Friday, November 29, 2013

মামণি বাইদেউলৈ শ্ৰদ্ধাঞ্জলি

বিহংগম দৃষ্টিৰে এক সত্তাৰ সন্ধান
- অজয় লাল দত্ত
-----------------------------------------
(১)
মামণি বাইদেউক এবাৰ ন-কৈ আৱিস্কাৰ কৰিছিলো বিশাখাপট্টনত বঙ্গোপসাগৰৰ পাৰত বেলি ডুবা চাবলৈ গৈ ৷ সাগৰ তীৰতে চিনাকি হৈ অন্ধ্ৰৰ ল’ৰা এজনক সুধিছিলো- আমি অসমৰ ৷ আমাৰ অসমৰ বিষয়ে তুমি কি জানা? তাৰ উত্তৰ আছিল- মই তিনিটা কথাই জানো, সেয়া হ’ল এচিয়াৰ সৰ্ব-বৃহৎ ছাত্ৰ আন্দোলন স্বৰূপ অসম আন্দোলন, দিল হুম হুম কৰে খ্যাত ডঃ ভূপেন হাজৰিকা আৰু জ্ঞানপীঠ বিজয়ী সাহিত্যিক ডঃ ইন্দিৰা গোস্বামী" ৷ বেলি ডুবাৰ পাছৰ কোমল অন্ধকাৰৰ মাজত আমাৰ মুখ কেইখন এবাৰৰ বাবে উজ্বলি উঠিছিল৷ বহুবাৰ ভাৰতৰ বিভিন্ন কোণত অসম আৰু অসমীয়াৰ অস্তিত্বক সেই স্থানৰ ভাৰতীয়ক সোধোতে শত-বাৰ হৈছিল তিক্ত অভিজ্ঞতা ৷

অথচ এই অচিন ল’ৰাজনৰ বুদ্ধিদীপ্ত উত্তৰে আমাৰ মনলৈ এচেৰেঙা ৰঙা পোহৰ যেন কঢ়িয়াই আনিছিল৷ এনে লাগিছিল যেন মাত্ৰ লুইতখনেই বৈ অহা নাই এইখন সাগৰলৈ ৷ ইয়াৰ পাৰতো অসমীয়াৰ নাৰী-সত্তাৰ ধ্বজ এখন উৰি আছে আমাৰ অগোচৰেই, আৰু সেই ধ্বজ বহন কৰি আনিছে মামণি বাইদেৱে ৷ অসমীয়া নাৰী-সত্তাৰ পৰিচয়ক ৰাষ্ট্ৰীয় মঞ্চত প্ৰতিস্থাপিত কৰাৰ বাবে বাইদেউক সিদিনা অন্তৰৰ পৰা যাচিছিলো অলেখ কৃতজ্ঞতা ৷ এনে লাগিছিল, সাগৰ তীৰত জিলিকি থকা আলোময় পথেদি সেয়া বাইদেউ অসমীয়া নাৰীৰ নিচান উৰুৱাই যেন দেশৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ পাৰ হৈ গৈছে নিমিষতে.......

(২)
উত্তৰ-পূৱ হেনো জংঘল, তাৰ মানুহ তাত এতিয়াও জংঘলী ৷ এনে সাধাৰণ মনোভাৱ পোষণ কৰি ৰখা এখন ভাৰতৰ বৌদ্ধিক মহল তথা সাধাৰণ ৰাইজ ৷ সেই মনোভাৱৰ মাজতো যেতিয়া বাইদেউৰ "গৱেষণাৰ বিষয়ে" আন এক নিচান উৰুৱালে, সেয়াও আমাৰ বাবে অন্য এক প্ৰাপ্তি ৷

তুলসীদাস ৰচিত ৰামায়ণৰ সতে তুলনামূলক অধ্যয়ন কৰিব লগাকৈ আন এখন ৰামায়ণ চৈধ্যশ শতিকাতে অসম হেন প্ৰদেশত মাধৱ কণ্ডলীৰ দৰে পণ্ডিতে লিখি থৈ যোৱা কথাষাৰ এতিয়াও দেশৰ প্ৰথম-শাৰীৰ বুদ্ধিজীৱিয়ে মানি লবলৈ টান পাব ৷ আৰু অন্য এক সত্য কথা যে, বহু পণ্ডিত বুলি খ্যাতি লভা ৰাষ্ট্ৰীয় মঞ্চত দপ-দপাই থকা মানুহো আজিকোপতি এই সম্পৰ্কে অজ্ঞই ৷

দেশৰ উত্তৰ পূৱৰ অংশৰো যে একোটা সু-সংস্কৃত ইতিহাস আছিল আৰু আছে ৷ ইয়াৰ সাহিত্য-সংস্কৃতিৰ চৰ্চা যে অতি প্ৰাচীন কালৰে পৰাই অতিশয় আগবঢ়া আছিল সেয়া আজিৰ তাৰিখতো ভাৰতীয় সাধাৰণ জনতাৰ মাজত উজলি তথা পৰিস্ফুত হৈ উঠা নাই বুলিয়েই অনুভৱ হয় ৷ তাৰ মাজতেই সিদিনা গুৱাহাটীত গিৰিশ কানাৰ্ডে শ্ৰীমন্ত শংকৰদেৱ ভাৰতীয় নাট্য সাহিত্যৰ অন্যতম বাটকটীয়া আছিল বুলি কৈ যোৱা কথাষাৰে মন চুই গ’ল ৷ এনে স্বীকৃতিয়ে আমাৰ জাতীয় জীৱনৰ ইতিহাস আৰু সাংস্কৃতিক উপাদান সমূহক বিশাল দৰ্শক তথা দেশবাসীৰ সমুখত তুলি ধৰিব বুলি এটা যোগাত্মক আশা পোষণ কৰিব নিশ্চয় পাৰি ৷

এই যাত্ৰাৰ আৰম্ভণিৰ সেউজীয়া পতাকাখনো জোকাৰি দিয়া দুহাতো যেন মামণি বাইদেউৰেই,তেনে একে অনুভৱে, তেখেতলৈ আন এক কৃতজ্ঞতাবোধ জগাই তুলিছে ৷

(৩)
ভাষা-সাহিত্যৰ চৰ্চা আৰু ইয়াৰ পৰিসীমা, বুলিলে কেইবাখনো গ্ৰন্থৰ ইংৰাজী অনুবাদৰ জড়িয়তে মামণি বাইদেউৰ সৃষ্টিয়ে ভাষাৰ বাধা তথা দেশৰ ৰাজনৈতিক পৰিধি চেৰাই এক বিশ্বজনীন যাত্ৰাৰ সফলতা প্ৰাপ্ত কৰিছে ৷ তেখেতৰ জ্ঞান-লব্ধ সৃষ্টিক দেশে-বিদেশে বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ সতে সংলগ্ন কৰাটো আমাৰ ভাষা আৰু জাতিৰ বাবেই এক অনিৰ্বচনীয় আনন্দৰ প্ৰাপ্তি-স্বৰূপ৷

অসমীয়া সাহিত্যৰ বিশ্বসভালৈ যাত্ৰাৰ অন্যতম বাটকটীয়া স্বৰূপ তেখেতৰ সৃষ্টিৰাজিক, বিশ্ব দৰবাৰত কলমেৰে ৰাজত্ব কৰা আমাৰ অন্যতম প্ৰিয় লেখক ভি এচ নাইপল দৰে লেখকে প্ৰশংসাৰে আপ্লুত কৰাৰ বাবে মামণি বাইদেউক এখন অন্য স্থান হৃদয়ে দিব খোজে ৷ সেই স্থান হয়তো সম-সাময়িক-যুগত আমাৰ মাতৃভাষাত সাহিত্য চৰ্চা কৰা সকলৰ আনক দিবলৈ এই হৃদয় সদায়েই নিৰূপায় হৈ ৰব ৷

(৪)
নিজে সুখৰ বালিভাত খায়, আনৰ দুখৰ অনুভূতিৰ গল্প লিখাটো খুবেই সহজ৷ কিন্তু মামণি বাইদেৱে নিজে দুখৰ পানীত আকণ্ঠ ডুবি লেখিছিল দুখৰ অনুভৱ, মানুহৰ দুখৰ আদিপাঠৰ জীয়া কাহিনী৷ নিজে দুখৰ উৎসত থাকি, মজ্জাগত হৈ তাৰ সাৰ তুলি ধৰিছিলে কলেমেৰে ৷ যাৰ ফলশ্ৰুতিত আন সকলৰ লেখাৰ পৰা তেথেতৰ কাপৰ লেখাই গভীৰতাৰ কেইবামাইল অতিক্ৰমি যাবলৈ সক্ষম হৈছিল৷ সেয়াও বাইদেউৰ সৃষ্টিৰ মাজত লুকাই থকা অন্য এক সত্তা স্বৰূপ৷

সৃষ্টিকৰ্মত মানৱীয় দুখ-শোক-সুখানুভূতিৰ প্ৰচুৰ অন্বেষণে মামণি বাইদেউৰ সৃষ্টিক আন এক পৰ্যায়লৈ তুলি দিছে ৷ বাস্তৱৰ মাজত ক্ষুৰধাৰ কলমেৰে মানুহৰ দুখক চিন্ন কৰি তুলি আনি সমাজৰ চকুত পানীৰে উপচাই, সেই দুচকুতে এনে অৱস্থা বা ব্যৱস্থাৰ পৰিবৰ্তনৰ বাবে কাওবাও কৰি উঠাব পৰাৰ যি প্ৰচুৰ শক্তি, সেয়া অভাৱনীয় ৷ সেই দুখ লাগিলে শ্ৰমিক, বিধৱা, বেশ্যা অথবা ছিন্ন-মুণ্ডৰ তেজে ধোৱা হাতৰ গৰাকীৰেই নহওক কিয়, সকলো কিন্তু পাঠকক সমাজ জীৱনৰ জীয়া-বাস্তৱৰ সতে মুখামুখিকৈ থিয় কৰাই দিয়াৰ একোটা অতীব সাহসী যাত্ৰাহে ৷ বাইদেৱে লেখিকাৰ দ্বায়িত্ব পালন কৰি গ’ল সফলতাৰে, কিন্তু পাঠকে তেখেতে আশা কৰা যোগাত্মক পৰিবৰ্তনৰ বাবে কি কৰিছো সেয়াও চাগে আজি আমি ভাবি চাবৰ হ’ল ৷

(৫)

তেখেতক স্ব-চক্ষে দেখিছিলো আমাৰ পঢ়াশালি ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত৷ হয়তো ২০০৫চনৰ বহাগৰ এটি সন্ধিয়া, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বহাগী উৎসৱলৈ আমন্ত্ৰণ কৰি আনিছিল তেখেতক৷ অসমৰ স্বাধীনতাৰ সন্ধানত অৰণ্যবাসী হোৱা ভাই-ককাইসকলক ঘৰ উভতাৰ বাণী লৈ বাইদেউ তেতিয়া ফুৰিছিল অসমৰ চহৰে-নগৰে ৷ অসমীয়া মানুহৰ মনত শান্তিৰ এক ৰেঙণি সিঁচি গৈছিল সেই দুহাতেৰে৷

তেখেত মঞ্চত থাকোতেই টু-টকীয়া সমালোচকে কৈছিল-সকলো ৰাজ্যসভাৰ সাংসদ হোৱাৰ কুচ-কাৱাচ বুলি৷ কিন্তু বাইদেৱে শেষ সময়লৈকে সেই আশাৰ ৰেঙণিৰ বাবেই কাম কৰি গ’ল, অথচ ৰাজনীতিৰ বোকা পথাৰত ভৰি নিদিলে ৷ সাহিত্যৰ পথাৰৰ ৰাজনীতিৰ পৰাও দূৰতেই থাকি আমাৰ মনত দি গ’ল অন্য এক অনাবিল অনুভূতি৷

যাক আজি হেৰুৱাইও, এটা জাতিয়ে হৃদয়ত বান্ধি ৰাখিছে; যাক অসম আৰু অসমীয়াই নিজৰ জীয়ৰী ৰূপে পুনৰ পোৱাৰ কৰিছে অযুত মানস, সেয়াই মামণি নামৰ এক সত্তাৰ এক সৰ্বোচ প্ৰাপ্তি ৷ যি হয়তো হৈ ৰব "অসম ৰত্ন"ৰ দৰে চৰকাৰী সন্মানতকৈ অধিক অৰ্থবহ তথা এক চিৰদিনীয়া প্ৰশান্তিৰ এক অটল বৃক্ষ স্বৰূপ৷

No comments:

Post a Comment