Saturday, September 5, 2015

প্ৰৱন্ধ

জয়তু শিক্ষক দিৱস 
শশীমাই শইকীয়া দত্ত
১৯৬২চনৰ ৫ছেপ্তেম্বৰ দিনটোৰ পৰা ভাৰতবৰ্ষৰ প্ৰথম গৰাকী উপ-ৰাষ্ট্ৰপতি তথা দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি, মহান আদৰ্শৱান শিক্ষক, বিদগ্ধ পণ্ডিত, দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণৰ ইচ্ছা অনুসৰিয়েই তেখেতেৰ জন্মদিনটো 'শিক্ষক দিৱস' হিচাবে দেশজুৰি উদযাপিত হৈ আহিছে। শিক্ষক দিৱসৰ গভীৰ তাতপৰ্য আছে। এই দিৱসতে শিক্ষক সমাজক সন্মান জনোৱা হয়। শিক্ষকৰ দ্বায়িত্ব অসীম আৰু দ্বায়িত্ব মহান। যিদৰে খনিকৰে মাটিৰে প্ৰতিমা গঢ় দিয়ে, চিত্ৰকৰে লেখনিকে চিত্ৰ অংকন কৰে, সেইদৰে শিক্ষকে জ্ঞান আৰু প্ৰজ্ঞাৰে শিক্ষাৰ্থীক গঢ় দিয়ে। শিক্ষা প্ৰকৃতাৰ্থত মানুহ গঢ়া শিক্ষা হব লাগে। যি শিক্ষাই মানুহক সকলোবোৰ সুকুমাৰ প্ৰবৃত্তিৰ সমন্বয় ঘটাই উন্নতি আৰু বিকাশ সাধন কৰিব পাৰে, সেয়েই প্ৰকৃত শিক্ষা।

আমাৰ ৰাজ্যখনৰ শৈক্ষিক বাতাবৰণ আজি উন্নতি নহৈ যেন অধিক শোচনীয় হৈ পৰিছে। প্ৰাথমিক আৰু মাধ্যমিক শিক্ষানুষ্ঠান সুনিৰ্দিষ্ট নীতিৰ অভাৱত অধোগামী হৈছে। উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহত অনুশাসন বিঘ্নিত হোৱাৰ খবৰ আহিছে। কলেজত শিক্ষক সকলৰ উপস্থিতি নিশ্চিত কৰিবলৈ বিশেষ ব্যৱস্থা লব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। বিশ্ববিদ্যালয় কেইখনত ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ পঢ়াশুনা, গৱেষণা আদিৰ পৰিবেশ কিমান বিৰাজ কৰিছে, সেই বিষয়েও সচেতন ৰাইজ উদ্বিগ্ন হৈ পৰিছে। ৰাজনৈতিক হেঁচা-ঠেলা, শৈক্ষিক নীতিক লৈ হেতালি খেলা, গৱেষণা আদিৰ নামত ভেকোঁভাওনাৰ খবৰে শিক্ষক আৰু শিক্ষাক লৈ অনেক প্ৰশ্নৰো অৱতাৰণা কৰিছে। ডঃ ৰাধাকৃষ্ণণৰ জ্ঞানদায়িনী ভাৰতবৰ্ষৰ সপোন যেন কৰবাত হেৰাই যোৱাৰ উপক্ৰম হৈছে। শিক্ষক দিৱসত এই বিষয়বোৰৰ বিশ্লেষণ আৰু অনুধাৱনো সমাজৰ নিশ্চয়কৈ কৰণীয় হৈ পৰিছে।

যাৰ জন্মদিনত আমি শিক্ষক দিৱস পালন কৰিছো, তেখেতেই কৈ থৈ গৈছিল, 'যদি শিক্ষাৰ্থী সকলক সত্য, প্ৰেম, নম্ৰতা, মূল্যবোধৰ শিক্ষাৰ প্ৰতি বিশ্বাস ভাৱ জাগ্ৰত কৰি গঢ়ি তুলিব নোৱাৰি, তেন্তে এনে শিক্ষা প্লাষ্টিকৰ ফুলৰ নিচিনাহে'! আজিৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষাই এই মৌলিক উদ্দেশ্য সমূহ পালনত কিমান সাৰ্থক হব পাৰিছে সেয়াও বিচাৰ কৰিবৰ হ'ল। প্লাষ্টিকৰ ফুল অন্তঃসাৰ শূণ্য আৰু সুগন্ধহীন। ই কোনো দেৱতা বা নৰৰূপী নাৰায়ণৰ সেৱাত ব্যৱহাৰ নহব। সেই কথাও আমি অনুভৱ কৰিব লাগিব। যদিও আজি এই ফুলপাহ একেবাৰে মৰহি নষ্ট যোৱাৰ উপক্ৰম হোৱা নাই। জন-মানস সজাগ হ'লে ইয়াক পুনৰ সজীৱ কৰি তোলাৰ সম্ভাৱনা এতিয়াও বিৰাজ কৰিছে। কিন্তু এই ৰূপান্তৰৰ বাবে প্ৰয়োজন হব শিক্ষক-অভিভাৱক সমাজৰ ত্যাগ, সততা আৰু অহোপুৰুষাৰ্থৰ। শিক্ষক দিৱসৰ পবিত্ৰ দিনতে এই উত্তৰ-দায়িত্বৰ কথাও শিক্ষক সমাজে বুজি লব লাগিব।

