জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
ধেমাজিৰ সেই পূজনীয় ত্ৰিমূৰ্তি  
অজয় লাল দত্ত

“শিক্ষা হৈছে জীৱনৰ সফলতাৰ চাবিকাঠি,
আৰু শিক্ষক তেৱেঁই,
যি ছাত্ৰৰ মনত চিৰদিনৰ বাবে সাঁচ বহুৱাব পাৰে”
-চলোমন অৰটিজ।

এই উক্তিলৈ মনত পেলায়েই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত স্মৰণ কৰিব খুজিছো আমাক শিক্ষাৰ প্ৰয়োজনীয়তা, শিকাৰ আগ্ৰহ আৰু শিকাক আনন্দৰ বস্তুলৈ ৰূপান্তৰিত কৰি বাট দেখুৱাই যোৱা তিনি গৰাকী শিক্ষাগুৰুক। প্ৰথমেই ধেমাজিৰ নলনীপাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপে পাইছিলো ৰাজ্যিক কৃৰ্তী শিক্ষকৰ সন্মান লাভ কৰা গোবিন গোহাঁই ছাৰক। পুৱা চাৰি বজাতে বহুদূৰ চাইকেল চলাই আহি আমাৰ বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ শিক্ষাৰ্থী সকলক বিনাপইচাই অতিৰিক্তকৈ শিক্ষাদান কৰি প্ৰাথমিক বৃত্তিৰ বাবে তেখেতে তৈয়াৰ কৰিছিলহি। এতিয়া অনুভৱ কৰো, কি ক’ত কিয় বিখ্যাত, ভূগোল, জানানে আদিৰে জ্ঞানৰ সঁফুৰাখনহে যেন ছাৰে আমাৰ সমুখত খুলি দিছিলহি। চেকনিৰ আগত বিদ্যা কথাষাৰকো মানি চলা গোহাঁই চাৰৰ পৰা কঠোৰ অনুশাসন, বিদ্যালয়ত পৰিস্কাৰ-পৰিচ্ছন্নতা, অভ্যাসে মানুহক কেনেকৈ সুনিপুণ কৰি গঢ়ি তুলিব পাৰে তাৰেই আদিশিক্ষা লাভ কৰিবলৈ সক্ষম হৈছিলো। জিলা ভিত্তিত কুইজ, আকস্মিক বক্ততা আদিৰ প্ৰত্যাহ্বানো সেই ফুকলীয়া বয়সতে মইনা পাৰিজাতৰ মঞ্চত দি জীৱন পথৰ প্ৰতিযোগিতাৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ কছৰত ছাৰেই আৰম্ভ কৰিছিল, যিবোৰৰ দীৰ্ঘম্যাদি প্ৰভাৱ এতিয়াও ব্যক্তিগত জীৱনত জিলিকি আছে।

দ্বিতীয়তেই নাম লব লাগিব ধেমাজি নগৰৰ উপকণ্ঠ অঞ্চলত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰখনত অতি নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাইজৰ প্ৰাণৰ মানুহ হব পৰা মহেশ্বৰ পাচনি চাৰৰ নাম। চিৰকুমাৰ পাচনি চাৰে যেন ছাত্ৰ-ছাত্ৰী সকলকেই লৈ বিশাল পৰিয়াল গঢ়িছিল আৰু তেওঁৰ বাসগৃহ হৈ পৰিছিল জ্ঞানৰ মন্দিৰ স্বৰূপ। নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী আৰু অংকৰ বিনামূলীয়া শিক্ষাদান ঘৰতে কৰি তেখেতে চাকৰি কৰা ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাহিৰেও আন বিদ্যালয়ৰ সমূহৰ ছাত্ৰ-ছাত্ৰী সমূহৰ বাবেও সমানে সেৱা আগবঢ়াইছিল। তেখেত জিলিকি উঠিছিল আমাৰ প্ৰেৰণাৰ উৎস ৰূপে। প্ৰথমে উচ্চ লক্ষ্য স্থিৰ কৰি সেইমতে শ্ৰম আৰু সাধনাৰ জৰিয়তেহে যে সফলতা লাভ কৰিব পাৰি সেই চিন্তাৰ বীজ আমাৰ মনত তেখেতেই ৰোপণ কৰি দিছিল। তেখেতৰ বাসগৃহতে আমি নিজাকৈ পুথিভঁৰাল খুলিছিলো, প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰিছিলো। ধেমাজিৰ নব্বৈৰ দশকৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে ছাৰৰ ঘৰত পতা সৰস্বতী পূজাই আছিল হাইস্কুলীয়া জীৱনৰ সামূহিক ভাৱে অন্তিম পূজা। তেখেতে হোমিঅ’পেথিৰো চৰ্চা কৰিছিল আৰু শিক্ষাৰ্থী সকলক স্নায়ুৰ দুৰ্বলতা, চাউণ্ড শ্লীপ আদিৰ প্ৰয়োজনীয়, স্পৰ্শকাতৰ বিষয়ত দৰৱো বিনামূলীয়াকৈ প্ৰদান কৰিছিল। কৈশোৰ তথা বয়সন্ধিৰ বিভিন্ন সমস্যাটো চাৰ আছিল আমাৰ ফ্ৰেণ্ড-ফিল’চফাৰ-এণ্ড গাইড স্বৰূপ।

