সপ্তাহটোৰ ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সপ্তাহটোৰ ৰাষ্ট্ৰীয় গুজৱ

সপ্তাহটোৰ ৰাষ্ট্ৰীয় গুজৱ

Share This
(অৰ্ধ সত্য বাতৰিৰ আধাৰত হাস্য বংগৰে সপোনৰ বাতৰিৰ সন্ধান)

১. ৰাজস্থানৰ লালুৰাম মীনাই লাভ কৰিলে ষ্টাফ চিলেকচন কমচিনৰ এডমিট কাৰ্ড, আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বৰাক ওবামাৰ ফটোসহ ৷ এই ঘটনাত অভিনন্দন প্ৰকাশ কৰিলে অসমৰ ৰসাল গগৈয়ে ৷ অসম বিকাশ আঁচনিত মুইখমনতিৰ হাঁহি হাঁহি থকা ফটো গাড়ীয়ে মটৰে লগায়েই ৷ সেইদৰে অসমত ৰঙা বাচৰ পাছফালে দুৱাৰৰ ওচৰতে পইবহন মনতিৰি ব্ৰহ্মাৰ ফটোখন লগালেওটো একো জগৰ নালাগে !
তেন্তে এখন সাধাৰণ এডিমট কাৰ্ডত বৰাক ওবামাৰ পাৰ্চপৰ্ট ফটো আহোতে হুলস্থুলৰ কি প্ৰয়োজন আছে৷ প্ৰাৰ্থী জনে অভিযোগ কৰাৰ সলনি নিজকে লাকী বুলি ভাবি লাগে, যে বিশ্বৰ সৰ্ব শক্তিমান নেতাৰ ফটো তেওঁৰ ভাগ্যত লাগি আহিল ৷ ৰসাল গগৈয়ে আৰু ক’লে যে পাৰিলে অসম লোকসেৱা আয়োগতো আমাৰ মেডামৰ ফটো চব এডমিট কাৰ্ডত লগাই দিয়াৰ ব্যৱস্থা কৰিব লাগে ৷ তেহে আচলতে কাৰ কামাণ্ডত এই দেশ চলি আছে সকলোৱে হাড়ে হিমজুৱে বুজি পাব ৷

এই ঘটনাৰ পৰা উৎসাহিত হৈ অসমৰ পইবহন বিভাগে নতুন আঁচনি যোগে বাহনৰ বিশেষ ৰেজিষ্ট্ৰেচনৰ আঁচনি খুলিবলৈ সিদ্ধান্ত লৈছে ৷ কলা ধনেৰে কিনা সকলো বাহনৰ ৰেজিষ্ট্ৰেচন ৰসাল গগৈৰ নামত, আৰু ফটো ৰসাল গগৈৰ দুপাৰি দাঁতৰ সতে সন্নিবিষ্ট কৰাৰ কথা ভাবিছে৷ তেনে কৰিলে সকলো ক’লা ধনৰ মালিকে নিজৰ গাড়ী আদি অস্থাৱৰ সম্পত্তি পুত্ৰ কণ্যা আদিৰ নামত ৰেজিষ্ট্ৰেচন কৰাৰ পৰা আঁতৰত থাকিব পাৰিব আৰু ইয়াৰ দ্বাৰা এই সকল নৱ-প্ৰজন্মৰ ওপৰত পাপৰ ধনৰ চেকা লগাৰ পৰা বচাব পৰা যাব ৷

ৰসাল গগৈৰ নামত ৰেজিষ্ট্ৰেচন থাকিলে আৰু কিছুমান লাভ হব, কাৰ গাড়ী বুলি চেক কৰোতে  বাটে পথে চাৰৰ ফটোখনৰ হাঁহিটোৱে সকলো বাধা আঁতৰাই নিব পাৰিব ৷ গতিকে, সকলো চোৰাং কাৰবাৰী, সমাজৰ তলে তলে কাম কৰা সকলক এই সুবিধা লবৰ বাবে পইবহন বিভাগে আহ্বান জনাইছে ৷

এইটো কথাত বিশ্ব শৰ্মায়ো বিসম্বাদ নকৰে আৰু নিজৰ কণ্যাৰ নামত থকা বিলাসী গাড়ী, হোণ্ডা চিআৰভি খনো ৰসাল চাৰৰ নামত পঞ্জীয়ন কৰি লব বুলিও কথা দিয়াৰ গোপন খবৰ ওলাইছে ৷ (প্ৰকৃত খবৰটোৰ বাবে ইয়াত ক্লিক কৰক)

২. "কলাভেৰী কলাভেৰী দি" নামৰ গানটোৱে হঠাত বিশ্বজুৰি জনপ্ৰিয়তা পোৱা ধনুষে শেহতীয়াকৈ সংবাদ মাধ্যমক ব্যক্ত কৰে যে, ৰজনীকান্তৰ জোঁৱাই হৈ তেওঁৰ একো লাভ হোৱা নাই ৷ সেই কথাটো সকলোৱে বিশ্বাস কৰিবলৈ টান পালেও কথাটো সত্য ৷

 ৰজনীকান্তৰ জোঁৱায়েক হৈও, এজন চুপাৰ ষ্টাৰৰ জোঁৱায়েক হৈও ছবি জগতত ষ্ট্ৰাগল কৰি ঘূৰি ফুৰিব লগা হৈছে, বেচেৰা ধনুষে ৷ চিনেমাৰ শ্বুটিং, প্ৰমোচন আদিৰ বাবে গৰমত ঘূৰি ফুৰিব লগা হোৱাটো দক্ষিণাত্যৰ জনসাধাৰণৰ বাবে অতিশয় লজ্জ্বাজনক কথা হৈ পৰিছে ৷

ধনুষে কয়, ৰবট ভদ্ৰ জোঁৱাইলৈ চোৱা, মেডামৰ জোঁৱাই হৈ তেওঁৰ কিমান লাভ হৈছে ৷ ৰাজস্থানত এয়াৰপৰ্ট বনিব, ঘোষণা হোৱাৰ আগে আগে হাজাৰ টকাত হেক্টৰ হেক্টৰ মাটি কিনিছে, ঘোষণা হোৱাৰ লগে লগে কোটি কোটি টকাত বিক্ৰী কৰিছে ৷ কিমান সহজ, কিমান লাভ! নইডা, গুৰগাঁৱ আদিতটো আছেই ৷ কেচ লাগিলেও ডাঙৰ ডাঙৰ মন্ত্ৰী আহি বচাই লৈ যায়৷ হাৱাতে কোম্পানী খুলি হাৱাতে শ শ কোটি টকা কমাই আছে ৷ এনেকৈ ধূলি মাকতিৰ মাজত শ্বুটিং কৰাৰ কষ্ট কৰিব লগাটো হোৱা নাই ৷

তাকে দেখি দক্ষিণাত্যৰ ৰাইজে ধনুষৰ বাবেও এনে সহজ স্কীম যোগাৰ কৰি দিবলৈ "আঞ্চলিক জোঁৱাই"কো ৰাষ্ট্ৰীয় জোঁৱাইৰ মৰ্যদা আৰু হাৱাতে টকা কৰাৰ সুবিধা দিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ দাবী জনাইছে৷ আৰু এইটো কাম ইমান দিনে হৈ নুঠাত ধনুষে সকলো অনুৰাগীৰ উদেশ্যে কৈছে- "আনিলে ভাল কামৰ মানুহৰ ঘৰৰ পৰা ছোৱালী আনিবা, এনেয়ে মোৰ দৰে এটা অঞ্চলত গ্লেমাৰ দেখি ভোল নাযাবা"! ধনুষৰ কথাই অনুৰাগী সকলক জীৱনসংগী নিৰ্বাচনৰ  ক্ষেত্ৰত এক নতুন পথ দেখুৱাব বুলিও সংবাদ মাধ্যমে আশা প্ৰকাশ কৰিছে ৷
 (প্ৰকৃত খবৰটোৰ বাবে ইয়াত ক্লিক কৰক)

৩. বাইদেৱ মোৰ হিয়াৰ আমঠু সমষ্টিৰ সকলো সমস্যা সমাধান কৰি দিবহি বুলি ৰাইজক প্ৰতিশ্ৰুতি দিলে ৰাহুলে ৷ নিজে একো সমস্যাৰ সমাধান দিব নোৱাৰি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰি কয় যে মা আৰু বাইদেৱে আচলতে মোক একো সমস্যাত পৰিবলৈকে আজিলৈকে নিদিলে৷ ইফালে ডাঙৰ হোৱাৰ পাছত, আগে পিছে সকলো চাতুকাৰ, তোষামোদকাৰী ঘূৰিয়েই ফুৰিছে ৷ সমস্য কি, সমাধান কেনেকৈ হব, সেইচব বুজি উঠিবলৈ মোক কোনোৱেই সুযোগেই নিদিয়ে৷ সকলোৱে কয়, বাচা, তুমি বহা, আমি সমস্যাৰ সমাধান কৰিম ৷ তুমি মাত্ৰ নিজকে উচ্চ পদবীৰ বাবে সাজু কৰা, লক্ষ্য উচ্চ কৰা, বচ৷ 

আপোনালোকে মোৰ সীমাবদ্ধতা খিনি বুজি উঠক ৰাইজ, বুলি কাতৰ আহ্বান জনাই ৰাহুলে কয়, মানুহে খেতিৰ কথা জানিবলৈ নিজে হাল বাব লাগিব, ভুই ৰুৱ লাগিব৷ টিভিত চাই বা হেলিকপ্তাৰেৰে চাই খেতি কৰা শিকিব নোৱাৰি ৷ দুখীয়া মানুহে কিমান দুখত থাকে, কিমান ভোকত থাকে, সেয়া বুজিবলৈ অ’ত ত’ত পিকনিক টাইপ এৰাতি দুৰাতি থাকিব লাগিব ৷ তেহে! 

পিছে মই যলৈকে যাও এই চাতুকাৰী সকলে লগ নেৰে, সাধাৰণ মানুহৰ মাজত সাধাৰণ ধৰণে থাকিব খুজিলেও নিদিয়ে, সাধাৰণ মানুহৰ ঘৰত ৰুটি এটা খাবলৈ ললেও সোণৰ চামুচ এখন বাতিত থহৰকৈ আনি দি দিয়ে ৷ আপোনালোকে মোৰ অসুবিধা বোৰ বুজক ৰাইজ, এইবোৰ কথাৰ কাৰণেই আজিও মই সাজু হৈ উঠিব পৰা নাই, সমষ্টিৰো একোডাল সমস্যা সমাধান কৰিব পৰা নাই ৷

বাইদেউক ফোন কৰিছো, কৈছে যে ভিনদেউৰ লানি নিচিঙা মাটি বাৰীৰ ৰেজিষ্ট্ৰেচনবোৰ শেষ কৰিব পাৰিলেই সোনকালেই আমঠু সমষ্টিৰ ৰাইজৰ ওচৰলৈ আহি তেওঁ সকলো সমস্যাৰ সমাধান কৰি দিবহি ৷ যদি বাইদেউ নাহে, বা আহিব নোৱাৰে, স্বয়ং মাক মই মাতি পঠাম৷ কথা দিলো, মাৰ কথা কোনেও নেপেলায়, আপোনালোকৰ কাম হবই... গেৰাণ্টি!!!!
(প্ৰকৃত খবৰটোৰ বাবে ইয়াত ক্লিক কৰক)

No comments:

Post a Comment