ডঃ ৰাধাকৃষ্ণনে এনে শিক্ষা আশা কৰিছিল, যি শিক্ষাই শিশুক শাৰীৰিক, মানসিক, বৌদ্ধিক দিশত আগুৱাই নি একোজন প্ৰকৃত মানুহ হোৱাৰ বাট চিনাই দিব। এনে শিক্ষাই জীৱনৰ ব্যৱহাৰিক দিশতো শিশুটিক কৰ্মপটু কৰি গঢ়ি তুলিব লাগিব। যান্ত্ৰিক মানসিকতাৰে শিক্ষাদানে শিশুক আক্ষৰিক দিশতহে সফলতা আনি দিব পাৰে, মানৱীয় দিশবোৰকো বিকশাই তোলা শিক্ষা দিয়াৰ বাবে শিক্ষকেও নিজা কৰ্ষণ আৰু সাধনা কৰাৰ প্ৰয়োজন আছে। তেহে সৰ্বপল্লীয়ে বিচৰা ধৰণৰ শিক্ষাদান কৰি সমাজখনক মানৱীয়তা আৰু কৰ্মময় নাগৰিক গঢ়ি দিবলৈ শিক্ষক সমাজ সফল হব।

গতিকে শিক্ষক সকলে শিক্ষাৰ্থীক আখৰিক শিক্ষাৰ লগতে সামাজিক দায়বদ্ধতা, পিতৃ-মাতৃ-পৰিয়াল সমাজৰ প্ৰতি কৰ্তব্যবোধ জগাই তথা গঢ়ি তুলিব পাৰিব লাগিব। তেনে কৰিবলৈ শিক্ষক সকলে নিজেও সেই গুণবোৰৰ অধিকাৰী হৈ লব লাগিব। তেহে 'উপদেশতকৈ আৰ্হি ভাল' বুলি থকা আপ্তবাক্য শাৰীৰে একোজন শিক্ষকে আদৰ্শ ৰূপে থিয় দিব পাৰিব। শিক্ষাৰ্থী সকলে শিক্ষকৰ পৰাই শিকে, গুণবোৰৰ অনুকৰণ কৰে। সেই সততা, নিষ্ঠা, মানৱীয় গুণেৰ আভূষণ নিজে পৰিধান কৰিব পাৰিলেহে একোজন শিক্ষকে প্ৰকৃতাৰ্থত শিক্ষাৰ্থীৰ মনত 'প্ৰকৃত শিক্ষক'ৰ শ্ৰদ্ধাশীল স্থানত ঠাই পাৰে।

কথাতে কয়, যেনে গুৰু, তেনে শিষ্য! উদাহৰণ স্বৰূপে দ্ৰোণাচাৰ্য শিষ্য দুৰ্যোধ আৰু গৌতম মুনিৰ শিষ্য সত্যকাম। পৌৰাণিক কাহিনীবোৰতো গুৰু শিষ্যৰ মানসিকতাৰ এনে আকাশ-পাতাল প্ৰভেদ জিলিকি আছেই। সেয়ে শিক্ষক সমাজে সততে ব্যক্তিগত জীৱনটো নিকা কৰি ৰাখিবলৈ যত্নপৰ হব লাগে। দুৰ্নীতি, মাদক দ্ৰব্য, ব্যভিচাৰ, অসভ্যালি আদিৰ পৰা নিজকে বাৰণ কৰি ৰাখিব লাগে। নহ'লে এনে শিক্ষকে শিকাবইবা কি, বা শিশুৱে শিকিবইবা কি বুলিও শিক্ষক সমাজৰ ওপৰতে আঙুলি উঠে। শিক্ষক সমাজক শ্ৰদ্ধাৰ পাত্ৰ কৰি ৰখাৰ দ্বায়িত্ব শিক্ষক সকলৰে। এই কথাও আজি শিক্ষক দিৱসত সোঁৱৰাই দিয়াৰ প্ৰয়োজনবোধ কৰিলো। সততে আজিকালি টিভিৰ পৰ্দাত শিক্ষকৰ দুস্কাৰ্যৰ সঘন বাতৰিয়ে আমাৰ মনতো আঘাত দিয়ে আৰু সমাজৰ বাবেও অশুভ বাৰ্তা কঢ়িয়াই। অনাগত দিনত শিক্ষক সমাজেও কথাবোৰ স্পৰ্শকাতৰ ভাৱে বুজি উঠিব বুলি আশা কৰিছো।

এই সকলোবোৰ কথা চালি-জাৰি চাই শিশুক শিক্ষাদান কৰিব পাৰিলেহে ডঃ ৰাধাকৃষ্ণণৰ সপোন বাস্তৱায়িত হব। শিক্ষক সকলৰ সন্মানত উদযাপিত এই দিনটোও সাৰ্থক হব। যাৰ স্বপ্ন মিচাইলমেন ডঃ আব্দুল কালামও দেখি গৈছে। সেয়ে আহক আজিৰ দিনত উন্নত সমাজ গঢ়াৰ বাবে সুনাগৰিক গঢ়াৰ দ্বায়িত্ব লোৱা শিক্ষক সমাজক শুভেচ্ছা জনাও। জ্ঞান আলোকৰ যাত্ৰাৰে সমাজৰ অশুভ শক্তিবোৰ নাশৰ বাবে ন-উদ্যমেৰে জ্ঞানৰ ন ন বন্তি জ্বলাও। সকলোৱে কও, জয়তু শিক্ষক, শিক্ষকতা আৰু জয়তু শিক্ষক দিৱস।

লেখিকা ২০০৬চনত শিক্ষকতাৰ ৰাজ্যিক পুৰস্কাৰেৰে সম্মানিত, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী।

No comments:

Post a Comment