একেদৰেই ধেমাজিৰ দৰে প্ৰান্তীয় অঞ্চলত বিজ্ঞান শিক্ষাৰ বীজ ৰোপণ কৰিবলৈ শিৱসাগৰৰ পৰা অহা পুষ্পকান্ত শৰ্মা চাৰলৈ শ্ৰদ্ধা নিবেদিব বিচাৰিছো। তেখেতে আমাক বিজ্ঞান, গণিত আৰু উচ্চ গণিতৰ শিক্ষা দিছিল। কেৱল চাকৰি কৰা আমাৰ স্কুলৰে নহয়, ধেমাজিৰ সকলো স্কুলৰে ছাত্ৰই তেখেতৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিছিল। ধেমাজি বিজ্ঞান সমিতিৰ হৈ বিজ্ঞান বিষয়ক আলোচনী “পৰমাণু”ৰ প্ৰকাশৰ সৈতেও জড়িত থকা আজীৱন শিক্ষক গৰাকীয়ে আমাক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ জৰিয়তেও আগুৱাই যাবলৈ বাট দেখুৱাই দিছিল। তেখেতৰ পৰামৰ্শৰেই আমি ৰাজ্যিক পুৰস্কাৰ লাভ কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰতো ৰাজ্যক প্ৰতিনিধিত্ব কৰি নতুন দিল্লীলৈ যাবলৈ সুযোগ লাভ কৰো। এই যাত্ৰাৰেই অভিযান্ত্ৰিক মহাবিদ্যালয়, নতুন দিল্লীৰ বিভিন্ন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান চাবলৈ পাও। এই সুযোগেই উন্নত শিক্ষা লাভ কৰি উন্নত শিক্ষানুষ্ঠানত পঢ়া তথা উন্নত ঠাইত বসবাস কৰাৰ লগতে ৰাষ্ট্ৰীয় স্তৰত প্ৰতিষ্ঠা লাভৰ সপোনে আমাৰ মনত বাঁহ সাজিবলৈ ধৰে বুলি অনুভৱ কৰো। এই মহান শিক্ষক গৰাকীয়ে আমাৰ ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক অধ্যক্ষ হিচাবে নেতৃত্ব দিয়াৰ সময়তে পোন প্ৰথমবাৰৰ বাবে মেট্ৰিকত স্থান লাভ কৰিবলৈ এগৰাকী ছাত্ৰই সক্ষম হয়। এই উপলক্ষত বিদ্যালয়ত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানতে আবেগেৰে ভাষণ দি থকা অৱস্থাতে ছাৰ অসুস্থ হৈ আমাৰ মাজৰ পৰা মেলানি মাগিলে। আজীৱন শিক্ষক হিচাবে ছাত্ৰ-ছাত্ৰীক বাট দেখুৱাই যোৱা প্ৰাক্তন ৰাষ্ট্ৰপতি কালামদেৱেও একেদৰেই মেলানি মগাৰ বাতৰি শুনি পোনচাটেই শৰ্মা চাৰলৈহে আমাৰ মনত পৰিছিল। কুমলীয়া দিনৰ পৰা জীৱনে দিশ পোৱা সময়লৈ শিক্ষাৰে আলোকিত কৰি বাট দেখুৱাই দিয়া ধেমাজিৰ সেই ত্ৰিমূৰ্তিলৈ এই সুযোগতে জনাইছো আমাৰ সশ্ৰদ্ধ প্ৰণাম আৰু বুকুত সাঁচি ৰখা জীৱনজোৰা আন্তৰিক কৃতজ্ঞতাও।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages