু সেই অনুভূতিবোৰৰ মাজত সদায় অলপ দূৰত্ব ৰাখো। মই নকওঁ যে মই ঈষাৰ বলি। কিন্তু এয়া হ’ল মোৰ স্নায়ু-কেন্দ্ৰৰ হাটীপতি, যাৰ সৈতে সকলো সময়তে মই মোকাবিলা কৰিবলৈ চেষ্টা কৰো। আৰু অৱশেষত মোৰ সকলো গপ্লৰে ই বিষয়-বস্তু হৈ পৰে। উদাহৰণ স্বৰূপে The White Castle ত থকা দুটা মূখ্য চৰিত্ৰৰ মাজৰ প্ৰায় sadomasochistic সৰ্ম্পক মোৰ ভাতৃৰ সৈতে থকা সৰ্ম্পকৰ ওপৰতে প্ৰতিষ্ঠিত।


আনহাতেদি নৈব্যক্তিকৰণৰ এই বিষয়টো পশ্চিমীয়া সংস্কৃতিৰে মুখামুখী হোৱা তুৰ্কীয়ে অনুভৱ কৰা ভংগুৰতাতো প্ৰতিফলিত হৈছে। The White Castle খন লিখাৰ পিছত মই অনুভৱ কৰিলো যে এই ঈষা আনৰ দ্বাৰা প্ৰভাৱিত হোৱাৰ উৎকন্ঠা তুৰ্কীসকলৰ অৱদানৰ সৈতে মিলে যেতিয়া তেওঁলোকে পশ্চিমলৈ চায়। আপুনি বুজিছেনে পশ্চিমীয়া হোৱাৰ এষণা আৰু তাৰ পিছতে ভালদৰে তেনে নোহোৱাৰ দোষাৰোপ। ইউৰোপৰ কৰ্ম-শক্তিক ধৰি ৰাখিবলৈ চেষ্টা কৰা আৰু তাৰ পিছতে অনুকৰণমুলক প্ৰচেষ্টাৰ বাবে দুখী অনুভৱ কৰা। এই mood মানসিক অৱস্থাৰ উস্থান পতন প্ৰতিযোগী ভাতৃসকলৰ মাজৰ সৰ্ম্পকৰ পৰিচায়ক।


প্ৰ : আপুনি বিশ্বাস কৰে নে তুৰস্কৰ পূব আৰু পশ্চিমৰ মাজৰ সঘন খকা-খুন্দা শান্তিপূৰ্ণভাৱে সমাধান হ’ব ?


পামুক : মই অশাবাদী। দুটা কৰ্ম শক্তি থকাক লৈ তুৰস্ক উদ্বিগ্ন হ’ব নালাগে। দুটা সুকীয়া সংস্কৃতিৰ সৈতে যুক্ত থকা মানে দুটা আত্মাৰ গৰাকী হোৱা। চিজোফ্ৰেনিয়াই ( schizophrenia) মানুহক বুদ্ধিমান কৰে। আপুনি বাস্তৱৰ সৈতে সৰ্ম্পক হেৰুৱাব পাৰে মই উপন্যাস লিখা মানুহ গতিকে এয়া বেয়া কথা বুলি মই নাভাৱো। কিন্তু আপোনাৰ চিজোফ্ৰেনিয়াকলৈ আপুনি উদ্বিগ্ন হোৱা উচিত নহয়। আপোনাৰ এটা অংশই আনটোক হত্যা কৰাক লৈ যদি আপুনি উদ্বিগ্ন হয়, আপুনি একক কৰ্ম-শক্তিতে থাকি যাব। ৰোগটো থকাতকৈ সেয়া আৰু বেছি বেয়া কথা। এয়া মোৰ থিয়ৰি। মই তুৰস্কৰ ৰাজনীতিত, দেশখনত এটাই মাত্ৰ আত্মা থাকিব লাগে বুলি দাবী কৰা ৰাজনীতিকসকলৰ মাজত ইয়াক প্ৰচলন কৰিবলৈ চেষ্টা কৰো। সেয়া হ’ল ই হয় পূব অথবা পশ্চিমৰ সৈতে সম্প্ৰকিত হ’ব লাগে অথবা জাতীয়তাবাদী ধাৰণাৰ হ’ব লাগে। মই সেই একবাদী (monistic) ভাৱাদৰ্শৰ সমালোচক।


প্ৰ : তুৰস্কত সেয়া কেনেদৰে চলন্তি হৈছে ?


পামুক : এখন গনতান্ত্ৰিক, উদাৰ তুৰস্কৰ ধাৰণাটো যিমানে প্ৰতিষ্ঠাপিত হ’ব, সিমানে মোৰ চিন্তাক গ্ৰহণ কৰা হ’ব। এনে দৃষ্টিৰেহে তুৰস্কই ইউৰোপীয় সংঘত যোগদান কৰিব পাৰে। জাতীয়তাবাদ, অলংকাৰ শাস্ত্ৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ই এক যুদ্ধৰ পথ।


প্ৰ : হ’লেও Instanbul ত আপুনি চহৰখনক এনেদৰে আবেগ-সিক্ত কৰিছে (romanticise)যেন আপুনি ওটোমান সাম্ৰাজ্যৰ(ottoman empire) পতনত দুখ প্ৰকাশ কৰিছে?


উত্তৰ : মই ওটোমান সাম্ৰাজ্যক লৈ দুখ প্ৰকাশ কৰা নাই। মই এজন পশ্চিমীয়া মনৰ মানুহ। পশ্চিমীয়াকৰণৰ প্ৰক্রিয়া আৰম্ভ হোৱাত মই সুখী। শাসনাধিস্থিত এলিট শ্ৰেনীটোৱে, মানে আমোলা আৰু নৱ্য ধনী শ্ৰেনীয়ে সীমিত পৰিসৰত গ্ৰহণ কৰা পশ্চিমীয়াকৰণক লৈহে মই সমালোচনাত্মক হৈ পৰো। নিজা প্ৰতীক আৰু ক্রিয়া-কৰ্ম সম্বলিত এক ধনী জাতীয় সংস্কৃতি গঢ়িবলৈ প্ৰয়োনীয় অভাৱ আছিল তেওঁলোকৰ। পূব আৰু পশ্চিমৰ এক organic combination থকা ইষ্টানবুল-সংস্কৃতি গঢ়িবলৈ তেওঁলোকে যত্ন কৰা নাছিল। মাত্ৰ পশ্চিম আৰু পূবৰ বস্তুবোৰক তেওঁলোকে একেলগ কৰিছিল। অৱশ্যে এক শক্তিশালী স্থানীয় ওটোমান সংস্কৃতি আছিল, কিন্তু লাহে লাহে সেয়া পৰি আহিছিল। যিটো কাম তেওঁলোকে কৰিব লাগিছিল, কিন্তু সম্ভৱত তেওঁলোকে ভালদৰে কৰিব নোৱাৰিলে সেয়া হ’ল এক শক্তিশালী স্থানীয় সংস্কৃতিৰ জন্ম দিয়া, যি হ’ব প্ৰাচ্যৰ অতীত আৰু পশ্চিমৰ বৰ্তমানৰ এক সংযোজন, অনুকৰণ নহয়। মই মোৰ গ্ৰন্থত এই কামটোকে কৰিবলৈ চেষ্টা কৰো। সম্ভৱত নৱ-প্ৰজন্মই এই কামটো কৰিব। ইউৰোপীয় ইউনিয়নত প্ৰৱেশ কৰিলে তুৰস্কৰ স্বকীয়তা ধ্বংশ নহয়, ই বিকশিতহে হ’ব আৰু এক নব্য তুৰ্কী সংস্কৃতি নিৰ্মান কৰিবলৈ আমাক অধিক স্বাধীনতা আৰু আত্ম-বিশ্বাস দি যাব। দাসৰ দৰে পশ্চিমক অথবা মৃত ওটোমান সংস্কৃতিক অনুসৰণ কৰাটো সমাধান সূত্ৰ নহয়। এই উপাদানবোৰক লৈ আমি কিবা এটা কৰিব লাগিব আৰু তাৰে এটাৰ সৈতে অধিক সৰ্ম্প্ৰকিত হোৱাৰ কাৰণে উদ্বিগ্ন হোৱা উচিত নহয়।


প্ৰ : কিন্তু Istanbul ত আপুনি নিজৰ চহৰখনক এক বিদেশী, পশ্চিমীয়া চাৱনিৰে চিনাক্তকৰণ কৰা যেন লাগে ?


পামুক : কিন্তু এজন পশ্চিমীয়া মনৰ বুদ্ধিজীৱিয়ে কিয় চিনাক্তকৰণ কৰে(identify),তাকো মই ব্যাখ্যা কৰিছো Istanbul ৰ নিৰ্মিতিটো পশ্চিমৰ সৈতে চিনাক্তকৰণৰ এক প্ৰক্রিয়া। সদায় এই দ্বিবিভাজনটো(dichotomy) দেখা যায় আৰু আপুনি সহজে প্ৰাচ্যৰ ক্রোধটোক চিনাক্ত কৰিব পাৰে। প্ৰতিজন ব্যক্তিয়ে কেতিয়াবা পশ্চিমীয়া আৰু কেতিয়াবা প্ৰাচ্যৰ মনৰ হৈ থাকে প্ৰকৃততে এয়া এক উভয় উপাদানৰ সঘন যৌথ ৰূপ। Edward Said ৰ Orientalisn ৰ ধাৰণাক মই ভাল পাওঁ, কিন্তু তুৰস্ক যিহেতু কেতিয়াও ঔপনিৱেশ নাছিল, সেয়ে তুৰস্কক আবেগ-সিক্ত কৰোটো তুৰ্কীসকলৰ কাৰণে কেতিয়াও এক সৰ্ম্পক নাছিল। পশ্চিমৰ মানুহে আৰৱ অথবা ভাৰতীয়সকলক অপমান কৰাৰ দৰে তুৰ্কীসকলক কৰা নাছিল। মাত্ৰ দুবছৰৰ কাৰণে ইষ্টানবুল অৱৰোধ কৰা হৈছিল আৰু অহাৰ দৰেই শত্ৰুৰ নাওঁবোৰ আতঁৰি গ’ল। গতিকে জাতিটোৰ কৰ্ম-শক্তিত ই গভীৰ দাগ পেলোৱা নাছিল। যি কথাই গভীৰ দাগ পেলাইছিল, সেয়া আছিল ওটোমান সাম্ৰাজ্যৰ পতন। সেয়ে মোৰ সেই উৎকন্ঠা নাই। পশ্চিমৰ মানুহে মোক হেয় কৰিলে বুলি ভবা ভাৱটো মোৰ নাই। অৱশ্যে গনতন্ত্ৰ প্ৰতিষ্ঠাৰ পাছত এই ভয়ৰ ভাৱটো আহিছিল, কিয়নো তুৰ্কীসকলে পশ্চিমীয়াকৰণ কৰিব খুজিছিল। কিন্তু বেছি দূৰ আগুৱাব পৰা নাছিল। এই কথাই এক সাংস্কৃতিক নীচাত্মিকাবোধৰ জন্ম দিলে, যাক আমি সমাধান কৰিবলগীয়াত পৰো আৰু মাজে সময়ে এই ভাৱ থাকে।


আনহাতেদি দুশ বছৰ ঔপনিৱেশ কৰি ৰখা ৰাষ্ট্ৰবোৰৰ দৰে এই ঘাবোৰ সিমান গভীৰ নহয়। তুৰ্কীসকলক পশ্চিমীয়া শক্তিয়ে কেতিয়াও অৱদমিত কৰি ৰখা নাছিল। তুৰ্কীসকলে ভোগা অৱদমন আছিল আত্ম-নিৰ্গহিত : আমি আমাৰ নিজা ইতিহাসক মোহাৰি পেলালো, কিয়নো সেয়া আছিল বাস্তৱিক। এই অৱদমনত এক ভংগুৰতাবোধ আছে। কিন্তু এই স্ব-আৰোপিত পশ্চিমীয়াকৰণেও বিচ্ছিন্নতা আনিলে। ভাৰতীয়সকলে তেওঁলোকৰ দমনকাৰীসকলক মুখামুখীকৈ দেখিছিল। তুৰ্কসকলে অনুকৰণ কৰা পশ্চিমৰ বিশ্বৰ পৰা তুৰ্কীসকল শক্তিশালী ৰূপত বিচ্ছিন্ন আছিল। পঞ্চাশৰ আনকি ষাঠীৰ দশকতো ‘ইষ্টানবুল হিন’ত কোনোবা বিদেশীলোক থাকিবলৈ আহিলে সকলো বাতৰি কাকতে তাক গুৰুত্ব সহকাৰে লৈছিল।


প্ৰ : আনুষ্ঠানিক বিধি (canon)আপুনি বিশ্বাস কৰে নে অথবা আনুষ্ঠানিক বিধি (canon) থকাটো উচিতো নে ? আমি পশ্চিমীয়া আনুষ্ঠানিক বিধিৰ কথা শুনিছো । কিন্তু এক অ- পশ্চিমীয়া আনুষ্ঠানিক বিধিৰ বিষয়ে আপোনাৰ ধাৰণা কি ?


পামুক : হয়, অন্য এটা আনুষ্ঠানিক বিধিও আছে। ইয়াক আৱিস্কাৰ কৰিব লাগিব, বিকশাব লাগিব আৰু তাৰ পিছতে গ্ৰহণ কৰিব লাগিব। সম্প্ৰতি তথা-কথিত পশ্চিমীয়া আনুষ্ঠানিক বিধিটো canon টো ধ্বংশাৱস্থাত আছে। মহিমামণ্ডিত পাঠবোৰ ( text) সকলোতে আছে, কিন্তু সেইবোৰক একত্ৰিত কৰাৰ ইচ্ছাটো নাই। পাৰস্যৰ ধ্ৰুপদী সাহিত্যৰ পৰা, সকলো ভাৰতীয়, চীনা, আৰু জাপানী পাঠৰ মাজেৰে এই উপাদানবোৰক সমালোচনাত্মকভাৱে মূল্যায়ণ কৰিব লাগিব। সম্প্ৰতি পশ্চিমীয়া পণ্ডিতসকলৰ হাতত আনুষ্ঠানিক বিধিটো আছে। সেয়াই বিতৰণ আৰু যোগাযোগৰ কেন্দ্ৰ।


প্ৰ : উপন্যাস হ’ল পশ্চিমীয়া সংস্কৃতিৰ এক ৰূপ। পাৰস্যৰ পৰম্পৰাত ইয়াৰ বাবে কিবা ঠাই আছেনে ?


পামুক : মহাকাব্যৰ পৰা বিযোজিত আধুনিক উপন্যাস হ’ল সাৰগতভাৱে এক অ-প্ৰাচ্যৰ বস্তু, কিয়নো ঔপন্যাসিকজন হ’ল এনে এজন ব্যক্তি যি কোনো এটা সম্প্ৰদায়ৰ নহয়, যি সম্প্ৰদায়ৰ প্ৰাথমিক প্ৰবৃত্তিবোৰক ভাগ বাটৰোৱা নকৰে আৰু যি এজন অভিজ্ঞতা লাভ কৰা মানুহতকৈ এক সুকীয়া সংস্কৃতিৰে ভাৱে আৰু বিচাৰ কৰে। তেওঁ যুক্ত হৈ থকা সম্প্ৰদায়টোৰ পৰা তেওঁৰ চেতনা এবাৰ বেলেগ হোৱা মানে তেওঁ এজন বাহিৰৰ ব্যক্তি(outsider), এজন অকলশৰীয়া মানুহ। বাহিৰৰ মানুহজনৰ voyeuristic দৃষ্টিৰ পৰা তেওঁৰ পাঠৰ সৌষ্ঠৱটো আহে। 


এবাৰ পৃথিৱীখনক তেনেকৈ চোৱাৰ অভ্যাস কৰিলে আৰু তেনে ৰূপতে (fashion) লিখিবলৈ গ’লে, সম্প্ৰদায়টোৰ পৰা বিচ্ছিন্ন কৰিবলৈ আপোনাৰ মনত এটা বাসনা হয়। Snow ত মই ভৱা মডেলটো এইটোৱে।


প্ৰ : এতিয়ালৈকে প্ৰকাশ হোৱা আপোনাৰ ৰাজনৈতিক গ্ৰন্থখন হ’ল Snow। এইখনৰ ধাৰণাটো আপুনি কেনেকৈ কৰিছিল?


পামুক : ১৯৯০ ৰ দশকৰ মাজ ভাগত তুৰস্কত যেতিয়া মই বিখ্যাত হ’বলৈ আৰম্ভ কৰিলো কুৰ্দসকলৰ বিৰুদ্ধে যুদ্ধখন সেই সময়ত শক্তিশালী আছিল সেই সময়ত তাহানিৰ বাওঁপন্থী লেখকসকল আৰু নব্য-আধুনিক উদাৰপন্থীসকলে তেওঁলোকৰ হৈ আবেদনত চহী কৰাৰ কামত মোৰ সহায় বিছাৰিছিল মোৰ প্ৰন্থাৰ সৈতে সৰ্ম্পক নথকা ৰাজনৈতিক কামত যুক্ত হোৱাৰ কথা কৈছিল।


খুব সোনকালে চৰকাৰে ( establishment) চৰিত্ৰ হননৰ এক প্ৰচাৰেৰে এক প্ৰতি-আক্রমণ আৰম্ভ কৰি দিলে। তেওঁলোকে মোক নাম ধৰি মাতিবলৈ আৰম্ভ কৰিলে। মোৰ বৰ খঙ উঠিল। অলপ পিছতে মই ভাৱিলো এখন ৰাজনৈতিক উপন্যাস কৰিলে কেনে হয়,য’ত মই মোৰ আধ্যাত্মিক সংকট উচ্চ-মধ্যবিত্তীয় পৰিয়ালৰ পৰা আহি ৰাজনৈতিক প্ৰতিনিধিত্ব নথকা সকলৰ প্ৰতি দায়ী হোৱাৰ অনুভৱটো মই নিৰীক্ষণ (explore) কৰিব পাৰো। মই উপন্যাসৰ ক’লা-ৰূপক বিশ্বাস কৰিছিলো। উপন্যাস এনে এক আচৰিত বস্তু, যি আপোনাক এজন বাহিৰৰ মানুহ কৰি তুলিব। মই নিজকে তেতিয়া ক’লো যে মই এখন ৰাজনৈতিক উপন্যাস লিখিম। My name is red খন শেষ কৰাৰ লগে লগে মই সেইখন লিখিবলৈ ল’লো।


প্ৰ : Kars ৰ দৰে এখন সৰু চহৰত আপুনি সেইখন কিয় ৰূপায়িত (set) কৰিলে?


পামুক : তুৰস্কত সেই খন আটাইতকৈ শীতল চহৰ। আৰু লগতে দুখীয়াও। আশীৰ দশকৰ আৰম্ভনিতে গুৰুত্বপূৰ্ণ বাতৰি কাকতবোৰৰ ভিতৰৰ এখনৰ সন্মুখৰ পৃষ্ঠাটো ভৰি আছিল Kars প্ৰদেশৰ দুৰ্ভিক্ষৰ খবৰে। এক মিলিয়ন ডলাৰত গোটেই চহৰখন কিনিব পাৰি বুলি কোনোবাই আনকি গননা কৰিলে। মই তালৈ যাওঁতে তাৰ ৰাজনৈতিক বাতাৱৰণ বিপদজনক আছিল। চহৰখনৰ উপকন্ঠত প্ৰায় কুৰ্দসকলে বাস কৰিছিল, কিন্তু মধ্য ভাগত আছিল কুৰ্দ, আজাৰবাইজানৰ মানুহ, তুৰ্কী আৰু অন্যান্য সকল। ৰুচ আৰু জাৰ্মাণ মানুহো আছিল। ছীয়া আৰু চুন্নীৰ ধৰ্মীয় পাৰ্থক্যও আছে। কুৰ্দ গেৰিলাসকলৰ বিৰুদ্ধে তুৰস্ক চৰকাৰে আৰম্ভ কৰা যুদ্ধখন ইমানে ভয়ংকৰ আছিল যে ভ্ৰমণকাৰী হিচাপে তালৈ যোৱাটো অসম্ভৱ আছিল। মই বুজি পালো যে কেৱল ঔপন্যাসিক হিচাপে মই তালৈ যাব নোৱাৰো। গতিকে মোৰ সৰ্ম্পকত থকা বাতৰি কাকতৰ এজন সম্পাদকৰ পৰা ঠাইখন ভ্ৰমণ কৰিবলৈ মই এখন প্ৰেছ পাছ বিছাৰিলো। তেখেত এজন প্ৰভাৱশালী ব্যক্তি আৰু ব্যক্তিগতভাৱে চহৰখনৰ মেয়ৰজনক তেওঁ ফোন কৰিলে আৰু আৰক্ষীৰ প্ৰধানজনক মই আহি থকাৰ কথা ক’লে। তাত গৈ পায়েই মই মেয়ৰজনৰ ওচৰলৈ গ’লো আৰু আৰক্ষী প্ৰধানজনৰে কৰমৰ্দন কৰিলো যাতে তেওঁলোকে মোক ৰাষ্ট্ৰাৰ পৰা তুলি নিনিয়ে। প্ৰকৃততে মোক চিনি নোপোৱা কিছুমান আৰক্ষীৰ লোকে মোক উঠাই নিছিল আৰু হাৰাশাস্তি কৰাৰ অভিপ্ৰায়েৰে মোক আতৰলৈ লৈ গৈছিল। লগে লগে মই নামবোৰ দিলো মই মেয়ৰক জানো, মই আৰক্ষী প্ৰধানক চিনি পাওঁ।...মই আছিলো এক সন্দেহজনক চৰিত্ৰ। যদিও তাত্বিকভাৱে তুৰস্ক এখন মুক্ত দেশ আছিল, ১৯৯১ চনলৈকে সকলো বিদেশীকে সন্দেহ কৰা হৈছিল। আশাব্যঞ্জক কথাটো হ’ল আজিৰ পৰিৱেশটো যথেষ্ঠ সহজ হৈ পৰিছে। গ্ৰন্থখনত প্ৰায়বোৰ মানুহ আৰু ঠাই প্ৰকৃত প্ৰতিলিপিৰ (counterpart)ওপৰত প্ৰতিষ্ঠিত। উদাহৰণ স্বৰূপে, ২৫২ কপি বিক্রী কৰা স্থানীয় বাতৰি কাকতখন প্ৰকৃত। এটা কেমেৰা আৰু ভিদিও ৰেৰ্কডাৰ লগত লৈ মই kars লৈ গৈছিলো। মই সকলো কথাকে বানীবদ্ধ কৰিছিলো। ইষ্টানবুললৈ ঘুৰি আহি সেইবোৰ মোৰ বন্ধু মহলক দেখুৱালো। সকলোৱে ভাৱিলে মই সামান্য উন্মাদ। প্ৰকৃততে ঘটা আন কেতবোৰ ঘটনাও আছিল। সৰু বাতৰি কাকতখনৰ সম্পাদকৰ সৈতে হোৱা মোৰ কথোপকথনৰ দৰে যিজন সম্পাদকে কাকো ( Ka) আগদিনা সেই কথা কৈছিল আৰু কায়েও সুধিছে তেওঁ কেনেকৈ জানিলে আৰু তেওঁ সদৰী কৰে যে আৰক্ষীৰ ৱাকি টকিজৰ পৰা তেওঁ সেয়া শুনিছে আৰু আৰক্ষীয়ে কাক (Ka) সকলো সময়তে অনুসৰণ কৰি ফুৰিছে। সেয়া প্ৰকৃত কথা। তেওঁলোকে মোকো অনুসৰণ কৰিছিল।


স্থানীয় এংকৰজনে দুৰদৰ্শনত বঢ়োৱাই ক’লে ৰাষ্ট্ৰীয় বাতৰি কাকতৰ বাবে আমাৰ বিখ্যাত লেখকে এটা প্ৰৱন্ধ লিখিছে। সেয়া এক ডাঙৰ গুৰুত্বপূৰ্ণ কথা আছিল। পৌৰ নিগমৰ নিৰ্বাচন চমু চাপি অহাৰ বাবে Kars ৰ মানুহে মোৰ বাবে দুৱাৰ মুকলি কৰি দিলে। তেওঁলোকে সকলোৱে ৰাষ্ট্ৰীয় কাকতত কিবা কোৱাটো, তেওঁলোক কিমান দুখীয়া চৰকাৰে জনাটো বিছাৰিছিল। তেওঁলোকক উপন্যাসত স্থান দিম বুলি মই ভৱা নাছিলো। তেওঁলোকে ভাৱিছিল মই তেওঁলোকক নিৱন্ধত স্থান দিম। মই স্বীকাৰ কৰিব লাগিব যে এয়া আছিল cynical কথা আৰু মোৰ নিষ্ঠুৰতাৰ প্ৰকাশ যদিও মই এটা প্ৰৱন্ধ লিখাৰ কথা ভাৱিও আছিলো।


চাৰি বছৰ পাৰ হ’ল। মই ইগিল-থিগিল কৰি থাকিলো। এখন সৰু কফিৰ দোকান আছিল, য’ত মই মাজে -সময়ে বহি লিখিছিলো, টোকা বনাইছিলো। মোৰ এজন ফটোগ্ৰাফাৰ বন্ধুক তালৈ মাতিছিলো বৰফ পৰিলে Kars খন কিমান ধুনীয়া হয় ক’বৰ বাবে। তেওঁ সেই কফিৰ দোকানলৈ আহি বেলেগে পাতি থকা এটা আলচ শুনিলে। মই লিখি থাকোতে মানুহবোৰে তেওঁলোকৰ মাজতে পাতি আছিল ‘তেওঁনো কেনে ধৰণৰ প্ৰৱন্ধ লিখিছে?’ তিনি বছৰ পাৰ হৈ গ’ল। এখন উপন্যাস লিখিবৰ বাবে সেয়া যথেষ্ঠ সময়। তেওঁলোকে মোক মেৰিয়াই ধৰি থাকিল।


প্ৰ : গ্ৰন্থখনৰ প্ৰতিক্রিয়া কেনে আছিল?


পামুক : তুৰস্কত পৰম্পৰাবাদীসকল অথবা উদাৰপন্থীসকল, আৰু ধৰ্মনিৰপেক্ষসকল এই দুয়ো পক্ষই বিচলিত হ’ল। অৱশ্যে গ্ৰন্থখন নিষিদ্ধ কৰা বা মোক আহত কৰিব পৰা পৰ্যায়ৰ কথা নাছিল সেয়া। উদাৰপন্থীসকল বিচলিত হৈছিল, কিয়নো মই লিখিছিলো যে তুৰস্কত ধৰ্মনিৰপেক্ষ ক্রান্তিকাৰী (secular radical) হোৱাৰ মূল্য ভৰিব লাগিছিল নিজকে গনতান্ত্ৰিক (democrat) বুলি পাহৰি গৈ। তুৰস্কত ধৰ্মনিৰপেক্ষসকলৰ (secularist)ক্ষমতা সামৰিক বাহিনীৰ পৰা আহে। এই কথাই তুৰস্কৰ গনতন্ত্ৰ আৰু সহিষুতাৰ সংস্কৃতিক ধ্বংশ কৰে। ৰাজনৈতিক সংস্কৃতিত সামৰিক বাহিনীৰ ইমান involvement থাকিলে মানুহে তেওঁলোকৰ আত্ম-বিশ্বাস হেৰুৱাই আৰু তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিবৰ বাবে সেনাৰ ওপৰত নিৰ্ভৰ কৰে। মানুহে সাধাৰনতে কয় দেশখন আৰু অৰ্থনীতি এক খেলিমেলিত পৰিনত হৈছে। তাকে পৰিষ্কাৰ কৰিবলৈ আমি সেনাক মাতোহক। ঠিক পৰিষ্কাৰ কৰাৰ দৰেই তেওঁলোকে সহিষুতাৰ সংস্কৃতিক ধ্বংশ কৰি পেলালে। বহুতো সন্দেহকাৰীক হাৰাশাস্তি কৰা হ’ল। এশ হেজাৰ লোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ’ল। এই কথাই নতুন সামৰিক অভ্যুস্থানৰ পথ মুকলি কৰিলে। প্ৰতি দহ বছৰত এনে ঘটনা ঘটি আছে। সেয়ে ধৰ্মনিৰপেক্ষসকলক (secular)লৈ মই সমালোচনামুখৰ আছিলো। তেওঁলোকেও বিচৰা নাছিল মই ইচলামিকসকলক মানুহ হিচাপে চিত্ৰিত কৰাটো।


ৰাজনৈতিক ইচলামিকসকল বিচলিত হৈছিল, কিয়নো মই এনে এজন ইচলামিকৰ কথা লিখিছিলো, যি বিয়াত বহাৰ আগতেই যৌনতাৰ সোৱাদ লৈছিল। সেয়া আছিল যথেষ্ঠ সৰল কথা। ইচলামিকসকল মোৰ প্ৰতি সদায় সন্দেহপৰায়ণ আছিল, কিয়নো মই তেওঁলোকৰ সংস্কৃতিৰ পৰা অহা নাই। আৰু মোৰ আছে অধিক পশ্চিমীয়া হোৱা, সুবিধালব্ধ মানুহৰ ভাষা, মনোভংগী আৰু ঠেও-ভংগীমাও। তেওঁলোকৰ নিজা প্ৰতিনিধিত্বকৰণৰ সমস্যা আছে তেওঁলোকে সোধে তেওঁ আমাৰ বিষয়ে ক’ৰ পৰা লিখিব? তেওঁ আমাক নিচিনে? এই কথাও মই উপন্যাসখনত অন্তভুক্ত কৰিছো।


মই অতিৰঞ্জন কৰিব নুখোজো। মই টিকি গ’লো। তেওঁলোক সকলোৱে মোৰ গ্ৰন্থখন পঢ়িলে। তেওঁলোক হয়তো খঙাল হৈ পৰিছিল। কিন্তু মোক আৰু মোৰ গ্ৰন্থখনত গ্ৰহণ কৰাটো এটা বৰ্ধিত উদাৰ মনোভংগীৰ লক্ষণ আছিল। Kars ৰ মানুহৰ প্ৰতিক্রিয়াও খণ্ডিত আছিল। কিছুমানে ক’লে, কথাবোৰ ঠিকেই। অন্যসকল, বিশেষকৈ তুৰ্কী জাতীয়তাবদীসকল আৰ্মেনীয়সকলৰ নাম উল্লেখত nervous হৈছিল। সেই দুৰদৰ্শনৰ সাংবাদিকজনে এটা সাংকেতিক ক’লা ৰঙৰ বেগত মোৰ গ্ৰন্থখন সুমুৱাই মোলৈ মেইল কৰিলে আৰু এক সংবাদমেলত ক’লে যে মই আৰ্মেনীয়সকলৰ হৈ প্ৰচাৰ চলাইছো যিটো কথা অৱশ্যে অযুক্তিকৰ(preposterous)। আমাৰ এনে ঠেকগণ্ডীৰ জাতীয়তাবাদী সংস্কৃতি আছে।


প্ৰ : ৰুশ্বডিৰ অৰ্থত এই গ্ৰন্থখন এক চাঞ্চল্যকৰ ঘটনা (cause celebre) হ’ল নে ?


পামুক : নহ’ল, সমূলিও নহ’ল।


প্ৰ : এইখন এখন ভয়ানাকভাৱে উত্তাপহীন, নিৰাশাবাদী গ্ৰন্থ। সমগ্ৰ উপন্যাসখনতে সকলো পক্ষৰে কথা শুনা ‘কা’ নামৰ চৰিত্ৰটোক শেষত সকলোৱে ঘৃণা কৰে।


পামুক : ঔপন্যাসিক হিচাপে হয়তু মই মোৰ অৱস্থানক নাটকীয় ৰূপ দিছিলো (dramatise)। যদিও সি জানে যে মোক ঘৃণা কৰা হৈছে সি সকলোৰে সৈতে এক যোগাযোগ (dialogue ) ৰক্ষা কৰি আনন্দ পায়। তাৰ এটা শক্তিশালী জীয়াই থকাৰ প্ৰবৃত্তিও আছে। তেওঁলোকে কাক (Ka) বেয়া পাই কিয়নো তেওঁলোকে তাক পশ্চিমৰ চোৰাংচোৱাৰ ৰূপত দেখে, যিটো কথা মোৰ ক্ষেত্ৰত বহু বাৰ হৈছে।


উত্তাপহীনতাৰ কথাটো মই মানো। কিন্তু তাত হিউমাৰ উলাইছে। যেতিয়া মানুহে গ্ৰন্থখনক উত্তাপহীন বুলি কয় মই কওঁ গ্ৰন্থখন কৌতুক নহয়নে ? মই ভাৱো গ্ৰন্থখনত যথেষ্ঠ হিউমাৰ আছে। অন্তত এয়াই আছিল মোৰ অভিপ্ৰায়।


প্ৰ : উপন্যাসক লৈ আপোনাৰ দায়বদ্ধতাই আপোনাক বিপদলৈ লৈ গৈছে। আৰু বিপদত পৰিব পাৰে আপুনি। তাৰ অৰ্থ হ’ল আবেগিক সৰ্ম্পক ছেদন। এয়া ভাল মূল্য ভৰাৰ দৰে কথা।


পামুক : হয়, কিন্তু এয়া এক আচৰিতজনক কথা। যেতিয়া মই ভ্ৰমণ কৰি থাকো মোৰ টেবুলত অকলশৰে নাথাকো মই হতাশাত ভোগো। মই আনন্দিত হওঁ যেতিয়া অকলশৰে এটা কোঠাত আৱিস্কাৰ কৰি থাকো। মই কৰি থকা কাম অথবা মই জড়িত হৈ থকা ক’লাতকৈ এটা কোঠাত অকলশৰে থকাৰ এইটো এটা দায়বদ্ধতা। মই এই ক্রিয়া কৰ্মক ধৰি ৰাখিব খোজো ইয়াকে বিশ্বাস কৰি যে মই আজি কৰি থকা কামবোৰ এদিন প্ৰকাশ হ’ব, মোৰ দিবা-নিদ্ৰাক ন্যায়-সংগত ৰূপ প্ৰদান কৰা হ’ব । ভাল স্বাস্থ্যৰ বাবে কিছুমান মানুহক একোটা পিল প্ৰয়োজন হোৱাৰ দৰে মোক লাগে ভাল কাগজ আৰু এটা ভাল কলমৰ সৈতে টেবুলৰ কাষত নিসংগ ঘন্টাবোৰ। মই এনে ক্রিয়া-কৰ্মৰ প্ৰতি দায়বদ্ধ।


প্ৰ : তেনেহলে আপুনি কাৰ কাৰণে লিখি আছে?


পামুক : জীৱনটো চুটি হৈ অহাৰ সময়ত মানুহে এই প্ৰটো সঘনে সোধে। মই সাতখন উপন্যাস লিখিলো। মৃত্যুৰ আগতে আৰু সাতখন উপন্যাস লিখিবলৈ পালে মোৰ ভাল লাগিব। তেতিয়াও কিন্তু জীৱনটো চুটি। ইয়াক কেনেকৈ ভালভাৱে উপভোগ কৰিব পাৰি? কেতিয়াবা আকৌ মই নিজকে প্ৰকৃততে জোৰ কৰিবলগীয়া হয়। মই এই কাম কিয় কৰি আছো ? এই সকলোবোৰ কামৰ অৰ্থ কি ? প্ৰথম কথাটো হ’ল এটা কোঠাত অকলশৰে থকাটো এটা প্ৰবৃত্তি। দ্বিতীয়তে মোৰ মাজত প্ৰায় ল’ৰামতীয়া এক প্ৰতিযোগিতামুলক দিশ আছে, যি মোক আৰু এখন নতুন গ্ৰন্থ হোৱাটো কামনা কৰে। মই লেখকৰ শ্বাশ্বতৰ ধাৰণাটোক কমকৈ বিশ্বাস কৰো। দুশ বছৰৰ আগতে লিখা গ্ৰন্থৰ মাত্ৰ কেইখন মানহে আমি পঢ়িছো। কথাবোৰ ইমানেই সলনি হৈছে যে আজিৰ গ্ৰন্থবোৰক হয়তো এশ বছৰত পাহৰি পেলোৱা হ’ব। তাৰে বহু কমহে আগলৈ পঢ়া যাব। দুশ বছৰত আজি লিখা সম্ভৱ ৫ খন গ্ৰন্থহে বাকী থাকিব। দুশ বছৰৰ পিছত কোনোবাই পঢ়িবনে নাই, তাকে ভাৱি মই কিয় উদ্বিগ্ন হওঁ ? মই নিশ্চিত নে মই লিখাখন এই ৫ খনৰ ভিতৰত পৰে ? এয়াই লিখাৰ অৰ্থ নে ? মই তেতিয়া বেছিকৈ জীয়াই থকাক লৈ উদ্বিগ্ন হোৱাটো উচিত নহ’বনে? ভৱিষ্যতে মানুহে মোক পঢ়িব, তাকে লৈ মই সাত্বনা বিচাৰিব লাগিব নেকি ? এই সকলোবোৰ কথা মই ভাৱো আৰু লিখি যাওঁ। কিয় এনে কৰো নাজানো। কিন্তু তেতিয়াও মই এৰি নিদিওঁ। এই বিশ্বাসটো যে আপোনাৰ গ্ৰন্থবোৰে ভৱিষ্যতত এক প্ৰভাৱ পেলাব সেয়া এক নজৰত কোনোবাই আনন্দ পাবলৈ কৰা সাত্বনাহে মাত্ৰ।


প্ৰ : তুৰস্কত আপুনি এজন আটাইতকৈ বেছি বিক্রী হোৱা গ্ৰন্থৰ লেখক। কিন্তু দেশৰ বাহিৰত বিক্রী হোৱা গ্ৰন্থই আপোনাক চেৰ পেলাই গৈছে। আপুনি লিখাৰ সময়ত এক বহল গোলকীয় পৰিৱেশৰ পাঠকৰ কথা ভাৱেনে ? আপুনি এতিয়া বেলেগ ধৰনৰ পাঠকৰ ( audience) ৰ কথা লিখি আছে নেকি ?


পামুক : মই সচেতন যে মোৰ পাঠক ( audience) এতিয়া আৰু ৰাষ্ট্ৰৰ পাঠক হৈ থকা নাই। আনকি মই লিখাৰ সময়ত হয়তো বহল পৰিসৰৰ পাঠকক বিছাৰি আছিলো। মোৰ দেউতাই তেখেতৰ কিছুমান তুৰ্কী লেখক বন্ধুক ক’বলৈ লৈছিল যে তেওঁলোকে ৰাষ্ট্ৰীয় পাঠকক লৈ লিখে। ৰাষ্ট্ৰীয় হওঁক কিম্বা আন্তঃৰাষ্ট্ৰীয় এজন লেখকৰ পক্ষে পাঠকৰ পৰিসৰটোৰ বিষয়ে সচেতন হোৱাত সমস্যা আছে। মোৰ শেষৰ দুখন গ্ৰন্থই গড় হিচাপত সমগ্ৰ আধা মিলিয়নতকৈ অধিক পাঠক পাবলৈ সক্ষম হয়। তেওঁলোকৰ অস্তিত্বৰ বিষয়ে যে মই সচেতন, এই কথা মই অস্বীকাৰ নকৰো। আনহাতেদি, মই কেতিয়াও নাভাৱো যে তেওঁলোকক সন্তোষ্ট কৰিবলৈ মই লিখো। মই বিশ্বাসো কৰো যে মই যদি তেনেকুৱা কৰিছো তেওঁলোকে বুজি পাব। আৰম্ভনিৰে পৰা মই পাঠকক কিহবাৰ কাৰণে প্ৰস্তুত কৰো আৰু তাৰ পিছত আচৰিত কৰি পেলাওঁ। সম্ভৱত সেই কাৰণে মই দীঘল বাক্য ভাল পাওঁ।


প্ৰ : আপোনাৰ অ-তুৰ্কী পাঠক সকলৰ বাবে আপোনাৰ লেখনিৰ মৌলিকত্বক (originality) বুজিবলৈ তাৰ তুৰ্কী বাতাৱৰণটো জানিবলগীয়া হয়। এক তুৰ্কী প্ৰসংগত ( context) আপুনি আপোনাৰ সৃষ্টি-কৰ্মক কেনেকৈ চিনি উলিয়াব?


পামুক : এক সমস্যা আছে যাক হেৰল্ড ব্লোমে ‘প্ৰভাৱৰ উৎকন্ঠা’ বুলি কৈছে। আন সকলো লেখকৰ দৰে ডেকা বয়সত মোৰো এই সমস্যাটো আছিল। মোৰ ত্ৰিছৰ আগতীয়া সময়চোৱাত মই ভাৱি আছিলো যে মই হয়তো টলষ্টয় অথবা টমাচ মানৰ দ্বাৰা অধিক প্ৰভাৱিত হৈছো। মোৰ প্ৰথমখন উপন্যাসত সেই ধৰণৰ নম্ৰ, সান্ত গদ্যৰ লক্ষ্য বান্ধি লৈছিলো। অৱশেষত মোৰ মনত খেলালে যে যদিও মোৰ টেকনিকত মই অধিক লব্দ কিবা (derivative) হৈ পৰিছো, প্ৰকৃত সত্যটো হ’ল ইউৰোপৰ পৰা ইমান আতঁৰত পৃথিৱীৰ এই অংশত মই কাম কৰি আছো অথবা তেতিয়া ঠিক তেনেকুৱা যেনেই লাগিছিল এটা পৃথক সাংস্কৃতিক আৰু ঐতিহাসিক পৰিৱেশত ইমান বেলেগ এসোপা পাঠকক আৰ্কষিত কৰিবলৈ চেষ্টা কৰা মানে ই মোক মৌলিকত্ব দান কৰিব যদিও সেয়া সহজে আৰ্জন কৰা। কিন্তু এইটো এটা কঠিন কামো কিয়নো এনে কৌশল ( technique) তৰ্জমাৰ ভিতৰলৈ নাহে অথবা ইমান সহজে ই ভ্ৰমি নুফুৰে। মৌলিকত্বৰ ফৰ্মূলাটো বৰ সৰল। সেয়া হ’ল আগতে একেলগ নকৰা দুটা বস্তুক একেলগ কৰা। Istanbul লৈ চাওঁক। ফ্লবাৰ্ট, নেৰভাল, গটিয়াৰ ( Gautier) ৰ দৰে একাংশ বিদেশী লেখকে প্ৰত্যক্ষ কৰা চহৰখনৰ এখন ৰচনা আৰু তেওঁলোকৰ দৃষ্টিকোণে তুৰ্কী লেখকসকলৰ ওপৰত কেনে প্ৰভাৱ পেলালে, তাৰ বিষয়ে এখন ৰচনা। ৰোমান্টিক প্ৰেক্ষাপটৰ সৈতে সংযোজিত এই ৰচনাখন হ’ল এখন আত্ম-জীৱনী। আগতে কোনেও এই কাম কৰা নাই। ৰিক্স ল’লে আপুনি নতুন বস্তু পাব। মই Istanbul ত এখন মুলানুগ গ্ৰন্থ পাবলৈ যত্ন কৰিছিলো। এই গ্ৰন্থ কৃতকাৰ্য হৈছে নে নাই মই নাজানো। The black book খনো তেনেকুৱা এটা নষ্টালজিক পাউষ্ট্ৰীয় পৃথিৱীৰ ইচলামিক ৰূপক, গপ্ল আৰু চাতুৰ্যৰ সৈতে যুক্ত কৰক। তাক ইষ্টানবুলৰ পৰিৱেশত স্থাপন কৰক আৰু চাওঁক কি হয়।


প্ৰ : Istanbul এ এনে এক অৰ্থ কঢ়িয়াই আনে যেন আপুনি সদায় এক অকলশৰীয়া সত্বা হৈ আহিছে। আজিৰ আধুনিক তুৰস্কত লেখক হিচাপে আপুনি নিশ্চিতভাৱে অকলশৰীয়া। আপুনি এনে এখন পৃথিৱীত ডাঙৰ হৈছে আৰু বসবাস কৰিছে, যিখনৰ পৰা আপুনি detached।


পামুক : যদিও মই জাকৈয়া পৰিয়াল এটাত জন্ম লাভ কৰিছো আৰু সম্প্ৰদায়ৰ ধৰ্মবোৰ ল’বলৈ শিকোৱা হৈছিল, পিছত মই তাৰ পৰা ফালি চিৰি আতঁৰি আহিবলৈ এক প্ৰেৰণা অনুভৱ কৰিলো। মোৰ এক বিধ্বংশী দিশো আছে। খঙৰ ভমক আৰু খঙৰ মুহূৰ্তত মই কিছুমান কাম কৰো, যি মোক সম্প্ৰদায়ৰ ভাল লগা সংগৰ পৰা বিচ্ছিন্ন কৰে। মোৰ কপ্লনাই কাম কৰিবলৈ মোক নিসংগতাৰ বেদনাৰ দৰকাৰ হয়। তেতিয়া মই সুখী হওঁ। তুৰ্কী হোৱা হেতুকে, অলপ পিছতে মোক সম্প্ৰদায়টোৰ মৰমৰ দৰকাৰ হয় যিটো হয়তো মই ধ্বংশ কৰি পেলাইছো। Istanbul এ মাৰ সৈতে মোৰ সৰ্ম্পক ছিন্ন কৰি পেলালে। আমি ইজনে সিজনক আৰু দেখা নাপাওঁ। অৱশ্যে কাচিৎহে মই মোৰ ভাতৃক দেখা পাওঁ। শেহতীয়া মন্তব্যবোৰৰ বাবে তুৰ্কী জনতাৰ সৈতেও মোৰ সৰ্ম্পকটো জটিল হৈ আছে।


প্ৰ : তেনেহলে আপুনি নিজকে কেনেদৰে তুৰ্কী হোৱা বুলি ভাৱে ?


পামুক : প্ৰথমে জন্ম-সূত্ৰে মই এজন তুৰ্ক। তাকে লৈ মই সুখী। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মোক দেখাতকৈ অধিক তুৰ্কী বুলি ধৰা হয়। মই তুৰ্কী লেখক হিচাপে পৰিচিত। প্ৰাউষ্টে যেতিয়া প্ৰেমৰ বিষয়ে লিখে, তেওঁ সাৰ্বিক প্ৰেমৰ কথা কয়। বিশেষকৈ আৰম্ভনিৰ সময়ত মই যেতিয়া প্ৰেমৰ কথা লিখিছিলো, মানুহে ক’বলৈ লৈছিল যে মই তুৰ্কী প্ৰেমৰ কথা লিখিছো। মোৰ গ্ৰন্থ অনুবাদ হ’বলৈ ধৰাত তুৰ্কসকলে গৌৰৱ অনুভৱ কৰিলে। তেওঁলোকৰ বাবে মই এজন তুৰ্কতকৈ বেছি কিবা আছিলো। এবাৰ আপুনি আন্তঃৰাষ্টীয় পৰ্যায়ত পৰিচিত হ’লে আপোনাৰ তুৰ্কীত্বক (turkishness) আন্তৰাষ্ট্ৰীয় পৰ্যায়ত underline কৰা হয়। তেতিয়া আপোনাৰ তুৰ্কীত্বক তুৰ্কসকলে underline কৰে। তেওঁলোকে আপোনাক ঘুৰাই লয় (reclaim)। আপোনাৰ জাতীয় পৰিচয়ৰ ধাৰণা এনে কিবা এটা হৈ পৰে, যাক আনে কৌশলেৰে ব্যৱহাৰ (manipulate )কৰে। আন মানুহে তাকে আৰোপ কৰে। মোৰ ক’লাতকৈ তুৰস্কক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্বকৰণক লৈ তেওঁলোক অধিক উদ্বিগ্ন। এই কথাই মোৰ বাবেদেশত অধিক সমস্যাৰ সৃষ্টি কৰে। জনপ্ৰিয় বাতৰি কাকত (popular press) পঢ়ি, মোৰ গ্ৰন্থৰ বিষয়ে নজনা মানুহে মই তুৰস্কৰ বিষয়ে বাহিৰৰ মানুহক জনোৱা কথাক লৈ উদ্বিগ্ন হ’বলৈ আৰম্ভ কৰিছে। ভাল আৰু বেয়া, দানৱ আৰু দেৱদূতেৰে সাহিত্য নিৰ্মাণ হয়। তেওঁলোক ক্রমে মোৰ দানৱটোক লৈয়ে কেৱল উদ্বিগ্ন হৈ পৰিছে।
                         .........................................................
(অনুবাদকৰ ফোন : ৮৪৮৬২-৫৮১০২, 
এই সমল ছপা-মাধ্যমত সাতসৰী আলোচনীতো  পূৰ্বে প্ৰকাশ পাইছে)

No comments:

Post a Comment